Translate

Saturday, July 7, 2012

কাটাৰৰ ডায়েৰী -৩


২৫৷১১৷২০১১ শুকুৰবাৰ








সন্ধিয়া সমুদ্ৰতীৰত ফুৰিব ওলালোঁ - ঠাইডোখৰ 'কৰনিচ' নামেৰে জনাজাত ৷ অতি মোহনীয় সেই ঠাইডোখৰত শ্বেৰাটনকে ধৰি কেইবাখনো ফাইভ ষ্টাৰ হোটেল আছে৷ তাত থকা বেলেগ-বেলেগ ডিজাইনৰ সুউচ্চ আধুনিক বিল্ডিংবিলাকে ডোহাৰ শোভা আৰু মৰ্য্যাদা বঢ়াইছে৷ আৰু আছে তাত কেইবাখনো সুন্দৰ ফুলনিৰ বাগিচা৷ আগতেও কেইবাবাৰো কৰনিচলৈ গৈছো৷ সাগৰৰ পাৰৰ মুকলি বতাহে দেহ-মন শীতল কৰি তোলে৷
মই থকা অল - চাদ নামৰ ঠাইৰ পৰা সাগৰৰ পাৰলৈ দূৰত্ব পাঁচ কিলোমিটাৰ হব৷ আকাশী নীলা বৰণৰ 'কাৰঁৱা' পৰিবহন সংস্থাৰ টেক্সী এখন ৰখালোঁ৷ কিছুমান নিৰ্দিষ্ট পথত কাৰঁৱাৰ চিটিবাচো চলে৷ বাচৰ ভাড়া অলপতে বাঢ়িল- ফলত ই মিতব্যয়ী হৈ থকা নাই৷ কাৰঁৱাৰ টেক্সীচালক সকল ঘাইকৈ ভাৰতৰ অৰ্থাৎ কেৰেলাৰ,বাংলাদেশ,নেপাল,পাকিস্তান,আফগানীস্তান নাইবা আফ্ৰিকা মহাদেশৰ কোনো এখন দেশৰ৷ এওঁলোকে ৮ঘন্টাৰ শ্বিফ্টত দিনটোৱেই সেৱা  আগঢ়বঢ়ায়৷ তথাপিও ডোহাৰ পৰিবহণ ব্যৱস্থাৰ বাবে ইয়াক যথেষ্ট বুলিব নোৱাৰি৷ বৰ্তমান টেক্সীৰ ন্যুনতম ভাড়া দহ
ৰিয়াল৷ প্ৰায়বিলাক টেক্সীচালকেই মিটাৰমতে ছপা ৰচিদ যাত্ৰীক দিয়ে - কিন্ত ইয়াৰ ব্যতিক্ৰমো পাইছোঁ৷ ইয়াত কাৰঁৱাৰ বাহিৰে কিছু সংখ্যক অইন প্ৰাইভেট টেক্সীও আছে৷
          ইয়াৰ মুদ্ৰাক কাটাৰী ৰিয়াল বোলে৷ এক ৰিয়াল ভাৰতীয় ১৪ টকাৰ সমান৷ শুনিবলৈ পোৱা মতে ১৯৭৫ চন মানলৈকে কাটাৰত ভাৰতীয় নোটৰেই প্ৰচলন আছিল৷
সমুদ্ৰতীৰত উপস্থিতহৈ দেখিবলৈ পালোঁ - অনেক মানুহ, এক উৎসৱমুখৰ পৰিবেশ৷ চাহ,কফি,কল্ডড্ৰিংকচ,পপকৰ্ণৰ ঘুমটিত ঠাহখোৱা ভীৰ৷ ফেৰীৱালাই (অধিকাংশই ভাৰতীয়) সৰু লৰা-ছোৱালীৰ ইলেক্ট্ৰনিক খেলা সামগ্ৰী বিক্ৰী কৰি ফুৰিছে৷ বিস্তৃৰ্ণ সেউজ ঘাঁহনিত জুমবান্ধি মানুহে পিকনিক খাইছে, কোনোবা ব্যস্ত খেলা-ধুলাত নাইবা ফটো তোলাত৷ ইমান সমাগম সত্বেও ঘাঁহনিত এখিলা কাগজ, এটা চিগাৰেটৰ টুকুৰা, কল্ডড্ৰিংকচৰ এটা খালি পেকেট পৰি থকা দেখা নাপালোঁ৷ শুকুৰবাৰ আৰু অইন বন্ধৰ দিনত সমুদ্ৰতীৰৰ এটা অংশ মহিলা আৰু পৰিয়ালৰবাবে সংৰক্ষিত থাকে৷
সাগৰত নৌকা ভ্ৰমণৰ সুবিধাও আছে ৷ মটৰচালিত নাওবিলাক ৰঙ বিৰঙৰ পাতাকাৰে সজোৱা ৷ কুৰিজনমানকৈ বহিব পৰা এই নৌকাবিলাকৰ মজিয়াত ইৰাণী কাৰ্পেট পৰা, বহা চিট বিলাক আৰামদায়ক৷ সমুদ্ৰত প্ৰায় এঘন্টা ঘূৰাই দিয়াৰ বাবদ ১৫ ৰিয়াল লয়৷ মই উঠা নৌকাখনৰ পৰিচালক এজন বাংলাদেশী আছিল৷ মই বাংলাভাষাৰে কথাবতৰা হোৱাত মোৰ ভাড়া দহ ৰিয়াল ললে৷প্ৰতেকখন নৌকাতেই হিন্দী চিনেমাৰ গান বাজি আছিল৷
ডোহাৰ চিনেমাহলত মাজে মাজে হিন্দী চিনেমা চলে৷ মইহে এতিয়ালৈকে চোৱাৰ সুবিধা পোৱা নাই৷
কৰনিচৰ পাৰ্কসমূহ বিভিন্ন শুৱনি ফুলেৰে জাতিষ্কাৰ৷ ফুলনিত (খজুৰ,তাল,নিম,কৰবী,জবাফুল আদিৰ ভালে সংখ্যক গছো আছে৷সাগৰৰ তীৰত আৰু ফুলনিত দুঘন্টাৰো অধিক সময় অতিবাহিত কৰি এক সতেজ ফৰকাল মনলৈ
ঘৰমুৱা হলোঁ৷

(  ফেচবুকৰ 'অসমীয়া কথা বতৰা' গোটৰ   ইন্টাৰনেট আলোচনী "সাহিত্য ডট অৰ্গত" ইতিমধ্যে  প্ৰকাশিত ৷ )










No comments:

Post a Comment

Total Pageviews