Translate

Friday, July 6, 2012

কাটাৰৰ ডায়েৰী – ১


প্ৰথম দৃষ্টিত কাটাৰ
 ২৩৷১১৷২০১১ সন্ধিয়াৰ ৮ বজাত ৷

 
           আগষ্ট মাহৰ ৮ তাৰিখে আবেলি ৩ বজাত গুৱাহাটীৰ পৰা দিল্লীহৈ জেট এয়াৰলাইন্সৰ বিমানেৰে যাত্ৰা  আৰম্ভ কৰিলোঁ৷ ৷ডোহাত অৱতৰন কৰিলোঁ স্থানীয় সময় নিশা ১০বজাত ৷ইয়াৰ সময় ভাৰততকৈ আঢ়ৈ ঘন্টা পিছ পৰা ৷ এয়াৰপৰ্টৰ পৰা আহি মোৰ বাবে নিৰ্ধাৰিত কোৱাৰ্টাৰত প্ৰবেশ কৰোতে সময় তেতিয়া নিশাৰ চাৰে এঘাৰটা ৷
পিছদিনা পুৱা ৮ বজাত কামত যোগদান কৰিলোঁ৷ ৷ খাৰুৱা তেলেৰে সমৃদ্ধিশালী এখন ক্ষুদ্ৰ দেশ কাটাৰ ৷ আয়তনত  দেশখনৰ মাটিকালি অসমৰ ছয় ভাগৰ এভাগ ৷ জনসংখ্যা চাৰে আঠ লাখ ৷ তাৰে শতকৰা ৪০ ভাগহে স্থানীয় আৰবীলোক, ১৮ ভাগ ভাৰতীয়, সমসংখ্যক পাকিস্থানী, ১০ ভাগ ফিলিপাইনী, সমসংখ্যকইৰাণী আৰু বাকী অংশ হ’ল বিশ্বৰ আন আন দেশৰ পৰা অহা – ইজিপ্ত, জৰ্ডান, নাইজেৰিয়া, বাংলাদেশ, শ্ৰীলংকা নাইবা আন চুবুৰীয়া দেশৰ৷
দেশখনত পাহাৰ বা নৈ নাই ৷ মৰুভূমিক মৰূদ্যানলৈ মানবীয় শ্ৰমেৰে ৰুপান্তৰিত কৰাৰ অহৰ্নিষ প্ৰয়াস চলি আছে ৷ সাগৰ আৰু দ্বীপপুঞ্জও আছে ৷ বিভিন্ন স্তৰত দেশখনত নানানটা নিৰ্মাণকায্য দিনে নিশাই চলি আছে ৷ ২০২২ চনত ফিফা ফুটবলৰ বিশ্বকাপ প্ৰতিযোগিতা ৰাজধানী চহৰ ডোহাত অনুষ্ঠিত হব ৷ তাৰ বহু আগতেই যেন দেশখনক ন ৰুপত সজাই তুলিব !
ইয়াত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ভাৰতীয় সকলৰ ভিতৰত অধিকাংশই হ’ল কেৰেলাৰ পৰা অহা ৷ এইটো কথা বহুদিনৰ পৰা শুনি আহিছিলোঁ - কেৰেলাৰ প্ৰতি দ্বীতিয়টো ঘৰৰ এজন বিদেশত থাকে, সেয়েহে সেই ক্ষুদ্ৰ প্ৰদেশখনৰ চাৰিওটা এয়াৰপৰ্টেই হ’ল ইন্টাৰনেচনেল ৷কথাটো যে সচাঁ তাৰ প্ৰমাণ পাইছো ৷ইয়াত অসমীয়া লোক
বিচাৰি হাবাথুৰি খাইছোঁ৷৬৷৭জন ডেকা ইঞ্জিনিয়াৰ যোৱা কেইবছৰমানৰ পৰা কাটাৰত কৰ্মৰত হৈ আছে, তাৰে দুজনকহে মই লগ পাইছোঁ ৷আগৰৰ দোকানত দুজনমান হোজাইৰ লোকে কাম কৰি আছে - ফোনতহে মোৰ পৰিচয় হৈছে৷
যোৱা বছৰ তিনিমাহৰ বাবে আবু ধাবিৰ এখন চিকিৎসালয়ত কাম কৰাৰ আমন্ত্ৰণ পাইছিলোঁ ৷ সেয়েহে
ইউ এ ই আৰু কাটাৰ এই দেশ দুখনৰ বিভিন্ন দিশৰ পাৰ্থক্যসমূহ মোৰ চকুত অনায়াসে ধৰা দিছে ৷
ইউ এ ইত প্ৰায় দুশ ঘৰ অসমীয়া মানুহৰ এখন ছচাইটি আছে ৷ বিহু, নতুন বছৰ, দেৱালী বা অইন কোনো উপলক্ষে এওঁলোকে প্ৰীতি সন্মিলনিৰ আয়োজন কৰে ৷ সৌ অলপতে ড০ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি ডুবাইত অৰ্পিত কৰিছে ৷ উন্নয়নৰ ক্ষেত্ৰত সকলো দিশতে ইউ এ ই কাটাৰতকৈ বহুগুণ আগবঢ়া ৷ পয্যটনৰ দিশত কাটাৰ তেনেই চালুকীয়া, ইউ এ ই সেই ক্ষেত্ৰত বেছ আগৰণুৱা ৷ বিভিন্ন বয়-বস্তু সামগ্ৰীৰ মূল্য ইউ এ ইত কৈ কাটাৰত অধিক ৷
কাটাৰত জনসাধাৰনৰ নিৰাপত্তা যিকোনো দেশৰ বাবেই ঈৰ্ষনীয় ৷ দেশখন প্ৰায় অপৰাধ শূণ্য ৷ যানবাহনৰ দূৰ্ঘটনাও সীমিত ৷অথচ বাটপথত বাটৰুৱাৰ তুলনাত গাড়ীৰ সংখ্যাই বেচি ৷ইয়াৰ ট্ৰেফিক আইন যথেষ্ট
কঠোৰ ৷ ড্ৰাইভিং লাইচেঞ্চ পাবলৈ ৰাজপথত গাড়ী সঠিক ভাবে চলাব পাৰিব লাগিব ৷
ইয়াৰ জলবায়ু বছৰৰ আঠ মাহ গৰম ৷ চাৰিটা মাহত কিছু ঠাণ্ডা পৰে৷ বৰষুণৰ পৰিমাণ তেনেই কম৷ যোৱা চাৰিটা মাহত এদিন কুৰি মিনিটিয়া কিনকিনিয়া বৰষুণ উপভোগ কৰিছিলোঁ ৷ বৰ্তমান নভেম্বৰৰ শেষৰ ফালে বতৰৰ তাপমাত্ৰা ২৫ আৰু  ৭ ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজত চলি আছে ৷
আৰু লিখিবলগীয়া, জনাবলগীয়া বহুতো কথা আছে ৷ বহুতেই ভ্ৰমণ কাহিনী পঢ়ি ভাল পায় ৷ মনত পৰে সৰুতে হেম বৰুৱাৰ  ভ্ৰমণৰ ৰচনাৱলী সমূহ কিদৰে  মই আগ্ৰহেৰে পঢ়িছিলোঁ ৷এতিয়াও ঘৰৰ পৰা আহোতে দুখন  ভ্ৰমণৰ কিতাপহে লগত লৈ আহিছোঁ ৷
আকৌ সোণকালেই লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ৷  


No comments:

Post a Comment

Total Pageviews