Translate

Monday, September 24, 2012

নেপালৰ বিস্ময়কৰ অভিজ্ঞতা (প্ৰথম খণ্ড)




  •                   আজিলৈকে ক'তো নিলিখা  অভিজ্ঞতা স্মৰণ কৰি দুআষাৰ লিখিবলৈ কি-বৰ্ডত আঙুলি বুলাব আৰম্ভ কৰিছোঁ৷ আজিৰ পৰা তিনি বছৰ আগতে নেপালৰ মেডিকেল কলেজ এখনত অধ্যাপনা কৰাৰ বাবে কামত যোগদান কৰিছিলোঁ ৷ মোৰ লগত মোৰ ছোৱালীয়েও এম বি বি এচ পাঠ্যক্ৰমত নাম লিখালে৷ গুৱাহাটীৰ ভাস্কৰ ডেকা নামৰ কৰ্মচাৰী এজনে কলেজখনত বহুত বছৰৰ পৰা কাম কৰি আছিল৷ তেওঁ মই মোৰ কন্যাসহ তালৈ যোৱাৰ কথাটোত যথেষ্ট আগ্ৰহ দেখুৱাই  উৎসাহীত  কৰিলে৷ সেই প্ৰতিষ্ঠানটো আছিল নেপালৰ এখন উল্লেখযোগ্য মেডিকেল কলেজ ৷তাৰ ৬০% ছাত্ৰ দেশখনৰ আৰু বাকী ৪০%  হ'ল বিদেশৰ৷ ভাৰতৰ বাহিৰে পাকিস্তান, বাংলাদেশ, মালদ্বীপ, দক্ষিণ আফ্ৰিকা আৰু আন দুই এখন  দেশৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে ইয়াত মেডিকেল পঢ়িবলৈ আহে৷ ভালেকেইটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমো কলেজখনত আছে৷ প্ৰিন্সিপালসহ  ভালেকেইজন অধ্যাপক হ'ল অসমৰ৷ তাৰে দুজন আছিল মোৰ নিজৰ শিক্ষাগুৰু৷ কলেজখনৰ প্ৰতিষ্ঠাপক মণ্ডলী দক্ষিণ ভাৰতৰ৷ কলেজৰ সঞ্চালক  সেই সময়ত নিজে  স্নাতকোত্তৰ ৰেডিঅ'লজি ফাইনেল বৰ্ষৰ ছাত্ৰ৷ তেওঁ সুন্দৰী এগৰাকী  মেডিকেল ছাত্ৰীক পৰীক্ষাত ফেল কৰাই দিয়াৰ ভাবুকিৰে বিয়া কৰোৱা বুলি শুনিবলৈ পাইছিলোঁ ৷ তেওঁ সদায় লগত কেইজনমান চিকিউৰিটিলৈ ফুৰিছিল৷ কলেজখনৰ প্ৰসাশনীয়  ক্ষমতা ৯৯% তেওঁৰ হাতত আছিল৷ সদায় নেপালৰ ৰাজনৈতিক নেতাসকলৰ লগত তেওঁ ভাল সম্বন্ধ বৰ্তাই ৰাখিছিল৷
        কলেজখনত শিক্ষা-দানৰ সা-সুবিধা, লেবৰেটৰী, যন্ত্ৰপাতি আদি পৰ্যাপ্ত পৰিমাণৰ চকুত পৰিল৷ ৰোগীৰ সংখ্যাও  বেচ ভাল৷ দেশখনৰ অশান্ত পৰিস্থিতিৰ মাজতো মুটামুটি নিয়মীয়া পাঠদান চলি থাকে৷ স্নাতক আৰু স্নাতকোত্তৰ উভয়তেই নিয়মীয়াকৈ উচ্চমানৰ চেমিনাৰ চলি থাকে৷  বেচি ভাগ ছাত্ৰ-ছাত্ৰীয়েই হোষ্টেলৰ নিবাসী ৷ হোষ্টেলত চিট নাপালে কেইজনমানে মিলি মেছ কৰি থাকে৷ সৰু নগৰখনক মেডিকেল কলেজ খনে এটা সুকীয়া পৰিচয় প্ৰদান কৰিছে৷ কেম্পাচত এটা ডাঙৰ আৰু ভিতৰত ঠায়ে ঠায়ে সৰু সৰু তিৰুপতিৰ মন্দিৰ স্থাপনা কৰি থোৱা আছে৷ ৰোগীৰ পৰিয়ালৰ  মানুহ, চিকিৎসালয় আৰু কলেজৰ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী,ডাক্তৰ আদি সকলোৱে সভক্তিৰে সেৱা জনাই  ফোঁট নিৰ্মালিলৈ নিজ নিজ কামত যায়৷
         কলেজখন নেপাল মেডিকেল কাউঞ্চিলৰ ওপৰিও বিশ্বৰ কেইবাখনো মেডিকেল কাউঞ্চিলৰ মান্যতা প্ৰাপ্ত ৷ নেপালৰ মাত্ৰ এখন মেডিকেল কলেজৰহে ভাৰতীয় মেডিকেল কাউঞ্চিলৰ মান্যতা আছে৷ ভাৰতীয় মেডিকেল কাউঞ্চিলে এই কলেজখনৰ স্নাতক শ্ৰেণীক মান্যতা দিবৰ বাবে জনোৱা আবেদনৰ ভিত্তিত পৰিদৰ্শনো কৰিছিল৷ কিন্তু কাউঞ্চিলৰ মুৰব্বী  ডা০ কেতন দেসাইয়ে সেই সময়ত বিনা বুজন দক্ষিণাৰে কোনো প্ৰাইভেট কলেজকে মান্যতা নিদিয়াত কথাটো তল পৰি ৰ'ল৷ এনেয়েো  ভাৰতীয় ছাত্ৰৰ বাহিৰে আন কাৰোৱেই একো অসুবিধা নহয়৷ ভাৰতৰ ছাত্ৰসকলে ইয়াৰ পৰা এম বি বি এচ পাচ কৰি ভাৰতৰ মেডিকেল কাউঞ্চিলৰ স্ক্ৰিনিং টেষ্ট দিব লাগে৷ তাত উত্তীৰ্ণ হলেহে আমাৰ দেশত চাকৰি, প্ৰেকটিচ বা পৰৱৰ্তী শিক্ষাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব৷

      তিনি মাহলৈ মোক প্ৰতিশ্ৰুতি দিয়া দৰমহাৰ এটকাও কলেজখনে নিদিলে৷ আবাসৰ সুবিধাৰ নামত দুমাহ ছাত্ৰ হোষ্টেলৰ এটা কোঠা আৰু এমাহ কলেজৰ অতিথিশালাত কটালোঁ৷ নিগাজীকৈ কাম কৰাৰ মানসেৰে নিজা অগ্ৰিম ধনেৰে ঘৰ এটা ভাড়াত লৈছিলোঁ৷ কিন্তু বহুতবাৰ অনুৰোধ কৰাৰ পিছতো “আজি দিম,কালি দিম”কৈ এপদো ঘৰখনৰ আচবাব যোগাৰ নধৰিলে৷ দুপৰীয়া আৰু ৰাতিৰ সাজ ভাত হোষ্টলৰ মেছত খাইছিলোঁ৷ কলেজৰ সঞ্চালকৰ মিথ্যা প্ৰতিশ্ৰুতি শুনি শুনি মনটো টেঙাবলৈ আৰম্ভ কৰিছিল৷
      এনেতে কেইদিনমানৰ বন্ধ পাই ঘৰলৈ আহিলোঁ৷ নেপালত বাচেৰে নাইবা ৰিজাৰ্ভ টেস্কিৰে যাত্ৰা কৰিব লাগে৷
    ৰেল সেৱা দেশৰ কেইটামান ৰেলষ্টেচনতে সীমাবদ্ধ৷গতিকে চৰকাৰী- বেচৰকাৰী সমূহ বাচত অতিপাত ভীৰ সকলো সময়তে৷ ভিতৰত ঠিয় হবলৈও ঠাই নাইকীয়া হলে বাচৰ ওপৰত উঠি মানুহে যাত্ৰা কৰে৷ নিৰ্দিষ্ট ষ্টেচনৰ বাহিৰেও য'তেই বাটত মানুহে হাত ডাঙে তাতেই বাচ ৰখায়৷ গতিকে দূৰণিবতিয়া বাচসমূহে নিৰ্ধাৰিত সময়ত কেতিয়াও গন্তব্য স্থান নাপায়গৈ৷  নৈশ বাচসমূহত বাটত কোনো কোনো  দিন ডকাইতিৰ  ঘটনাও সংঘটিত হয়৷ নগৰখনত  বিমানবন্দৰ আছে যদিও যি কোনো  বিমান সেৱা ভায়া কাঠমাণ্ডুহৈহে  চলাচল কৰে৷ গতিকে বিমান যাত্ৰা আমাৰ বাবে কোনোমতে সুবিধাজনক নহয়৷
    গুৱাহাটীৰ ঘৰৰ পৰা ঘূৰি আহোতে নিউ জলপাইগুৰিৰ পৰা পোনতে নেপালৰ বৰ্ডাৰৰ নগৰ কাকৰভিটালৈ আহিলোঁ ৷নৈশ বাচৰ যাত্ৰাৰ সময় বিয়লি ৪বজা যদিও  সেইদিনা আৰম্ভণিৰ পৰাই যেন কেনা লাগিছিল৷ দুঘন্টা পলমকৈ যাত্ৰা আৰম্ভ কৰি অভাৰলোড বাচখনে পঞ্চাছ কিলোমিটাৰমান আহি এটা ষ্টেচনত ৰখাই ঘোষণা কৰিলে- বাচখন আমি সলনি কৰিব লাগিব৷ এঘন্টা পৰ দিয়াৰ পিছত আমি বেলেগ এখন বাচেৰে পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ৷ মোৰ সহযাত্ৰী এজন শিক্ষিত নেপালী বয়সিয়াল ভদ্ৰলোকৰ সৈতে নানান বিষয়ৰ ওপৰত আলোচনা কৰি গৈ আছোঁ৷ তেতিয়া নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটিবৰ এবছৰৰ  ওপৰকাল হৈছে মাথো৷ নেপাল  দেশখনৰ সামগ্ৰিক পৰিস্থিতি তেতিয়া মুঠেই ভাল নহয়৷ য'তে ত'তে হঠাতে ২৪ঘন্টীয়া বা ৪৮ঘন্টীয়া বন্ধ হৈ যায়৷ নেপালী  ভদ্ৰলোকজনৰ মতে ধৈৰ্য্য ধৰাৰ বাহিৰে আৰু একো উপায় নাই৷ স্বাধীনতাৰ তিনি কুৰি বছৰৰ মূৰতহে ভাৰতে আজি এক উন্নত পৰ্য্যায়ত উপনীত হব পাৰিছে আৰু নেপাল স্বাধীন হবৰ আজি দুবছৰেই হোৱা নাই, আনকি নতুন সংবিধানখনেই ৰচনা কৰি হোৱা নাই৷
    মাজনিশা এটামান বজাত গাড়ীখন দুয়োফালে ঘন অৰণ্যৰ মাজত ৰখাই দিলে ৷ ড্ৰাইভাৰে বাচৰ কণ্ডাক্টৰ আৰু হেণ্ডিমেনক জনালে- গাড়ীত তেল শেষ হৈছে৷ পিছফালৰ পৰা অহা গাড়ীত উঠি হাতত দুটা গেলনলৈ দুজন বাচৰ কৰ্মচাৰী তেল আনিবলৈ গ'ল৷ যাত্ৰীবিলাকে  ড্ৰাইভাৰৰ গাত দোষ দি, ডকাইতৰ ভয়ৰ মাজত এঘন্টা অতিবাহিত কৰিলে৷ গেলনৰ তেল ভৰাই বাচখনে কিছুদূৰ যাত্ৰা কৰি এটা ডিপোত তেল লবলৈ সোমালে৷ ফুল টেংকী তেল ভৰোৱাৰ পিছত কমেও আধা ঘন্টা  বাচৰ কৰ্মচাৰীৰ ডিপোৰ কৰ্মচাৰীৰ লগত বাক-বিতণ্ডা লাগিল-কাৰণ ডিপোৰ মিটাৰে  গাড়ীৰ টেংকিৰ কেপাচিটিতকৈ কুৰি লিটাৰ বেচি তেল ভৰোৱা দেখুৱাইছিল৷যি কোনো প্ৰকাৰে বুজাবুজি হোৱাত বাচখন চলিল ৷ সকলোৰে পেটত ভোকে কলমলাইছিল ৷ এইবাৰ এখন লাইন হোটেলত বাচখন ৰখাই যাত্ৰীসকলক ভাত-পানী খাই লবলৈ ক'লে৷খোৱা লোৱা হ'লত বাচখন পুনৰ চলিল৷ ইমান ঘটনাবহুল যাত্ৰাটোৱে "বোম্বে টু গোৱা" চিনেমাখনলৈ মনত পেলাই দিছিল৷ কিন্তু তেতিয়াও আমাৰ বাবে আৰু অধিক বিস্ময় ৰৈ আছিল৷ তেতিয়া আছিল গৰমৰ দিন৷ বাচখন চলিলেহে বাহিৰৰ বতাহত গৰম সহ্য কৰিব পাৰি৷ সকলো যাত্ৰীৰ এইবাৰ টোপনি আহিব আৰম্ভ হৈছিল৷ মোৰ চকুলৈ কিন্তু টোপনি  নামি অহা নাছিল৷
    মোৰ দৃষ্টি আৱদ্ধ আছিল সন্মুখৰ পৰা অহা যান-বাহনবোৰৰ ওপৰত৷ ভাতৰ সৈতে ড্ৰাইভাৰে গলাদ্ধ কৰা ৰঙীন পানীয়ই গোলাপী নিচা আনিব পাৰে বুলি মোৰ মনত সংশয়ে ক্ৰিয়া কৰি আছিল৷ বাচখনে অতি তীব্ৰ বেগেৰ যাত্ৰা কৰি বোধহয় লোকচান হোৱা সময়ৰ কিছু  'মেক-আপ' কৰিবলৈও চেষ্টা চলাইছিল৷এনেতে দেখিলোঁ  বিপৰীত দিশৰ পৰা এখন বাচ মাজ ৰাস্তাৰে তীব্ৰবেগেৰে আহি আছে৷ মুখামুখি দুয়োখন বাচে কোনেও কাকো চাইড দিব খোজা নাই৷ ফলত লাগিল বিকট শব্দ কৰি দুয়োখন বাচৰ সংঘৰ্ষ৷ আমাৰ বাচখনে পোনতে বাওঁদিশলৈ গতিকৰি ঢলংপলংকৈ আকৌ মাজলৈ আহি কোনোমতে লুটি নোখোৱাকৈ থাকিল৷ তথাপিও সেই ভগ্ন অৱস্থাৰে বাচখন চলি আছিল নিজ গন্তব্যস্থান অভিমুখে আৰু হয়তো নৰখোৱাকৈ গৈয়ে থাকিলহেতেন৷ কিন্তু বাচৰ অন্তিম ছিটৰ পৰা অহা এটা আৰ্তনাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ "অ'হ-মই মৰিলোঁ" চিঞৰাজনক লক্ষ্য কৰিলত চকু পৰিল - সোঁফালৰ শেষ ছিটৰ মানুহজনে দুয়োটা ভৰি বাহিৰ ওলিয়াই বতাহলৈ বিপদজনকভাবে যাত্ৰা কৰি আছিল৷ তাৰ পৰিণামত দুয়োটা ভৰি আনখন বাচৰ খুন্দা লাগি ভাগিল৷ সকলোৰে দাবীত ড্ৰাইভাৰে গাড়ী ৰখাবলৈ বাধ্য হ'ল ৷ আৰু অনিচ্ছা সত্বেও পুনৰ বাচখন ঘূৰাই আহত ব্যক্তিজনক চিকিৎসালয়লৈ নিবলৈ ধৰিলে৷ উভটি যাওঁতে  দেখা পালোঁ সিখন বাচ ৰখাই থোৱা আছে আৰু তাৰো কেইজনমানে কিছু আঘাত পাইছে৷এইবাৰ দুয়ো ড্ৰাইভাৰৰ ভীষণ তৰ্ক লাগিল ৷ দুয়োকে সৈমান কৰাই আমি যেনে তেনে চিৰিয়াচ ৰোগীজনৰ কথাকৈ বাচখন চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলোঁ৷এটা প্ৰাথমিক চিকিৎসা কেন্দ্ৰ পালোঁগৈ৷অৱস্থা জৰাজীৰ্ণ ৷ভঙা ষ্ট্ৰেচাৰেৰে ৰোগীক গাড়ীৰ পৰা নমাই কেজুৱেলিটিৰ লেতেৰা বিচনাত তুলি দিয়া হ'ল৷ডিউটিৰ ডাক্তৰক খবৰ দিবলৈ ৱাৰ্ড বয়ে ঢপলিয়ালে৷  মই নাৰ্চজনীক নিজা পৰিচয়দি এটা চেলাইন লগাই দিয়ালোঁ আৰু ওচৰৰ ফাৰ্মাচীৰ পৰা কেইটামান লাগতিয়াল বেজী কিনাই আনি লগোৱাৰ ব্যৱস্থা কৰিলোঁ৷ ডাক্তৰে আহি চাই ৰোগীক অপাৰেচনৰ আৰু তেজৰ প্ৰয়োজন হোৱা হেতুকে প্ৰাথমিক চিকিৎসা দি মেডিকেল কলেজলৈএম্বুলেঞ্চেৰে পঠোৱাৰ ব্যৱস্থা কৰিলে৷

    (আগলৈ)
    • Mridul Kumar Sharmah ভাল লাগিল পঢ়ি | পৰবৰ্তী সংখ্যালৈ বাট চাই ৰ’লো |
    • Anjali Sonowal ভাল লাগিল । পৰবৰ্তী সংখ্যালৈ আগ্রহেৰে ৰলো ।
    • Manohar Dutta এইবাৰ এখন লাইন হোটেলত বাচখন ৰখাই যাত্ৰীসকলক ভাত-পানী খাই লবলৈ ক'লে৷খোৱা লোৱা হ'লত বাচখন পুনৰ চলিল৷ ইমান ঘটনাবহুল যাত্ৰাটোৱে "বোম্বে টু গোৱা" চিনেমাখনলৈ মনত পেলাই দিছিল৷ কিন্তু তেতিয়াও আমাৰ বাবে আৰু অধিক বিস্ময় ৰৈ আছিল৷ ...
      - হয়, চিনেমাৰ দৰে কাহিনী| ভাল লাগিল|
    • Vikramjit Kakati ভাল লাগিল পঢ়ি
    • DrBhupendra Saikia অভিজ্ঞতা পঢ়ি ভাল পোৱা সকলোলৈকে আন্তৰিক ধন্যবাদ ৰ'ল৷ পৰৱৰ্তী খণ্ড সোনকালে যুগুতাবলৈ প্ৰয়াস কৰিম৷
    • Nobin Mudoi পঢ়ি ভাল লাগিল ছার, আশা করিলো পরবত্তী অংশলৈ....
    • Madhurima Gharphalia দাদা....পাছৰ খিনিও পঢো পঢো লাগিছে দেই
    • Aftar Hussain Chowdhury ভাল লাগিল আপোনাৰ অভিজ্ঞতা পঢ়ি৷ পৰৱৰ্ত্তী অংশলৈ আগ্ৰহেৰে বাট চালো৷
    • Raj Khaled ডাক্তৰ দা আপোনাৰ লেখা মই বৰ আগ্ৰহেৰে পঢ়ো। মই নিজৰ অভিজ্ঞতা এটা আপোনাক জনাইছো। মোৰ চিনাকি মেট্ৰিক ফেইল বগীবিলৰ ল’ৰা এজনে ডিব্ৰুগড়ৰ ডেণ্টিষ্ট ডাঃ অকণ শইকীয়াৰ লগত যন্ত্ৰপাতি যোগান...See More
    • DrBhupendra Saikia প্ৰিয় ৰাজ খালেদ- আপোনাৰ অভিজ্ঞতাই আপুনি কোৱা ল'ৰাজনৰ নিচিনা বাবুলাল মাহাটো নামৰ বিহাৰী যুৱক এজনৰ কথা মোৰ মনত পেলাই দিলে৷ বন্ধু ডা০প্ৰফুল্ল শৰ্মাই মোৰ ওচৰলৈ পঠিয়াইছিল৷মোৰ লগত এবছৰ...See More
    • Bhabita Das ভাল লাগিল পঢ়ি |
    • Raj Khaled আপোনাৰ উত্তৰ পাই ভাল লাগিল ডাক্তৰদা
    • Subrat Gogoi আজিয়েই লিখক।

No comments:

Post a Comment

Total Pageviews