Translate

Saturday, July 14, 2012

প্লেটলেটৰ বিষয়ে কিছু জানিবলগীয়া


মানুহৰ  ৰক্তত  তিনি ধৰণৰ  কণিকা থাকে :- 
) ৰঙা তেজৰ   কণিকা (Red Blood Cell)
) শ্বেত তেজৰ   কণিকা (Whie Blood Cell)
) প্লেটলেট  (Platelet)

               ৰঙা  তেজৰ   কণিকাই  তেজৰ  ৪০আয়তন  জুৰি আছে৷ প্ৰতি মাইক্ৰলিটাৰ তেজত  ,০০০,০০০ এই  বিধ  কণিকা থাকে৷ এই  কণিকাৰ ৰক্তিম  ৰঙ  সৃষ্টি কৰিছে হিমগ্লবিন নামৰ  এবিধ প্ৰটিনেযাৰ দ্বাৰা হাওফাওঁৰ পৰা অস্কিজেন  আমাৰ শৰীৰৰ  বিভিন্ন কোষলৈ যায়৷ ৰঙা তেজৰ কণিকাৰ আয়ু ১২০ দিন৷
     শ্বেত তেজৰ  কণিকা তেজৰ প্ৰতি মাইক্ৰলিটাৰত  ৫০০০   পৰা ১০০০০ লৈ থাকে৷ এই  বিধ  কণিকা আকাৰত  ডাঙৰ  আৰু কেইবা প্ৰকাৰৰ৷ শ্বেত  কণিকাৰ কাম সংক্ৰমণৰ বিৰুদ্ধে যঁজ দি শৰীৰৰ  ৰোগ প্ৰতিৰোধ কৰা শ্বেত তেজৰ কণিকাৰ আয়ু ১৩ৰ পৰা ২০ দিন৷শ্বেত তেজৰ কণিকাক তাৰ ভিতৰৰ গঠন অনুসৰি দুভাগত ভগোৱা হৈছে৷নিউট্ৰফিলইঅ'চিনফিল,বেচফিলএই তিনিবিধ গ্ৰেনুল'চাইটৰ শাৰীত পৰে  লিম্ফচাইট আৰু মন'চাইট এগ্ৰেনুল'চাইটৰ শাৰীত পৰে  শৰীৰৰ সুৰক্ষা প্ৰণালীৰ সৈতে শ্বেত তেজৰ কণিকাৰ নিবিড় সম্বন্ধ৷
      তেজত থকা  কণিকা সমূহৰ ভিতৰত  আটাইতকৈ ক্ষুদ্ৰ আকৃতিৰ  কণিকা '  প্লেটলেট  ইয়াৰ  আকাৰ ৰঙা তেজৰ   কণিকাৰ  পাঁচ ভাগৰ এভাগ৷ প্লেটলেটৰ  আয়ু ' ১০দিন  প্ৰতি মাইক্ৰলিটাৰ  তেজত  ১৫০,০০০   পৰা ৪৫০,০০০ প্লেটলেট   থাকে৷ আকৃতিত অতি ক্ষুদ্ৰ হোৱা হেতুকে   মুঠ তেজৰ  সামান্য অংশ এটাহে আৱৰি আছে৷ হলেও ইয়াৰ গুৰুত্ব অপৰিসীম৷ প্লেটলেটৰ মূল কাম 'শৰীৰৰ  ৰক্তক্ষৰণ ৰোধ কৰা  তেজ  গোট  মৰা   প্ৰক্ৰিয়াৰ  যোগেদি  প্লেটলেটে ৰক্তক্ষয় বন্ধ কৰে৷
  প্লেটলেটক প্ৰথম চিনাক্ত  কৰিলে জাৰ্মানীৰ  মেস্ক  চ্যুলত্জ  নামৰ (১৮২৫- ১৮৭৪ চন) এনাটমিৰ  চিকিৎসক এজনে ৷কিন্তু প্লেটলেটৰ  গুণসমূহৰ বিশদ  বৰ্ণনা   ইটালিৰ গিওলিঅবিজ্জজিৰোই (১৮৪৬-১৯০১চনদিয়ে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে  নেডাৰলেণ্ডৰ মাইক্ৰবায়লজিষ্ট এন্টনি ফিলিপচ্  ভান  লিৱেনহকে(১৬৩২-১৭২৩চন) ৰঙা ৰক্ত  কণিকাক প্ৰায় এশ বছৰ আগতেই  চিনাক্ত কৰিছিল৷এইজনা আধুনিক মাইক্ৰস্কোপৰ  জনকে আৰু বহুতো অৱদান চিকিৎসা জগতক দি গৈছে৷
       তেজৰ আন কণিকাৰ দ্বৰে প্লেটলেটৰো উৎপাদন হয়  হাঁড়ৰ মজ্জাৰ (Bone Marrow)ভিতৰৰ  পৰা৷ হাঁড়ৰ মজ্জাৰ ভিতৰত  মেগাকেৰিঅ'চাইট (Megakaryocyte)নামৰ  এবিধ  ডাঙৰ আকৃতিৰ  কোষ  থাকে৷ থ্ৰম্বপ'য়েটিন ( Thrombopoietin)নামৰ এবিধ হৰম'নৰ  প্ৰভাৱত প্ৰতিটো   মেগাকেৰিঅ'চাইটে  এহেজাৰৰো অধিক  প্লেটলেটৰ  জন্ম দিয়ে৷ প্লেটলেটৰ  কাম '  'তেই  তেজৰ  নলীৰ  জখম  হয়তাতেই  প্লাগ  বা  সোপাৰ  সৃষ্টি কৰা   প্লেটলেটৰ  গাত  এনে প্ৰটিন থাকে যাৰ ফলত   প্লেটলেটে পৰস্পৰৰ মাজত  লগ লাগিব পাৰে আৰু তেজৰ  নলীৰ  জখম  অংশটো থোপ খাই পৰিব পাৰে৷ এনে কৰোতে প্লেটলেটৰ আকাৰ  কেতিয়াবা দীঘলীয়া, কেতিয়াবা অক্টোপাচৰ দৰে বাহু মেলা হৈ পৰে৷ প্লেটলেট ওজনত অতি পাতল  হোৱা হেতুকে অতি ক্ষিপ্ৰতাৰে চুম্বকীয়  আকৰ্ষণৰ দৰে ৰক্ত প্ৰবাহী নলীৰ জখম হোৱা ঠাইত  উপস্থিত হয়হি৷
   প্লেটলেটৰ  বিজুতিৰ বিষয়ে  এতিয়া কিছু আলোচনা কৰিম  প্লেটলেট  সংখ্যাত বেচি হব পাৰে,কম হব পাৰে নাইবা তাঁহাতৰ কামৰ সক্ৰিয়তা কমি যাব পাৰে  তেজ গোট মৰা প্ৰক্ৰিয়াটোক  থ্ৰম্বচিচ (Thrombosis)বুলি কয় সেয়ে প্লেটলেটৰ  আন এটা নাম 'থ্ৰম্বচাইট (Thrombocyte)

কাৎচিত হাড়ৰ                                 মজ্জাৰ বিজুতিয়ে  প্লেটলেট প্ৰতি মাইক্ৰলিটাৰ  তেজত  ১০,০০,০০০   ২০,০০,০০০ লৈ বৃদ্ধি কৰিলে তেজ অস্বাভাবিকভাবে গোট মৰাৰ  সম্ভাৱনা বৃদ্ধি পাব৷ কিন্তু এনে অৱস্থা খুব  দূৰ্লভআনকি তেজত  প্লেটলেটৰ  পৰিমাণ বঢ়া সত্বেও (Thrombocytosis) বহুতো ৰোগীৰ একো লক্ষণ দেখা নাযায়৷
ইয়াৰ বিপৰীতে তেজত  প্লেটলেটৰ  পৰিমাণ কমি গলে (Thrombocytopenia), বিশেষকৈ    প্ৰতি মাইক্ৰলিটাৰ  তেজত  ৫০,০০০   ৮০,০০০ লৈ কমি গলে শৰীৰৰ পৰা ৰক্তক্ষৰণ হোৱাৰ  সম্ভাৱনা দেখা যায়৷বহু ৰোগীৰ ক্ষেত্ৰত  তেজৰ  প্লেটলেট  কমি যোৱাটো আকস্মিকভাবে তেজ পৰীক্ষাৰ সময়ত ধৰা পৰে৷ কিন্তু কিছুমানৰ  ক্ষেত্ৰত  স্বত:স্ফুটভাবে ছালৰ তলত(ঘাইকৈ হাতত,বাহুত বা ভৰিত) বা মিউকাচ মেমব্ৰেনত (শৰীৰৰ ভিতৰৰ যেনে মুখমণ্ডলৰ লাইনিং) তেজৰ  ক্ষুদ্ৰ চেকুৰা দেখা যাব পাৰে৷ এইবিলাকক ডাক্তৰী ভাষাত অৱস্থাভেদে Petechie, Purpura, Ecchymoses, Bruise বোলে৷ কেতিয়াবা এনে ৰোগীৰ নাকৰ পৰা বা দাঁতৰ আলুৰ পৰা নিজে নিজে তেজ ওলাব পাৰে৷ এনে ৰোগীয়ে শৰীৰ দুৰ্বল,ভাগৰুৱা অনুভৱ কৰিব পাৰে৷ ৰোগীয়ে ব্যৱহাৰ কৰি থকা ঔষধৰ বিষয়ে চিকিৎসকে অৱগত হোৱটো লাগতিয়াল কথা, কিয়নো দৰবৰ পাৰ্শক্ৰিয়াৰ ফলতো  প্লেটলেট  কমিব পাৰে৷
 প্লেটলেট  কমাৰ  বিভিন্ন  কাৰণ সমূহ : -
প্লেটলেটৰ  কম উৎপাদন হোৱা
প্লেটলেট বেচিকৈ বিনষ্ট হোৱা
অন্যান্য কাৰণ - সৰ্প   দংশণমনোচেচুৰেটেড  অমেগা- ফেটি এচিডযুক্ত  তেল বেচিকৈ সেৱন কৰাৰ ফলত৷ মিঠাতেল,ইৰুচিক এচিড আৰু লৰেঞ্জ তেলত  এই বিধ তত্ব থাকে৷ মধ্য  আফ্ৰিকাত দেখা পোৱা 'নায়ালাই  ৰোগ ( Onyalai disease)
প্লেটলেটৰ  কম উৎপাদন হোৱাৰ কাৰণ সমূহ:-
-ভিটামিন বি-১২, ফলিক এচিডৰ অভাৱ
 -লিউকেমিয়া
বেক্টেৰিয়া আৰু ভাইৰাচৰ গুৰুতৰ সংক্ৰমণ 
ডেংগু ফিভাৰ : মেগাকেৰিঅ'চাইটত  সংক্ৰমণ আৰু ইমিউন'লজিকেল কাৰণত
বহুকেইবিধ জন্মগত  বিজুতিৰ  ফলত (Hereditary Syndromes) : যেনেএলপৰ্ট  চিনড্ৰম,  গ্ৰে  প্লেটলেট চিনড্ৰম, বাৰ্ণাৰ্ড'লিয়াৰ চিনড্ৰমৱিস্কট  এল্ডৰিচ চিনড্ৰম
প্লেটলেট বেচিকৈ বিনষ্ট হোৱা
ইডিঅ'পেথিক  থ্ৰম্বচাইট'পনিক   পাৰপ্যুৰা
- থ্ৰম্বটিক থ্ৰম্বচাইট'পনিক   পাৰপ্যুৰা 
-হিমাইটিক  ইউৰেমিক চিনড্ৰম 
ডিচচেমিনেটেট  ইন্ট্ৰাভাচকুলাৰ  'এগুলেচন
ডেংগু ফিভাৰ
চিষ্টেমিক লুপাচ  এৰিথ'মেটাচ
পষ্ট  ট্ৰমেটিক পাৰপ্যুৰা 
পেৰস্কিচমেল নক্টাৰনেল  হিমগ্লবিনয়ুৰিয়া 
হাইপাৰস্পেনিজম 
- এইচ আই ভিৰ সংক্ৰমণ    আদি
*তলত লিখা ঔষধসমূহেও  প্লেটলেটৰ  অনিষ্ট সাধিব পাৰে 
নানাবিধ এন্টিকেঞ্চাৰ ড্ৰাগইন্টাৰফেৰনভেলপ্ৰয়িক এচিডমন্টুলুকাচএচিডিটিত ব্যৱহাৰ হোৱা ৰেনিটিডিন,পেন্টপ্ৰাজল
জাতীয় ঔষধ
* এচপিৰিন  আৰু প্লেটলেটৰ সম্বন্ধ: এচপিৰিনে  প্লেটলেটৰ  পৰস্পৰৰ গোট খাব পৰা শক্তিক  বাধা প্ৰদান কৰে৷ফলত  যি ৰোগী তেজ গোটমৰাৰ ফলত (Thrombosis)হৃদৰোগত (Myocordial Infarction)আক্ৰান্ত  হয়তেওঁলোকক এচপিৰিনে সুৰক্ষা দিয়ে৷  ইয়াৰ বিপৰীতে যাৰ তেজত প্লেটলেট অতি কম তেনে ৰোগীক এটা  এচপিৰিনৰ টেবলেটেও গুৰুতৰ   ৰক্তক্ষৰণ ঘটাই (Haematmemesis and  Melaena দ্বাৰা ) জীৱন  বিপদাপন্ন  কৰি তুলিব পাৰে 

ক্লপিডগ্ৰেল,প্ৰচু্গ্ৰেল, টিক্লডেপিন,চিলষ্টাজল -এই কেইবিধ  ঔষধৰো ক্ৰিয়া এচপিৰিনৰ নিচিনা৷
কিছুমান মহিলাৰ  গৰ্ভাৱস্থাত শেষৰ তিনিমাহত প্লেটলেট কমা দেখা যায় ( Gestational Thrombocytopenia)৷সাধাৰণতে ডাঙৰ সমস্যাৰ সৃষ্টি নকৰে যদিহে প্লেটলেট  অস্বাভাবিকভাবে নকমে৷ সন্তান প্ৰসৱৰ  পিছত প্লেটলেট স্বাভাবিক অৱস্থালৈ ঘূৰি আহে৷
প্লেটলেট   ট্ৰান্সফিউজন  কাক কাক সাধাৰণতে দিয়া যায়  ? 
) কেঞ্চাৰ বা লিউকেমিয়াৰ চিকিৎসা লৈ থকা ৰোগীক
 ) বন মেৰ' বা অংগ প্ৰত্যাৰোপন কৰা ৰোগীক
 ) প্ৰাণৰ সংশয় সৃষ্টি কৰা যি কোনো ৰক্তক্ষৰণ হলে - দূৰ্ঘটনাজনিত বা অস্ত্ৰোপচাৰৰ ফলত
) তেজৰ কিছুমান জটিল ৰোগৰ চিকিৎসাত
আজিকালি প্ৰায়বিলাক ব্লাডবেংকতেই  তেজৰ  পৰা পৃথককৈ প্লেটলেট ওলিয়াই দিয়াৰ ব্যৱস্থা আছে৷
কিছুমান ঔষধেও তেজত প্লেটলেট  পৰিমাণ বৃদ্ধিত  সহায় কৰে  সেইবিলাকৰ নাম 'অপ্ৰিলভেকিনৰমিপ্লষ্টিমএলট্ৰম্বপেগ৷
থুলমুলকৈ সৰ্বসাধাৰণে প্লেটলেটৰ বিষয়ে জানিবলগীয়া কথা সদ্যহতে ইমানেই৷
                                                                              ৩০জুন, ২০১২      

No comments:

Post a Comment

Total Pageviews