Translate

Wednesday, July 11, 2012

জেনেৰিক ঔষধৰ বিষয়ে কিছু লাগতিয়াল কথা ৷



     জেনেৰিক ঔষধ আৰু চিকিৎসা ব্যয় হ্ৰাস কৰাত ইয়াৰ ভূমিকা সম্বন্ধে উদ্দীপ তালুকদাৰৰ তথ্য সম্বলিত লিখনি  পঢ়ি দুআষাৰ  মোৰো অভিমত ব্যক্ত কৰিব ললোঁ৷ কথাখিনি কিছু দীঘলীয়া হোৱা হেতুকে সুকীয়া 'ষ্টত দিলোঁ 
ভাৰতবৰ্ষত জেনেৰিক দৰব বনোৱা কোম্পানীৰ সংখ্যা বহু হাজাৰ হব৷ প্ৰত্যেকটো এনে কোম্পানীয়ে যাবতীয় লাইচেঞ্চ চৰকাৰৰ পৰা লোৱাটো বাধ্যতামূলক আৰু সেই  লাইচেঞ্চৰ নম্বৰ প্ৰত্যেকটো দৰবৰ লেবেলতেই লিখা থাকে৷ বহুতবোৰ খ্যাতনামা  কোম্পানীয়েই  জেনেৰিক ঔষধ তৈয়াৰ কৰে ৷ যেনে চিপলা,কেডিলা,ৰেনবেস্কিপ্লেথিকোমিনাৰানিচাৰাভাই আদি অনেক  কোম্পানীয়েই তেওঁলোকৰ দৰব দুই ধৰণেৰে বজাৰত মেলি দিয়ে৷ এবিধ ব্ৰেণ্ডেডআনবিধ  জেনেৰিক  এই দুয়োবিধ দৰবৰেই দাম কিন্তু একে নহয়৷  সাধাৰণতে  ব্ৰেণ্ডেডৰ তুলনাত  জেনেৰিক দৰবৰ লিখিত মূল্য অধিকহে৷ কিন্তু 'লচেল  বিক্ৰেতাৰ বাবে তাৰ মূল্য অৰ্ধেক বা তাতোকৈয়ো কম৷ অৰ্থাৎত ৰেহাইৰ লাভটো ক্ৰেতাই নাপায়৷ আকৌ চিকিৎসকসকলৰ মনলৈ আহে যেহেতু   কম  মূল্যত দৰবটো 'লচেলত বিক্ৰী হৈছেগতিকে ইয়াৰ গূণগত মান কেতিয়াও  ব্ৰেণ্ডেডৰ সমকক্ষ হব নোৱাৰে৷ সেই আশংকাতেই জেনেৰিক ঔষধ প্ৰতি প্ৰতিষ্ঠিত ডাক্তৰসকলৰ বিশ্বাস কম৷ আনহাতে   কোম্পানীয়ে কয় যেহেতু  জেনেৰিকৰ বাবে প্ৰচাৰৰ খৰচ নাই সেয়ে তাক কম দামত দিয়াটো সম্ভৱপৰ৷ মই নিজে দেখাত কোনো জেনেৰিক  ঔষধ  লিখিত মূল্য সচৰাচৰ  ব্ৰেণ্ডেডৰ তুলনাত কম আজিলৈকে দেখা পোৱা নাই৷ ইয়াৰ অৰ্থ  এইটোৱেই হব যে  কোম্পানীয়ে নিজৰ দৰব যি কোনো উপায়েৰে হলেও বিক্ৰী হোৱাটো বিচাৰে - লাভৰ অংশ মাজৰ মানুহক দিন হলেও৷ ৰোগীয়ে বা আচল ক্ৰেতাই ইয়াৰ ভূ নাপায়৷ ৰাজস্থানৰ চৰকাৰে যেহেতু নিজৰ তত্বাবধানত তৈয়াৰ কৰা দৰবৰ মূল্য নিজে নিৰ্ধাৰিত কৰেসেয়ে ইয়াত কোনো মধ্যভোগীক লাভাংশ দিয়াৰ কথা নাহে৷ গতিকেই তাত চৰকাৰে বনোৱা জেনেৰিক ঔষধৰহে মূল্য কম৷ আকৌ গোটেই দেশতে সকলো কোম্পানীৰ জেনেৰিক ঔষধৰ মূল্য  কমাবলৈ হলে নিৰ্দিষ্টকৈ চৰকাৰী প্ৰচেষ্টাৰ, আইনী প্ৰক্ৰিয়াৰ প্ৰয়োজন হব৷

     এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ গুৱাহাটীৰ এজন ঔষধ নিৰ্মাতাই মোক এটা চাঞ্চল্যকৰ কথা কৈছিলৰাজধানী দিল্লীতেই এনে এখন বজাৰ আছে' টেবলেট আৰু কেপচুল কিলোগ্ৰাম হিচাবত কিনিবলৈ পোৱা যায়৷এনে ভুৱা দৰবে ৰোগীৰ কি অৱস্থা কৰিব অনুমান কৰকদেশখনৰ পৰা যেতিয়ালৈকে দূৰ্নীতি আতৰ নহয়,  আইন ব্যৱস্থা প্ৰহসন হৈ থাকিব-ভাগ্যৰ বলতহে সৰ্বসাধাৰণ জীয়াই থাকিব৷

     সংযুক্ত আৰব আমীৰাটত (U.A.E.) তিনিমাহৰ কাম কৰাৰ অভিজ্ঞতাৰ পৰা এটা কথা পাঠকক জনাব খুজিছোঁ  তাত প্ৰত্যেকখন প্ৰেচক্ৰিপচনত চিকিৎসকৰ লাইচেঞ্চ নম্বৰৰ ওপৰিও ঠিকনা আৰু মবাইল ফোন নম্বৰ আদি লিখাটো বাধ্যতমূলক৷ দৰবৰ সদায় ৰাসায়নিক নামটোহে (Pharmaceutical name ) লিখিব লাগে কোনো নিৰ্দিষ্ট ব্ৰেণ্ড নহয়৷ আনহাতে বজাৰত উপলব্দ্ধ প্ৰায়বিলাক দৰবৰে মূল্য প্ৰায় ওচৰা ওচৰি৷ অৰ্থাৎ প্ৰত্যেকটো দৰবৰ মূল্য চৰকাৰৰ নিয়ন্ত্ৰণত৷ আনহাতে কম্বিনেচন দৰব অতি কমহে (তাকো অত্যাৱ্যকীয় হলেহেবজাৰত পোৱা যায়৷ প্ৰেচক্ৰিপচনখনৰ দৰবৰ ব্যৱহাৰ সম্বন্ধে যি কোনো কথা সুধিবলগীয়া হলেই চিকিৎসকলৈ  ফাৰ্মাচী,নাৰ্চ বা অইন ডাক্তৰৰ ফোন আহে৷ মই বৰ্তমান কাম কৰি থকা দেশ কাটাৰৰ চুপ্ৰিম কাউঞ্চিল অৱ হেল্থেও সংযুক্ত আৰব আমীৰাটৰ নীতি প্ৰয়োগ কৰাৰ কথা গুনা-গথা কৰি আছে৷



No comments:

Post a Comment

Total Pageviews