হেৰাই যোৱাৰ দুখ
দিনবোৰ সলনি হলে
মনবোৰ সলনি হলে
বন্ধুবোৰ আতৰি যায়
'চকুৰ আতৰ হলে মনৰ আতৰ হয়' বুলি কয়
কিন্তু চকুৰ ওচৰ হয়ো যদি মনৰ আতৰ হয় ?
দুখ মোৰ
নোৱাৰোঁ ৰাখিব স্নেহ বান্ধোনত মোৰ
চিৰকাল, দীৰ্ঘকাল কাকোৱেই
হয়তো দোষ মোৰেই
জীৱন যে মোৰ খোলা কিতাপ !
১০ জুলাই, ২০১২
ড'হা, কাটাৰ
No comments:
Post a Comment