Translate

Sunday, July 8, 2012

প্ৰভাতী প্ৰাৰ্থনা


প্ৰতি প্ৰভাত হওক
প্ৰতীক্ষাৰ অন্ত পেলোৱা
দুখৰ ৰাতিৰ  অৱসান ঘটোৱা
এটি সমধুৰ ক্ষণ
প্ৰতি পল হওক
নৱ সৃষ্টিৰ 
নৱ প্ৰাপ্তিৰ সম্ভাৱনাৰে ভৰা ৷

নহওক  পুনৰাবৃত্তি
দুখদায়ী ভ্ৰান্তিবোৰৰ
মন মোৰ
হওক  পৰিচ্ছন্ন 
কিন্তু ব্ৰজকঠোৰ
যেন লক্ষ্যভেদী বাণ !

১৩--২০১২


দিনটোৰ আৰম্ভণিৰ অনুভূতি :

মোৰ ৰোগীসকল আৰু তেওঁলোকৰ আত্মীয়সকল মোৰ বন্ধু৷ পিয়াহত তৃষ্ণাতুৰ যিদৰে কুঁৱাৰ ওচৰলৈ যায় - সেইদৰে এইসকল লোক বিভিন্ন দুখ-বেদনাৰে জৰ্জৰিতহৈ মোৰ ওচৰলৈ আহে৷ ভগবানক অশেষ ধন্যবাদ - মোক তেনে পীড়িতজনৰ কষ্টৰ কিছু হলেও লাঘব কৰাৰ সামৰ্থ্য দিলে৷ তেওঁলোকৰ মুখৰ হাঁহি আৰু মোৰ প্ৰতি ব্যক্ত কৰা আস্থাই মোক দিয়ে এক পৰম সুখানুভূতি৷

--২০১২
Top of Form
Like ·  · Unfollow Post · Share
·         Indranil Gayan, Aftar Hussain Chowdhury, Moyurie Dutta and 5 others like this.
·          
o    
Indranil Gayan ভাল লাগিল আপোনাৰ অনুভৱ.. হয়তো আমাৰ আগৰ বিজ্ঞ লোকসকলে কোৱা কথা এষাৰ মনত পৰিলে.. "জীৱন জুখিবা হাঁহিৰে চকুলোৰে নহয়.. আৰু "বয়স জুখিবা বন্ধুৰে .. চকুলোৰে নহয়"..

No comments:

Post a Comment

Total Pageviews