Translate

Monday, September 24, 2012

“ জণ্ডিচ” সম্বন্ধে জানিব লগীয়া লাগতিয়াল কথা


 এদিন বন্ধু মহন্তৰ চিন্তাক্লিষ্ট মাত টেলিফোনত ভাঁহি আহিল - ১২ বছৰীয়া 'ৰা অম্লানৰ চিৰিয়াচ অসুখ৷ওচৰৰ ডাক্তৰক দেখুৱাই ভাল পোৱা নাই৷ ইফালে দুসপ্তাহৰ পিছত সৰ্বভাৰতীয় ডবা খেলৰ প্ৰতিযোগিতাত ভাগ লবলৈ চেন্নাইলৈ যাব লাগে৷ মোকলগ পাব খোজে৷ মই তেতিয়া দুসপ্তাহৰ ছুটীত গুৱাহাটীৰ ঘৰত৷ পিছদিনা পুৱা অম্লানক চালোঁ৷ ল'ৰাজনৰ অসুখৰ বিবৰণ এনেকৱা - এসপ্তাহমানৰ পৰা ভোক নলগা হৈছেওকালি আহি থাকেবলপূৰ্বক কিবা খালে বমি হয়শৰীৰ দূৰ্বলগাত সাধাৰণজ্বৰপ্ৰসাৱৰ ৰঙ হালধীয়া৷ শৰীৰটো পৰীক্ষা কৰি দেখিলোঁ চকুকেইটা অলপ হালধীয়া পৰিছেপেটত লিভাৰটো কিছু বাঢ়িছে৷  ৰোগ "ভাইৰেল হেপাটাইটিচ - বুলি অনুমান কৰিলোঁ৷ প্ৰয়োজনীয় লেবৰেটৰী পৰীক্ষাখিনি কৰিব দি চিকিৎসাআৰম্ভ কৰিলো৷আবেলিলৈ মোৰ অনুমান সত্য প্ৰমাণিত হ'ল৷ এসপ্তাহ বেজীড্ৰিপ আৰু ঔষধ-পথ্যৰ ব্যৱহাৰ কৰি ৮০  ভাগ আৰোগ্য ' আৰু সময়মতে ডবা খেলত ভাগলৈ পু্ৰস্কাৰ জিকি আহিল৷ এমাহৰ পিছত মোলৈ -মেইল আহিল - অম্লানৰ তেজৰৰিপৰ্ট এতিয়া সম্পূৰ্ণ স্বাভাবিক৷ গাত দেখা দিয়া "জণ্ডিচ"  এতিয়া  নোহোৱা 'ল৷  
       এনেকুৱা ৰোগী সকলো ডাক্তৰে প্ৰায় পায়েই থাকে৷ সাধাৰণতে মানুহে কোৱা "জণ্ডিচএবিধ বেমাৰ নহয় - ৰোগৰ লক্ষণহে৷ জণ্ডিচ শব্দটোৰ উৎপত্তি হৈছে ফৰাচী "জৌনেশব্দৰ পৰা - যাৰ অৰ্থ ' হালধীয়া চকুৰ বগা অংশশৰীৰৰ ছালৰ বৰণহালধীয়া হলেপ্ৰসাবৰ ৰঙ হালধীয়া হলে সাধাৰণতে জণ্ডিচ হোৱা বুজায়৷ লিভাৰৰপিত্তথলীৰ(গলব্লাডাৰবা পেনক্ৰিয়াচৰ অসুখ হলে মানুহৰ জণ্ডিচে দেখা দিয়ে৷ ঠিক যি দৰে জ্বৰ এবিধ ৰোগ নহয় - ৰোগৰ লক্ষণহে৷ মেলেৰিয়া,টাইফয়েড,টিবি,নিউমোনিয়া,খহু বা অইন যি কোনো বেমাৰৰ এটা লক্ষণ জ্বৰ হব পাৰে৷জণ্ডিচ লিভাৰৰ ভাইৰেল হেপাটাইটিচ (তাৰো আকৌ ,বি,চি আৰু বেলেগ কেইবাবিধো আছে), এলকহলিক লিভাৰৰ অসুখচিৰচিচলিভাৰৰ টিউমাৰ আদি হলে দেখা দিব পাৰে৷পেনক্ৰিয়াচৰ অসুখ পেনক্ৰিয়াটাইটিচ নাইবা পেনক্ৰিয়াচত টিউমাৰ হলে জণ্ডিচ এটা লক্ষণ হব পাৰে৷ পিত্তথলীৰ বিভিন্ন অসুখ যেনে পিত্তত পাথৰ বা টিউমাৰ হলে জণ্ডিচ হব পাৰে৷গতিকে জণ্ডিচৰ কাৰণ জানিবলৈ আৰু ৰোগৰ গভীৰতা বুজিবলৈ ন্যুনতমকৰিবলগীয়া পৰীক্ষা সমূহ 'প্ৰসাবৰ পৰীক্ষাতেজৰ তেজৰ ৰুটিন পৰীক্ষা , বিলিৰুবিনএচ জি 'টিএচ জি পিটি, , এলকেলাইন ফচফেটেজচেৰাম ইলেকট্ৰলাইট, এমাইলেজলাইপেজ , হেপাটাইটিচ-ি আৰু হেপাটাইটিচ-চিৰ কাৰ্ড টেষ্ট
বুকুৰ এক্সৰে আৰু  পেটৰ আলট্ৰচাউণ্ড কৰোৱাটো অতি লাগতিয়াল৷ এই পৰীক্ষা সমূহৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা হয় আৰু ৰোগৰ গভীৰতা ঠাৱৰ কৰা হয়৷  সচৰাচৰ কৰা এই পৰীক্ষাখিনিৰ বাহিৰেও পিত্তনলীৰ আৰু পেনক্ৰিয়াচৰ  ৰোগৰ সবিশেষজানিবলৈ চিটি স্কেনএম আৰ আই স্কেন আৰু এণ্ডোস্কোপিক ৰেট্ৰগ্ৰেড 'লেঞ্জিঅপেনক্ৰিয়াটগ্ৰাফি আদি উন্নত পৰীক্ষাৰ সহায় লবলগীয়া হয়৷ লিভাৰৰ কেঞ্চাৰ সন্দেহ হলে লিভাৰৰ বায়প্সি কৰিলগীয়া হব পাৰে৷
     এইখিনিতে কেৰোটিনেমিয়া  নামৰ এক অৱস্থাৰ বিষয়ে পাঠকক অৱগত কৰাব খুজিছো৷গোটা খাদ্য খাবলৈ  আৰম্ভ কৰা কিছুমান শিশুৰ এনে অৱস্থা দেখা দিব পাৰে৷ তেওঁবিলাকৰ ছালৰ বৰণ হালধীয়া হৈ পৰেবিশেষকৈ হাতৰ আৰু ভৰিৰতলুৱাৰ৷ কিন্তু চকুৰ পতা আৰু মুখৰ ভিতৰৰ ছাল   কেতিয়াও হালধীয়া নহয়৷  এক বিপদজনক অৱস্থা নহয়৷অধিক বিটা-কেৰটিনযুক্ত খাদ্য খাদ্য ুউৱাৰ ফলত  কেৰোটিনেমিয়া হয়৷ গাজৰ,ৰঙালাউমিঠা আলুব্ৰুকলি আৰু বিভিন্নসেউজীয়া শাক-পাচলিত  বিটা-কেৰটি থাকে৷  বিটা-কেৰটিন ' ভিটামিন-এৰ উৎস আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধৰ বাবে এক অতি লাগতিয়াল তত্ব৷কিন্তু অনিয়ন্ত্ৰিত ব্যৱহাৰো  যে শৰীৰৰ  উপযোগী নহয় ইয়েই প্ৰমাণ কৰে৷
    মানুহৰ তেজৰ ৰক্ত কণিকাৰ উৎপত্তি হাড়ৰ মজ্জাত  হয়৷ আমাৰ শৰীৰৰ বৃক্কই এৰিথ্ৰপয়েটিন নামৰ হৰমনৰ যোগান ধৰি হাড়ৰ মজ্জাক ৰক্ত কণিকা সৃষ্টিত অৰিহনা যোগায়৷ ৰক্ত কণিকাৰ আয়ুস ১২০ দিন৷ ৰক্ত কণিকাই শৰীৰৰ বিভিন্ন কোষক অক্সিজেনৰ যোগান ধৰে৷ ৰক্ত কণিকা লিভাৰ আৰু প্লীহাত  ভাঙিলে তাৰ  'হীমবা লৌহ অংশৰ পৰা পৰা 'বিলিৰুবিন'  নামৰ হালধীয়া পদাৰ্থ বিধ বাহিৰ হয়৷ বিলিৰুবিন লিভাৰৰ পৰা নিৰ্গত হোৱা বাইল ৰসৰ লগত ওলাই গৈ আমাৰ পাক-প্ৰণালীত পৰি শৌচৰ যোগেদি বাহিৰ হয়৷ বাইল ৰসে   আমাৰ খাদ্যক হজম হোৱাত সহায় কৰে৷  লিভাৰৰ পৰা বিলিৰুবিন ওলোৱা বাধা প্ৰাপ্ত হলে শৰীৰৰ কোষত  বিলিৰুবিন জমা হয়   তেজত সাধৰনতে   ০.২   পৰা ০.৮ মিলিগ্ৰাম %  বিলিৰুবিন থাকে  তেজত ১.৫ মিলিগ্ৰাম % ওপৰৰ পৰিমাণৰ  বিলিৰুবিন  হলে জণ্ডিচে দেখা দিয়ে৷   জণ্ডিচৰ উৎপত্তিৰ বিভিন্ন কাৰণ সমূহক সাধাৰণতে  এনেকুৱা -  ৰক্ত কণিকাৰ অতি মাত্ৰা ভংগুৰণ   হলে  যেনে  মেলেৰিয়া , কে্ঞ্চাৰঔষধৰবিষক্ৰিয়াৰ ফলত ৷ ২লিভাৰ ভাইৰাচ ৰোগত আক্ৰান্ত হলে   পিত্তত পাথৰ বা কেঞ্চাৰ  হলে ৷ পিত্তনলীত পেলু জাতীয় পৰাশ্ৰয়ী জীৱই প্ৰৱেশ কৰি বাইলৰ প্ৰবাহ বন্ধ কৰিলেকোনো ৰোগৰ ফলত পিত্তনলী শুকাই সংকুচিত  হলে  )   পেনক্ৰিয়াচৰ  অসুখবা টিউমাৰ হলে  এইবিলাকৰ ওপৰিও কেতিয়াবা গৰ্ভৱস্থাত মহিলা গৰাকীৰ জণ্ডিচে দেখা দিব পাৰে৷ তেতিয়া চিকিৎসক কাষ চপাটো অত্যন্ত আৱশ্যকীয়কিয়নো  সদায় সাধাৰণ নহৈ কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে৷ আনহাতে নৱজাতকৰজণ্ডিচ সাধাৰণতে দুসপ্তাহৰ ভিতৰত নাইকীয়া হব লাগে৷ নৱজাতকৰ জণ্ডিচত কেতিয়াবা ফটো-থেৰাপি দিবলগীয়া হয়৷এটা কথা মনত ৰাখিবলগীয়া - মাতৃ আৰু সন্তানৰ তেজৰ আৰ এইচ ফেক্টৰৰ অমিল হলে নৱজাতকৰ গুৰতৰ জণ্ডিচ হয়৷কিছুমানবংশগত বা জন্মগত  এনিমিয়া ৰোগতো জণ্ডিচে দেখা দিয়ে  এইবিলাকৰ ভিতৰত থেলাচেমিয়াচিকল চেলএনিমিয়া , জি৬পিডিৰ অভাৱ আদি ' প্ৰমুখ 
   জণ্ডিচৰ লগত যুক্তহৈ পৰিব পৰা জটিলতাবিলাকৰ( ) এক চমু আভাস ডাঙি ধৰিব খুজিছো - সেইবিলাক ' : হেপাটিক এনকেফাল'পেথি - অৰ্থাত অতিমাত্ৰা বিলিৰুবিনৰ ফলত মস্তিষ্ক বিকল হোৱা ; হেপাট'- ৰেনেল চিনড্ৰম -অতিমাত্ৰা বিলিৰুবিনৰ ফলতকিডনি বিকল হোৱা ; এচাইটিচ - অৰ্থাত উদৰত পানী জমা হোৱাহেমাটমেচিচ আৰু মেলিনা - তেজ বমি আৰু কলা পাইখানা হোৱা 
    এজন  জণ্ডিচত  ভোগা ৰোগীৰ লক্ষণসমূহ  আৰম্ভণীতেই উল্লেখ কৰা হৈছে৷ লগত দুটামান কথা আৰু যোগ দিব খুজিছো  খোৱাৰ আভোক বা অৰুচি এনে এটা পৰ্য্যায় পাবগৈ পাৰে যে এজন ধূম্ৰপায়ী ব্যক্তিৰ  চিগাৰেটৰ প্ৰতীও অনীহা ওপজে৷ তেজতবিলিৰুবিন বঢ়াত বহুতো ৰোগীৰ শৰীৰত খজুৱতিৰ অনুভৱ হয়৷
  
জণ্ডিচৰ চিকিৎসা :

জণ্ডিচত  ভোগাৰোগীৰ চিকিৎসাত খাদ্যৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ তেল,ঘিউ,মাখন,গাখীৰ,পনীৰ,মাংস,কণী ম্পূৰ্ণ বৰ্জিত কৰা ভাল৷ গ্লুক'মিচিৰিফল-মূলশাক পাচলিকুহিয়াৰৰ ৰসডাবৰ পানী আদি ' উপকাৰী খাদ্য৷ গ্লুকোজৰ ড্ৰিপ আৰু কিছু লাগতিয়ালঔষধ চিকিৎসকে ৰোগীৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰে 
 আগতেই কোৱা হৈছে "জণ্ডিচএবিধ ৰোগ নহয়ৰোগৰ লক্ষণহে৷ গতিকে জণ্ডিচৰ চিকিৎসা বুলিলে পোনতেই লাগতিয়াল কথাটো ' - জণ্ডিচৰ কাৰণটো অনুসন্ধান কৰি ওলিওৱা আৰু তাৰ নিৰাময়ৰ ব্যৱস্থা কৰা৷লগতে যদি ৰোগৰ কিবা জটিলতাই দেখাদিছেতাৰো উপযুক্ত চিকিৎসা দিয়া৷ তথাপিও প্ৰত্যেকজন জণ্ডিচত ভোগা ৰোগীৰ বাবে নিম্নলিখিত কথাখিনি প্ৰযোজ্য : -
বিশ্ৰাম - শৰীৰৰ দুৰ্বলতাক কমোৱাত বিশ্ৰাম হয় সহায়ক৷
সম্পূৰ্ণৰূপে মদ খোৱা বাৰণ কৰা৷
চিকিৎসকৰ অজ্ঞাতে একো ঔষধ সেৱন নকৰা৷
শৰীৰৰ আদ্ৰতা  ঠিকে ৰাখিবলৈ ৰোগীয়ে উপযুক্ত পৰিমাণৰ জুলীয়া খাদ্য গ্ৰহণ কৰা৷প্ৰয়োজন হলে ড্ৰিপ বা চেলাইন লোৱা৷
খাদ্য - অধিক কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰা ৷ গ্লুক'মিচিৰিকুঁহিয়াৰৰ ৰসডাবৰ পানী,ফল-মূল ' উপযোগী খাদ্য৷ সহজে হজম হোৱা পাচলি যেনে অমিতা,লাউবিলাহী,গাজৰ,কাচকল,আলু,কবি সিদ্ধ কৰি ৰোগীক খোৱাব লাগে৷
অসমীয়া বনৌষধি শাক পদীনা,পালেং,পুননৌৱা,মানিমুনি,তেঙেচি,খুতৰা,মাটিকান্দুৰি,ৰসিংহ,ভেদাইলতা,কলমৌ আদি জণ্ডিচৰ পৰম উপকাৰী পথ্য৷পকা কৰ্দৈৰ ৰসো ভাল৷ চিকিৎসকে পেটত বেচি অম্ল বা এচিডিটি নহবৰ বাবেহে অধিক কৰ্দৈ খোৱাবলৈ হাকদিয়ে৷
ফল-মূলৰ ভিতৰত ৰসাল ফলসমূহ যেনে আঙুৰ,মৌচম্বী,কমলা,আনাৰচ,তৰমুজ,ডালিম,আপেল,কল,নাচপতি আদি সকলোৱেই উপকাৰী৷
    মাংস,কণী,তেল থকা মাছগাখীৰ,ঘিউ,মাখন,পনীৰ খোৱাটো অপকাৰী৷
এতিয়া চমুকৈ ৰোগৰ কাৰণ অনুসৰি চিকিৎসাৰ বিষয়ে দুআষাৰ : - যেনে মেলেৰিয়া হলে সেই ৰোগৰ উপযুক্ত ঔষধ প্ৰয়োগ কৰা৷পিত্তত পাথৰ হলে অপাৰেচনৰ দ্বাৰা তাৰ নিৰাময় কৰা৷পেনক্ৰিয়াটাইটিচ হলে এন্টিবায়টিক আৰু অন্য উপযুক্ত দৰবেৰে তাৰচিকিৎসা কৰা৷ভাইৰেল হেপাটাইটিচ হলে ভিটামিন,লিভাৰৰ সহায়কাৰী ঔষধ আৰু গ্লুক' ড্ৰিপৰে চিকিৎসা কৰা ৷সময়ত বমি বা ওকালি বন্ধ কৰা ঔষধ দিবলগীয়া হয়৷কাচিৎত ৰোগ গুৰুতৰ হলে চিকিৎসকে কেতিয়াবা ষ্টেৰইডো প্ৰয়োগ কৰিব লগীয়াহয়৷ভাইৰেল হেপাটাইটিচবি বা ভাইৰেল হেপাটাইটিচ-চি ৰোগ হলে উপযুক্ত
এন্টিভাইৰেল দৰব প্ৰয়োগ কৰিবলগীয়া হয়৷নবজাতকৰ গুৰুতৰ জণ্ডিচ হলে ফটোথেৰাপি দিবলগীয়া হয়অন্যথাই মস্তিষ্কৰ বিকৃতি ঘটাৰ সম্ভাৱনা থাকে৷ চিৰচিচ হলে পেটৰ পৰা পানী ওলিয়াবলগীয়া হব পাৰে৷ মেলিনা (কলা পাইখানাবা  তেজবমি হলে ৰোগীক ৰক্ত  দিয়াৰ প্ৰয়োজন হব পাৰে৷
  

No comments:

Post a Comment

Total Pageviews