Translate

Thursday, September 27, 2012

ল'ৰালি কালৰ দুষ্টালিৰ সোঁৱৰণ


ল'ৰালি কালৰ দুষ্টালিৰ সোঁৱৰণ **

ষষ্ঠ শ্ৰেণীৰ কথা ৷ হোষ্টেল জীৱন আৰম্ভ কৰাৰ এদিন নে দুদিন হৈছে৷ ৰাতিপুৱা ৬টাৰ পৰা ৭টালৈ
পিটি ৷ পিটিৰ পৰা আহি গাখীৰ-জলপান খাই ৮টাৰ পৰা ১২টালৈ ক্লাচ৷ ১২টাৰ পৰা ২টালৈ মধ্যাহ্ন বিৰতিৰ পিছত ২টাৰ পৰা ৪টালৈ পুনৰ পাঠগ্ৰহণ ৷ টিফিন খাই ৬টাৰ পৰা ৭টালৈ খেল-ধেমালি ৷৮বজাতএচেম্বলীত প্ৰাৰ্থনা সভা৷ ৰাতিৰ ভাত খাই হোষ্টেলত ১০টালৈ পঢ়িব লাগে৷ আগতে ঘৰৰ পৰা স্কুললৈ যাওঁতে ১০টাৰ পৰা ৪টালৈ স্কুলত সময় কটাইছিলোঁ ৷ দুপৰীয়া জিৰণী লোৱাৰ অভ্যাস মুঠেই নাছিল৷

ঘটনাৰ দিনাখন হোষ্টেলৰ মোৰ বাকী ৪জন ৰুমমেট বিচনাত লালকাল টোপনিত৷ মই 'কি কৰোঁ কি নকৰোঁ' ভাবেৰে এনেয়ে বিচনাত পৰি আছোঁ৷ পাঠ্যপুঠিৰ কিতাপ এখন মেলি ছবি চাওঁতে ৰাণাপ্ৰতাপ সিং আৰু ছত্ৰপতি শিৱাজীক দেখা পালোঁ৷ হঠাৎ মই উঠি বহিলোঁ ৷ মোৰ টেবুলৰ পৰা নতুনকৈ কিনা ৱাটাৰ কালৰৰ টিউবৰ পেকেটটো হাতত তুলি ললোঁ ৷ ব্ৰাছডালো পানীত ভিজাই ললোঁ ৷ তাৰ পিছত একানপতিয়াকৈ লাগি গলোঁ মোৰ চাৰিওজন ৰুমমেটক ৰাণাপ্ৰতাপ আৰু শিৱাজী বনোৱাত৷ মনৰ তৃপ্তিৰে কামখিনি শেষ কৰি বিচনাত টোপনি যোৱাৰ ভাৱ দি পৰি থাকিলোঁ৷
এটা সময়ত ৰুমমেট কেইজনে সাৰ পাই ইজনে সিজনক দেখি হাঁহিব ধৰিলে৷ তাৰ পিছত মোৰ পৰিস্কাৰ মুখখন দেখি তাঁহাতৰ আৰু বুজিবলৈ বাকী নাথাকিল কোন 'কলাকাৰ'ৰ হাতৰ পৰখ তাঁহাতৰ মুখত পৰিল৷
লগে লগে সেইভাগেই ৱাৰ্ডেন অন্নপূৰ্ণা গুৰুজীৰ ওচৰত গোচৰ দাখিল কৰিলে৷ গুৰুজীয়ে ঠিকচে এৰাউৰি দি পিছত ভালদৰে মোক বুজনি দি আবেলিৰ ক্লাচলৈ পঠালে৷ ৰুমমেটৰ লগত এইলৈ আৰু কাঁহানিও কোনো বাক-বিতন্দা চলা নাছিল৷ সৰুকালৰ এই স্মৃতিটো আজিও মানস পটৰ পৰা আতৰি যোৱা নাই৷

২৭-৯-২০১২
Like ·  · 

No comments:

Post a Comment

Total Pageviews