- চিঠি গোটৰ বন্ধুসকল ~সকলোলৈকে চিঠিৰ মাধ্যমেৰে মোৰ ফালৰ পৰা প্ৰীতি শুভেচ্ছা জনালোঁ৷চিঠি গোটত বৰ্তমান সদস্য হ'ল ৩৪১জন৷ এবছৰ আগতে বন্ধুবৰ মনোহৰ দত্তই মোক এই গোটত অন্তৰ্ভূক্ত কৰিছিল৷ তেতিয়াৰ পৰা এই গোটত মই জড়িত হৈ আছোঁ৷ চিঠিৰ মাধ্যমেৰে মোৰ সুখ-দুখ আৰু অভিজ্ঞতাৰ কথা জনাই আহিছোঁ আৰু সময়ত ডাক্তৰী পৰামৰ্শও আগবঢ়াইছোঁ৷আজি ভিন্ন বিষয় এটাত মোৰ মতামত জনাবলৈ এই চিঠিখন লিখিলোঁ৷ইন্টাৰনেট আৰু ফেচবুকৰ মাধ্যমেৰে আমি বহুতৰ লগত বন্ধুত্ব গঢ়ি তোলোঁ৷ইয়াৰে কোনোজনৰ লগত আমাৰ শাৰীৰিকভাবে দেখা-সাক্ষাৎত হয়৷কোনোজনক ভিডিঅ' কলৰ মাধ্যেমেৰে দেখা পাওঁ৷কাৰোবাৰ ফটো ফেচবুকৰ প্ৰফাইলত দেখা পাওঁ৷কাৰোবাৰ আক' ফটোখনো দেখা নাপাওঁ৷ সি যি নহওঁক - নেটৰ বাহিৰৰ বন্ধুৰ ক্ষেত্ৰত হোৱাৰ দৰে এই নেট বন্ধুসকলৰো মাজত ঠেহ-পেচ, মান-অভিমান, বাদ-বিবাদ আদিৰ উৎপত্তি হয়৷বন্ধুসকল, আমি পাহৰি যাব নালাগে - ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো৷ প্ৰত্যেকজন মানুহেই নিজৰ মনোজগতত স্বতন্ত্ৰভাবে বিচৰণ কৰে৷ সকলোৰে ৰুচিবোধ আৰু চিন্তাধাৰা বেলেগ বেলেগ৷ একোটা বিষয়তে প্ৰত্যেকৰে দৃষ্টিভংগী পৃথক হোৱাটো তেনেই স্বাভাবিক৷ আমাৰ শিক্ষা-দীক্ষা,অভিজ্ঞতা,পাৰিপাৰ্শ্বিকতা সকলোৰে প্ৰভাৱ আমাৰ আচৰণত পৰে৷ কোনেও কাকো তাৰ বাবে তেতিয়ালৈকে বেয়া পাব নালাগে, যেতিয়ালৈকে সি শালিনতাৰ সীমা চেৰাই নাযায় বা সেয়া অসামাজিক মন্তব্য হৈ নপৰে৷মানৱ জীৱন খন্তেকীয়া৷ আকৌ সময়বোৰো পাখি লগা কাঁড়ৰ দৰে তীব্ৰবেগেৰে গৈ থাকে ৷ তেনেস্থলত আমিনো কিয় আমাৰ মাজত সৰুসুৰা কথাত কাজিয়া কৰি মনবোৰ বেয়া কৰোঁ ? এজন ব্যক্তি আস্তিকেই হওঁক বা নাস্তিকেই হওঁক ভাৰতীয় দৰ্শনৰ মতে মনুষ্য জীৱন হ'ল - সত্যম-শিৱম-সুন্দৰমৰ সমষ্টি৷আহক আমি আমাৰ মাজৰ মতৰ অমিল হোৱাৰ বাবে সৃষ্টি হোৱা দূৰত্বক আতৰাই পেলাওঁ৷ পৰস্পৰে পৰস্পৰৰ চিন্তা - ভাৱনাক আদৰ কৰিবলৈ শিকোঁ৷ মোৰ আচৰণে যেন মোৰ বন্ধুক ব্যথিত নকৰে - এই চিন্তা সকলোৱে কৰিবলৈ শিকোঁ যেন৷শেষত মোৰ মোৰ কবিতাৰ পংক্তিৰে এই চিঠিখন সামৰিব খুজিছোঁ :নেদেখা সোণালী সূতাৰে বন্ধা মোৰ সত্তা !মকৰাৰ সূতাৰে বন্ধাএই ধৰাৰ ভিন্ন জনৰ আলফুল হাতৰ ৷নেদেখা, আজিলৈ এদিনো লগ নোপোৱাবহুবোৰ অচিনাকী মুখ হ’ল মোৰ অতিকৈ আপোন, বহু ওচৰৰ৷হয়তোবা কোনোবাই কৰিছে অভিমানকোনোবাই ভাবিছে অভিনেতাহে মই৷তথাপিও অচিনা জীৱন পথত এনেকৈয়ো পাইছোঁ সহযাত্ৰী অনেক৷কবি মই নাছিলোঁ কাহানিওঅভিজ্ঞতাই, বিচ্ছিন্নতাই মোক শিকালে কি ব’ৰ্ডত আঙুলি বুলাবলৈ৷মোৰ ভাল লগা আজি এখন সমাজ ময়ে ৰচা,নেদেখা সোণালী সূতাৰে বন্ধা, সোণালী সূতাৰে বন্ধা এখনি সমাজ !সোণালী সূতাৰে বন্ধা এখনি সমাজ !ইতিডা০ ভূপেন শইকীয়া১৬-৯-২০১২ড'হা, কাটাৰ
Articles in Assamese on various topics like health,travel, literature etc. are available in this blog.
Translate
Monday, September 24, 2012
ঠেহ-পেচ, মান-অভিমান, বাদ-বিবাদ আদিৰ কথাৰে
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment