মানুহ দেখিছো মাথোন মানুহ
বিনন্দীয়া বিশাল বিশ্বৰ
বিভিন্ন প্ৰান্তৰ
সাগৰ মহাসাগৰ পাৰ হৈ
অনেক গিৰি লঙ্ঘি অহা,
কিহৰ সন্ধানত ?
হ’ব পাৰে
ছালৰ বৰণ বগা ক’লা বা কজলা
একেই কিন্তু পেটৰ ক্ষুধা
একেই তেজৰ ৰং
একেই চকুৰ ভাষা
অনন্য সৃষ্টিৰ এই দৃশ্যত
বিস্মিত মই !
২২৷৩৷২০১২
ড'হা, কাটাৰ
No comments:
Post a Comment