মনৰ সুন্দৰতা আৰু আত্মসন্তুষ্টি
(এটি সাধুকথাৰ সহায়লৈ)
ভগবানে এবাৰ নিজৰ সৃষ্টি কেনে চলিছে তাৰ ভূ লবলৈ নাৰদক পৃথিবীলৈ পঠালে৷
নাৰদে পৃথিবী ভ্ৰমণ কৰি ভগবানৰ ওচৰত প্ৰতিবেদন দাখিল কৰিলে - পৃথিবীত কুৰূপ সামগ্ৰী বাঢ়িব ধৰিছে আৰু পৃথিবীবাসীয়ে সেই কুৰূপ সামগ্ৰীবিলাকৰ বাবে অশান্তিত ভূগি আছে৷
ভগবানে এইবাৰ মৰ্ত্যবাসীলৈ নিৰ্দেশ জাৰী কৰিলে - এমাহৰ ভিতৰত সকলোৱে নিজৰ যি কোনো কুৰূপ বস্তু সলাই লব পাৰিব৷ ভগবানৰ
এই আকৰ্ষণীয় উপহাৰৰ সুবিধা মৰ্ত্যৰ লোকসকলে আনন্দৰে গ্ৰহণ কৰিলে৷
কোনো এঘৰো যাতে ভগবানৰ উপহাৰ গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈ নাথাকে তাকে চাবলৈ এমাহৰ মূৰত ভগবানে পুনৰ নাৰদক পৃথিবীলৈ পঠালে৷
নাৰদে এজন সন্ন্যাসীক লগ পালে যি ভগবানৰ এই সুবিধা লবলৈ আগবাঢ়ি যোৱা নাছিল ৷ নাৰদৰ প্ৰশ্নৰ উত্তৰত সন্ন্যাসীয়ে কলে - মোৰ বাবে সমগ্ৰ জীৱনটোৱেই সুন্দৰ আৰু আত্মসন্তুষ্টিয়েই হিয়াত পৰম আনন্দ দিয়ে ৷গতিকে মোৰ বাবে সলাবলগীয়া কুৰূপ একোৱেই নাই৷
সঁচাই যাৰ মন সুন্দৰ তেওঁৰ দৃষ্টি প্ৰতিটো বস্তুৰে আন্তৰিক সৌন্দৰ্য্যৰ ওপৰতহে নিবদ্ধ হয়৷
আত্মসন্তুষ্টি থকাজনৰ অভাৱো নাই- মনত অশান্তিও নাই৷ নাৰদে সন্ন্যাসীৰ মনৰ সুন্দৰতাত মোহিত হৈ স্বৰ্গলোকলৈ ঘূৰি গ'ল৷
২৭-৯-২০১২
No comments:
Post a Comment