Translate

Thursday, July 5, 2012

খোলা কিতাপ !


খোলা কিতাপ !

যি দৰে
মই আৰু মোৰ ছাঁ
অবিচ্ছিন্ন,
স্মৃতিবোৰ -
সুখৰ
আনকি দুখৰো
মোৰ চিৰসংগী !

নকৰো হিচাপ-নিকাচ
লাভ লোকচানৰ
জীৱন মানেই হ'ল
পোৱা আৰু পাই হেৰুৱাৰ খেল
…………….
মোৰ দিনবোৰ এতিয়া মাথো
খোলা কিতাপ !


১৯৷৩৷২০১২
ড'হা, কাটাৰ


No comments:

Post a Comment

Total Pageviews