( মুখবন্ধ : - এই লিখনিৰ উদ্দেশ্য কাকো হেয় প্ৰতিপন্ন কৰা নহয়৷ কাল্পনিক চৰিত্ৰৰে গল্পটো ৰূপায়ন কৰিবলৈ চেষ্টা কৰা হৈছে৷ কৰবাত মিল হলে সেয়া কাক-তালীয়)
"ক'ত কেনা লাগিল ক'বকে নোৱাৰোঁ, মই হেনো লগালোঁ জগৰ ----"
গীতটো বহুদিনৰ আগতেই শুনিছিলোঁ, কিন্তু কেতিয়াবা মোৰ ওপৰত প্ৰযোজ্য হব ভবা নাছিলোঁ৷
ফেচবুকৰ জগতখনত সোমাই বিশ্বৰ নানা ঠাইৰ বন্ধু পালোঁ ৷বন্ধুত্বৰ অনুৰোধ আহে, ময়ো কৰোঁ – অনুপাত তিনি ভাগৰ এভাগ৷ মই নাজানোঁ কি বিশেষত্বই অইনক মোৰ প্ৰতি বন্ধুত্বৰ বাবে আকৰ্ষিত কৰে৷ মই বন্ধুত্ব পাতিব খোজোঁ মোৰ ৰুচিৰ লগত কৰবাত মিল থকা যেন দেখিলে৷
১৪মাহ মানৰ আগতে অসমৰ এজন কলেজৰ শিক্ষকৰ পৰা বন্ধুত্বৰ অনুৰোধ আহিল এটা টোকাসহ - "ভাল নালাগিলে মোক আপুনি বন্ধুৰ তালিকাৰ পৰা আতৰাই দিব"! বন্ধুত্ব আগ বাঢ়িল ৷ নিতৌ "সুপ্ৰভাত"ৰ পৰা আৰম্ভ কৰি "শুভৰাত্ৰি" লৈকে, মাজত নানা বিষয়ৰ কথা আলোচনা৷ বন্ধুৱে সাহিত্য চৰ্চা কৰে৷ কবিতা গোট এটাৰ দায়িত্বত আছে৷ মোৰ লিখনিৰ বানানৰ ভুলবোৰ শুধৰাই দিয়ে৷ আমাৰ সম্বন্ধটোক নাম এটা দিবলৈ লৈ পোনতে দাদা, পিছলৈ ককাইদেই আৰু একেবাৰ শেষত "ডাঙৰীয়া" সম্বোধন কৰিবলৈ ললে৷ মোক কলে - মই আপোনাৰ ল'ৰাতকৈ বয়সত অলপহে ডাঙৰ হম ৷আপুনি মোক নাম কাঢ়ি তুমি বুলিয়েই মাতিব৷ মই তেওঁক ইন্টাৰনেটৰ খুটিনাটি, স্কাইপ আৰু ৱেব কেমেৰাৰ ব্যৱহাৰ শিকালোঁ৷ এইখিনিতে সম্বোধনৰ বিষয়ে দুআষাৰ লিখিব খুজিছোঁ৷আজিকালি "হেল্ল" আৰু "হাই" সম্বোধনৰ প্ৰবল সোঁতত সৰুৱে ডাঙৰক আন সম্বোধন কৰিবলৈ পাহৰাৰ দৰে হৈছে৷ মই কেইবাজনক দাদা,খুড়া,মামা বা আংকল বুলিবলৈ শিকাই দিছোঁ৷ আমাৰ চিকিৎসকসকলৰ আৰু এটা অসুবিধা - ঘপহকৈ যি কোনো বয়সৰ লোকে "হেল্ল ডক্টৰ" বুলিয়েই মাতিব খোজে৷ এবাৰ এজনী আলট্ৰা মডাৰ্ণ ছোৱালীক মই এনেদৰে সম্বোধন কৰাত ধমক দিবলগীয়া হৈছিল এই বুলি- মোৰেই তত্বাবধানত তোমাৰ জন্ম হ'ল৷ তোমাৰ দেউতাৰা মোৰ বন্ধু, মোক আংকলৰ মৰ্য্যাদা দিবা৷ আকৌ আন এজন উচ্চপদস্থ বিষয়াক মই প্ৰত্যুত্তৰ দিলোঁ - "কওঁক মিষ্টাৰ"৷ তেওঁ হতভম্ব হলত কলোঁ - আমি একেখন স্কুলৰ ছাত্ৰ হলেও তুমি দহটা বেটচ জুনিয়ৰ৷ গতিকে যিমান ডাঙৰ পদবীত থাকিলেও তুমি কথাটো অস্বীকাৰ কৰিব নোৱৰা৷ তেওঁ ক্ষমা বিচাৰি ভাতৃসুলভ ব্যৱহাৰ কৰিব ললে৷ এনে অভিজ্ঞতা নিশ্চয় আন চিকিৎসক বন্ধুকলৰো নোহোৱাকৈ নাথাকে৷
বন্ধুক এদিন তেওঁৰ ম'বাইলত মই ফোন কৰিলত পৰম আনন্দিত হৈ কলে - প্ৰথম ইন্টাৰনেশ্বনেল ক'লটো আপোনাৰ পৰা পাই মনটো ভাল লাগিল৷ সুখ-দুখৰ ওপৰিও উভয়ৰ পচন্দ অপচন্দৰ কথা আলোচনাত ওলায়৷ ধৰ্ম-অধৰ্মৰ কথা ওলালে তেওঁ যে নাস্তিক গৌৰবেৰে ব্যক্ত কৰে৷ মোক আপদাৰ কৰি কলে- ভ্ৰমণ কাহিনী সকলোৱে লিখে, বিশেষত্ব নাই৷ আপুনি উপন্যাসৰ ৰূপ দি লিখক৷ মই প্ৰত্যুত্তৰ দিলোঁ - "বিগলিত কৰুণা,জাহ্নবী যমুনা" সৰুতে পঢ়িছিলোঁ ৷ মোৰ লিখনিৰ সেই কেলিবাৰ নাই৷ ছুটীত মই ঘৰলৈ গলে বন্ধুৱে কলেজৰ পৰা ছুটীলৈ হলেও মোক লগ ধৰিবলৈ অহাৰ ইচ্ছাও ব্যক্ত কৰিলে৷ মুকলি মনেৰে কথা হওতে বোলছবি আৰু দূৰদৰ্শণৰ চিৰিয়েল চাওঁতে দুখ লাগিলে মোৰ চকুপানী নিগৰাৰ কথাও ব্যক্ত কৰিছিলোঁ৷ সম্বন্ধ এইদৰেই আগবাঢ়িছিল৷ বন্ধুৱে মাজে মাজে মোক ফেচবুকৰ যোগদি হোৱা কেইবাজনো বন্ধুৱে নানান অশান্তি দিয়াৰ কথা বিবৰি কৈছিল৷ ফেচবুকৰ ছলনাৰ পৰা আতৰি থাকিবলৈ তেওঁ মাজে মাজে ফেচবুক এৰিও গৈছিল৷
এইখিনিলৈকে সকলো মুটামুটি ঠিকেই আছিল৷ আামাৰ সম্বন্ধত জটিলতা সোমাল মোৰ ফেচবুকত দিয়া প'ষ্ট এটিৰ পৰা৷ এটা সময়ত হকে-বিহকে মোৰ ৱালত দৈনিক এটা বা দুটা অইনৰ যি কোনো তথ্য টেগ হৈ আহিছিল৷ ফলত নটিফিকেশ্বন আৰু মোৰ মেইল বস্ক উপচি পৰিছিল, যাৰ ফলত অতি লাগতিয়াল মেইলখনো সহজে চকুত নপৰিছিল৷ টেগ হোৱাৰ ফলত মোৰ হোৱা অসুবিধাৰ কথা জনাই মই একলম লিখিলোঁ - যাৰ সমৰ্থনত বহুতে মন্তব্য কৰিলে৷ কিন্তু মোৰ বন্ধুৱে মোক ইয়াৰ বাবে বেয়া পোৱা বুলি স্পষ্টকৈ জনাই দিলে আৰু কলে- এতিয়াৰ পৰা আপোনাৰ পৰা কিছু দূৰে দূৰে অৱ্স্থান কৰিম৷
ইয়াৰ পিছৰ কথাখিনি সংক্ষিপ্ত ৷বন্ধুজনে মোৰ প্ৰতিটো কামতে ভুল দেখিবলৈ ধৰিলে৷ প্ৰতিটো মই কোৱা কথাৰে তেওঁ এটা ভিন্ন অৰ্থ ওলিয়াব ধৰিলে৷ মোৰ অহংকাৰী স্বভাৱৰ অনেক প্ৰমাণ তেওঁৰ হাতত জমা হবলৈ ধৰিলে৷এটা সময়ত মই তেওঁক মুখ খুলি কথা কবলৈ ভয় কৰা হলোঁ৷কথাটো বুজি বন্ধুৱে মনতে এক বুজাব নোৱৰা তৃপ্তিও পালে আৰু ব্যক্ত কৰিলে -আপোনাক পলায়ন কৰা দেখিলে মোৰ ভাল লাগে ! মই অহংকাৰী আৰু মদগৰ্বী কাৰণে মোৰ লিখাবোৰ সৰু গোটত নিদি অকবৰ দৰে ডাঙৰ গোটত দিওঁ- ইও এক অভিযোগ৷
এটা সময়ত ভাবুকি দি ভাগৰি পৰি মোক বন্ধুৰ তালিকাৰ পৰা অব্যাহতি দিলে৷ তাৰ আগতে মোৰ ওচৰত এক প্ৰশ্ন তুলিলে -মই তেওঁক কি বুলি ভাবোঁ ? এটা শব্দত মই বুজাব লাগে -তেওঁ ভাল মানুহ নে বেয়া মানুহ৷ মোৰ উত্তৰত সন্তুষ্ট নহৈ কলে - মই বৰ্তমান ঘৰত অকলে৷ মদ খাই আছোঁ৷ আপোনাক মোৰ অশ্লীল গালি এটা পাৰিবৰ মন গৈছে !
মোৰ ধৈৰ্য্যৰ পৰীক্ষা চলি থাকিল৷ বন্ধুত্বৰ পৰা অব্যাহতি দিলেও দুদিনমান মোলৈ মেছেজ আহি থাকিল আৰু মই সন্তৰ্পনে উত্তৰ দি থাকিলোঁ - যেন মই চাৰ্কাচৰ ৰচিৰ ওপৰেৰে খোজ দিছোঁ৷তথাপিও সদায় বিবাদৰে দিনটো পাৰ হয় আৰু মই বিষন্ন হৈ পৰোঁ৷ মই এদিনো তেওঁক সন্তুষ্ট কৰিব নোৱৰিলোঁ আৰু সদায়ে মই তিৰস্কাৰ শুনোঁ৷ তথাপিও তাৰ মাজতে পুনৰাই তেওঁৰ ফালৰ পৰা ফেচবুকৰ বন্ধুত্ব গ্ৰহণ কৰাৰ প্ৰস্তাৱ ই-মেইল যোগে আহিল৷ মই কামৰ পৰা আজৰিহৈ এঘন্টামানৰ পিছত সহাৰি দিলোঁ৷ কিন্তু ইতিমধ্যে তেওঁ প্ৰস্তাৱটো উঠাই লৈছিল৷ মই সবিশেষ জানিবলৈ মেছেজ কৰি যিখিনি শুনিলোঁ ,তাৰ বৰ্ণনা ইয়াত দিবলৈ মই অসমৰ্থ৷ ইমান দিনে ধৈৰ্য্য ধৰি থকা মনটোৰ ধৈৰ্য্যচ্যুতি ঘটিল৷ ইমান দিনে আমাৰ পাৰস্পৰিক সম্বন্ধৰ উন্নয়ন ঘটি ভুল বুজাবুজি আতৰ হব বুলি ভবাতো মই মৰীচিকাৰ পিছত দৌৰাৰ দৰে হব বুলি উপলব্দ্ধি কৰিলোঁ আৰু মই তেওঁক নেটত "ব্লক" কৰিবলৈ বাধ্য হলোঁ ৷
প্ৰিয় পাঠকসকল - মই আশা কৰিম, আপোনালোক যেন কেতিয়াও এনে অভিজ্ঞতাৰ সন্মুখীন নহয় আৰু অতি মস্ৰৃণভাবে দীৰ্ঘকাল বন্ধুত্বৰ আনন্দ উপভোগ কৰিব পাৰে যেন৷ মানুহে বন্ধুৰ পৰা কি আশা কৰে, কি বিচাৰে সেয়া সাঁথৰ নেকি ? এনে প্ৰশ্ন এতিয়া মোৰ মনত উদয় হৈছে৷
১৮ নভেম্বৰ ২০১২ ৷ ড'হা, কাটাৰৰ পৰা৷

- DrBhupendra Saikia মানুহে বন্ধুৰ পৰা কি আশা কৰে , কি বিচাৰে সেয়া সাথৰ নেকি ? মনতে বহুবাৰ প্ৰশ্ন হয় ৷
গল্পটো পঢ়ি ভালপোৱাসকলক ধন্যবাদ জনালোঁ৷ - Bora Nitul পঢ়িলো এফালৰ পৰা, আপোনাৰ ধৈৰ্য্যৰ সলাগ লৈছো, মোৰ দ্বাৰা ইমান সহ্য কৰাতো কেতিয়াও নহৱ, লাগিলে তেওঁ যিয়েই নহওঁক কিয়, কোনোবাই মোক এশাৰী টান কথা শুনাওঁক সেইটো মোৰ সহ্য নহয় কেতিয়াওঁ, নহলেনো বহাগৰ বিহুত এদিনৰো চুটী নিদিয়াৰ বাবে কোম্পানীৰ মেনেজাৰৰ মুখলৈ ৰিজাইন লেটাৰ মাৰি ঘৰলৈ আহোনে। আপুনি তেওঁক কেতিয়াবাই ব্লগ কৰি দিব লাগিছিল, লগতে ৰিপৰ্ট কৰিও দিব লাগিছিল।হুহ
- Parashmoni Borah ফেচবুকৰ ইমান বিশাল পৃথিৱীখনত এই সকলোৱেই সম্ভৱ। কাল্পনিক বুলি ক'লে যদিও বাস্তবিক ঘটনা যেন লাগিল, আমাৰ বহুতৰে ক্ষেত্ৰত বাস্তৱত ঘটিছেও সম্ভৱ।
- Dhananjay Deka গল্প নহয় এয়া বাস্তব সত্য আমাৰ সকলোৰে লগত ঘটি থকা ঘটনা, পঢ়ি বহুত ভাল লাগিল, মহাশয়ৰ লিখাবোৰ মোৰ আগৰ পৰাই প্ৰিয়৷
Lolit Bora এটি ব্যৱহাৰিক জ্ঞান-পুষ্ট লিখনি | এটা কথা মানে টিপ্পনী দি থও, জানে যদি ক্ষমিব | বন্ধুৰ তালিকাত ৰাখিও ব্যক্তি বিশেষে আপোনাৰ তথ্য-পাতি চোৱা, লোৱা, দিয়া অনুপাত ভিন্ন কৰি ৰাখিব পাৰি | পোনে-পোনে ব্লক কৰি দিয়াৰ পূৰ্বে আপুনি লিমিটেড একচেচ দি থব পাৰে | তাৰোপৰি ইমেইল-নটিফিকচেন নোপোৱাৰ ব্যৱস্থাও ফেচবুকত আছে | ব্যৱহাৰ কৰক |
সম্বোধনৰ কথা এটাও কৈ থও এইখিনিতে | এই গোটত বিদ্যালয়ত পঢ়ি থকাৰ পৰা পেঞ্চন লৈ ঘৰত বহি থকা ক’কা-আইতাৰ বয়সৰ ব্যক্তিও আছে | মই বেছি ভাগকেই সম্বোধন কৰাৰ প্ৰয়োজন হ’লে ডাঙৰীয়া, দেৱ আদি উমৈহতীয়া সম্বোধন কৰো সৰুৱেই হওক বা জেষ্ঠজনেই হওক | পিছে দুই-এজন কাইটি, দাইটি নথকাও নহয়, ব্যক্তিগত ভাৱে নাজানো যদিও অ.ক.বত কেতিয়াবা কেতিয়াবা মুখৰ চুপতি মৰাৰ পাছত আপোন-আপোন লাগেচোন তেনেকৈ সম্বোধন কৰি | আশাকৰো তেখেত সকলে মই তেনেকৈ ক’লেও আত্ম-সন্মানত লগাই নলয় |

No comments:
Post a Comment