৮ ডিচেম্বৰ,২০১১চন ৷
আকৌ এটা বৃহস্পতিবাৰ আহিল৷ এটা সপ্তাহান্ত – ‘ৱিকেণ্ড’৷ বন্ধৰ দিনত নানানটা কাম থাকে – অইন দিনত কৰিবলৈ সময়-সুবিধা নোহোৱা৷ শুকুৰবাৰে জিৰণীও লব লাগিব আৰু বন্ধটোও তাৰ মাজতেই উপভোগ কৰিব লাগিব৷ যোৱা শুকুৰবাৰে বৰ্তমান ডুবাইত কৰ্মৰত বিশ্বজিৎ ডেকাই মোক লগ পাবলৈ আহিছিল৷ বিশ্বজিৎ হিমাচল প্ৰদেশৰ হামিৰপুৰৰ এন আই টিৰ পৰা টেলি-কমিনিউকেশ্বন আৰু ইলেক্ট্ৰনিক্চৰ স্নাতক৷ যোৱা দহ বছৰে ন’কিয়া-চিমেন্স নেটৱৰ্ক কোম্পানীৰ চাকৰিয়াল৷ চাকৰি সূত্ৰে ইতিমধ্যে বিশ্বৰ এিছখনৰো অধিক দেশ ভ্ৰমণ কৰিলে৷ মোৰ বিশ্বজিতলৈ ঈৰ্ষাই উপজিছে ৷ বিশ্বজিতৰ ফেচবুকত ফটোবিলাক চালোঁ৷ তেওঁক অসমীয়াত ভ্ৰমণৰ অভিজ্ঞতাসমূহ লিখিবলৈ পৰামৰ্শ দিলোঁ৷ দিনটোৰ এবেলা বিশ্বজিতৰ সংগত ভালদৰে কাটি গ’ল৷ তেওঁ জনালে বাহৰেইনত প্ৰায় ৫০টা অসমীয়া পৰিয়াল আছে৷
উৎসৱ-পৰবৰ ওপৰিও মাহে-দুমাহে তেওঁবিলাকে লগভাত খাই থাকে৷
কুৰি বছৰৰ অধিক কাল তাত কাম কৰি থকা এজন অসমীয়া আৰ্কিটেক্ট হ’ল এইবিলাকৰ গুৰি ধৰোতা৷ বিশ্বজিতক মোৰ ঠিকনাটো ডুবাইত থকা ‘অসম সমাজে’ দিয়াৰবাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ৷
কিছুদিনৰ আগতে এখন বিয়াৰ অভ্যৰ্থনাত গৈছিলোঁ৷ আমণ্ত্ৰিতৰ সংখ্যা প্ৰায় দুকুৰি হব৷
কইনা এগৰাকী নাৰ্ছ আৰু দৰা এখন বুকষ্টলৰ কেশ্বিয়াৰ৷ দুয়ো ফিলিপাইনী৷
দুঘন্টাৰ আগতে বিবাহৰ আনুষ্ঠানিক কাৰ্য্যখিনি দৰা কইনাই ফিলিপাইনী দূতাবাসত সম্পন্ন কৰি আহিছে৷ বিবাহত ভাগ লোৱা সকলোৱে বগা আৰু কলা ৰঙৰ পোচাক পিন্ধি গৈছিল৷
অভ্যৰ্থনাৰ স্থান আছিল- এখন ফিলিপাইনী ৰেষ্টোৰা৷ তাত মৃদু স্বৰত তেওঁলোকৰ দেশৰ লোকসংগীত বাজি আছিল৷ অতিথিসকলক ঘাইকৈ তেওঁলোকৰ পৰম্পৰাগত খাদ্যৰে আপ্যায়িত কৰা হৈছিল৷
ফিলিপাইনীকলৰ বিষয়ে যোৱা সংখ্যাত দুআষাৰমান লিখিছিলোঁ ৷ তাৰ লগত সামান্য যোগ দিঁওঁ ৷ লক্ষ্যনীয় কথা এওঁবিলাকে বিদেশত কাম কৰিব আহিয়েই খুব সোণকালেই জীৱনসংগী বিচাৰি যোৰা পাতি লয় ৷একেবাৰে প্ৰেক্টিকেল কথা৷ আন দুগৰাকী মহিলাক দেখিছোঁ নিজৰ চাৰিমহীয়া সন্তান দেশত পৰিয়াৰ অইন সদস্যৰ হাতত গটাই থৈ আহি ইয়াত চাকৰি কৰি আছেহি - হয়তো দেড় বা দুবছৰৰ মূৰত আকৌ কিছুদিনৰ বাবে নিজ সন্তানক আদৰ দিব পাৰিব৷ এয়াই হ'ল জীৱনৰ সত্য৷
যোৱা পষেকটোত দুদিন কিনকিনিয়া বৰষুণ হ’ল৷ বৰষুণত ঘৰদুৱাৰ , বাট-পথ ভিজিল আৰু কিছু পৰিমানে শীতৰ আগমন হ’ল৷ বৰ্তমান ড’হাৰ তাপমান ৭ আৰু ২২ ডিগ্ৰী চেলচিয়াচৰ মাজত চলি আছে৷ এনে অৱস্থা বোধকৰো জানুৱাৰীৰ শেষলৈ চলিব৷ বৰষুণ পাই গছ-গছনিবোৰ সতেজ হৈ উঠিল৷এটা কথা উপলব্দ্ধি কৰিছো নিজৰ ঠাইত, মানে অসমত অলাগতিয়াল বা তেনেই সাধাৰণ যেন লগা গছলতাও ইয়াত মোহনীয় হৈ চকুত ধৰা দিয়ে৷মোৰ থকা ফ্লেটৰ ওচৰ গছ আৰু ঘৰৰপৰা শালিকী, ঘনচিৰিকা আৰু পাৰ চৰাইয়ে মোৰ বাৰাণ্ডাত মই চতিয়াই দিয়া চাউল খাবলৈ আহে৷ সেই প্ৰাণীকেইটাৰ সংগ মই নিৰলে আৰু সংগোপনে উপভোগ কৰো৷ সাগৰৰ পাৰত উৰণীয়া আন আন চৰাই নেদেখা নহয়৷কাউৰী অবশ্যে চকুত পৰা নাই৷ অলপতে বুকষ্টলত এজন বিদেশী ভ্ৰমণকাৰীয়ে লিখা “বাৰ্ডচ অৱ কাটাৰ” নামৰ ৰঙীন কিতাপ এখনৰ পাত লুটিয়াই চাইছিলোঁ৷
পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ডায়েৰী ইমানতে সামৰিলোঁ ৷
No comments:
Post a Comment