Translate

Monday, September 24, 2012

বিষন্নতা


বিষন্নতা

মন মোৰ হৈ উঠিছে হঠাৎ বিষন্ন
অজানিতে
কাৰোবাৰ অন্তৰত মই দিয়া ব্যথাৰ বাবে
মই মৰ্মাহত৷

আক্ষেপ মোৰ
মই কি মোক নুবুজিলে
মোৰ সংবেদনশীল বন্ধুৱে৷

নিবিচাৰোঁ প্ৰত্যুত্তৰ
মনৰ দাপোনত সযতনে ৰাখি থম প্ৰতিবিম্ব
তেওঁৰ সেই অকৃত্ৰিম ভাল পোৱা মুহূৰ্তৰ !

      ২২-৯-২০১২
  • DrBhupendra Saikia কোনোবা হিন্দী শায়ৰৰ পংক্তি মাজে মাজে মনলৈ আহে৷ 
    শায়ৰে কৈছিল "গিলা নঁহী, গম নঁহী - ইন নিগাঁহোচে পহচান ন পাৱোগে তুম মুঝে "! 
    ক্ষোভ নাই,দুখ নাই - তোমাৰ সেই দৃষ্টিৰে মোক বুজিবলৈ তুমি যে অসমৰ্থ !
  • Manohar Dutta `আক্ষেপ মোৰ
    মই কি মোক নুবুজিলে
    মোৰ সংবেদনশীল বন্ধুৱে৷'
    - বন্ধুৱে বন্ধুক, ভ্ৰাতৃয়ে ভ্ৰাতৃক, পত্নীয়ে পতিক, পতিয়ে পত্নীক বুজাটো তেতিয়াহে সম্ভৱ বুলি ভাবো, যেতিয়া সমাজ জীৱনত বিশ্বাসৰ বাতাবৰণ থাকে।

No comments:

Post a Comment

Total Pageviews