Translate

Thursday, November 15, 2012

নালাগে নিচুকনি !


নোৱাৰিলোঁ 
চাৰ্কাচৰ ৰচিত খেল দেখোৱা মানুহৰ দৰে
সন্তৰ্পনে খোজ দিও
সম্বন্ধটো বৰ্তাই ৰাখিব৷

ব্যথিত বিগলিত মোৰ হৃদয়
কাঁচৰ দৰে থুনুকা
সম্বন্ধ এটাক
শিলৰ দৰে দৃঢ় কৰিব খুজি
বেয়াকৈ হাৰি গলোঁ

বিষন্ন মোৰ সত্বাক
নালাগে নিচুকনি !

১৫ নভেম্বৰ,২০১২


Moon Upadhyay likes this.

No comments:

Post a Comment

Total Pageviews