মই নিজে নজনাকৈয়ে
এদিন হেৰাই গলোঁ ৷
মোৰ ভিতৰৰ পৰা
কেতিয়া যে মইটো নোহোৱা হ'ল !!
বিচ্ছিন্ন মই –
অভিন্ন বুলি ভবা শৈশৱৰ বন্ধুৰ সৈতে ।
ক’ত মোৰ সুহৃদ কিতাপ ?
নাহিছিল নিদ্ৰা নেমেলিলে যাৰ পাত !
আৰু আজি মই ?
আজি মই এখিলা সৰাপাত,
ঠিকনাবিহীন ।
সময়ৰ বাই নিৰ্ণয় কৰে যাৰ নিবাস !
No comments:
Post a Comment