Translate

Friday, July 6, 2012

স্বাস্থ্য কথা : প্লেটলেটৰ বিষয়ে কিছু জানিবলগীয়া


মানুহৰ  ৰক্তত  তিনি ধৰণৰ  কণিকা থাকে :-
১) ৰঙা তেজৰ   কণিকা (Red Blood Cell)
২) শ্বেত তেজৰ   কণিকা (Whie Blood Cell)
৩) প্লেটলেট  (Platelet)

               ৰঙা  তেজৰ   কণিকাই  তেজৰ  ৪০% আয়তন  জুৰি আছে৷ প্ৰতি মাইক্ৰলিটাৰ তেজত  ৫,০০০,০০০ এই  বিধ  কণিকা থাকে৷ এই  কণিকাৰ ৰক্তিম  ৰঙ  সৃষ্টি কৰিছে হিমগ্লবিন নামৰ  এবিধ প্ৰটিনে, যাৰ দ্বাৰা হাওফাওঁৰ পৰা অস্কিজেন  আমাৰ শৰীৰৰ  বিভিন্ন কোষলৈ যায়৷ ৰঙা তেজৰ কণিকাৰ আয়ু ১২০ দিন৷
     শ্বেত তেজৰ  কণিকা তেজৰ প্ৰতি মাইক্ৰলিটাৰত  ৫০০০ ৰ  পৰা ১০০০০ লৈ থাকে৷ এই  বিধ  কণিকা আকাৰত  ডাঙৰ  আৰু ই কেইবা প্ৰকাৰৰ৷ শ্বেত  কণিকাৰ কাম সংক্ৰমণৰ বিৰুদ্ধে যঁজ দি শৰীৰৰ  ৰোগ প্ৰতিৰোধ কৰা ৷ শ্বেত তেজৰ কণিকাৰ আয়ু ১৩ৰ পৰা ২০ দিন৷শ্বেত তেজৰ কণিকাক তাৰ ভিতৰৰ গঠন অনুসৰি দুভাগত ভগোৱা হৈছে৷নিউট্ৰফিল, ইঅ'চিনফিল,বেচফিল - এই তিনিবিধ গ্ৰেনুল'চাইটৰ শাৰীত পৰে ৷ লিম্ফচাইট আৰু মন'চাইট এগ্ৰেনুল'চাইটৰ শাৰীত পৰে ৷ শৰীৰৰ সুৰক্ষা প্ৰণালীৰ সৈতে শ্বেত তেজৰ কণিকাৰ নিবিড় সম্বন্ধ৷
      তেজত থকা  কণিকা সমূহৰ ভিতৰত  আটাইতকৈ ক্ষুদ্ৰ আকৃতিৰ  কণিকা হ'ল  প্লেটলেট ৷ ইয়াৰ  আকাৰ ৰঙা তেজৰ   কণিকাৰ  পাঁচ ভাগৰ এভাগ৷ প্লেটলেটৰ  আয়ু হ'ল  ১০দিন ৷ প্ৰতি মাইক্ৰলিটাৰ  তেজত  ১৫০,০০০ ৰ  পৰা ৪৫০,০০০ প্লেটলেট   থাকে৷ আকৃতিত অতি ক্ষুদ্ৰ হোৱা হেতুকে ই  মুঠ তেজৰ  সামান্য অংশ এটাহে আৱৰি আছে৷ হলেও ইয়াৰ গুৰুত্ব অপৰিসীম৷ প্লেটলেটৰ মূল কাম হ'ল - শৰীৰৰ  ৰক্তক্ষৰণ ৰোধ কৰা ৷ তেজ  গোট  মৰা   প্ৰক্ৰিয়াৰ  যোগেদি  প্লেটলেটে ৰক্তক্ষয় বন্ধ কৰে৷
  প্লেটলেটক প্ৰথম চিনাক্ত  কৰিলে জাৰ্মানীৰ  মেস্ক  চ্যুলত্জ  নামৰ (১৮২৫- ১৮৭৪ চন) এনাটমিৰ  চিকিৎসক এজনে ৷কিন্তু প্লেটলেটৰ  গুণসমূহৰ বিশদ  বৰ্ণনা   ইটালিৰ গিওলিঅ' বিজ্জজিৰোই (১৮৪৬-১৯০১চন) দিয়ে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে  নেডাৰলেণ্ডৰ মাইক্ৰবায়লজিষ্ট এন্টনি ফিলিপচ্  ভান  লিৱেনহকে(১৬৩২-১৭২৩চন) ৰঙা ৰক্ত  কণিকাক প্ৰায় এশ বছৰ আগতেই  চিনাক্ত কৰিছিল৷এইজনা আধুনিক মাইক্ৰস্কোপৰ  জনকে আৰু বহুতো অৱদান চিকিৎসা জগতক দি গৈছে৷
       তেজৰ আন কণিকাৰ দ্বৰে প্লেটলেটৰো উৎপাদন হয়  হাঁড়ৰ মজ্জাৰ (Bone Marrow)ভিতৰৰ  পৰা৷ হাঁড়ৰ মজ্জাৰ ভিতৰত  মেগাকেৰিঅ'চাইট (Megakaryocyte)নামৰ  এবিধ  ডাঙৰ আকৃতিৰ  কোষ  থাকে৷ থ্ৰম্বপ'য়েটিন ( Thrombopoietin)নামৰ এবিধ হৰম'নৰ  প্ৰভাৱত প্ৰতিটো   মেগাকেৰিঅ'চাইটে  এহেজাৰৰো অধিক  প্লেটলেটৰ  জন্ম দিয়ে৷ প্লেটলেটৰ  কাম হ'ল  য'তেই  তেজৰ  নলীৰ  জখম  হয় - তাতেই  প্লাগ  বা  সোপাৰ  সৃষ্টি কৰা ৷  প্লেটলেটৰ  গাত  এনে প্ৰটিন থাকে যাৰ ফলত   প্লেটলেটে পৰস্পৰৰ মাজত  লগ লাগিব পাৰে আৰু তেজৰ  নলীৰ  জখম  অংশটো থোপ খাই পৰিব পাৰে৷ এনে কৰোতে প্লেটলেটৰ আকাৰ  কেতিয়াবা দীঘলীয়া, কেতিয়াবা অক্টোপাচৰ দৰে বাহু মেলা হৈ পৰে৷ প্লেটলেট ওজনত অতি পাতল  হোৱা হেতুকে অতি ক্ষিপ্ৰতাৰে চুম্বকীয়  আকৰ্ষণৰ দৰে ৰক্ত প্ৰবাহী নলীৰ জখম হোৱা ঠাইত  উপস্থিত হয়হি৷
   প্লেটলেটৰ  বিজুতিৰ বিষয়ে  এতিয়া কিছু আলোচনা কৰিম ৷ প্লেটলেট  সংখ্যাত বেচি হব পাৰে,কম হব পাৰে নাইবা তাঁহাতৰ কামৰ সক্ৰিয়তা কমি যাব পাৰে ৷ তেজ গোট মৰা প্ৰক্ৰিয়াটোক  থ্ৰম্বচিচ (Thrombosis)বুলি কয় ৷ সেয়ে প্লেটলেটৰ  আন এটা নাম হ'ল - থ্ৰম্বচাইট (Thrombocyte)৷

কাৎচিত হাড়ৰ                                 মজ্জাৰ বিজুতিয়ে  প্লেটলেট প্ৰতি মাইক্ৰলিটাৰ  তেজত  ১০,০০,০০০ ৰ  ২০,০০,০০০ লৈ বৃদ্ধি কৰিলে তেজ অস্বাভাবিকভাবে গোট মৰাৰ  সম্ভাৱনা বৃদ্ধি পাব৷ কিন্তু এনে অৱস্থা খুব  দূৰ্লভ - আনকি তেজত  প্লেটলেটৰ  পৰিমাণ বঢ়া সত্বেও (Thrombocytosis) বহুতো ৰোগীৰ একো লক্ষণ দেখা নাযায়৷
ইয়াৰ বিপৰীতে তেজত  প্লেটলেটৰ  পৰিমাণ কমি গলে (Thrombocytopenia), বিশেষকৈ    প্ৰতি মাইক্ৰলিটাৰ  তেজত  ৫০,০০০ ৰ  ৮০,০০০ লৈ কমি গলে শৰীৰৰ পৰা ৰক্তক্ষৰণ হোৱাৰ  সম্ভাৱনা দেখা যায়৷বহু ৰোগীৰ ক্ষেত্ৰত  তেজৰ  প্লেটলেট  কমি যোৱাটো আকস্মিকভাবে তেজ পৰীক্ষাৰ সময়ত ধৰা পৰে৷ কিন্তু কিছুমানৰ  ক্ষেত্ৰত  স্বত:স্ফুটভাবে ছালৰ তলত(ঘাইকৈ হাতত,বাহুত বা ভৰিত) বা মিউকাচ মেমব্ৰেনত (শৰীৰৰ ভিতৰৰ যেনে মুখমণ্ডলৰ লাইনিং) তেজৰ  ক্ষুদ্ৰ চেকুৰা দেখা যাব পাৰে৷ এইবিলাকক ডাক্তৰী ভাষাত অৱস্থাভেদে Petechie, Purpura, Ecchymoses, Bruise বোলে৷ কেতিয়াবা এনে ৰোগীৰ নাকৰ পৰা বা দাঁতৰ আলুৰ পৰা নিজে নিজে তেজ ওলাব পাৰে৷ এনে ৰোগীয়ে শৰীৰ দুৰ্বল,ভাগৰুৱা অনুভৱ কৰিব পাৰে৷ ৰোগীয়ে ব্যৱহাৰ কৰি থকা ঔষধৰ বিষয়ে চিকিৎসকে অৱগত হোৱটো লাগতিয়াল কথা, কিয়নো দৰবৰ পাৰ্শক্ৰিয়াৰ ফলতো  প্লেটলেট  কমিব পাৰে৷
 প্লেটলেট  কমাৰ  বিভিন্ন  কাৰণ সমূহ : -
১) প্লেটলেটৰ  কম উৎপাদন হোৱা
২) প্লেটলেট বেচিকৈ বিনষ্ট হোৱা
৩) অন্যান্য কাৰণ - সৰ্প   দংশণ, মনোচেচুৰেটেড  অমেগা-৯ ফেটি এচিডযুক্ত  তেল বেচিকৈ সেৱন কৰাৰ ফলত৷ মিঠাতেল,ইৰুচিক এচিড আৰু লৰেঞ্জ তেলত  এই বিধ তত্ব থাকে৷ মধ্য  আফ্ৰিকাত দেখা পোৱা অ'নায়ালাই  ৰোগ ( Onyalai disease)৷
প্লেটলেটৰ  কম উৎপাদন হোৱাৰ কাৰণ সমূহ:-
-ভিটামিন বি-১২, ফলিক এচিডৰ অভাৱ
 -লিউকেমিয়া
- বেক্টেৰিয়া আৰু ভাইৰাচৰ গুৰুতৰ সংক্ৰমণ
- ডেংগু ফিভাৰ : মেগাকেৰিঅ'চাইটত  সংক্ৰমণ আৰু ইমিউন'লজিকেল কাৰণত
- বহুকেইবিধ জন্মগত  বিজুতিৰ  ফলত (Hereditary Syndromes) : যেনে - এলপৰ্ট  চিনড্ৰম,  গ্ৰে  প্লেটলেট চিনড্ৰম, বাৰ্ণাৰ্ড - চ'লিয়াৰ চিনড্ৰম, ৱিস্কট  এল্ডৰিচ চিনড্ৰম
প্লেটলেট বেচিকৈ বিনষ্ট হোৱা
- ইডিঅ'পেথিক  থ্ৰম্বচাইট'পনিক   পাৰপ্যুৰা
- থ্ৰম্বটিক থ্ৰম্বচাইট'পনিক   পাৰপ্যুৰা
-হিমাইটিক  ইউৰেমিক চিনড্ৰম
- ডিচচেমিনেটেট  ইন্ট্ৰাভাচকুলাৰ  ক'এগুলেচন
- ডেংগু ফিভাৰ
- চিষ্টেমিক লুপাচ  এৰিথ'মেটাচ
- পষ্ট  ট্ৰমেটিক পাৰপ্যুৰা
- পেৰস্কিচমেল নক্টাৰনেল  হিমগ্লবিনয়ুৰিয়া
- হাইপাৰস্পেনিজম
- এইচ আই ভিৰ সংক্ৰমণ    আদি
*তলত লিখা ঔষধসমূহেও  প্লেটলেটৰ  অনিষ্ট সাধিব পাৰে
নানাবিধ এন্টিকেঞ্চাৰ ড্ৰাগ, ইন্টাৰফেৰন, ভেলপ্ৰয়িক এচিড, মন্টুলুকাচ, এচিডিটিত ব্যৱহাৰ হোৱা ৰেনিটিডিন,পেন্টপ্ৰাজল
জাতীয় ঔষধ
* এচপিৰিন  আৰু প্লেটলেটৰ সম্বন্ধ: এচপিৰিনে  প্লেটলেটৰ  পৰস্পৰৰ গোট খাব পৰা শক্তিক  বাধা প্ৰদান কৰে৷ফলত  যি ৰোগী তেজ গোটমৰাৰ ফলত (Thrombosis)হৃদৰোগত (Myocordial Infarction)আক্ৰান্ত  হয়- তেওঁলোকক এচপিৰিনে সুৰক্ষা দিয়ে৷  ইয়াৰ বিপৰীতে যাৰ তেজত প্লেটলেট অতি কম তেনে ৰোগীক এটা  এচপিৰিনৰ টেবলেটেও গুৰুতৰ   ৰক্তক্ষৰণ ঘটাই (Haematmemesis and  Melaenaৰ দ্বাৰা ) জীৱন  বিপদাপন্ন  কৰি তুলিব পাৰে ৷

ক্লপিডগ্ৰেল,প্ৰচু্গ্ৰেল, টিক্লডেপিন,চিলষ্টাজল -এই কেইবিধ  ঔষধৰো ক্ৰিয়া এচপিৰিনৰ নিচিনা৷
* কিছুমান মহিলাৰ  গৰ্ভাৱস্থাত শেষৰ তিনিমাহত প্লেটলেট কমা দেখা যায় ( Gestational Thrombocytopenia)৷সাধাৰণতে ই ডাঙৰ সমস্যাৰ সৃষ্টি নকৰে যদিহে প্লেটলেট  অস্বাভাবিকভাবে নকমে৷ সন্তান প্ৰসৱৰ  পিছত প্লেটলেট স্বাভাবিক অৱস্থালৈ ঘূৰি আহে৷
প্লেটলেট ৰ  ট্ৰান্সফিউজন  কাক কাক সাধাৰণতে দিয়া যায়  ?
১) কেঞ্চাৰ বা লিউকেমিয়াৰ চিকিৎসা লৈ থকা ৰোগীক
 ২) বন মেৰ' বা অংগ প্ৰত্যাৰোপন কৰা ৰোগীক
 ৩) প্ৰাণৰ সংশয় সৃষ্টি কৰা যি কোনো ৰক্তক্ষৰণ হলে - দূৰ্ঘটনাজনিত বা অস্ত্ৰোপচাৰৰ ফলত
৪) তেজৰ কিছুমান জটিল ৰোগৰ চিকিৎসাত
আজিকালি প্ৰায়বিলাক ব্লাডবেংকতেই  তেজৰ  পৰা পৃথককৈ প্লেটলেট ওলিয়াই দিয়াৰ ব্যৱস্থা আছে৷
কিছুমান ঔষধেও তেজত প্লেটলেট ৰ পৰিমাণ বৃদ্ধিত  সহায় কৰে ৷ সেইবিলাকৰ নাম হ'ল - অপ্ৰিলভেকিন, ৰমিপ্লষ্টিম, এলট্ৰম্বপেগ৷
থুলমুলকৈ সৰ্বসাধাৰণে প্লেটলেটৰ বিষয়ে জানিবলগীয়া কথা সদ্যহতে ইমানেই৷
                                                                                                                           ৩০জুন, ২০১২   @@@@@@@@


No comments:

Post a Comment

Total Pageviews