প্ৰতি মনোহৰ দত্ত
নলবাৰী,অসম
বন্ধুবৰ~
আপোনালৈ আৰু চিঠি গোটৰ সকলো পাঠকলৈ প্ৰথমে মোৰ আন্তৰিক
শুভেচ্ছা জনালো৷ আজি মাতৃ দিবস
দেশ-দেশান্তৰত পালিত হব৷
সেই পবিত্ৰ মাতৃ দিবসত মোৰ জননীক স্মৰণ কৰিবলৈ লৈ মোৰ দুচকু পানীৰে ভৰি পৰিছে৷ আজিৰ পৰা সাত বছৰ আগতে মাতৃ দেবীয়ে আমাক এৰি নেদেখা জগতলৈ গুছি গৈছিল৷ পৰম শ্ৰদ্ধাৰ দেউতাৰো যোৱা মাহত প্ৰয়াণ ঘটিল৷ আজি মাৰ আবদাৰখিনিলৈ বৰকৈ মনত পৰিছে৷ প্ৰাপ্তবয়স্কৰ শিক্ষাৰ বাবে প্ৰচাৰিত 'জনশিক্ষা'ৰ সাধু বানান কৰাই পঢ়াই অসমীয়া পঢ়িবলৈ -লিখিবলৈ মায়ে মোক শিকালে৷ তদুপৰি মা আছিল সাধুকথাৰ ভঁৰাল৷ কালুগাওঁৰ ঘৰৰ জুহালত বহি টোপনিয়াই টোপনিয়াই সাধু শুনি শুনি মাৰ হাতেৰে খোৱা ভাত আছিল অমৃত সমান৷
মায়ে আমাক নামঘৰত নিয়মিয়াকৈ প্ৰাৰ্থণা গাবলৈ শিকাইছিল৷ এটা কথা মই ডাঙৰ হোৱাৰ পিছত বহুত পলমকৈ গম পাইছিলো - মায়ে সদায় নামঘৰত চাকি জ্বলাই লৈ পোন প্ৰথমে মোৰ ভালৰ কাৰণে ভগবানক প্ৰাৰ্থণা জনাইছিল৷ মা আছিল বহুমুখী প্ৰতিভাৰ গৰাকী৷ কেবল নামেৰেই নহয়, এগৰাকী প্ৰকৃত শিক্ষয়ত্ৰীৰ থাকিবলগীয়া থাকিবলগীয়া সকলো গুণৰ অধিকাৰী আছিল মা৷ মায়ে তাতৰ শালত ফুলাম গামোছা আৰু চাদৰ বৈছিল৷ এম্ব্ৰডায়েৰী কৰিছিল৷ পথাৰত ধান ৰোৱা-দোৱা কৰিছিল৷ ঢেকীৰে চিৰা- সান্দহ খুন্দিছিল৷ প্ৰত্যেক বিহুত নানা ধৰণৰ পিঠা-পনাৰ সম্ভাৰ মায়ে গৃহস্থ আৰু আলহীৰ আগত মেলি দিছিল৷ নিজ হাতেৰে গৰুৰ গাখীৰ খিৰাইছিল৷ কোঁৱৰপুৰৰ দিখৌৰ পাৰত শৈশৱ কটোৱা মায়ে ভাল সাতুঁৰিব পাৰিছিল আৰু এই সাতোঁৰ বিদ্যাই মাজু ভন্টি পুতলাৰ জীৱন ৰক্ষা কৰিছিল৷ তিনিবছৰীয়া পুতলাই ঘৰৰ পুখুৰীৰ পাৰৰ পৰা কোনেও তলকিব নোৱৰাকৈ পুখুৰীৰ গভীৰ তল পাইছিলগৈ ৷ মায়ে উদ্ধাৰ কৰাৰ পিছত ওচৰ চুবুৰীয়াই পুতলাক "কি দেখিলি অ' আইজনী পানী তলত ? " - প্ৰশ্নৰ উত্তৰত তাই কোৱা "পানীৰ তলত ইলিচ মাছ দেখিলোঁ" - কথাষাৰিয়ে বহুত দিনলৈ গাঁৱত আমোদ যোগাই থাকিল৷
---- লিখিলে কথা ওলায়ে থাকিব ৷ আজিলৈ মাতৃদেবীৰ স্মৃতিত একাঁজলি অশ্ৰুঅঞ্জলি যাচি সভক্তিৰে প্ৰণিপাত জনাই চিঠিখন ইমানতে সামৰিলোঁ ৷
ইতি
ডা০ ভূপেন শইকীয়া
১৩৷৫৷২০১২
ড'হা, কাটাৰৰ পৰা
No comments:
Post a Comment