- নেপালৰ বিস্ময়কৰ অভিজ্ঞতাৰ কিবা সাহিত্যিক মূল্য থাকক বা নাথাকক ই মোৰ মূৰৰ ভিতৰত কিলবিলাই থকা ভাৱবোৰ আন আগত প্ৰকাশ কৰিবলৈ পোৱাৰ এক সুযোগ বুলি মই গণ্য কৰিছোঁ৷বুদ্ধদেৱৰ জন্মস্থান আৰু অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই দেশখনৰ প্ৰতি মোৰ মনত এক দূৰ্বাৰ আকৰ্ষণ সৰুকালৰ পৰাই আছিল৷ সৰুতে নেপালী চকিদাৰ আৰু গোৱাল দেখি তেওঁলোকৰ দেশখনৰ বিষয়ে জনাৰ কৌতুহল মনত ওপজিছিল৷ কিন্তু নেপাল ভ্ৰমণৰ সুযোগ পোৱা নাছিলোঁ৷ বাৰ বছৰ মানৰ আগতে গুৱাহাটীৰ ভেটাপাৰাত থকা ভন্টিজনীয়ে নিজা গাড়ীলৈ কাঠমাণ্ডু ভ্ৰমণলৈ ওলাওঁতে আমাৰ পৰিয়ালটোকো লগ ধৰিছিল৷ কিন্তু কিবা অসুবিধাৰ হেতু তেওঁলোকক লগ দিয়া নহ'ল৷ ঘূৰি আহি আমাক নিজৰ ভ্ৰমণৰ টেঙা-মিঠা অভিজ্ঞতাসমূহ জনাইছিল৷ নিজা গাড়ী লৈ গৈ খৰচান্ত হৈছিল৷ কাৰণ প্ৰতিখন নতুন নগৰত গাড়ী সোমোৱাৰ লগে লগেই নিৰ্ধাৰিতকৈ অনেক বেছি প্ৰবেশ-কৰ দিবলগীয়া হৈছিল৷ বিদেশী নম্বৰ প্লেট থকা গাড়ীক ইচ্ছামতে ধন দাবী কৰে আৰু ধন নোপোৱালৈকে বাঁহৰ হেঙাৰডাল ডাঙি নিদিয়ে৷ এই তিক্ত অভিজ্ঞতাই তেওঁলোকৰ ভ্ৰমণৰ আনন্দ ভালেখিনি হ্ৰাস কৰিছিল৷মই মোৰ কন্যা সপ্তমীৰ বাবেই পোন প্ৰথমবাৰৰ বাবে নেপাললৈ ওলালোঁ৷ হায়াৰ চেকেণ্ডৰীত ভাল নম্বৰেৰে উতীৰ্ণ হৈয়ো যেতিয়া মেডিকেলৰ বাচনি পৰীক্ষাত নাম নুঠিল৷ তেতিয়া তাইৰ মেডিকেল পঢ়াৰ ইচ্ছাক পূৰণ কৰাৰ দায়িত্ব-বোধলৈ কলেজৰ সন্ধানত ওলালোঁ৷ অসমৰ বাতৰি কাকতত বিজ্ঞাপন দেখিলোঁ ভাৰতৰ সীমান্তবৰ্তী নেপালৰ এক চহৰত মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত এখন মেডিকেল কলেজ খুলিছে৷ গুৱাহাটীৰ এজেন্টৰ ওচৰত কলেজৰ প্ৰচপেক্টাচো চাইছিলোঁ৷ নিজ চকুৰে কলেজখন চাই এজেন্টৰ সহায় নোলোৱাকৈ নিজা উদ্যমেৰে নামভৰ্তিৰ কথা মনতে পাঙিলোঁ৷অবধ আসাম ৰেলেৰে গুৱাহাটীৰ পৰা গোৰখপুৰলৈ আহিঁলোঁ৷ গোৰখপুৰৰ পৰা ৩ ঘন্টাৰ বাচ যাত্ৰা কৰি ভাৰতৰ সীমান্তৰ চহৰ চুনৌলি পালোঁগৈ৷ নেপালৰ আদৰণি তোৰণ পাৰহৈ প্ৰৱেশ কৰিলোঁ ভৈৰৱা নামৰ চহৰত৷ সীমাৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত থকা কলেজখনলৈ ৰিক্সাৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ ৰিক্সাখন গাঁৱৰ ধাননি পথাৰৰ মাজেৰে কেতিয়াবা পকা, কেতিয়াবা কেঁচা ৰাস্তাৰে আগবাঢ়িল৷ ৰিক্সাৱালাই অহৰ্নিশ মোৰ সৈতে কথা পাতি গৈছিল৷ কথাই কৈ গৈ আছিল৷ মাজে মাজে মই দুই এটা প্ৰশ্ন সোধো৷ বিৰক্তি মুঠেই লগা নাছিল৷ মেডিকেল কলেজখনৰ বিষয়ে ৰিক্সাৱালাজনৰ ধাৰণা ভাল নহয় বুলি গম পাইছিলোঁ৷ তেওঁৰ মতে মেডিকেল কলেজতকৈ ভাল চিকিৎসা তাৰ নাৰ্চিংহ'মখনতেই হয়৷ কলেজৰ প্ৰৱেশদ্বাৰে দি সোমাই দুমহলীয়া কলেজ আৰু চিকিৎসালয়ৰ মূলভৱনত প্ৰৱেশ কৰিলোঁ৷ওচৰতে নতুন চাৰিমহলীয়া এটা বিল্ডিংঙৰ নিৰ্মাণ কাৰ্য্য চলি আছে৷ওচৰতে কেইটামান সৰু সৰু ঘৰ৷ দেখা পোৱা দূৰত্বত দুমহলীয়া হোষ্টেল ৷ কেম্পাচৰ বাহিৰত কেইখনমান ফাৰ্মাচী, চাহ-ভাতৰ হোটেল, পিচিঅ', জেৰস্ক আৰু ষ্টেচনাৰীৰ দোকান, ৰিক্সা আৰু অটোৰ ষ্টেণ্ড৷ কলেজৰ মূলভৱনত তলৰ মহলাত কেজুৱেলিটি আৰু বহিৰ্বিভাগ৷ ৰোগীৰ উপস্থিতি তেনেই সেৰেঙা ৷ ওপৰ মহলাত অধ্যক্ষৰ কোঠা,লাইব্ৰেৰী আৰু অফিচ৷ অধ্যক্ষ তেতিয়ালৈ আহি নোপোৱাত তেওঁৰ সহায়কৰ পৰা খা-খবৰলৈ জানিলোঁ -কলেজখন নেপাল মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত ৷ তেতিয়ালৈ এটা বেটচ্ এম বি বি এচ পাচহৈ ওলাইছে৷ অসমৰ কোনো ছাত্ৰ বা শিক্ষক কলেজখনত নাই৷ অধ্যক্ষ আহিলত তেওঁক লগ ধৰি মোৰ আগমনৰ উদ্দেশ্য জনাই কলেজখনে ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা পাইছে নেকি বুলি পোনপতিয়াকৈ প্ৰশ্ন সোধাত তেওঁ অস্বীকাৰ কৰিলে৷ তেতিয়া মই তেওঁক জনালোঁ - আসাম ট্ৰিবিউন আৰু অইন কেইখনমান বাতৰি কাকতত কলেজখনৰ ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা থকা বুলি বিজ্ঞাপন ওলাইছে৷ অধ্যক্ষই জনালে - সেয়া আমি নিয়োগ কৰা এজেন্ট নহয়৷কলেজখনৰ পুতৌ লগা অৱস্থাই নিৰাশ কৰিলে৷ আমাৰ বহুতবোৰ চিভিল হস্পিতেল ইয়াতকৈ উন্নত মানৰ৷ ডাক্তৰী পঢ়াসকলে কি শিকিব ইয়াত ? ইয়াৰ পৰা ডাক্তৰ হৈ ওলালেও ভাৰতৰ মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং টেষ্টত উত্তীৰ্ণ হোৱাটো অসম্ভৱ হব৷ ভাগ্যে এজেন্টৰ কথাতে ভৰষা কৰি ঘৰতে বহি এডমিচন লোৱাৰ কথা চিন্তা নকৰিলোঁ ৷ কলেজৰ নতুন প্ৰচপেক্টাচ এখন কিনি তাৰ পৰা বিদায় ললোঁ৷ প্ৰচপেক্টাচত ক'তোৱেই ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা বা পৰিদৰ্শনৰ কথা উল্লেখ কৰা নাই৷------------------- পাঠকৰ ধৈৰ্য্যচ্যুতি ঘটাৰ আগতে দূৰ্ঘটনাগ্ৰস্ত বাচৰ কাহিনীলৈ পুনৰ ওভটি আহোঁ৷ নিজে কন্যাসহ ইমান ডাঙৰ দূৰ্ঘটনা এটাৰ মুখামুখি হৈয়ো দৈৱক্ৰমে নমৰাকৈ যে বাচিলোঁ সেই বিষয়ে চিন্তা কৰাৰ অবকাশেই পোৱা নাছিলোঁ৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনখন বাচো যাত্ৰীসহ আহিল৷ আহতলোকসকলে প্ৰাথমিক চিকিৎসা লৈ থাকোতে দুইখন বাচৰ কৰ্মচাৰীৰ মাজত 'কাৰ দোষ' তাকলৈ পুনৰ তৰ্কাতৰ্কি আৰম্ভ হ'ল৷ তেনেতে নেপাল পুলিচৰ পেট্ৰলিং গাড়ী আহি দুয়োখন গাড়ীক থানালৈ নিবলৈ নিৰ্দেশ দিলে৷ থানাৰ বাহিৰত যাত্ৰীসহ দুয়োখন বাচ আহি যেতিয়া ৰখায়হি তেতিয়া নিশাৰ আন্ধাৰে মেলানি মাঙিব ধৰিছে৷ আমি কেইজনমানে থানাৰ দায়িত্বত থকা পুলিচ বিষয়াক সোধা-পোচা শেষ কৰি আমাক যাবলৈ দিবলৈ অনুৰোধ জনালোঁ৷ তেওঁ কিন্তু নাচোৰবোন্দা - আমাক কোনোপধ্যেই যাব দিব নোৱাৰি,কাৰণ গাড়ীৰ ৰেজিষ্ট্ৰেচন,বাচৰ পাৰমিট, ড্ৰাইভাৰৰ লাইচেঞ্চ একোৱেই ঠিক-ঠাক নহয়৷ আমাৰ বাচখনত অন্তত: এক তৃতীয়াংশ মহিলা আৰু বৃদ্ধ আছিল৷ ৯টা বজাত থানাৰ অ'চি আহিল৷গাড়ীৰ মালিকৰ লগত ফোনেৰে কিবাকিবি আলোচনা হোৱাৰ পিছত দহ বজাত বাচখন যাবলৈ দিলে৷ ১১বজাত বাচখন এখন হোটলত ৰখাই দিলত আমি মুখ-হাত ধুই কিছু চাহ-জলপান খাই সতেজ হলোঁ৷এইবাৰ 'নন-ষ্টপ' যাত্ৰা আৰম্ভ কৰি সন্ধিয়া ৬বজাত নিৰ্ধাৰিত সময়তকৈ সম্পূৰ্ণ ১২ঘন্টা পলমকৈ বাচখন গন্তব্য স্থান পোৱাত আমি যাত্ৰীসকলে এক স্বস্তিৰ নিশ্বাস কাঢ়িলোঁ৷ থানাত ৰৈ থকা সময়খিনিত দূৰ্ঘটনাগ্ৰস্ত বাচৰ দুয়োখন বাচৰ যাত্ৰীসকলৰ ধৈৰ্য্য দেখি মই বিচূৰ্তি খাইছিলোঁ- সঁচাই নেপালীসকল কষ্টসহিষ্ণু আৰু ধৈৰ্য্য ধৰিব পৰা জাতি৷ইয়াৰ পাচৰ কাহিনীখিনি চমু ৷কলেজত ছাত্ৰ আৰু সহকৰ্মীসকলৰ আদৰ থকা সত্বেও লাহে লাহে কলেজৰ 'ডন' টাইপ সঞ্চালকৰ মোৰ প্ৰতি উদাসীন মনোভাৱ মোৰ বেচিকৈ অসহ্য লাগি আহিবলৈ ধৰিলে৷ তেনেতে আৰু এটা ঘটনা ঘটিল৷ সেইবাৰ ভাৰতীয় মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং পৰীক্ষাৰ ফলাফল ওলাল - সেইখন কলেজৰ ৭ ০ জনৰ ৯ জনেহে উতীৰ্ণ হৈছে৷ আমাৰ আৰু সিদ্ধান্ত লবলৈ সময় নালাগিল -আৰু পলম নকৰি ঘৰমুৱা হোৱাই শ্ৰেয় হব !এটা বছৰ ক্ষতি কৰি সপ্তমীয়ে হায়দৰাবাদত মেডিকেল পঢ়িবৰ আজি দুটা বছৰ সুকলমে পাৰ হ'ল৷ আৰু মই ? পোনতে আবু ধাবিত, পিছত ড'হাত মেডিচিনৰ বিশেষজ্ঞ হিচাবে কৰ্মৰত হলোঁ৷ অধ্যাপনা কৰিবলৈ নোপোৱাৰ দুখ এটা মনত চিৰদিনলৈ থাকি গ'ল অৱশ্যে !১৩ চেপ্তেম্বৰ ২০১২*******************
Articles in Assamese on various topics like health,travel, literature etc. are available in this blog.
Translate
Monday, September 24, 2012
নেপালৰ বিস্ময়কৰ অভিজ্ঞতা (দ্বিতীয় খণ্ড)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment