যিটো পিতৃ মাতৃ জনিলেক দেহ
পুষিলেক অনুদিন
শতেক বৎসৰে যিটো পুত্ৰ তাৰ
সুজিব নাপাৰে ঋণ ৷৷
(দশম০পদ০২১২৬)
( আমাৰ ধৰ্মপুথিত এইদৰে উল্লেখ যে জন্মদাতা পিতৃ-মাতৃৰ ধাৰ শত বছৰ সেৱা কৰিও সুজিব নোৱাৰি৷)
অপ্ৰিয় হলেও এইটো নিৰ্ঘাট সত্য যে সকলো মানুহৰ থকাৰ দৰে লোভ,মোহ পক্ষপাতিত্বমূলক আচৰণ আদি আমাৰ পিতৃ-মাতৃৰো থাকে | তথাপিও আমি জন্মদাতাসকলক অশ্ৰদ্ধা কৰিব নোৱাৰো ৷ তেওঁবিলাকৰ ভুল ত্ৰুতিৰ বাবে আমি কেতিয়াবা মনত বেজাৰো পাওঁ৷ অথচ আমি নিজে কেতিয়াও অকৃতজ্ঞ আৰু অবিবেচক হৈ তেওঁলোকক প্ৰাপ্য সন্মানখিনিৰ পৰা বঞ্চিত কৰাটো সমীচিন নহয় বুলি মই ভাবো৷ তেওঁলোকে লৰালিত আমাক কেবল যতন লোৱাই নহয় সদায় সৎপথত চলিবলৈকে কৈছিল৷
No comments:
Post a Comment