চিনাকী অচিনাকী !
জীৱনটোও এক সাথৰ
কাৰোবাৰ বাবে মই প্ৰহেলিকা
মই নুবুজিলোঁ, মোক নুবুজিলে
মূল্য নাই মান অভিমানৰ
সদায়েই ভুল হেনো মোৰ
মই হেনো যাচোঁ লেৰেলা সাদৰ৷
নোৱাৰো কব কোনো খেদ নাই বুলি
আক্ষেপ মোৰ, নোৱাৰিলোঁ হব খোলা কিতাপ মই !
(মোক বেয়া পাই, ভুল বুজাবুজিৰে,
চিনাকী অচিনাকী হৈ আতৰি
আতৰি যোৱা এজন ব্যক্তিলৈ অৰ্পিত) : ১১ - ১১ - ১২
No comments:
Post a Comment