Translate

Tuesday, July 10, 2012

দুটি সাধু কথা


  কৰ্মই ধৰ্ম : 

    প্ৰাচীন কালৰ কথা৷এজন গাড়োৱানে তেওঁৰ গৰু গাড়ীখন গাওঁ আৰু চহৰৰ মাজত চলাচল কৰিছিল৷মনত তেওঁৰ এটা দুখ আছিল৷ কামত ব্যস্ত থকা কাৰণে ভগবানৰ পূজা অৰ্চনা কৰিবলৈ সময় ওলিয়াব নোৱাৰিছিল৷
   এদিন চেগ বুজি এজন জ্ঞানী মহাত্মাক তেওঁ মনৰ ভাৱ ব্যক্ত কৰিলে৷মহাত্মাই গাড়োৱানক সুধিলে - তুমি চহৰলৈ অহা যোৱা কৰোতে বাটত দৰিদ্ৰ আৰু পংগুলোকক বিনামূলীয়াকৈ তোমাৰ গাড়ীত উঠাই নিয়ানে ? 
যদি ইয়াৰ উত্তৰ "হয়" - তেনেহলে তুমি কৰ্মৰ মাজেদিয়ে ধৰ্ম আৰ্জি আছা৷ জপ,তপ,ব্ৰত,উপবাস, তীৰ্থভ্ৰমণ - এই সকলোতকৈ শ্ৰেষ্ঠ হ'ল নিজৰ কৰ্মৰ যোগেদি কৰা পৰোপকাৰ৷ কথা শুনি গাড়োৱানৰ মনৰ অশান্তি দূৰ হ'ল৷


পাপৰ প্ৰায়চিত্ত :

এজন ৰজাই এটা হৰিণা বধ কৰিলে৷
হৰিণাৰ মৰণৰ সময়ৰ বিলাপ শুনি এজন ধ্যানৰতা মুনিয়ে ৰজাক শাও দিলে - তোমাৰ উচ্চতা ২১ফুট হওক, 
যাতে জীৱ -জন্তুৱে দূৰৈৰ পৰাই তোমাক দেখি পলাব পাৰে৷
২১ফুটীয়া ৰজাৰ জীৱন নিৰ্বাহ কঠিন হৈ পৰিল৷
ৰজাই মুনিৰ চৰণত পৰি ইয়াৰ পৰিত্ৰাণ বিচাৰিলে৷মুনিয়ে  কলে -  উপায়  আছে৷ এই ঘোৰ হাবিৰ মাজত এজনী পাগলী তিৰোতা আছে ৷ তাইৰ মুখৰ পৰা যিমানটা 'নহয়' ওলিয়াব পাৰা, ওলিয়াই লোৱা৷ প্ৰত্যেকটো নহয়ৰ বাবে তোমাৰ উচ্চতা তিনি ফুট কমিব৷ 
পাগলীক ৰজাই  সুধিলে - তোমাক ফাঁচি দি দিওঁ ? পাগলীয়ে উত্তৰ দিলে -দিয়া৷ ৰজাই  এইবাৰ সুধিলে - তোমাক হাবিৰ বাহিৰ কৰি দিওঁ ? পাগলীয়ে এইবাৰো উত্তৰ দিলে -দিয়া ৷ বিমোৰত পৰি ৰজাই কলে - তুমি পাগলী৷ পাগলীয়ে উত্তৰ দিলে - নহয়৷ লগে লগে ৰজাৰ উচ্চতা ৩ফুট কমি গ'ল৷ ৰজাই আকৌ কলে - তুমি পাগলী৷ পাগলীৰ উত্তৰ শুনাৰ লগে লগে ৰজাৰ উচ্চতা পুনৰ ৩ফুট কমি গ'ল৷ ৰজাই আকৌ কলে - তুমি পাগলী৷ এইবাৰ পাগলীয়ে চিঞৰি উঠিল - নহয়,নহয়,নহয় .….৷

তিনিফুটীয়া ৰজাই ভয়ভীতহৈ তাৰ পৰা প্ৰস্থান কৰিলে ৷

সাৰাংশ - প্ৰায়শ্চিত্ত  কৰিলেও কিছুমান ভুলৰ বাবে মানুহে চিৰজীৱন অনুতপ্ত হবলগীয়া হব পাৰে ৷




No comments:

Post a Comment

Total Pageviews