মই তেতিয়া শিবসাগৰৰ কালুগাওঁত৷
আমাৰ গাঁৱৰ ঘৰত মাৰ সৈতে থাকোঁ৷
মা মগৰাহাট এম,ভি স্কুলৰ শিক্ষয়ত্ৰী ৷ চাকৰিসূত্ৰে দেউতা ডিব্ৰুগড়ত থাকে৷ মাহৰ মূৰত দেউতা দুই-তিনি দিনৰ বাবে ঘৰলৈ আহে৷
দেউতালৈ পষ্টকাৰ্ডত চিঠি লিখিবলৈ মায়ে শিকাইছিল -
"শ্ৰীহৰি, পৰম পূজনীয় শ্ৰীযুত দেউতা
পত্ৰে মোৰ সেৱা গ্ৰহণ কৰিব৷
-----------
ইতি ---"
পষ্টকাৰ্ডৰ ডাঙৰ পৃষ্ঠাটোত মই আৰু সৰু পৃষ্ঠাটোত মায়ে খা-খবৰ জনাই চিঠি লিখিছিল৷ কালুগাওঁ বৰপাত্ৰদ'ল চাৰিআলিত থকা
ৰঙা চিঠিৰ বাকচটোত চিঠিখন পষ্ট কৰিবলৈ বৰদেউতাৰ লৰা সোণ
কাইদেউৰ লগত ময়ো গৈছিলোঁ ৷ দেউতাই ঘৰলৈ আহোতে সেই সময়ত প্ৰাপ্তবয়স্কৰ শিক্ষাৰ বাবে প্ৰচলিত 'জনশিক্ষা'
আলোচনীখন লৈ আহিছিল৷
জনশিক্ষাৰ কেইটামান পৃষ্ঠা ডাঙৰ ডাঙৰ আখৰেৰে লিখা৷
তাত ছবি আৰু সাধুকথা প্ৰকাশিত হৈছিল৷ মোৰ প্ৰথম পাঠ্যপুঠিও আছিল 'জনশিক্ষাই'৷ মায়ে জনশিক্ষাৰ সাধুবিলাকৰ যোগেদি আখৰ-জোটনি শিকাই মোক লিখা-পঢ়াৰ আদিপাঠ শিকাইছিল৷
মাৰ বিয়োগ হবৰ আজি সাত বছৰ হ'ল৷ মায়ে মোক পঢ়িবলৈ শিকোৱা, ৰামায়ন-মহাভাৰতৰ সাধু কৈ কৈ
জুহালৰ গুৰিত টোপনিয়াই থকা মোক ভাত খোৱাই দিয়াৰ দৃশ্য মানসপটত ভাঁহি উঠিলে চকু চলচলীয়া নোহোৱাকৈ নাথাকে৷ এসময়ত মাক এৰি দেউতাৰ লগত ডিব্ৰুগড়লৈ গুচি আহিলো৷ তৃতীয় শ্ৰেণীত এবছৰ আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়াৰ পিছত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত নাম লগালোঁ৷ ৬ষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে কেন্দ্ৰীয় চৰকাৰৰ মেধাবী বৃত্তি পাই বেনাৰচৰ ৰাজঘাট বেচেন্ত স্কুলৰ ছাত্ৰ হলোহি৷ ৰাজঘাট বেচেন্ত স্কুলখন এনিবেচেন্তে স্থাপনা কৰা ৷ প্ৰখ্যাত দাৰ্শনিক জে০কৃষ্ণমূৰ্তি জীৱিত থকালৈকে এই স্কুলৰ লগত ওতঃপ্ৰোতভাবে জড়িত আছিল৷ বেনাৰচৰ পৰা দেউতালৈ,মালৈ আৰু ডিব্ৰুগড়ৰ বাল্যবন্ধু কেইজনমানলৈ পত্ৰ লিখি থাকোঁ ৷ বন্ধু ৰাণাই ভাল গান গান গাইছিল৷ আমোলাপট্টিৰ নাট্যমন্দিৰত ফণীশৰ্মাৰ 'কিয়' নাটকত ৰাণাই শিশু শিল্পী হিচাপে অভিনয় কৰিছিল৷ ৰাণালৈ লিখিছিলোঁ - সি গোৱা "অ ফুট গধূলিতে কপিলি খুটিত কোন
গোৰখালী গাভৰুৰে গাইজনী হেৰাল" আৰু "অ' ধূণধূনীয়া মোৰ আইতি জনী"- গীত দুটি লিখি পঠাবলৈ !
নতুন স্কুলত ন ন বন্ধু হ'ল৷ বন্ধুৰ লগত তেওঁবিলাকৰ ঘৰ আগ্ৰা আৰু দিল্লীত ফুৰিবলৈও গলোঁ৷ ইংলেণ্ডৰ দুজনী পেনফ্ৰেণ্ডো বন্ধুৰ তালিকাত যোগ হ'ল৷ অষ্টম শ্ৰেনীত এটি ঘটনা হ'ল৷ সুনীল দত্ত আৰু নূতন অভিনীত"মিলন" চিনেমাখন চাবলৈ আমাক দীপক টকীজলৈ স্কুলৰ ফালৰ পৰাই লৈ গৈছিল৷ লতা মংগেচকাৰৰ
"চাৱন কা মহিনা, পবন কৰে চোৰ" গীতটো বিখ্যাত হৈছিল৷ কিন্তু মোৰ ভাল লাগিছিল আন এটি গীতহে"ৰাম কৰে মেৰী নিন্দিয়া তুঝে লগ জায়ে" ৷ চিনেমাত সুনীল দত্তই গীতটো গাইছিল৷ এদিনাখন
দুপৰীয়া জিৰণীৰ সময়ত মই সেই গানটো নিজৰ ৰুমত ডাঙৰ ডাঙৰকৈ আপোনপাহৰাহৈ গাই আছিলোঁ ৷ হঠাতে দুৱাৰত টুকুৰিয়াই ৱাৰ্ডেন সুধাকৰ তিৱাৰীজী চাৰ সোমাই আহিল৷মোক কলে- "চিনেমাৰ গানৰ ইমান ভিতৰত সোমাব নালাগে ! " মই স্তব্ধ হৈ ৰলোঁ ৷ পিছদিনাখন তিনি পৃষ্ঠাৰ এখন চিঠি দুপৰীয়া জিৰণীৰ সময়ত চাৰৰ হাতত দি আহিলোঁ ৷ কি কি যুক্তি লিখিছিলোঁ , একো মনত নাই৷ চিঠিখন পঢ়ি উঠি চাৰে মোক মাতি পঠালে৷ চাৰে একো নকলে - মোৰ চিঠিখনৰ তলত এইদৰে লিখিলে - "তুমি স্বইছ্বাই জীৱন সংগীত গাই যোৱা, মোৰ কোনো বাধ্যবাধকতা নাই !" লগেলগে মোৰ দুচকুৰে ৰুধিব নোৱৰাকৈ লোতক বৈআহিল৷চাৰে মোক আকোৱালি ললে৷ এইদৰে এইজনা গুৰুৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়ি গ'ল৷ চাৰে আমাক হিন্দী শিকাইছিল৷স্কুল এৰাৰ পিছতো ৪৷৫ বছৰৰ মূৰে মূৰে কেইবাবাৰো বেনাৰচলৈ চাৰক লগ পাবলৈ গৈছিলোঁ ৷চাৰৰ বিয়োগ হবৰ আজি চাৰি বছৰ হ'ল৷ তেখেতৰ অবদানক আজি শ্ৰ্ৰদ্ধাৰে সুঁৱৰিছো৷ ৰাজঘাটৰ আন এজন চাৰ আছিল৷ ইতিহাস আৰু সমাজ বিজ্ঞান পঢ়োৱা - টি০পি০ টেলংগজী৷ চাকৰিৰপৰা অৱসৰ পোৱাৰ পিছতো চাৰে অবৈতনিকভাবে পাঠদান কৰি আছিল৷ফুল-পাত, গছগছনি চাৰে অতিকৈ ভাল পাইছিল৷ অবাবতে এখিলা গছৰ পাত চিঙাটোও চাৰে ভাল নাপাইছিল৷ সকলোৱে
আদৰেৰে তেখেতক 'গুল্লুজী' বুলি মাতিছিল৷ গুল্লুজী চাৰেই মোক চিকিৎসক হবলৈ পৰামৰ্শ দি কৈছিল- "ডাক্তৰ হিচাবেও ভাল হবা আৰু মানুহ হিচাবেও ভাল হবা৷" প্ৰবেশিকা পৰীক্ষা শেষ কৰি স্কুল এৰাৰ পিছত চাৰৰ লগত শাৰীৰিক সাক্ষাৎ আৰু নহ'ল৷ মই ডাক্তৰ হোৱাৰ আগলৈকে চাৰৰ পৰা প্ৰেৰণাদায়ক চিঠি পাই থাকিলোঁ ৷
তিৱাৰীজী চাৰ আৰু গুল্লুজী চাৰ - এই দুয়ো মহৰ্ষি ব্যক্তি মোৰ অন্তৰাত্মাত সদায় থাকিব৷ অশেষ প্ৰেৰণাৰ উৎস দুয়োজন শিক্ষাগুৰুৰ চিঠিসমূহ মোৰ ট্ৰাংকত আজিও সযতনে আছে৷
```````` এয়াই হ'লচিঠিৰ লগত মোৰ এৰাব নোৱৰা ওতঃপ্ৰোত সম্বন্ধ৷ একান্ত ব্যক্তিগত এই কথাবোৰ লিপিবদ্ধ কৰোতে মই দুচকুৰে বাগৰি অহা লোটকক নিয়ন্ত্ৰণ কৰিব পৰা নাই !!
No comments:
Post a Comment