" মোৰ মানুহজন চোৰ "! কামৰূপৰ এখন ভিতৰুৱা গাঁৱৰ পৰা অহা হৃদৰোগৰ ৰোগী এগৰাকীয়ে যোৱা এঘাৰ বছৰে মোৰ তত্বাবধানত চিকিৎসা লৈ আহিছে৷প্ৰথমতে মাহৰ মূৰে মূৰে আহিছিল, তাৰ পিছত তিনি মাহৰ মূৰত আৰু এইবাৰ সুদীৰ্ঘ তিনি বছৰৰ ব্যৱধানত আহিছে৷আগতে এটি চাৰি বছৰীয়া ল'ৰাৰ মাক আছিল৷এতিয়া এজনী চাৰে তিনি বছৰীয়া ছোৱালীৰো মাক হ'ল৷গিৰিয়েকে কি কৰে বুলি মই সোধাত এইদৰে পোনপেতিয়া উত্তৰ দিছিল আৰু কৈছিল- "ল'ৰাটো পোন্ধৰ বছৰীয়া হ'ল৷ মোৰ অসুখৰ বাবেই সি পঢ়াশুনা বাদ দি এঘৰত
'বন্ধা' সোমাইছে৷ দৰব কিনিবলৈ মোক টকা এহেজাৰ সিয়েই দিছে৷বাপেককো চুৰি কৰিবলৈ হাক দি ঠেলা চলাবলৈ লগাইছে "৷
গুৱাহাটীৰ এগৰাকী মহিলা,বয়স ত্ৰিশৰ ওচৰ৷ মোৰ চেম্বাৰৰ ওচৰতে গিৰিয়েকে দোকান-ব্যৱসায় কৰে৷মানুহজনে মোৰ ওচৰত হাঁপানীৰ চিকিৎসা লৈ থাকে৷ মহিলা গৰাকী দুবছৰৰ ভিতৰত তিনিবাৰ মোৰ ওচৰলৈ আহিল৷মানুহজনীৰআকুল ইচ্ছা এটি সন্তানৰ মাতৃ হোৱাৰ৷ কিন্তু গিৰিয়েকে কোনোপধ্যে সন্তান জন্ম হবলৈ নিদিয়ে৷ কাৰণ আগৰ প্ৰয়াত ঘৈণীয়েকৰ ফালৰ পৰা তেওঁৰ চাৰিটি সন্তান আছে৷গিৰিয়েকে মানুহজনীৰ বাৰে বাৰে গৰ্ভ নষ্ট কৰি দিয়ে৷গৰ্ভধাৰণৰ কথাটোতো গোপনে ৰখা সম্ভৱ নহয়৷মানুহজনীয়ে গৰ্ভ হোৱাৰ লগে লগে মাকৰ ঘৰলৈ যাবলৈ চেষ্টা কৰিও ব্যৰ্থ হয়৷চিকিৎসক হিচাপে মই মনতে আশা পুহোঁ - মানুহজনীৰ মাতৃত্বৰ বাসনা যেন অপূৰ্ণ হৈ নাথাকে৷
কেতিয়াবা আকৌ বিপৰীত ছবিও দেখিবলৈ পাওঁ৷উজনিৰ ফালৰ পৰা এযোৰ দম্পত্তি মোৰ ওচৰলৈ আহিল৷তেওঁলোকৰ চাৰিটি সন্তান, এতিয়া গৰ্ভত পঞ্চমটিৰ নমাহ চলিআছে৷
কোনোপধ্যেই তেওঁলোকে নৱজাতকৰ বোজা লব নোখোজে৷ইফালেগৰ্ভত থকা সন্তানটিৰ অস্বাভাৱিক অৱস্থান ( Breech presentation
) হেতুকে চিজাৰিয়ান অপাৰেচনৰ বাহিৰে প্ৰসৱ অসম্ভৱ৷ভগবানৰ ইচ্ছা - একে সময়তে উত্তৰ পাৰৰ পৰা এহাল সন্তানহীন দম্পত্তিও মোৰ ওচৰলৈ একে সময়তে আহিল৷ তেওঁলোকে ইতিমধ্যে সন্তান হোৱাৰ বাবে চিকিৎসা কৰি ভাগৰি পৰিছে৷মই তেওঁলোকক এটি কেচুঁৱা তুলি লোৱাৰ পৰামৰ্শ দিলো৷
চিজাৰিয়ান কৰি চাৰে তিনি কেজি ওজনৰ এটি সুঠাম ল'ৰা সন্তান জন্মদি প্ৰথম দম্পত্তিহাল ঘৰলৈ গ'লগৈ৷ অপাৰেচনৰ যাবতীয় খৰছ দ্বীতিয়হাল দম্পত্তিয়ে হাঁহিমুখে বহন কৰিলে৷ ভিন্ন ধৰ্মৰ দুয়োটা পৰিয়ালৰ মাজত কোনো পৰিচয় মই হবলৈ নিদিলো৷
মেঘালয়ৰ নংপো বাচষ্টেণ্ডৰ ওচৰত এজনী ক্ৰন্দনৰতা অৰুণাচলী যুৱতীক এদিন সন্ধিয়া পুলিচে আটক কৰি থানালৈ আনিলে৷নংপো সৰু ঠাই - কৌতুহলবশত: যুৱতীক চাবলৈ মানুহৰ জুম বান্ধিল৷ধকধকীয়া বগা কুৰিবছৰীয়া যুৱতী গৰাকী আছিল ন মাহৰ গৰ্ভৱতী৷লক্ষ্যবিহীনহৈ ঘৰৰ পৰা পলাই আহিছে৷ভালপোৱা ল'ৰাজনে বিয়া নকৰোৱাত বিমোৰত পৰি গৃহত্যাগ কৰিছে৷এহাল মুছলিম দম্পত্তিয়ে আশ্ৰয় দিয়াৰ আশ্বাস দি যুৱতীক তেওঁলোকৰ ঘৰলৈ লৈ আহিল৷কুৰি দিনৰ ভিতৰত যুৱতী গৰাকীয়ে এটি সুন্দৰ স্বাস্থবান ল'ৰা সন্তান স্বাভাবিকভাবে জন্ম দিলে৷ইয়াৰ পিছত - দেবা: ন জানন্তি স্ত্ৰিয়া চৰিত্ৰম ! কেচুঁৱা জন্মৰ দুদিনমানৰ পিছৰ পৰাই যুৱতী গৰাকীয়ে ঘৰলৈ যাবলৈ উচ-পিচাবলৈ ধৰিলে৷পাঠকে আচৰিত হব কেচুঁৱাক স্তনপান কৰোৱা দূৰৰ কথা - জন্ম দিয়া সন্তানক কেঁৰা চকুৰেও এবাৰো নাচালে৷আশ্ৰয়দাতা পৰিয়ালটোৱে এজন উকীলৰসহায়ত কাছাৰীতগৈ সন্তানটি নিজৰ কৰি তুলি ললে আৰু তাৰ পিছত অৰুণাচলী যুৱতীক হাতত বাট খৰচ দি বিদায় দিলে৷আজি ছবছৰীয়া সেই বালক নংপোৰ এখন ইংৰাজী স্কুলত পঢ়ি আছে৷অতি পৰিতাপৰ কথা তাৰ যশোদা মাতৃৰ যোৱা বছৰএক অজান ৰোগত মৃত্যু হোৱাত সি পুনৰাই মাতৃহাৰা হ'ল৷
চিকিৎসকৰ বিচিত্ৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিলে এখন মহাভাৰতেই হব৷ আশাকৰো সহৃদয় পাঠকে পৰিস্থিতি আৰু পৰিবেশৰ কথা হৃদয়ংগম কৰি তলৰ কথাখিনি সহানুভূতিৰে বিবেচনা কৰিব৷ সময়ত চিকিৎসকে বিভিন্ন ভূমিকাত অৱতীৰ্ণ হবলগীয়া হব পাৰে৷
আন এহাল দম্পত্তিৰ কথা কবলৈ ওলাইছো৷গিৰীয়েক মেঘালয়ৰ পৰিবহন বিভাগৰ কৰ্মচাৰী,ঘৈণীয়েক অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ চাকৰিয়াল৷বিবাহৰ পিছত তিনি চাৰি বছৰ তেওঁলোকে সন্তান নিবিচাৰিলে৷
কেইবাবাৰো ফাৰ্মাচীত গৈ গৰ্ভপাত কৰালে৷পিছত যেতিয়া সন্তানৰ কামনা কৰিলে তেতিয়া গম পালে যে মহিলাগৰাকীৰ ফেলোপিয়ন টিউব দুয়োটা বন্ধ হৈ গৈছে৷ অপাৰেচনৰ দ্বাৰা তাৰ নিদান সম্ভৱপৰ যদিও, ইমান খৰচী চিকিৎসা কৰিবলৈ তেওঁলোক আৰ্থিকভাবে অপাৰগ৷ কিছুদিনৰ পিছত মানুহজন যক্ষ্মা আৰু এলক'লিক লিভাৰ ডিজিজত আক্ৰান্ত হ'ল৷ দুবছৰমান এইবিলাক চিকিৎসাত সময় পাৰ হ'ল৷
আৰোগ্য লভাৰ পিছত দম্পত্তিহাল মোৰ কাষ চাপিল৷ মই তেওঁলোকৰ সন্তানহীন সমস্যাৰ চিকিৎসা কৰিব লাগে৷মই বুজালো স্বাস্থ্যজনিত কাৰণত তেওঁলোক পিতৃ-মাতৃ হব নোৱাৰে৷ইচ্ছা কৰিলে এটি সন্তান তুলি লব পাৰে ৷ নাই, মোৰ কোনো বুজনি তেওঁলোকৰ কাণত নোসোমাল৷
সময়বোৰ,দিনবোৰ পাৰ হৈ গৈ আছে৷মোৰ বাবে পৰম বিস্ময় ৰৈ আছিল ৷এদিনাখন দম্পত্তিহালে আহি মোক পৰম প্ৰত্যয়ৰে জনালেহি - "দাদা, পাঁচ মাহৰ প্ৰেগনেন্সি চলি আছে৷আপুনি সময়ত ডেলিভাৰি কৰি আমাৰ হাতত কেঁচুৱা তুলি দিব লাগিব "৷মই অবাক হৈ লক্ষ্য কৰিলো হয়তো মহিলা গৰাকীৰ উদৰ স্ফিত৷মোক জনালে বন্ধু-বান্ধৱ,আত্মীয় সকলোৱে তেওঁলোকক অভিনন্দন জনাইছে, পঞ্চামৃত খোৱাইছে, ভোজ-ভাতৰ নিমন্ত্ৰণ কৰিছে৷
কিন্তু মোৰ আনন্দ বিমৰিষত পৰিণত হবলৈ বেচিপৰ নালাগিল৷ আচল কথাটো মোক জনালে মানুহজনীয়ে লোকক দেখুৱালৈহে গৰ্ভধাৰণৰ নাটক কৰিছে, কিয়নো তেওঁলোকে সন্তান তুলি লোৱা কথাটো কেতিয়াও কাকো জনাব নোখোজে আৰু গৰ্বিত পিতৃ-মাতৃ হিচাপে সমাজত জীয়াই থাকিব খোজে৷তেওঁলোকে মোক আৰু আচৰিত কৰি আল্টিমেটাম দিলে - "আপুনি সময়ত আমাক এটি সন্তান আমাক নিদিলে আমি দুয়ো আত্মঘাতী হম৷ আমাৰ মৃত্যুৰ বাবে আপুনিয়েই দায়ী হব "!
ঘটনাটোৰ গভীৰতা অনুধাৱন কৰি ইয়াৰ পিছৰ পৰ্ব ময়েইআৰম্ভ কৰিলো৷দম্পত্তিহালক লগতলৈ গুৱাহাটীৰআশে-পাশে কেঁচুৱা পাব পৰা সম্ভাব্য সকলো ঠাইতে খবৰ কৰিব ধৰিলো৷মাদাৰ টেৰেচাৰ নামত, বিভিন্ন সমাজসেৱী সংস্থাৰ নামত প্ৰতিষ্ঠিত অনাথ আশ্ৰম এখনো বাদ নপৰিল৷বিভিন্ন অনুস্থানৰ মুৰব্বীক নানান আপদাৰ কৰিলো৷অনাথালয়ৰ অনেক ভিতৰুৱা কথাও জানিবলৈ সক্ষম হলো৷কিন্তু ক'তো এটি সদ্যজাত কেঁচুৱা পোৱাৰ মই নিশ্চয়তা নাপালো৷প্ৰসৱকালৰ সময়ওচৰ চাপি অহাৰ লগে লগে সম্ভাব্য মাতৃ গৰাকীৰ উদৰ ক্ৰমাৎ স্ফীতহৈ আহিবলৈ ধৰিলে৷আনহাতে চিন্তাত মোৰ টোপনি নহা হ'ল,পেটলৈ ভাত নোযোৱা হ'ল৷ ------ আকস্মিকভাবে মোৰ প্ৰতি ভগবান সদয় হ'ল৷সেই সময়ত মই পানবজাৰৰ মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ত কৰ্মৰত আছিলো ৷প্ৰসূতি বিভাগৰ ৱাৰ্ড গাৰ্ল জ্বলীয়ে এদিন খবৰ দিলেহি - পলাশবাৰীৰ পৰা এজনী কুৰি বছৰীয়া অবিবাহিত ছোৱালীয়ে মাকৰ সৈতে ডেলিভাৰীৰ বাবে আহিছে৷কেঁচুৱা
তেওঁলোকক নালাগে৷মই যেন সৰগহে ঢুকি পালো৷যেতিয়া কিশোৰী মাতৃক লেবাৰ ৰুমলৈ নিয়া হ'ল,তেতিয়া মই মোৰ "সম্ভাব্য" মাতৃক
পল্টন বজাৰৰ হোটেল 'মধুবনত' ভৰ্তি কৰালো৷এটি কন্যা সন্তান জন্ম দি যুৱতী গৰাকীয়ে যথাসম্ভৱ সোণকালে চিকিৎসালয় এৰিলে৷মই নৱজাতকক নতুন পিতৃ-মাতৃৰ হাতত তুলি দি স্বস্তিৰ নিশ্বাস এৰিলো৷নকলেও হবযে এই গোপন ডেলিভাৰীৰ সাক্ষী আমি মাত্ৰ তিনিজন৷আনফালে দম্পতিহালৰ পৰিয়ালৰ পেটলৈ ভাত নোযোৱা অৱস্থা - ডেলিভাৰীৰ কাৰণে ঘৰৰ পৰা ওলাই আহি ক'ত হেৰাল ? মই মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ৰ
চুপাৰিডেণ্টৰ পৰা জন্মৰ চৰকাৰী প্ৰমাণপত্ৰ এখনো তেওঁলোকৰ হাতত তুলি দিলো৷জ্বলীক মই টকা এহেজাৰ আৰু এখন ভাল শাৰী উপহাৰ দিলো৷তাই কৰা উপকাৰৰ তুলনাত সেইয়া আছিল অতি সাধাৰণ উপহাৰ৷
গোটেই ঘটনাটোৰ আৰু এজন অংশীদাৰ আছিল - তেওঁ হ'ল মোৰ সহধৰ্মিনী ৷মোৰ দু:চিন্তাৰ ভাগ তেঁৱো সমানে পাইছিল৷সুকলমে সকলোহৈ যোৱাত সম্ভাব্য এক দূৰ্ঘটনাৰ পৰা নিশ্চিত ভাবে ৰক্ষা পৰি এনে লাগিল যেন আমি দুয়ো মেট্ৰিক পৰীক্ষাহে দি উঠিছো৷মনৰ বোজা পাতল হোৱাত দুয়ো এসপ্তাহকাল দাৰ্জিলিং ভ্ৰমণ কৰি আহিলোগৈ৷নকলে নহব যে ছোৱালীজনী সময়ত ধুনীয়া আৰু মৰমলগা হৈ উঠিল৷ মেধাবী ছাত্ৰী হিচাপে সন্দিকৈ কলেজৰ পৰা স্নাতক হ'ল৷পৰাপক্ষত তাইৰ জন্মদিনত মই বিশিষ্ট অতিথি হৈছিলো৷ মই 'ডাক্তৰ মামাই' তাইৰ মাক দেউতাকে মোক শুনোৱা
"আইজনীয়ে ভায়েক এটা বিচাৰিছে " কথাষাৰি মই সদায় নুশুনাহৈ থাকিলো৷অলপতে এক সুপাত্ৰত তাইৰ বিবাহ সম্পন্ন হ'ল৷ মই হিয়া উজাৰি বৰ-কন্যাক আশীষ দি ধন্য হলো আৰু মন এক অবুজ আনন্দৰে পৰিপূৰ্ণ হ'ল৷
*********
No comments:
Post a Comment