Translate

Tuesday, July 10, 2012

দুটি সাধু কথা


  কৰ্মই ধৰ্ম : 

    প্ৰাচীন কালৰ কথা৷এজন গাড়োৱানে তেওঁৰ গৰু গাড়ীখন গাওঁ আৰু চহৰৰ মাজত চলাচল কৰিছিল৷মনত তেওঁৰ এটা দুখ আছিল৷ কামত ব্যস্ত থকা কাৰণে ভগবানৰ পূজা অৰ্চনা কৰিবলৈ সময় ওলিয়াব নোৱাৰিছিল৷
   এদিন চেগ বুজি এজন জ্ঞানী মহাত্মাক তেওঁ মনৰ ভাৱ ব্যক্ত কৰিলে৷মহাত্মাই গাড়োৱানক সুধিলেতুমি চহৰলৈ অহা যোৱা কৰোতে বাটত দৰিদ্ৰ আৰু পংগুলোকক বিনামূলীয়াকৈ তোমাৰ গাড়ীত উঠাই নিয়ানে ? 
যদি ইয়াৰ উত্তৰ "হয়" - তেনেহলে তুমি কৰ্মৰ মাজেদিয়ে ধৰ্ম আৰ্জি আছা৷ জপ,তপ,ব্ৰত,উপবাসতীৰ্থভ্ৰমণ - এই সকলোতকৈ শ্ৰেষ্ঠ ' নিজৰ কৰ্মৰ যোগেদি কৰা পৰোপকাৰ৷ কথা শুনি গাড়োৱানৰ মনৰ অশান্তি দূৰ 'ল৷


পাপৰ প্ৰায়চিত্ত :

এজন ৰজাই এটা হৰিণা বধ কৰিলে৷
হৰিণাৰ মৰণৰ সময়ৰ বিলাপ শুনি এজন ধ্যানৰতা মুনিয়ে ৰজাক শাও দিলেতোমাৰ উচ্চতা ২১ফুট হওক
যাতে জীৱ -জন্তুৱে দূৰৈৰ পৰাই তোমাক দেখি পলাব পাৰে৷
২১ফুটীয়া ৰজাৰ জীৱন নিৰ্বাহ কঠিন হৈ পৰিল৷
ৰজাই মুনিৰ চৰণত পৰি ইয়াৰ পৰিত্ৰাণ বিচাৰিলে৷মুনিয়ে  কলেউপায়  আছে৷ এই ঘোৰ হাবিৰ মাজত এজনী পাগলী তিৰোতা আছে ৷ তাইৰ মুখৰ পৰা যিমানটা 'নহয়ওলিয়াব পাৰা, ওলিয়াই লোৱা৷ প্ৰত্যেকটো নহয়ৰ বাবে তোমাৰ উচ্চতা তিনি ফুট কমিব৷ 
পাগলীক ৰজাই  সুধিলে - তোমাক ফাঁচি দি দিওঁ ? পাগলীয়ে উত্তৰ দিলে -দিয়া৷ ৰজাই  এইবাৰ সুধিলে - তোমাক হাবিৰ বাহিৰ কৰি দিওঁ ? পাগলীয়ে এইবাৰো উত্তৰ দিলে -দিয়া ৷ বিমোৰত পৰি ৰজাই কলেতুমি পাগলী৷ পাগলীয়ে উত্তৰ দিলেনহয়৷ লগে লগে ৰজাৰ উচ্চতা ৩ফুট কমি 'ল৷ ৰজাই আকৌ কলেতুমি পাগলী৷ পাগলীৰ উত্তৰ শুনাৰ লগে লগে ৰজাৰ উচ্চতা পুনৰ ৩ফুট কমি 'ল৷ ৰজাই আকৌ কলেতুমি পাগলী৷ এইবাৰ পাগলীয়ে চিঞৰি উঠিলনহয়,নহয়,নহয় .….৷

তিনিফুটীয়া ৰজাই ভয়ভীতহৈ তাৰ পৰা প্ৰস্থান কৰিলে 

সাৰাংশপ্ৰায়শ্চিত্ত  কৰিলেও কিছুমান ভুলৰ বাবে মানুহে চিৰজীৱন অনুতপ্ত হবলগীয়া হব পাৰে 




No comments:

Post a Comment

Total Pageviews