Translate

Tuesday, July 10, 2012

পৰিষ্কাৰ- পৰিচ্ছন্নতা আৰু গ্ৰীষ্ম কালত লব লগা সতৰ্কতাৰ বিষয়ে দুআষাৰ


      চাবোন আজি আমাৰ জীৱনৰ অপৰিহাৰ্য্য দ্ৰব্য৷ ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন৷ খৃষ্টপূৰ্ব  ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা   চাবোন  মানুহৰ  সংগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে৷ তেতিয়া ইয়াক  বনোৱা হৈছিল  জন্তুৰ চৰ্বিক  ছাইৰ সৈতে উতলাই৷ খৃষ্টপূৰ্ব  ২২০০চনত জন্তুৰ চৰ্বিৰ সলনি  কেচিয়া গছৰ  তেলক পানী আৰু খাৰৰ সৈতে মিহলাই  সিজাই    চাবোন বনোৱা পদ্ধতিৰ আৰম্ভ 'ল৷ খৃষ্টপূৰ্ব ৫৫৬-৫৩৯  চনত  বেবিলন  সভ্যতাৰ শেষ সম্ৰাট  নবোনিডাচৰ দিনত  চাইপ্ৰাচ তেলচিচামি তেল  আৰু ছাইৰ দ্বাৰা তৈয়াৰী    চাবোন দাসীবিলাকক  শিলৰ আচবাব  পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিব দিয়া হৈছিল৷
       SOAP শব্দটো লেটিন SAPO পৰা উদ্ভৱ হৈছে৷  খৃষ্টপূৰ্ব  ৩১২ চনৰ  পৰা প্ৰচলিত এটি কাহিনী অনুসৰি ৰোমানসকলে চেপো পৰ্বতত নানা জন্তু উৎসৰ্গা কৰিছিল৷ মুকলি জুইত  জন্তুৰ  মাংস সিজাওঁতে চৰ্বিবিলাক  জুইত পৰি ছাইৰ সৈতে মিহলি হৈছিল৷ বৰষুণৰ পানীৰ সৈতে সেই ছাই  উটি গৈ টিবাৰ নৈৰ  পলসৰ সৈতে মিলি গৈছিল৷ ৰোমান মহিলাসকলে সেই পলস মাটি ব্যৱহাৰ কৰিছিল অনায়াসে শৰীৰ পৰিষ্কাৰ  আৰু উজ্বল  কৰিবলৈ৷
         ইয়াৰ পিছত দিন বাগৰিল  অষ্টম শতিকাত  ইটালি, স্পেইন, ফ্ৰান্স  আৰু জাৰ্মানী   চাবোন নিৰ্মাতা হিচাবে বিখ্যাত হৈ উঠিল৷ ১২শতিকাত  ব্ৰিটেইনত চাবন  নিৰ্মাণ আৰম্ভ 'ল৷ ১৬শতিকাত ইউৰোপ আৰু আমেৰিকাত    চাবোন  প্ৰচলন আৰম্ভ 'ল৷ ১৭৮৯ চনত প্ৰথম  পাৰদৰ্শী (Transparent)   চাবোন লণ্ডনত নিৰ্মাণ 'ল৷ ১৮৭৯ চনত প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে হাতি দাঁতৰ নিচিনা বগা   চাবোন  তৈয়াৰ কৰি ওলিয়ালে৷ ১৮৯৫চনত  ব্ৰিটিছ লিভাৰ  কোম্পানীয়ে “লাইফবয়” নামেৰে   চাবোন বজাৰত মেলি দিলে৷ ইয়াৰ মাজতে ১৮৬৫ চনত  ৱিলিয়াম চেফাৰ্ড  নামৰ এজন  ব্যক্তিয়ে জুলিয়া   চাবোন  ওলিয়াৰ বাবে পেটেন্ট  সত্ব  লাভ কৰে৷ আমাৰ চিনাকীকলগেট”  টুথপেষ্ট   ১৮৭৭ চনত  বজাৰলৈ আহে৷ সেই একে কোম্পানীয়ে ১৮৯৮ চনত  পাম তেল আৰু অলিভ তেলক মিলাই বনোৱাপালমোলিভ”  চাবোন উৎপাদন আৰম্ভ কৰে৷ জাৰ্মানীৰ প্ৰক্টাৰ এণ্ড গেম্বল কোম্পানীয়ে ১৯১৬ চনত "কাচকেড" নামেৰে  চিনথেটিক ডিটাৰজেন্ট  বনাবলৈ লয়৷ ১৯৩০ চনত  আমেৰিকাই  ঘৰুৱা ব্যৱহাৰৰ  উপযোগী ডিটাৰেন্ট    চাবোন বনাবলৈ ধৰে৷
        দ্বিতীয় শতিকাত  বিখ্যাত  গ্ৰীক  চিকিৎসক  গেলনে মানৱ জাতিক   চাবোন উপযোগিতা সম্পৰ্কে অৱগত কৰায়৷ পোনতে মহঙা হোৱা বাবে ইয়াৰ  ব্যৱহাৰ  ধনীবৰ্গৰ মাজতে সীমিত আছিল যদিও  কালক্ৰমত সুলভ মূল্যৰ হৈ পৰাত  বিশ্বৰ সৰ্বত্ৰে সকলো শ্ৰেনীৰ লোকৰ জীৱনৰ এৰাব নোৱৰা সাৰথি হৈ পৰিল৷
   ৰাসায়ন শাস্ত্ৰৰ মতে   চাবোন '  এবিধ ফেটি এচিডৰ চল্ট৷ বনস্পতি বা জন্তুৰ  চৰ্বিৰ  তেল  ' এবিধ  ট্ৰাইগ্লিচাৰাইড৩বিধ ফেটি এচিড আৰু এটা গ্লিচাৰলৰ  মিশ্ৰণ)৷ ইয়াক যেতিয়া খাৰুৱা (এলকেলি) পদাৰ্থৰে ক্ৰিয়া কৰোৱা হয় (Saponification বোলে)- ফেটি এচিডে এলকেলিৰ লগ লাগি   চাবোন সৃষ্টি কৰে৷ বাইপ্ৰডাক্ট হিচাবে ওলায় গ্লিচাৰিন৷   চাবোন  জীৱানুসমূহ বা আন মলিয়ন তত্বসমূহ  লাগি আমাৰ  শৰীৰৰ পৰা আতৰ হয়  এই ক্ৰিয়াক Surfactant action বোলে৷
        হাত দুখন পৰিষ্কাৰ কৰি ৰাখিলে মানুহে বহুতবোৰ ৰোগৰ পৰা বাচিব পাৰে৷ ২০০৯ চনত  বিশ্ব স্বাস্থ্য সংস্থাই  এই ধাৰণাটো সৰ্বসাধাৰনৰ মাজলৈ নিয়াৰ সিদ্ধান্ত লয় ৷ সেই মৰ্মে ২০১২ চনৰ ৫ মে তাৰিখে তৃতীয়  বিশ্ব হস্ত পৰিচ্ছন্নতা দিবস (World Hands Hygiene Day)পালন কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষিত নীতিটো হ'ল- "হাত দুখন পৰিষ্কাৰ কৰি জীৱনক সুৰক্ষা দিয়ক"৷  হাত দুখন পৰিষ্কাৰ কৰি ৰাখি আমি কি দৰে নানান সংক্ৰমণ আৰু ৰোগৰ পৰা নিজকে বচাব পাৰো সেই বিষয়ে দুআষাৰ  তলত চৰ্চা কৰিম৷
  পোনতেই জানক হাত কেতিয়া ধুব লাগে বাথৰুমত শৌচ-প্ৰসাব কৰাৰ পিছত  হাত পৰিষ্কাৰ কৰাৰ কথাটো নকলেও হব৷ খাবলৈ লোৱাৰ আগতেও বহুতে হাত পৰিষ্কাৰ কৰি ধুই লয়৷  কিন্তু প্ৰায় বিলাক লোকেই  আমি লক্ষ্মী জ্ঞান কৰা মুদ্ৰা বা কাগজৰ টকা চোৱাৰ পাচত হাত নুধুওঁ৷ সেই মুদ্ৰা আৰু নোটত ইতিমধ্যে  বহুজনৰ স্পৰ্শ পৰিছে - গতিকে তাত বীজানু লাগি থকাৰ পূ্ৰ্ণ  সম্ভাৱনা থাকে৷ কাৰোবাৰ সৈতে  কৰমৰ্দন কৰাৰ পিছতো হাত ধুব লাগে - কাৰণ আপুনি নাজানে আপোনাৰ সৈতে  হাত মিলোৱা লোকজনৰ  হাতখন কিমান পৰিষ্কাৰ৷ বাচত, ৰিক্সাত, ৰেলত ভ্ৰমণ কৰাৰ পিছতচিনেমা বা থিয়েটাৰ হলৰ পৰা ওলোৱাৰ পিছত  হাত ধুৱাটো অত্যন্ত আৱশ্যক৷  কিয়নো  আমি  নজনা-নেদেখাকৈ অনেক বীজানুৰ মাজত  পৰিভ্ৰমণ কৰি আহিলোঁ৷  আমাৰ  হাতখনে  আমাৰ অজানিতে চকু-মুখ  স্পৰ্ষ  কৰি ৰোগৰ বীজানুক  শৰীৰত  সুমুৱাই দিব পাৰে৷ বিশেষকৈ চকুৰ অসুখ  কনজাংকটিভাইটিচ এইদৰেই সোঁচৰে৷ ৰন্ধন শালত যি কোনো কাম  আৰম্ভ কৰাৰ আগত হাত দুখন পৰিষ্কাৰ  কৰি লোৱাটো গোটেই পৰিয়ালৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অতি আৱশ্যক৷ ঘৰৰ পোহনীয়া জীৱ-জন্তুক আদৰ বা স্পৰ্শ   কৰাৰ পিছতবাৰীৰ কাম কৰি অহাৰ পিছত,কেঁচুৱাৰ  পানী-কাপোৰ বা ডাইপাৰ সলনি কৰাৰ পিছত, আনকি লাইটৰ  চুইচ স্পৰ্শ  কৰিলেও হাত দুখন  সুৰক্ষাৰ খাতিৰত ধুব লাগে৷ ৰ'-বতাহ নোসুমুৱা ঘৰৰ বন্ধ কোঠাত বা যি কোনো প্ৰেক্ষাগৃহৰ  বায়ুৰ  কণিকাত  বেক্টেৰিয়া আৰু ভাইৰাচ  ভাঁহি থাকে৷ ৰোগাক্ৰান্ত ব্যক্তিয়ে হাঁহিলেকাঁহিলে,হাঁচিয়ালেজোৰেৰে কথা কলে,থুই -খেকাৰ পেলালে নানান ৰোগৰ কীটানু কোঠালিৰ বায়ুত সিঁচৰিত হৈ থাকে৷ এনেদৰে ৰোগ বিয়পাৰ পদ্ধতিক Droplet Infection বোলে৷ গতিকে  তেনে সংক্ৰমন কঢ়িয়াই আনিব পৰা   ঠাইৰ পৰা আহিলে আমি গা ধুই পৰিষ্কাৰ  হোৱাটো ভাল৷ এইবিলাক  অতি সহজে মানিব পৰা স্বাস্থ্যৰ  সুৰক্ষাৰ  কিটিপ৷ গা ধুওঁতে আমি আমাৰ শৰীৰৰ ছালখন নাইলন  কাপোৰৰ  ব্ৰাছেৰে নাইবা ভোলৰ বাকলিৰে খচি খচি পৰিষ্কাৰ কৰি ধুব লাগে৷ ভৰিৰ গোৰোহা , কিলাকুটি আদি ঠাইৰ ডাঠ ছাল মিহি শিলেৰে চাফা কৰিব লাগে৷ এনে  কৰিলে শৰীৰৰ ছালৰ ছিদ্ৰসমূহ  মুক্ত হৈ থাকে৷ ইয়াৰ অন্যথাই  "ফলিকুলাইটিছ"ৰোগ উৎপন্ন হয়৷ নাপাহৰিব -দীঘল অপৰিষ্কাৰ নখেও বীজানুক আশ্ৰয় দি থাকে৷
   আমি বাস কৰা জগতখনত বেক্টেৰিয়া,ভাইৰাচ আৰু পেৰাচাইতএই তিনি বিধ শত্ৰুৱে  আমাক  অহৰ্নিশ  ঘেৰি ৰাখিছে৷ এই শত্ৰুসেনাই অপেক্ষা কৰি থাকে এটি সুযোগৰ৷ অসাবধানতাবশতআমি নিজৰ ভুলেৰে সেই তিনি বিধ শত্ৰুক  আমাৰ দেহত প্ৰবেশ কৰাৰ সুবিধা কৰি দিওঁ৷
      ডায়েৰিয়া,বমি -ওকালি, গেষ্ট্ৰএন্টাৰাইটিচভাইৰেল জণ্ডিচটাইফয়েডফুড পয়জনিং, প্ৰসাবত হোৱা -কলাইৰ  ইনফেকচন আদি ব্যাধিৰ সংক্ৰমনৰ এক  গুৰুত্বপূৰ্ণ কাৰণ '  অপৰিষ্কাৰ হাত৷ হাত আৰু দেহৰ  পৰিষ্কাৰ পৰিচ্ছন্নতাৰ  অভাৱত উফি-ওকনি,  ৰিংৱৰ্মস্কেবিজ, এলাৰ্জি, খৰ-খহু, নানা বিধ খজুৱতি, পেলু-কৃমিজনিত  আৰু বিভিন্ন চৰ্মৰোগে শৰীৰত  বাঁহ লয়৷
   এতিয়া আহোঁ  গ্ৰীষ্মকালত লবলগীয়া কেইটিমান স্বাস্থ্যৰ  সুৰক্ষাৰ  কথালৈ ৷গৰমৰ দিনত কমেও  দুবাৰ  পৰিষ্কাৰকৈ চাবনেৰে ঘঁহি-পিহি গা ধুব লাগে৷ পাতল ৰঙৰ  আৰু কম গধুৰ  বস্ত্ৰ  পিন্ধিব লাগে৷ যাৰ ভৰিৰ মোজা গোন্ধায়তেওঁলোকে দৈনিক মোজা সলনি কৰিব লাগে৷ জোতাযোৰ পৰিষ্কাৰ কৰি  এঘন্টামান 'দত দিব লাগে৷ মোজাত আৰু জোতাৰ ভিতৰত " ফুট পাউদাৰ" চতিয়াই লব৷

     গ্ৰীষ্মকালত ঘামচি, মিজলচ আৰু চিকেন পক্সৰ   সৈতে  সততে মুখামুখি হোৱা যায়৷ ঘামচি '  অতিমাত্ৰা গৰম  আৰু আদ্ৰ বতৰ (Humid weather) ফলত হোৱা ছালৰ প্ৰতিক্ৰিয়া৷  ধাৰণা কৰা মতে ছালত সাধাৰণতে থকা বেক্টেৰিয়াই   ঘাম ওলোৱা পথ বন্ধ কৰি দিয়াৰ ফলত  ঘামচিৰ  উৎপত্তি হয়৷ যেতিয়া নোম ছিদ্ৰত  ইয়াতকৈ জটিল সংক্ৰমন হয় তেতিয়া ফলিকুলাইটিচ” ৰোগ হয়৷ সৰু লৰা ছোৱালীৰ   ঘাম গ্ৰন্থি বিলাক কম বিকশিত হোৱা হেতুকে ডাঙৰৰ তুলনাত কম বয়সীয়া লোকৰ বেচি ঘামচি হোৱা দেখা যায়৷ তিনি চাৰিদিনত নিজে নিজে ঘামচিৰ উপশম হয়  কিন্তু কেতিয়াবা অতিমাত্ৰা খজুৱতি হলে এন্টি এলাৰ্জিক  ঔষধৰ (Loratidine বা Cetrizine) প্ৰয়োজন হয়৷ একেদৰে সাধাৰণতে ছালত একো লগাবৰ প্ৰয়োজন নহয়যদিও কেতিয়াবা সৰু লৰা-ছোৱালীৰ কষ্ট লাঘব কৰিবলৈ কেলামিন বা হাইড্ৰকৰ্টিচন  ক্ৰিম  লগাবলৈ পৰামৰ্শ  দিবলগীয়া হয়৷ অন্যথাই ঘামচিত তেল  বা আন প্ৰসাধন লোচন লগোৱাটো অপকাৰী৷ গা ধুওতে কোমল চাবন ( যেনে ') প্ৰয়োগ কৰিব  আৰু কোমল টাৱেলেৰে গা শুকুৱাব৷ দিনে ২৷৩বাৰ  শীতল পানীৰে গা ধুব৷ সম্ভৱপৰ হলে এচিত থাকিব নহলে অন্তত: গৰম আৰু বেচি আদ্ৰ পৰিবেশৰ পৰা আতৰি শীতল ঠাইত আশ্ৰয় লব৷ Hexachlorophene নামৰ এন্টিচেপ্তিক  দ্ৰব্যৰ  প্ৰয়োগৰে ঘামচি নিৰ্মূল  কৰাৰ  প্ৰচেষ্টা বৰ্তমান চলি আছে৷
  লৰালিকালত  মিজলচৰ ছিতা দিয়াৰ ফলত  আজিকালি এইবিধ ভাইৰাচজনিত  ৰোগ  কমকৈ হোৱা পৰিলক্ষিত হয়৷ ছালৰ লক্ষনসমূহৰ ওপৰিও কাঁহ,চৰ্দি,কনজাংকটিভাইটিচ,কপলিক্ স্পটৰ সহায়ত  মিজলচ ৰোগীক অনায়াসে চিনাক্ত কৰা হয়৷ চিকেনপস্ক  হয়  ভেৰিচেলা জষ্টাৰ  ভাইৰাচৰ  সংক্ৰমনৰ ফলত৷ এই দুয়োবিধেই  ' সংক্ৰামক ৰোগ৷ ৰোগীক পৰিয়ালৰ  আন সদস্যৰ পৰা নিলগাই পৰিচৰ্য্যা কৰিব লাগে৷ গা ধুবলৈ নিম পাত উতলোৱা পানী ব্যৱহাৰ কৰিলে ভাল৷ ছালত কেলামিন লোচন লগাব আৰু চিকিৎসকৰ পৰামৰ্শমতে এন্টি ভাইৰেল দৰব(Acyclovir)খাব৷ চিকন পস্কৰ ভেকচিন লোৱা সকলে দুটা বেজী ললে ইয়াৰ পৰা আজীৱন সুৰক্ষা পায়৷ বেজী দুটাৰ মাজত সাধাৰণতে -১০সপ্তাহ ব্যৱধান থকা ভাল৷

         গৰমত  'দত কাম কৰা লোকসকলৰ  মাংশপেশীৰ সংকোচন (Muscle Cramp), গৰমৰ ফলত  অৱস হোৱা ( Heat Exhaustation) নাইবা অতি বিপদজনক  হিট ষ্ট্ৰোক (Heat Stroke)  হব পাৰে৷ ইয়াৰ পৰা বাচিবলৈ হলে আমি নিযমীয়াকৈ ২৪ ঘন্টাত খাবলগীয়া দুই লিটাৰ পানীৰ পৰিবৰ্তে কমেও দুগুণ পানী খাব লাগিব৷ প্ৰতি আধা ঘন্টাৰ মূৰে মূৰে পানী খাওক আৰু কামৰ মাজে-মাজে কিছু জিৰণী লৈ শৰীৰটোক বতৰৰ লগত খাপ খুৱাই কামত অগ্ৰসৰ হওঁক৷ ইলেকট্ৰেল (ORS) পাউদাৰ পানীত মিহলাই খাওক৷ ডাবৰ পানীনেমু বা মৌচুম্বীৰ  চৰবত  খাওক৷ বতৰৰ ফল আৰু ফলৰ ৰস প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক৷ তৰমুজ, লিচু,পনিয়ল, জামুক,মধুৰী, লেতেকুআম,কল,ডালিম,আপেল আদি ৰসাল ফল  বেচিকৈ বাচি লওঁক৷ এইবিলাকত পাব  শৰীৰৰ বাবে লাগতিয়াল  ভিটামিন, খনিজতত্ব, সুৰক্ষাদায়ী এন্টিঅস্কিডেন্ট  আদি৷ গ্ৰীষ্ম কালত খাদ্যৰ ক্ষেত্ৰত  পৰাপক্ষত নিৰামিষ ভোজন কৰা ভাল৷ আমিষ খাদ্য গুৰুপাকী বাবে হজম হবলৈ অধিক সময় লাগে আৰু এনে খাদ্যই  শৰীৰত অতিৰিক্ত  উত্তাপ উৎপন্ন কৰে৷ নানাবিধ শাক  আৰু পাচলিৰ ওপৰিও  দৈ ভোজনৰ সৈতে অৱশ্য লওঁক৷ পৰাপক্ষত বাহি খাদ্য নাখাব আৰু অতি ভোজনো নকৰিব৷
      সকলোৰে জনা কথাকেই  সোৱঁৰাই  আজিৰ  স্বাস্থ্য কথাৰ ইমানতে মুখনি মাৰিলোঁ৷


              ডা০ ভূপেন  শইকীয়া                                                            তাৰিখ  ১০--২০১২
                                                                                                      'হাকাটাৰ : 0974-33738722
        drbksaikia@gmail.com

No comments:

Post a Comment

Total Pageviews