Translate

Monday, September 24, 2012

প্লাষ্টিকে বজোৱা বিপদ ঘন্টা


    • আপুনি অফিচত বা নিজৰ কৰ্মক্ষেত্ৰত দিনটোত কেইকাপ চাহ নতুবা কফি খায় ?  চাহ ঘৰৰ পৰা ফ্লাস্কত লৈ যায়  নে ওচৰৰ হোটেল বা কেন্টিনৰ পৰা লৈ খায় ? চাহ চিচাৰ গিলাচত নে চীনা মাটিৰ পিয়লাত অথবা ষ্টিলৰ পাত্ৰত খায় ?  নে আপোনাৰ পচন্দ প্লাষ্টিকৰ ডিচপ'জেবল গিলাচ ?  ঘৰতো বাচন ধোৱাৰ হাত হাৰিবলৈ নাইবা পানীৰ খৰচ কমাবলৈ ডিচপ'জেবল গিলাচ আৰু প্লেট সঘনাই ব্যৱহাৰ কৰে নেকি ? প্লাষ্টিকৰ বটলত গৰম পানী ভৰাই ৰাখি খোৱাৰ বাবে ব্যৱহাৰ কৰে নেকি ?  চুপাৰ মাৰ্কেটত সহজে উপলব্দ্ধ দেশ-বিদেশৰ নানাবিধ ৰঙীন পানীয় আৰু পেকেটত ভৰোৱা বিভিন্ন ৰেডিমেড খাদ্যৰ প্ৰতি আপোনাৰ দূৰ্বলতা আছে নেকি ?
       ------ আপোনাৰ সুবিধা আৰু ৰুচিৰ বিপৰীতে মই মাত মাতিব খোজা নাই ৷ কিন্তু বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীসকলে প্লাষ্টিকৰ পৰা স্বাস্থ্যৰ দিশত হব পৰা বিপদসমূহ চিনাক্ত কৰি ওলিয়াইছে ৷ সেই বিষয়ে অৱগত কৰাই আপোনাক স্বাস্থ্য সম্বন্ধে সচেতন কৰি তোলাতোৱেই হ'ল এই লিখনিৰ উদ্দেশ্য৷  
            অলপতে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ বায়কেমেষ্ট্ৰিৰ অধ্যাপক এচ পি সিংঙৰ বিলাতী এন্দুৰৰ ওপৰৰ কৰা গবেষণাৰ ফলাফল সংবাদ জগতৰ মাধ্যমেৰে জনাজাত হোৱাত এক মৃদু চাঞ্চল্যৰ সৃষ্টি হয়৷ মতা এন্দুৰক বিচফিনল-এ নামৰ ৰাসায়নিক দ্ৰব্য তিনি সপ্তাহ সেৱন কৰিবলৈ দিয়াত দেখা গ'ল - এন্দুৰবিলাকৰ জননাংগ সৰু হব ধৰিছে আৰু প্ৰজনন ক্ষমতাও হ্ৰাস পালে৷ এনেধৰণৰ প্ৰয়োগ ইতিমধ্যে বিদেশত বহু ঠাইত কেইবাবাৰো কৰা হৈছে আৰু ফলফলো একেই দেখা গৈছে৷

      বিচফিনল-এ নো কি ?
      সম্পূৰ্ণ নাম বিচফিনল-এনথ্ৰাচিন ৷ ইয়াৰ ৰাসায়নিক ফৰ্মূলা হ'ল (CH3)2 C(C6H4OH)2 ৷ যোৱা পাঁচটা দশক ধৰি বিশ্বৰ চুকে কোনে ইয়াৰ সাম্ৰাজ্য দিনক দিনে বৃদ্ধি পাই আহিছিল৷ কিন্তু যোৱা দুটা বছৰৰ পৰা ক্ৰমে  ইয়াৰ বিৰুদ্ধে  বিভিন্ন দেশত সজাগতা গঢ়ি উঠা পৰিলক্ষিত হৈছে৷  ইয়াৰ ব্যৱহাৰ হয় পলিমাৰ প্লাষ্টিক আৰু পলিষ্টাৰ ৰেজিনৰ  বিভিন্ন সা-সামগ্ৰী তৈয়াৰ কৰিবলৈ৷ ই হ'ল ৰঙহীন, ওজনত পাতল, তাপ প্ৰতিৰোধ  ক্ষমতাযুক্ত, কঠিন পদাৰ্থ৷ এক কথাত কবলৈ হলে সকলো ধৰণৰ প্লাষ্টিকতেই থাকে বিচফিনল-এ ৷ আকৌ বিচফিনল-এ হ'ল এবিধ  চিন্থেতিক ইষ্ট্ৰ'জেন ( স্ত্ৰী-হৰম'ন)৷
      এতিয়া আপোনালোকে লক্ষ্য কৰক - মানুহৰ জীৱন শৈলীত প্লাষ্টিকৰ প্ৰভাৱ৷ এজন আমেৰিকান লোকে এবছৰত ব্যৱহাৰ কৰে তিনি কিলোগ্ৰামৰ অধিক প্লাষ্টিক আৰু সেয়ে নব্বৈ শতাংশ লোকৰ প্ৰসাৱত নিৰ্গত হয়  বিচফিনল-এ ৷

      এইবিধ ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত দৈনন্দিত ব্যৱহৃত বস্তুৰ এক চমু তালিকালৈ লক্ষ্য কৰক : -

      গাখীৰৰ বটল, নানা বিধ শীতল পানীয়ৰ বটল, খাদ্য সামগ্ৰী ভৰ্তি কেন, শিশু খাদ্যৰ পেকেট, খেলৰ সামগ্ৰী, বৈদ্যুতিক সৰঞ্জাম,বাচন, চি ডি-ডি ভি ডি, কাৰ্বন পেপাৰ, কিছুমান ফেব্ৰিক, চকুৰ লেঞ্চ,দাঁতৰ নানা ফিলিং সামগ্ৰী,মানৱ শৰীৰত উপস্থাপন কৰা সা-সৰঞ্জাম আদি৷

      বিচফিনল-এ দ্বাৰা হব পৰা বিপদসমূহনো কি কি ?
      ইতিমধ্যে ২০০ৰো ওপৰ বৈজ্ঞানিক অধ্যয়ণ প্ৰকাশিত হৈছে আৰু ৭০০ৰো অধিক জন্তুৰ ওপৰত বিচফিনল-এৰ প্ৰয়োগ কৰি নিম্নলিখিত তথ্যসমূহ জনা গৈছে : -
      মতা লেবৰেটৰীৰ জন্তুৰ জননাংগৰ আকাৰ সংকুচিত হোৱা দেখা যায়৷
      যৌন ক্ষমতা কমি যায়৷ বীৰ্যৰ পৰিমাণ হ্ৰাস পায়৷ লিংগ শিথিল হয়৷
      পুৰুষ-মহিলা উভয়ে প্ৰজনন ক্ষমতা-বিহীন হব পাৰে৷
      মহিলাৰ ক্ষেত্ৰত সোণকালে আনকি ৬বছৰ বয়সতেই মাহেকীয়া আৰম্ভ হব পাৰে৷
      অভেৰিত চিষ্টৰ উৎপত্তি কৰিব পাৰে৷
      গৰ্ভস্থ সন্তানৰ বিশেষকৈ ল'ৰাৰ জননাংগৰ বিকৃতি হব পাৰে৷
      মস্তিষ্কৰ বিকাৰ আনকি মেনিনজিঅ'মাৰ দৰে টিউমাৰ হব পাৰে৷ বান্দৰৰ ক্ষেত্ৰত দেখা গৈছিল মতা বান্দৰে মাইকীৰ দৰে আচৰণ কৰা৷মগজুত ডপামিনৰ ক্ৰিয়া হ্ৰাস কৰে৷ কিশোৰ-কিশোৰীৰ মনোযোগহীনতা দেখা যায়৷
      থাইৰয়ড হৰম'নৰ  সক্ৰিয়তাক কমাই দিয়ে যাৰ ফলত শৰীৰৰ ওজন বাঢ়িবলৈ ধৰে আৰু হাইপ'থাইৰইিজমডৰ লক্ষণে দেখা দিয়ে৷
      পেনক্ৰিয়াজৰ অহিত কৰি ডায়েবেটিচ উৎপন্ন কৰে ৷
      লিভাৰৰ নানা বিধ এনজাইম বৰ্ধিত মাত্ৰাত উৎপাদন কৰে৷
      স্তনৰ আৰু প্ৰষ্টেটৰ কেঞ্চাৰ কৰিব পাৰে ৷

      মানুহৰ দেহত কেনেকৈ বিচফিনল-এ প্ৰৱেশ ঘটে ?  প্ৰতিকাৰৰ বাবে কি কৰিব ?
      প্ৰাথমিক উৎস হ'ল আমি খোৱা খাদ্যৰ যোগেদি৷ প্লাষ্টিকৰ বটলৰ নানাবিধ শীতল পানীয়, কেনত অহা নানা বিধ মোহনীয় আহাৰৰ সামগ্ৰী আদিত যথেষ্ট পৰিমাণৰ বিচফিনল-এ থাকে৷ বিচফিনল-এৰ এটা লেপ কিছুমান কেনত দিয়া থাকে যাতে ভিতৰৰ খাদ্য-সামগ্ৰীখিনি বেচিদিনলৈ সংৰক্ষিত হৈ থাকে৷ পানীৰ সৈতে আৰু ধূলিকণাৰ সৈতেও বিচফিনল-এৰ আমাৰ দেহত অনুপ্ৰবেশ ঘটিব পাৰে৷
      মাতৃদুগ্দ্ধৰ যোগেদি বিচফিনল-এ কেঁচুৱাৰ শৰীৰত প্ৰবেশ কৰিব পাৰে৷

      গাড়ীত ৰাখি থোৱা প্লাষ্টিকৰ পানীৰ বটলত ৰ'দৰ বাৰে বাৰে উত্তাপ পৰি থাকিলে বিচফিনল-এ বটলৰ পৰা ওলাব ধৰে, গতিকে ইয়াক উদৰস্থ কৰাৰ আগতে চিন্তা কৰক৷
      দিনটোত যদি বহুতবাৰ প্লাষ্টিকৰ কাপত চাহ বা কফি খায়- বিপদৰ কথা চিন্তা কৰক৷ চিচাৰ বা ষ্টিলৰ কাপ ব্যৱহাৰ কৰিব আৰম্ভ কৰক৷ মাটিৰ পিয়লাও সম্পূৰ্ণ নিৰাপদ৷
      মাইক্ৰঅভেনত প্লাষ্টিকৰ বাচনত একো খাদ্য-সামগ্ৰী গৰম নকৰিব৷
      প্লাষ্টিক পেইন্টৰ ব্যৱহাৰ কৰোতে হাত মোজা আৰু মুখত সুৰক্ষা-আৱৰণী পিন্ধি লব৷

      কেনত অহা নানাবিধ ৰেডিমেড খাদ্য,ফল, ফলৰ ৰস,পানীয় আদিৰ মোহ ত্যাগ কৰক৷
      শিশুক প্লাষ্টিকৰ খেলা সামগ্ৰী,চি ডি আদি লবলৈ পৰাপক্ষত নিদিব-কাৰণ শিশুৱে প্ৰত্যেকটো বস্তুৱেই মুখত ভৰায়৷ শিশুৰকোনো খাদ্য সামগ্ৰী যাতে প্লাষ্টিকৰ বটল বা কেনৰ নহয় তালৈ লক্ষ্য ৰাখক৷ আজিকালি আমেৰিকাৰ দৰে কিছুমান দেশতএনেসামগ্ৰীত  "বিচফিনল-এ মুক্ত" বুলি লিখা থাকে৷
       
      উপসংহাৰ :
      ২০১০ চনৰ  চেপ্টেম্বৰ মাহত বিশ্বত পোন প্ৰথম বাৰৰ বাবে কানাডাই  বিচফিনল-এক এবিধ বিষাক্ত দ্ৰব্য বুলি জাননী জাৰি কৰে৷ বহুতবোৰ উন্নত দেশে "বিচফিনল-এ মুক্ত" পানীৰ বটল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে৷ কেনেডা, আমেৰিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, কেলিফৰ্নিয়া আৰু চিকাগোত  শিশুৰ বাবে প্লাষ্টিকৰ সকলো ধৰণৰ  বটল নিসিদ্ধ কৰা হৈছে৷

      প্লাষ্টিকে সংঘটিত কৰিব পৰা এই বিপদসমূহৰ ধাৰণাটো জনাজাত হবৰ আজি দুবছৰ সময়েই অতিবাহিত হোৱা নাই৷ এতিয়াও প্লাষ্টিকৰ সপক্ষে আৰু বিপক্ষে বাদানুবাদ চলি আছে৷ এদিনত এজন ব্যক্তিয়ে প্ৰতিকিলো শৰীৰৰ ওজনৰ বিপৰীতে সৰ্বোচ্চ ৫মিলিগ্ৰাম বিচফিনল-এ শৰীৰৰ ক্ষতি নোহোৱাকৈ গ্ৰহণ কৰিব পাৰে বুলি আমেৰিকাৰ এফ ডি এ বিভাগে জনাইছে৷ জানিব পৰা মতে প্ৰাপ্তবয়স্কৰ তুলনাত কম বয়সীয়ালোকক বিচফিনল-এ (চমুকৈ বি পি এ) বেচি অহিত সাধিব পাৰে৷ আমেৰিকা, কেনেডা, ব্ৰিটেইন, স্পেইন আদি উন্নত দেশৰ নানা দেশত কৰা অধ্যয়নৰ সহায়ত জানিব পৰা মতে  ইয়াৰ  অপকাৰিতাৰ ফলত সৃষ্টি হব পৰা প্ৰমাণিত প্ৰমুখ বিপদসমূহ হ'ল - ডায়েবিটিজ, অবেচিটি বা মেদবহুলতা, হৃদৰোগ,কেঞ্চাৰ আৰু উভয় লিংগতে কৰা প্ৰজনন তন্ত্ৰৰ অপকাৰিতা৷

      এই প্ৰাথমিক ধাৰণাটোৰ ওপৰত গোটৰ নানা বিজ্ঞজনে আৰু জনা কথা সংযোজন কৰিব বুলি মই আশা ৰাখি এই চমু লিখনি আজিলৈ সামৰিলোঁ৷

      ডা০  ভূপেন শইকীয়া  
      ড'হা, কাটাৰ
      তাৰিখ ২২৷৯৷২০১২                         drbksaikia@gmail.com

         @@@@@@@@@@@@@@@

No comments:

Post a Comment

Total Pageviews