কাটাৰত চৰকাৰী কাৰ্য্যালয়,বেংক,ডাকঘৰ আৰু ডাঙৰ কোম্পানী বিলাক সপ্তাহত দুদিন বন্ধ থাকে - শুকুৰবাৰ আৰু শণিবাৰে৷ বাকী কেইটা দিন অফিচত কৰ্মচাৰীবিলাকে ৮ ঘন্টাকৈ কাম কৰিব লাগে ৷ মেডিকেল বিভাগ সদায় খোলা হেতুকে সপ্তাহত যি কোনো এদিন ছুটি পায়৷মই শুকুৰবাৰেই বন্ধটো লবলৈ ঠিক কৰিলোঁ৷ সেইদিনাই জিৰণীও লব লাগিব, ফুৰিবও লাগিব,বন্ধটোও তাৰ মাজতেই উপভোগ কৰিব লাগিব৷ বাকী কেইদিন আগবেলা ৪ ঘন্টা আৰু পিছবেলা ৪ ঘন্টা ডিউটি কৰিব লাগে৷
ইয়াত মোৰ দেশৰ সৈতে, অসমৰ সৈতে যোগাযোগৰ সহজ মাধ্যম হ'ল – ইন্টাৰনেট৷ কৰ্মস্থলীত আৰু বাসস্থানত ইন্টাৰনেট সকলো সময়তে উপলব্দ্ধ৷
নেটত সময় বুজি ডি
ৱাই-৩৬৫ আৰু প্ৰাইম নিউজৰ বাতৰি চাওঁ৷ অসম প্ৰাণ মহান শিল্পী ভূপেন হাজৰিকাৰ বিয়োগৰ আৰু তেওঁৰ অন্তিম বিদায়ৰ প্ৰতিটো পলৰ প্ৰচাৰ অসমৰ বিভিন্ন চেনেল সমূহৰ মাধ্যমৰে সজল নয়নেৰে প্ৰত্যক্ষ কৰিছিলোঁ৷ অসমৰ পৰা প্ৰকাশিত এক ডজন অসমীয়া বাতৰি কাকত, দুখন ইংৰাজী,দুখন হিন্দী আৰু এখন বাংলা
সংবাদ পত্ৰ প্ৰায় সদায় পঢ়োঁ ৷ "স্কাইপৰ"
সহায়ত ঘৰৰ লগত, অসমৰ আৰু মেঘালয়ৰ মোৰ ৰোগীৰ লগত আৰু বন্ধুৰ লগত কথা পাতোঁ৷
ইয়াত মই চাবলগীয়া ৰোগীসকল বিশ্বৰ বিভিন্ন দেশৰ৷
কিছুমান দেশৰ নাম নতুনকৈহে শুনিছোঁ৷
মোৰ ৰোগী আৰু সহকৰ্মীসকলৰ বাহিৰে নেটৰ সহায়ত মই এখন ভিন্ন জগতৰ সৈতে সাঙুৰ খাই পৰিছোঁ বুলিলে একো অত্যুক্তি কৰা নহব৷
অসমীয়া ফেচবুকৰ কেইটামান গোটৰ সহায়ত মই নিজে কম্পিউটাৰত অসমীয়াত লিখিব পৰা হলোঁ ৷ আজৰি সময়ত সাহিত্য চৰ্চাত মনোনিবেশ কৰিবলৈ ন ন বন্ধুৰ পৰা উদগণি পাবলৈ ধৰিলোঁ ৷ এই ক্ষেত্ৰত মই "অসমীয়া কথা বতৰা" গোটৰ ডেকা বন্ধুসকলৰ শলাগ লবই লাগিব৷
এতিয়ালৈকে মই জনাত কমেও ৬টা অসমীয়া পৰিয়াল বৰ্তমান কাটাৰত আছে ৷ ইয়াৰ বাহিৰেও অবিবাহিত বা পৰিয়াল নথকা ব্যক্তিও কেইবাজনো (কমেও ৬৷৭ জন) কৰ্মৰত আছে৷ তাৰে দুজন ইঞ্জিনিয়াৰে ঘৰলৈ গৈ যোৱা তিনিমাহে ঘূৰি অহা নাই৷ শুকুৰ আৰু শনিবাৰৰ বন্ধৰ দিনত ডুবাইত থাকি বাকী ৫ দিন কাটাৰত কাম কৰা অসমীয়া ইঞ্জিনিয়াৰো আছে৷ মই এতিয়ালৈকে মাত্ৰ দুটা পৰিয়ালৰ সৈতেহে পৰিচিত হৈছোঁ৷এই দুটা পৰিয়ালৰ সবিশেষ পাঠকক আগলৈ নিশ্চয় জনাম৷ মোৰ 'কাটাৰৰ ডায়েৰী' ইন্টাৰনেটৰ অসমীয়া কথা বতৰা গোটত পঢ়ি যোৱা বছৰৰ নভেম্বৰ মাহতেই এটা পৰিয়াল মোলৈ মেইল পঠিয়ালে - মোক লগ ধৰিব বুলি ৷ কিন্তু দুয়োজনে চাকৰি কৰা হেতুকে হয়তো মোক লগ পাম বোলা কথাটো পাহৰিলেই৷ আচলতে পৰিয়াল কেইটাই নিজে ধৰা নিদিলে মোৰ লগ কৰাৰ উপায় নাই৷ অসমীয়া ডাক্তৰ একমাত্ৰ ময়েই আছিলোঁ যদিও দুমাহ হ'ল - চৌডি আৰবৰ পৰা আন এজন ডাক্তৰে যোৱা দুমাহ আগতে ড'হাৰ বেলেগ এখন চিকিৎসালয়ত যোগদান কৰিলেহি৷ অহাৰ পিছত তেওঁক এটা শুকুৰবাৰে মোৰ বাসস্থানলৈ আমন্ত্ৰিত কৰিলোঁ৷ কিন্তু তাৰ পিছত যোগাযোগ শূণ্য৷ তেওঁৰ পৰিবাৰে আবু ধাবিত চাকৰি কৰে আৰু পুতেক বোৱাৰীয়েকে ওমানত চাকৰি কৰে৷ এই তিনিখন দেশৰ লগত তেওঁ সম্পৰ্ক বৰ্তাই চলিবলগীয়া হৈছে বাবে হয়তো বহুত ব্যস্ত ৷ শুনিলে ভাল লগা কথা - এটা সময়ত কাটাৰত থকা অসমীয়া লোকসকলৰ মাজৰ পৰাই এটা বিহু দলে কাটাৰৰ ৰাষ্ট্ৰীয় দিবসৰ পেৰেডত ভাগ লৈছিল৷ তাৰে কেইজনমান কানাডা আৰু আন দেশলৈ গুছি যোৱাত দলটো ভাগিল আৰু অসমীয়াৰ সংখ্যাও কিছু কমিল৷ এতিয়ালৈকে মোৰ হিচাবমতে
কাটাৰত ত্ৰিশ জনৰ অধিক অসমীয়া লোক নাই৷ মই তেওঁলোকক এটা গোটত অনাৰ ইচ্ছা এটা মনতে পুঁহি ৰাখিছোঁ৷ বিদেশত আপোন মানুহ পালে কিমান যে ভাল লাগে৷ অসমৰ দুই এজন পৰিচিতক ইয়াত উপযুক্ত স্থানত চাকৰি দিয়াব পাৰি নেকি তাৰো চেষ্টাত আছোঁ৷
কেইদিনমানৰ আগতে পুৱাবেলা নিজৰ ডিউটিলৈ আহি থাকোতে ক্লিনিকৰসন্মুখতে ৪জনীয়া পুৰুষ মহিলাৰ দল এটিক লগ পালোঁ ৷দক্ষিণ ভাৰতীয়৷আমাৰ তাত বাটৰ কাষত টেন্ট সাজি দৰব বেচি থকা মানুহৰ নিচিনা৷ ভঙা ভঙা হিন্দীৰে মোক ওচৰত হোটেল ক'ত আছে সুধিলে আৰু কলে আমি ভাল মালিশ কৰোঁ , চুলি সৰাপকা ৰোধ কৰাৰ দৰব বেচোঁ ৷মই তেওঁলোকৰ বিদেশত আহি এইদৰে ব্যবসায় কৰাৰ দুঃসাহসত আচৰিত নহৈ নোৱাৰিলোঁ ৷পাচপৰ্ট ভিছা ওলিয়াই উৰাজাহাজৰে বিদেশলৈ আহিছে- এক অনিশ্চিত উপাৰ্জনৰ আশাত৷
আজিলৈ ডায়েৰী সামৰাৰ আগতে পাঠকসকলক জনাব খোজোঁ শুনিলে আচৰিত যেন লগিলেও মোৰ একাউন্টটো যোৱা বছৰ এবাৰ হেকিং হৈছিল ৷ ইন্টাৰনেটত হেকিং কি জানিব বিচাৰিলে -- হেকিং কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাতকৈ হেকিং কেনেকৈ সহজতে বা মিনিটতে কৰিব পাৰি তাৰহে বিশদ টিউটৰিয়েল দেখা পাব৷ভাৰতীয় কংগ্ৰেছ পাৰ্টিৰ ৱেবচাইটত হেকিং কৰি ভৰোৱা কাৰ্টুনসমূহৰ বিষয়ে বাতৰি কাকতত পঢ়িছিলোঁ ৷কিন্তু নিজে ভূক্তভোগী হম বুলি কাহানিও ভবা নাছিলোঁ ৷ যি নহওক পৰম উৎকন্ঠাৰে ৫০ঘন্টাৰো অধিক সময় জগতখনৰ লগত বিচ্ছিন্নহৈ থকাৰ মূৰত বন্ধুসকলৰ সহায়ত বিপদৰ পৰা উদ্ধাৰ হৈ স্বস্তিৰ নিশ্বাস কাঢ়িলোঁ৷
No comments:
Post a Comment