আমাৰ চুবুৰীয়া অতি মোহনীয় দেশ মালদ্বীপক কলীয়া ডাৱৰে আবৰি ধৰিছে৷
এক ভয়াবহ আভ্যন্তৰীন চক্ৰান্তৰ অশনি সংকেত পৰিলক্ষিত হৈছে ৷ ভাৰত মহাসাগৰত অবস্থিত ১২০০দ্বীপপুঞ্জৰ সমষ্টিৰে সৃষ্টি হৈছে – মালদ্বীপ৷
ইয়াৰে প্ৰায় দুশটা দ্বীপতহে জনবসতি আছে৷মালদ্বীপ ব্ৰিটিছ সাম্ৰাজ্যৰ কবলৰ পৰা মুক্ত হৈছিল ১৯৬৫ চনত৷ তাৰ পিছত ১৯৬৮চনৰ নভেম্বৰলৈকে চলিল কেইজনমান চুলতানৰ শাসন৷ ইয়াৰ পিছত ৰাষ্ট্ৰপতি ইব্ৰাহীম নাচিৰৰ নেতৃত্বত মালদ্বীপে আত্মপ্ৰকাশ কৰে এখন প্ৰজাতন্ত্ৰিক দেশ স্বৰূপে ৷ ১৯৭৮ চনত এক ৰাজনৈতিক কৌশলেৰে দেশৰ শাসন ভাৰ আহে মামুন আব্দুল গায়ুমৰ হাতলৈ৷গায়ুমে ২০০৮ চনলৈ ৰাষ্ট্ৰপতিহৈ থাকিবলৈ সক্ষম হয়৷200৮ চনৰ নভেম্বৰত হোৱা নিৰ্বাচনত শতকৰা ৫৪ ভাগ ভোট লাভ কৰি বিজয়ী হোৱা প্ৰাৰ্থী
মহম্মদ নশ্বীদ ৰাষ্ট্ৰপতি হয়৷
মই কোনো ৰাজনৈতিক পৰ্য্যবেক্ষক বা নিউজ ৰিপৰ্টাৰ নহও৷ কিন্তু দুটা বছৰ মোৰ মালদ্বীপৰ চৰকাৰী চিকিৎসালয়ত কাম কৰাৰ অভিজ্ঞতা আছে৷ তাৰে এটা বছৰ গ্ৰামাঞ্চলত আৰু আনটো বছৰ ৰাজধানী মাল্যেৰ কাষৰ হুলহুমাল্যেত ৷
মাল্যে এয়াৰপৰ্ট এই দ্বীপৰ লগত সংলগ্ন৷
আজিও মোৰ মালদ্বীপৰ চিকিৎসক বন্ধুসকলৰ লগত নেটৰ মাধ্যমত সুসম্পৰ্ক আছে৷
২০০৮ চনৰ নিৰ্বাচনৰ মই আছিলো প্ৰত্যক্ষদৰ্শী৷
এইখিনিতে গায়ুমৰ শাসনকালৰ বিষয়ে কিছু কথা কৈ লোৱা ভাল হব৷
তিনি দশক কাল ৰাজপাট ভোগ কৰা মামুন গায়ুম আছিল ইৰাকী শাসক প্ৰয়াত চাদ্দাম হুছেইনৰ অন্তৰংগ বন্ধু৷প্ৰতি ৫ বছৰৰ মূৰে-মূৰে এখন নিৰ্বাচনৰ নাটক পাতি তেওঁ ৰাষ্ট্ৰপতিৰ পদৰ নবীকৰণ কৰি গৈছিল৷ দেশত কোনো বিৰোধীৰ অস্তিত্ব তেওঁ সহ্য কৰিব নোৱাৰিছিল৷ শক্তিশালী চোৰাংচোৱাৰ নেটৱৰ্কৰ সহায়ত গায়ুমে নিৰ্বাচনৰ বেচ আগেয়ে প্ৰতিপক্ষক আৰু সম্ভাব্য বিৰোধীক কাবু কৰিবলৈ ছল-বল-ধনৰ আশ্ৰয় লৈছিল৷কাৰোবাক কৰিছিল দূৰ্গম দ্বীপলৈ স্থানান্তৰিত, কাৰোবাক উচ্চ প্ৰশিক্ষণৰ বাবে বিদেশলৈ প্ৰেৰণ৷
এটা সময়ত যুৱা শক্তিয়ে গায়ুমৰ চাতুৰি বুজি উঠিছিল৷ মহম্মদ নশ্বীদৰ দৰে মানৱ অধিকাৰ কৰ্মীৰ নেতৃত্বত তলেতলে গায়ুমৰ বিৰুদ্ধে বিদ্ৰোহে ঠন ধৰি উঠিছিল ৷ কেইবাবাৰো ৰাজদ্ৰোহত কাৰাবাস খাটি অৱশেষত দেশান্তৰিত মহম্মদ নশ্বীদে ইংলেণ্ড আৰু শ্ৰীলংকাৰ পৰাই জনতাক জাগৰুক কৰি থাকিল৷ ফলশ্ৰুতিত ২০০৮ৰ নিৰপেক্ষ নিৰ্বাচনত গায়ুমৰ পৰাজয় হ'ল আৰু মহম্মদ নশ্বীদে ১১নভেম্বৰ ২০০৮ তাৰিখে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে৷শাসনভাৰলৈয়ে নশ্বীদে দেশত গণতন্ত্ৰ স্থাপিত হোৱাৰ বাবে সন্তোষ ব্যক্ত কৰিলে৷ প্ৰেছক পূৰ্ণ স্বতন্ত্ৰতা দিলে৷ আগৰ ৰাষ্ট্ৰপতিক কেবল নিৰাপত্তা আৰু সুৰক্ষা দিয়াই নহয়৷ তেওঁ কৰা দূৰ্নীতিসমূহৰো একো তদন্ত কৰিবলৈ নিদিলে৷ফলত গায়ুম এক অদৃশ্য শক্তিহৈ আমোলাসকলৰ মাজত থাকি গ'ল৷ এসময়ত যি দৰে অসম গণ পৰিষদৰ শাসনত ঘটিছিল, তেনেকুৱা পৰিস্থিতিৰে মালদ্বীপো সন্মুখীন হ'ল৷ অনভিজ্ঞতাৰ ফলত নশ্বীদৰ প্ৰতি জনতাৰ মোহভংগ হবলৈ বেচি পৰ নালাগিল৷ মূল্যবৃদ্ধি আৰু দূৰ্নীতিয়ে দেশৰ আভ্যন্তৰত নিৰন্তৰ আঘাট হানিবলৈ ধৰিলে৷
যোৱা কেইবা সপ্তাহো ধৰি জনতাৰ ক্ষোভ উতলি আছিল৷নেদেখা শক্তিয়ে জ্বলা জুইত তলেতলে ঘিউ ঢালিয়ে আছিল৷ন্যায়ালয়ৰ ন্যায়াধীশো গায়ুমৰ আঙুলিৰ ইচাৰাত চলিবলৈ দু:সাহসীহৈ উঠিছিল৷এনেতে নশ্বীদে এটি ভুল কৰিলে৷ ন্যায়াধীশ মহম্মদ আবদুল্লাক গেপ্তাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিলে৷ তেওঁৰ গেপ্তাৰৰ পিছৰ পৰাই পৰিস্থিতিৰ অধিক অবনতি ঘটিল৷ অৱশেষত সেনাৰ অসহযোগ আৰু পুলিচৰ বিদ্ৰোহৰ চাকনৈয়াত সোমাই যোৱা ৭ ফেব্ৰুৱাৰীত নশ্বীদে পদত্যাগ কৰিবলৈ বাধ্য হ'ল৷ লগেলগে উপৰাষ্ট্ৰপতি
মহম্মদ ৱাহিদ হাচান মাণিকে ৰাষ্ট্ৰপতিৰ শপত ললে৷হাচান মাণিকৰ নশ্বীদৰ লগত ৰাহিযোৰা আগৰ পৰাই মিলা নাছিল৷ তেওঁ ইতিমধ্যে ঘোষণা কৰিছে যে নতুন মন্ত্ৰীসভাত বিৰোধীদলকো চামিল কৰিব৷ ব্ৰিটেইনত শিক্ষা লাভ কৰা নশ্বীদৰ প্ৰতি ক্ৰিষ্টিয়ানৰ প্ৰতি উদাৰ আৰু ইজৰাইলৰ প্ৰতি উদাৰ নীতিলোৱা বুলি কঠোৰ মুছলিম পন্থীসকলৰ
ধাৰণা ৷ উল্লেখযোগ্যযে ১১৯৩ চনত সেই সময়ৰ শাসকে এক অধ্যাদেশযোগে একেদিনাই গোটেই দেশখনৰ সকলো নাগৰিকক মুছলিম পাতি থৈ গৈছিল৷ আজি মালদ্বীপৰ জনসংখ্যা তিনিলাখৰ সকলোৱেই চু্ন্নী মুছলমান৷ আমোদজনক কথাযে পুৰুষ আৰু মহিলাৰ সংখ্যা সমান সমান৷ এইটো মাত্ৰ বুৰঞ্জীৰ অধ্যয়নৰ বিষয় যে সম্ৰাট অশোকৰ দিনত শ্ৰীলংকাৰ ওপৰিও মালদ্বীপতো বৌদ্ধধৰ্মহে চলিছিল আৰু তাৰ স্মৃতিচিহ্ন মালদ্বীপত সিঁচৰিত হৈ আছে৷
আজি মালদ্বীপৰ অৰ্থনীতিত ঘাই ভূমিকা লৈছে টুৰিজমে৷ প্ৰতিবছৰে বিশ্বৰ দেড় লাখ ভ্ৰমণকাৰী এইদেশলৈ আহে৷ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকিলে টুৰিজম বেয়াকৈ ক্ষতিগ্ৰস্ত হব৷ তাত কৰ্মৰত ভাৰতীয় লোকসকলো প্ৰত্যক্ষ বা পৰোক্ষভাবে প্ৰভাৱিত হব৷ভাৰতীয় দূতাবাসৰ এক সুত্ৰই জনোৱা মতে দেশখনত মুঠ ২৯ হেজাৰ ভাৰতীয় নাগৰিক আছে আৰু তাৰে ২২ হেজাৰে ৰাজধানীত বসবাস কৰে৷
মালদ্বীপত সুৰাৰ প্ৰচলন সীমিত৷ সুৰাসহ দেশত প্ৰবেশ নিসিদ্ধ৷ অৱশ্যে ৰিচৰ্টসমূহত যিমান ইচ্ছা সিমান পান কৰাত বাধা নাই৷ ৰাজধানী চহৰ মাল্যেত সীমিত ব্যক্তিক মদ্যপানৰ চৰকাৰী লাইচেঞ দিয়া হৈছে৷ ইয়াৰ বাহিৰে কাৰোবাৰ ওচৰত মদ পালে দেশৰ আইনমতে জেল-জৰিমনা দুয়োটাই হব৷বাতৰি ওলাইছে সদ্য পদচ্যুত ৰাষ্ট্ৰপতিৰ বাসভবনৰ এখন ট্ৰাকত এশটা মদৰ বটল উদ্ধাৰ হৈছে৷ কথাটোত ষড়যন্ত্ৰৰ গোন্ধ আছে৷
মালদ্বীপৰ পৰিস্থিতি এতিয়াও
ভিতৰি ভিতৰি অশান্ত৷ ৰাজপথত আন্দোলনকাৰী আৰু পুলিচৰ সৰুসুৰা সংঘৰ্ষ যোৱা দুমাহৰ আগলৈকে চলি আছিল৷ ৰাইজো দুটাপক্ষত বিভক্ত৷এটা গায়ুমৰ পক্ষত - আনটো নশ্বীদৰ সমৰ্থনত৷ নশ্বীদে ৰাষ্ট্ৰসংঘ আৰু ন্যায়পালিকাৰ মাধ্যমেৰে যুঁজিব বুলি ঘোষণা কৰিছে৷ কিয়নো অস্ত্ৰৰ ভাবুকি দেখুৱাই বলপূৰ্বক তেওঁৰ পদত্যাগ পত্ৰত চহী লোৱা হৈছিল৷
মালেশ্বিয়াত স্বাস্থ্য পৰীক্ষা কৰাবলৈ যোৱা আশীৰোৰ্দ্ধৰ গায়ুমে পৰিস্থিতিৰ ওপৰত সুক্ষ্ম দৃষ্টি ৰাখি তাৰ পৰাই সাবধানে বিবৃতি দি আছে৷
ৰাজনৈতিক দিনপঞ্জী :
৭ ফেব্ৰুৱাৰীত সৈন্য বাহিনী আৰু পুলিচৰ বলপূৰ্বক হেঁচাত পৰি ৰাষ্ট্ৰপতি নশ্বীদৰ পদত্যাগ আৰু উপ ৰাষ্ট্ৰপতি ৱাহীদ হাচানৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব ভাৰ গ্ৰহণ৷
১২ ফেব্ৰুৱাৰীত ৭জন নতুন মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভূক্তি৷
১৯ ফেব্ৰুৱাৰীত পূৰ্বৰ শাসক মামুন গায়ুমৰ কন্যা ধুনীয়া গায়ুমক মন্ত্ৰীসভাত বৈদেশিক ৰাজ্যমন্ত্ৰী হিচাবে অন্তৰ্ভূক্ত ৷
৭মাৰ্চত আৰু ৭জন নতুন মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভূক্তি৷মামুন গায়ুমৰ পুত্ৰ গাচান মামুনকো মন্ত্ৰীত্ব৷
প্ৰগেচিভ পাৰ্টি অৱ মালদ্বীপ (পি পি এম) হ'ল মামুন গায়ুমৰ দল৷এতিয়া নবনিযুক্ত অধিক সংখ্যক মন্ত্ৰীয়েই হ'ল পি পি এম দলৰ৷
পদত্যাগী ৰাষ্ট্ৰপতিৰ পাৰ্টি হ'ল মালদ্বীপ ডেমক্ৰেটিক পাৰ্টি (এম ডি পি)৷ এই দলে এতিয়া দেশত সোণকালে নিৰ্বাচনৰ দাবী জনাইছে৷
আন এটা দল জুমহাৰী পাৰ্টি (জে পি) ৰিচৰ্টৰ কেইজনমান মালিকৰ ছত্ৰছায়াত গঢ়লৈ উঠিছে৷এওঁলোকেওঁ নশ্বীদৰ বিৰোধী শিবিৰত আছে৷
শেষতীয়াকৈ ৮মাৰ্চত চৰকাৰহৈ মহম্মদ হুছেইন শ্বৰীফে নশ্বীদক কঠোৰ সাবধান বাণী শুনাই কৈছে যে পূৰ্বৰ ৰাষ্ট্ৰপতি বুলি নশ্বীদৰ আৰু দেশবিৰোধী কাৰ্য্যকলাপ সহ্য কৰা নহব৷মহম্মদ হুছেইন শ্বৰীফ আছিল পি পি এম দলৰ মুখপাত্ৰ৷উল্লেখযোগ্য যে ইতিমধ্যে নশ্বীদৰ ওপৰত কমেও ৫টা অপৰাধিক গোচৰ জাপি দিয়া হৈছে আৰু যি কোনো মুহূৰ্ততে তেওঁক হয়তো গেপ্তাৰ কৰা হব পাৰে৷
নশ্বীদৰ সমৰ্থনত মালদ্বীপৰ দুজন ৰাষ্ট্ৰদূতে (আমেৰিকা আৰু ব্ৰিটেইনত নিযুক্ত) পদত্যাগ কৰিছে৷
নশ্বীদ দেশ শাসনত সফল নহলেও তেওঁৰ ওপৰত দূৰ্নীতিৰ অভিযোগ নাছিল৷ এতিয়া লাহে লাহে স্পষ্ট হব ধৰিছে যে গায়ুমৰ সমৰ্থক আমোলাতন্ত্ৰইয়ে তেওঁক ডুবালে৷
মাৰ্চ মাহৰ শেষলৈকে মালদ্বীপত পুলিচৰ বাধা সত্বেও দৈনিক চৰকাৰ বিৰোধী প্ৰদৰ্শন চলি আছিল৷
অবশেষত ভাৰত চৰকাৰ আৰু কমনৱেল্থৰ প্ৰতিনিধিৰ মধ্যস্থতাত ৰাজনৈতিক অস্হিৰতাৰ সাময়িক বিৰাম ঘটিছে৷ বুজাবুজি হ'ল যে দেশখনত চলিত বছৰৰ ভিতৰতেই নিৰ্বাচন অনুস্থিত হব৷
জুনৰ ২৯ তাৰিখে বাতৰি ওলাইছে যে প্ৰাক্তন ৰাষ্ট্ৰপতি নশ্বীদক অন্ত:ৰাষ্ট্ৰীয় ডা০ জেমচ লাওচন বটাৰ
বাবে নিৰ্বাচিত কৰা হৈছে৷ এই বটা তেওঁৰ দেশখনলৈ অসিংহ,শান্তিপূৰ্ণ আন্দোলনৰ নেতৃত্ব দি মহম্মদ গায়ুমৰ একচ্ছত্ৰী শাসনৰ পতন ঘটাই মালদ্বীপক গণতন্ত্ৰৰ দিশত এখোজ আগুৱাই নিয়াৰ বাবে৷ মালদ্বীপৰ ডেমক্ৰেটিক পাৰ্টিয়ে অহা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে তেওঁকেই প্ৰাৰ্থী ঘোষণা কৰিছে৷ ডা০ জেমচ লাওচন মাৰ্টিন লুথাৰ কিঙৰ ঘনিষ্ঠ সহযোগী আৰু পৰামৰ্শদাতা আছিল৷ যোৱা বছৰ এই বটা ঘাডা শ্বাহবেন্দাৰক দিয়া হৈছিল -যাৰ অহিংস আন্দোলনৰ পৰিণাম স্বৰূপে ইজিপ্তত হোচনি মুবাৰকৰ শাসনৰ পৰিসমাপ্তি ঘটিছিল৷
মালদ্বীপত এতিয়া আগন্তুক নিৰ্বাচনেহে কব এই ক্ষুদ্ৰ দেশত গণতন্ত্ৰৰ কলিটি বিকশিত হবনে আন ভয়ংকৰ ভবিষ্যতৰ দিশে দেশখন ধাবমান হব৷ সময়েহে কব পাৰিব বৰ্তমানৰ ৰাজনৈতিক অস্থিৰতাই দেশখনক কোন দিশলৈ নিয়ে৷ গণতন্ত্ৰৰ চোলা পিন্ধি আকৌ একনায়কত্ববাদী শাসন উভতি নাহেতো ?
Updated
on 7-7-2012
No comments:
Post a Comment