Translate

Sunday, July 8, 2012

মানুহৰ যন্ত্ৰৱত আচৰন


সঁচাসচি মেচিনৰ দৰে কাম কৰা মানুহ কেতিয়াবা দেখিছেনে বাৰু ? 

অসমীয়াত খুউব  শ্ৰম  কৰা মানুহক আনে তুলনা কৰি কয় -  মেচিনৰ দৰে  কাম কৰা বুলি৷
মই কিন্তু আক্ষৰিক অৰ্থত  যন্ত্ৰৰ দৰে কাম কৰা মানুহ দেখা পালোঁ এজনী ফিলিপাইনী নাৰ্চৰ  কাৰ্যকলাপ দেখিলো ঠিক  এটা ফটোষ্টেট  বা কম্পিউটাৰৰ  প্ৰিন্টাৰৰ দৰে৷ এখন কাগজ  ওলাবলৈ ঠিক লওতেই  আনখন কাগজ যিদৰে সোমাই যায়অবিকল একেদৰে এই নাৰ্চজনীৰ  আচৰণ৷ কাম নাথাকিলে মেচিন বহি থকাৰ দৰে কাম নাথাকিলে তাইয়ো তেতিয়া শান্তহৈ থাকে আৰু কাম আৰম্ভ কৰিলে দেখোৱায় যন্ত্ৰৱত আচৰণ - কামৰ মাজত কোনো মানবীয় অনুভূতিয়ে ক্ৰিয়া নকৰে৷ এদিন ৰোগী চাই থাকোতে কেনেবাকৈ টেবুলত থকা পানী গিলাচ  লুটি খাই পৰি টেবুলৰ কাগজ-পত্ৰ  আদি তিয়াই পেলালেনাৰ্চজনীৰ চকুৰ  আগত  ঘটা ঘটনাটোত  তাই নিৰ্বিকাৰহৈ থাকিলকাৰণ তাই সেই  সময়ত  এজন ৰোগীৰ  জোখ-মাখ চাই আছিল৷এইটো এটা উদাহৰন মাত্ৰ৷ 

এতিয়া কথা 'এনে যন্ত্ৰৱত আচৰন  সমৰ্থনযোগ্যনে
আপোনালোকৰ  অনুভৱ আৰু প্ৰতিক্ৰিয়া জানিব বিচাৰিলোঁ

No comments:

Post a Comment

Total Pageviews