Translate

Tuesday, September 25, 2012

আয়াৰলেণ্ডৰ মধুৰ স্মৃতি


আয়াৰলেণ্ডৰ মধুৰ স্মৃতি

      স্মৃতি সুখদায়ী হলে ৰোমন্থন কৰি আমেজ পোৱা যায় আৰু সেই সুখানুভূতি আনকো বিলাই দিবৰ মন যায়৷ স্মৃতিৰ বৰ পেৰাতোত  সোমাই থকা আত্মকথা পৰা কেইখিলামান  পাত  আজি লুটিয়াই  চাবলৈ লৈছোঁ৷ মোৰ এই লিখনিয়ে কাৰো একো উপকাৰ নাসাধে৷ কিন্তু বিদেশ ভ্ৰমণ জাতীয়  কথাৰ  প্ৰতি মোৰ দৰে আন  এক শ্ৰেণী পাঠকৰো  আগ্ৰহ  হয়তো থাকিব পাৰে৷
       সোণোৱালী শৈশৱৰ  স্কুলীয়া  দিনবোৰৰ  সমকক্ষ  মোৰ  জীৱনত  একোৱেই  হব নোৱাৰে৷ সেয়ে এদিন   নিজে নিজে কলমৰ পৰা নিগৰি ওলাইছিল  
যেন  দূৰৈৰ বাঁহীৰ এটি
সুললিত
সকৰুণ সুৰ
যাৰ  মূৰ্চ্ছনাত
মই সৰ্বথা আত্মহাৰা

জানো
নাহে
নাপাওঁ
দুনাই ঘূৰাই
মোৰ সেই  সোণোৱালী শৈশৱ
তথাপিও
হাত বাউলি দিওঁ
স্মৃতিৰ জখলাৰে
সজল
দুনয়ন মোৰ,
হৈ ভাৱ-বিভোৰ !
                                    স্কুলীয়া দিনবোৰ জীৱনৰ শ্ৰেষ্ঠতম দিন আছিল বুলি মই সদায় ন দি কৈ আহিছোঁ৷ স্কুলীয়া দিনবোৰ যেন কিছু পৰিমাণে ঘূৰাই পালোঁ এনে এক অনুভূতিৰ মুখামুখি হলোঁ ২০০২ চনত আয়াৰলেণ্ডত পঢ়িবলৈ গৈ৷ ভাবিলে আচৰিত লাগে স্কুল এৰাৰ দেড় দশক পিছত আৰু কলেজ এৰাৰ দুই দশক পিছত ছাত্ৰ হবলৈ পাই মই যেন এক নতুন জন্মহে লভিছিলোঁ৷  পুৱা ৬বজাৰ আগতেই বিচনা এৰি গা পা ধুই পেট ভৰাই জলপান খাই দিনটোলৈ ওলাই যাওঁ - কেতিয়াবা ডবল ডেকাৰ চিটি বাচেৰে, কেতিয়াবা মেট্ৰ ৰেলেৰে৷ কলেজৰ পৰা দিয়া আইডেন্টিটি কাৰ্ডৰ সহায়ত বাচৰ আৰু ৰেলৰ উভয়ৰে বাবে ৰেহাই মূল্যৰ মাহেকীয়া টিকট ক্ৰয় কৰি লৈছিলোঁ৷ ৮ বজাৰ পৰা ৪ বজালৈ ক্লাচ বহে৷ মাজতে দুঘন্টাৰ লাঞ্চব্ৰেক৷ কেতিয়াবা বন্ধুৰ লগত কলেজৰ কেন্টিনলৈ যাওঁ নহলে  লগত নিয়া টিফিন আন বহুতৰ দৰে ময়ো ওচৰৰ পাৰ্কত বহি খাওঁ৷ কলেজৰ হোষ্টলৰ চিট সীমিত, বেচি ভাগ চিটেই দীৰ্ঘকালিন পাঠ্যক্ৰম অধ্যয়ণ কৰিব অহা ছাত্ৰই পায়৷
দেওবাৰে কলেজ বন্ধ থাকে  সেইদিনা প্ৰায়েই চায়ডু মোৰ কোঠালৈ আহে৷ কেতিয়াবা অৱশ্যে ময়ো তেওঁৰ কোঠালৈ যাওঁ৷ প্ৰায় দেড় কিলোমিটাৰ দূৰত্ব খোজ কাঢ়িয়েই অহা যোৱা কৰা যায়৷ আমি দুয়ো দুটা বেলেগ পৰিয়ালত পেয়িং গেষ্ট হৈ থাকোঁ৷কলেজে এডমিছন লবৰ সময়তেই এখন তেওঁলোকৰ অনুমোদিত  পেয়িং গেষ্ট ৰাখোতাৰ তালিকা দিয়ে  তালিকাখনত নাম ঠিকনাৰ ওপৰিও ফোন নম্বৰ আৰু -মেইল দিয়া থাকে৷ মই আয়াৰলেণ্ডত গৈ পোৱাৰ দিনাখন মাত্ৰ এদিন হোটেলত থাকিলোঁ৷ দ্বিতীয় দিনাখনেই  ফোনত কথাহৈ এগৰাকী আইৰিচ বৃদ্ধাৰ বাসভবনলৈ আহিলোঁ৷ ঘৰটোত তেওঁ অকলে থাকে৷ শণি দেওবাৰে কেতিয়াবা পুতেক-বোৱাৰীয়েকে লগ ধৰিব আহে৷ বাৰ বছৰীয়া নাতিনীজনী কেতিয়াবা আইতাকৰ লগত থাকিবলৈ আাহে৷
     চাইডুৰ সম্পূৰ্ণ নাম ডা০ চাইডু আলিও গিটাল৷ নাইজেৰিয়াৰ আবুজা প্ৰদেশৰ স্বাস্থ্য বিভাগৰ ডাইৰেক্টৰ৷ নাইজেৰিয়াৰ চৰকাৰে তেওঁক ডি টি এম  পাঠ্যক্ৰম পঢ়িবলৈ পঠাইছে৷  বিবাহিত, চাৰিটা 'ৰা-ছোৱালীৰ পিতৃ৷ কব নোৱৰাকৈয়ে এই দুকুৰি উৰ্দ্ধৰ নিগ্ৰোজনৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিছিল৷ -মেইল  যোগে আমাৰ আদান প্ৰদান এতিয়াও অটুট আছে৷ নাইজেৰিয়াৰ পৰা কুৰিয়াৰ কৰি পঠোৱা চামৰাৰ হস্তনিৰ্মিত দুই এপদ সামগ্ৰী আমাৰ ঘৰৰ ড্ৰইং ৰুমত সজাই থৈছোঁ৷ ময়ো পঠাইছিলোঁকোমল চাউল,ঘৰত বনোৱা বাঁহ গাজৰ আচাৰ,তেল পিঠা,মাহ-কৰাই আদি৷ অসমীয়া গামোছাৰ সৈতে ডাবলিনত থাকোতেই চাইডুক ভালকৈ পৰিচয় কৰাই দিছিলোঁ৷
        এইখিনিতেই উল্লেখ কৰিব খুজিছোঁডাবলিনৰ ৰয়েল কলেজ অৱ ফিজিচিয়ানচ্ এণ্ড চাৰ্জনচ্ ইন আয়াৰলেণ্ডত বছৰি বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা ৩০জন ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়া হয়৷ কলেজখনৰ বৰ্তমান চেন্ট ষ্টিফেন গ্ৰীনত থকা ভৱনটো ১৮১০চনতেই নিৰ্মিত৷ কিন্তু ভাবিলে আচৰিত লাগে ১৬৫৪ চনতেই ৰয়েল কলেজ অৱ ফিজিচিয়ানচ্ ইন আয়াৰলেণ্ড ( RCPI ) গোটৰ সৃষ্টি হয়৷ আৰু ৰয়েল কলেজ অৱ  চাৰ্জনচ্ ইন আয়াৰলেণ্ড ( RCSI )১৭৮৪ চনত সৃষ্টি হয়৷ বৰ্তমান দুয়োটা গোটে একগোটহৈ স্নাতক আৰু স্নাতকোত্তৰ নানান মেডিকেল শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকালৈ আহিছে৷
    আমাৰ দলৰ ছাত্ৰসকলৰ মাজত আটাইতকৈ বয়সিয়ালজন আছিল নিউজিলেণ্ডৰ পৰা তিনি কুৰিৰ অধিক বয়সৰ  চাকৰিটোৰ খাতিৰত তেওঁৰ বাবে এই পাঠ্যক্ৰম আছিল অপৰিহাৰ্য্য ৷আটাইতকৈ কমবয়সীয়া আছিল এম বি বি এচ পাচ কৰাৰ দুবছৰ হোৱা মুম্বাইৰ পৰা যোৱা এগৰাকী ডাক্তৰনী৷ ভাৰতীয় আছিলো মাত্ৰ আমি দুজনেই৷ পাকিস্তানৰ এজন, লিবিয়াৰ এজনইউৰোপৰ বিভিন্ন দেশৰ দহজনমান আৰু বাকী সকল আছিল আফ্ৰিকা মহাদেশৰ ভিন্ন  ভিন্ন দেশৰ৷ 
      ট্ৰপিকেল  মেডিচিনৰ বিশাল বিষয় বস্তুৰ অধ্যয়ণৰ পাঠ্যক্ৰম আছিল সম্পূৰ্ণ অডিঅ'ভিচুৱেল ৷শিক্ষকসকল আছিল প্ৰায়বিলাকেই বিভিন্ন চিকিৎসা বিষয়ৰ গ্ৰন্থৰ প্ৰণেতা৷ নিজৰ পাঠদান কৰাৰ পিছত সকলোৱেই ছাত্ৰসকলৰ পৰা নিজৰ পাঠদান সম্পৰ্কে নানান প্ৰশ্ন সুধি একোখন ---দিয়ে৷তাত ছাত্ৰই নাম লিখিব নালাগে আৰু মুকলি মনেৰে নিজৰ মতামত ব্যক্ত কৰিব পাৰে৷পৰীক্ষাত নম্বৰৰ পদ্ধতি এনেকুৱা৪০লিখিতদীঘলীয়া প্ৰশ্ন২০ছুটি  প্ৰশ্নোত্তৰ ((MCQ), ২০চেমিনাৰৰ প্ৰদৰ্শন আৰু ২০ভাইভা বা মৌখিক সাক্ষাৎকাৰ৷ ইয়াৰ প্ৰত্যেকটো শিতানতে উত্তীৰ্ণ হোৱাটো অনিবাৰ্য্য ৷ আমাৰ দলৰ ৬জন অনুতীৰ্ণ হৈছিল৷ তেওঁলোকক পিছৰ বছৰত আৰু এবাৰ মাত্ৰ পৰীক্ষাত বহাৰ সুযোগ দিয়াটো  নিয়ম  
      আমাক দিয়া ফটো পৰিচয় পত্ৰখন  টি এম কাৰ্ডৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলগীয়া হৈছিল৷আয়ডেন্টিটি কাৰ্ডখন সোমোৱলেহে ক্লাচ  ৰুমৰ আৰু লাইব্ৰেৰীৰ দুৱাৰ খোল খাইছিল৷কলেজত আৰু লাইব্ৰেৰীত বহুসংখ্যক ইন্টাৰনেটযুক্ত কম্পিউতাৰ ছাত্ৰসকলৰ বাবে উপলব্দ্ধ আছিল৷ লাইব্ৰেৰী আছিল মোৰ বৰ প্ৰিয়৷ অনেক মেডিকেল জাৰ্ণেল আৰু কিতাপেৰে ঠাহ খাই থকা লাইব্ৰেৰীটো বন্ধৰ দিনটো মাজনিশালৈকে খোলা আছিল৷  
    বন্ধৰ দিনত মাজে মাজে চাইডুৰ সৈতে বাচেৰে,ৰেলেৰে ডাবলিনৰ ওচৰ পাজৰৰ ঠাইবিলাক ফুৰিছিলোঁ৷ আয়াৰলেণ্ডৰ প্ৰাকৃতিক সৌন্দ্যৰ্যই আমাৰ মন মুহিছিল৷ 'তে 'তে মাথো ৰঙ-বিৰঙী নানা ধৰনৰ ফুল৷ মনৰ দাপোনত ভাঁহি আহে-সেউজীয়া পথাৰত মাজে মাজে সিঁচৰতি হৈ আছে হালধীয়া আৰু বেঙুনীয়া বনৰীয়া ফুল, আশে পাশে  চৰি আছে  ভেড়া ছাগলী - দূৰৈত নীলা পাহাৰ !
    মনত পৰিলে ভাল লাগেমোৰ সৈতে ঘৰৰ মালিকনীয়ে নিজৰ সুখৰ দুখৰ কথা পাতে ৷মই কি  খাই ভাল পাওঁ জানিব খোজে আৰু সেইমতে বনাবৰ চেষ্টা কৰে৷ মোৰ  কাপোৰ ধুই ইস্ত্ৰি কৰি দিয়ে অকনো সংকোচ নকৰাকৈ৷ আয়াৰলেণ্ডৰ দৰে উন্নত দেশটো হোৱা চিকিৎসা বিভ্ৰাটৰ ফলত  তিনিমাহৰ  ভিতৰত দুবাৰএবাৰ কিডনিৰ,এবাৰ জৰায়ুৰ অপাৰেচন কৰাবলগীয়া হোৱাৰ কথা লুক-ঢাক নকৰাকৈ কয়৷ কথা-বতৰাত আয়ৰিচসকলৰ মনত ব্ৰিটেইনৰ প্ৰতি থকা ক্ষোভৰ উমান পাওঁ  উত্তৰী আয়াৰলেণ্ড  ব্ৰিটেইনৰ দখলত থকাৰ বাবে কৰে আক্ষেপ৷  
         পৰীক্ষাৰ আগদিনা কলেজ কৰ্তৃপক্ষই পাতে এক ভব্য পাৰ্টি  আমি কেইজনমানে মনতে ভাবো - "বলি কা বকৰা " - খোৱাই বোৱাই নোদোকা কৰি লব বিচাৰিছেপৰীক্ষাও এক অনন্য অভিজ্ঞতা৷ প্ৰশ্ন কাকতখনো উত্তৰ বহীৰ লগত জমা দিব লাগে৷ আচল আশ্চৰ্য্য আছিল পৰীক্ষাৰ এস্কটাৰনেল কেইজনৰ ব্যৱহাৰতেওঁলোকে ঠিয়হৈ পৰীক্ষাৰ্থীক সম্ভাষণ জনায় আৰু পোনতেই নিজৰ পৰিচয় দি লয়৷
     পৰীক্ষাৰ ফলাফল নোলোৱালৈকে  সেই এসপ্তাহ নে দহদিন পৰম উদ্বিগ্নতাৰে দিন  অতিবাহিত কৰিলোঁ৷  ফলাফল  কলেজৰ নোটিছ 'ৰ্ডত দিয়াৰ ওপৰিও  ব্যক্তিগতভাবে ডাকযোগেও আহিল৷ ৰিজাল্ট   শুনি ঘৰৰ মালিকনীয়ে মোক আঁকোৱালিলৈ কপালত চুমা এটা দি কলে – I am delighted !  মই  জানিছিলোৱেই তুমি সফল হবাই !
           কলেজত পঢ়িবলৈ নিৰ্বাচিত হোৱাৰ পাচতো মই ভিছাৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হৈছিল৷ দিল্লীৰ আয়াৰলেণ্ডৰ দূতাবাসে জনালে "ষ্টাডি- ভিছাৰ" বাবে এবছৰ আগতেই যোগাযোগ কৰিব লাগে- তেনে ভিছা আায়াৰলেণ্ডৰ পৰাহে আহে৷ইফালে মোৰ হাতত সময় তেতিয়া ক্লাচ আৰম্ভ হবলৈ তিনি সপ্তাহৰো কম  কেইদিনমান পিছত কলেজৰ পঞ্জীয়ক মাইৰেড লেম্বৰ  মেইল আহিল -মই যদি সময়মতে কলেজত উপস্থিত হব নোৱাৰোঁমোৰ চিটটো ৱেটিংলিষ্টৰ প্ৰাৰ্থীক দি দিয়া হব৷ মই চকুৰে সৰিয়হ ফুল দেখিলোঁ৷ তথাপিও মই চেষ্টা এৰি দিয়াত নাই৷ ভাবি ভাবি উপায় এটা পালোঁআয়াৰলেণ্ডৰ বৈদেশিক মন্ত্ৰীৰ -মেইলটো নেটত খুচৰি ওলিয়ালোঁ৷ সেই সময়ত তেওঁ চীনদেশ ভ্ৰমণত আছিল৷ মই তেওঁলৈ  মেইল কৰিলোঁমই এজন ভাৰতীয় ডাক্তৰে আপোনাৰ সহায় অবিহনে আয়াৰলেণ্ডত পঢ়াৰ মোৰ ইচ্ছা বাদ দিব লাগিব  পিছদিনাখনেই যেন সকলো কলীয়া মেঘ আতৰি বতৰ ফৰকাল 'ল৷মোলৈ প্ৰত্যুত্তৰ আহিল - অতি সোণকালে ভিছা দিবলৈ মই নিৰ্দেশনা দিম৷আৰু দুদিন পিছত দিল্লীৰ আইৰিচ দূতাবাসৰ মেইল আহিল - ভিছাৰ বাবে আহক৷ ঘৰৰ পৰা একেবাৰে আয়াৰলেণ্ডলৈ বুলি ওলালোঁ৷দিল্লীতএকে দিনাই ভিছাৰ কাম 'ল৷ এইবাৰ টিকটৰ পাল -ডাবলিনলৈ সকলোবিমানৰটিকট ফুল৷ দুদিন বাট চোৱাৰ পিছত ট্ৰেভেল এজেন্টক অতিৰিক্ত পইচা ভৰি কোনোমতে এটা টিকট যোগাৰ কৰি ঠিক ক্লাচ আৰম্ভ হবৰ আগদিনা ডাবলিনত ভৰি দিলোঁগৈ৷ দিল্লীত থকা দুদিনত চুইজাৰলেণ্ডৰ ভিছা ওলিয়াই  ললোঁ-যাতে সুবিধানুৰি এপাক মাৰিব পাৰোঁ৷

No comments:

Post a Comment

Total Pageviews