প্ৰতি
চিঠি গোটৰ সমূহ সদস্যসকল ~
পোনতেই আপোনাসবক মোৰ প্ৰীতি সম্ভাষণ
আৰু ৰঙালীৰ শুভেচ্ছা জনালোঁ৷ তিনিসপ্তাহৰ আগতে মাধুৰীমা ঘৰফলীয়াৰ
চিঠিৰ প্ৰত্যুত্তৰ দিবলৈ থাকি গৈছিল৷ তাৰেই
আঁত ধৰি আজিৰ এই লিখনি৷
পানীলগা, চৰ্দি-জ্বৰ, হুৰহুৰীয়া শুকান কাঁহ, ডিঙি চেৰচেৰাই থকা,মাত ভঙা,নাক বন্ধ হোৱা, কাণ দুখন ঘোপ মাৰি বন্ধ হৈ থকা - এইবিলাকৰ অনুভৱ নোহোৱাকৈ থকা লোক খুউব
কমহে ওলাব৷
অসুখ দেখাত সামান্য যদিও
ই এক অতি বিৰক্তিকৰ অনুভৱ ৷ অসুখত ভোগাজনৰ কাম আৰু সময়ৰ ক্ষতি হয় আৰু ৰোগে কামত মনোযোগ দিয়াত বাধাৰ সৃষ্টি কৰে৷
কথিত আছে পানী লগাৰ দৰব নাখালে ভাল হবলৈ ৭ দিন সময় লাগে আৰু দৰব ব্যৱহাৰ কৰিলে এসপ্তাহত ভাল হয়৷ তেনেহলে কিহৰ বাবেনো এই লিখনি, চিন্তা চৰ্চা ? আচলতে মানুহে সাবধানে চলিলেও কেতিয়াবা নহয় কেতিয়াবা ৰোগাক্ৰান্ত হবলগীয়া হয়৷ কিন্তু ৰোগত আক্ৰান্ত হোৱাৰ পিছত তাৰ পৰা হোৱা কষ্টসমূহ চিকিৎসাৰ দ্বাৰা লাঘব কৰিব পাৰে, যাৰ দ্বাৰা ব্যক্তিজনৰ কামৰ ক্ষতি কম হব৷
মানুহৰ শৰীৰ হ'ল বহুতবোৰ বেক্টেৰিয়া আৰু ভাইৰাচৰ আশ্ৰয়স্থলী৷ সিহঁতি দিনৰ পিছত দিন, মাহৰ পিছত মাহ আমাক একো অপকাৰ নকৰাকৈ আমাৰ শৰীৰত আশ্ৰয় লৈ থাকে৷
কিন্তু অসমীয়াত এটা প্ৰবাদ আছে - হলা গছত বাগী কুঠাৰ সকলোৱে মাৰে৷ ঠিক তেনেদৰে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গলে,শৰীৰ কোনো কাৰণত দূৰ্বল হলে -সেই সুপ্ত বেক্টেৰিয়া আৰু ভাইৰাচ সমূহৰ বাবে অনুকুল পৰিবেশৰ সৃষ্টি হয়, ফলত তাহাঁতি সক্ৰিয়হৈ মানৱ শৰীৰৰ অনিষ্ট সাধিব আৰম্ভ কৰে৷
গতিকে আমি কিদৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰো, তাৰ চৰ্চা কৰাই হ'ল এই লিখনিৰ উদ্দেশ্য
৷
আৰু এটা জৰুৰী কথা৷ এনে শ্বাস- প্ৰশ্বাসজনিত ৰোগবিলাক সাধাৰণতে অতি সংক্ৰমণশীল
হয়, অৰ্থাৎ সহজতে এজনৰ পৰা আন এজনলৈ ৰোগ সোঁচৰে৷ সাধাৰণতে ৰোগ বিয়পে প্ৰদূষিত বায়ুমণ্ডলৰ যোগেদি৷ ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত
Droplet Infection বুলি কয়৷ ৰোগীয়ে কাঁহিলে, হাঁহিলে,হাঁচিয়ালে,থুই-খেকাৰ পেলালে বেক্টেৰিয়া আৰু ভাইৰাচ বায়ুৰ কণিকাত বাস্প আৰু বতাহৰ লগত মিহলি হৈ উটি-ভাঁহি থাকে আৰু আমি নেদেখাকৈয়ে অইন নিৰোগী মানুহৰ শৰীৰত প্ৰবেশ কৰে৷ গতিকে এনে ড্ৰপলেট সংক্ৰমণক বাধা দিবলৈ হলে - ৰোগী, পৰিয়ালৰ মানুহ আৰু সংস্পৰ্শত অহা সকলোৱে প্ৰতিৰোধক মুখা পিন্ধিব লাগে৷
ৰোগী বন্ধ কোঠাত নাথাকি বায়ু চলাচল কৰা মুকলি পৰিবেশত থাকিলে ভাল৷
সেয়েহে চিনেমাহল বা আন যি কোনো প্ৰেক্ষাগৃহ এনে সংক্ৰমণশীল ৰোগৰ উৎপাদনথলী হব পাৰে৷
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ যোগাসন আৰু ব্যায়ামৰ ভূমিকা সৰ্বদা স্বীকৃত৷
ইয়াৰ পিছত আহে বনৌষধি বা আন ঔষধৰ ব্যৱহাৰ৷ তুলসী আৰু আদাক একেলগে পিচি লৈ মৌজোলৰ সৈতে মিহলাই কৰা সংমিশ্ৰণ এনে বিভিন্ন কাঁহ-জ্বৰ-চৰ্দিৰ বাবে আজিও বহুতো অসমীয়া পৰিয়ালত ঘৰুৱা চিকিৎসা হিচাবে ব্যৱহৃত হয়৷ তুলসীৰ নিশ্চিত ঔষধি গূণ আছে- যাৰ বাবে ই ঋষি মুনিৰ দিনৰ পৰা সন্মানিত হৈ আহিছে৷ তুলসী গছ হ'ল জিনচেং পৰিয়ালৰ৷ জিনচেং গছে শাৰীৰিক, স্নায়বিক দূৰ্বলতা আতৰাই দীৰ্ঘায়ু প্ৰদান কৰাত সহায়ক বুলি স্বীকৃতি পাইছে৷ ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট ঔষধসমূহে প্ৰদূষিত ৰক্ত পৰিশোধন কৰাৰ দৰে কাম কৰে৷ আজিকালি দিনক দিনে এইবিলাকৰ ব্যৱহাৰ চিকিৎসা -ক্ষেত্ৰত বাঢ়ি আহিছে৷
Septilin নামৰ আয়ুৰ্বেদিক টেবলেট বা চিৰাপ ২৷৩মাহ খালে এনে ৰোগ সমূহৰ কষ্টৰ পৰিমান কম হোৱা দেখা যায়- দৰাচলতে এনে ঔষধো শৰীৰৰ সুৰক্ষা বৃদ্ধিত সহায়ক হয়৷ মেন্ঠলৰ ভাপ দিনে ২৷৩বাৰ ললে বন্ধ নাক-কাণ খোলাত সহায়ক হয়৷ কুহুমীয়া গৰম নিমখ পানীৰে দিনে ২৷৩বাৰ কুলকুলি কৰিলে ডিঙিৰ অসুখৰ কষ্টসমূহৰ ভালেখিনি উপশম হয়৷
এতিয়া এবিধ লাগতিয়াল প্ৰতিষেধক বা ভেকচিনৰ বিষয়ে উল্লেখ কৰিম৷ যি সকল ব্যক্তিয়ে বছৰি বছৰি শ্বাসজনিত বিভিন্ন ৰোগ,এলাৰ্জি, হাঁপানি আদিত ভোগি আহিছে, তেওঁলোকে বিশেষকৈ ইয়াৰ ব্যৱহাৰৰ দ্বাৰা উপকৃত হব৷ কিছুমান ব্যক্তিয়ে বৃত্তিগত কাৰণত (যেনে গায়ক,অভিনেতা,শিক্ষক,অধিবক্তা আদিয়ে)ভঙা মাতলৈ জীৱিকা ক্ষতিগ্ৰস্ত
কৰিব নোৱাৰে - তেনেলোকৰ বাবেও ই
উপকাৰী ৷ ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই আৰু ই কোনো নিয়ন্ত্ৰিত ড্ৰাগছো নহয়৷ তথাপিও এজন MBBS ডাক্তৰৰ তত্বাবধানত ইয়াক লবলৈ পৰামৰ্শ দিম ৷ মাত্ৰ ১মিলিলিটাৰৰ এই বেজীটো ছালৰ তলত লব লাগে (Subcutaneously) - গতিকে বিষ অনুভৱ নহয়৷ Histaglobin
নামৰ এই বেজীটো এজনে ১২টাৰ পৰা ২৫টালৈ লব লাগে৷ ৰোগৰ গভীৰতা আৰু ৰোগ কিমান পূৰণি তাৰ ওপৰত নিৰ্ভৰ কৰি বেজীৰ সংখ্যা ঠাৱৰ কৰা হয়৷ প্ৰথমতে সপ্তাহত দুটা, পিছত ক্ৰমে সপ্তাহত এটা, দুসপ্তাহত এটাকৈ শেষত মাহত এটাকৈ এই ভেকচিন ব্যৱহাৰ কৰা
হয়৷ মই যোৱা ৫৷৬ বছৰে বহু ৰোগীক এই ঔষধ প্ৰদান
কৰি সুফল পাইছো৷
এই বিষয়ে আজিলৈ ইমানতে সামৰিলো৷
মোৰ এই বিধান সমূহৰ পৰা ৰাইজ উপকৃত হলে নথৈ আনন্দিত হম৷
ইতি
ডা০ ভূপেন শইকীয়া
১৯ এপ্ৰিল ২০১২
ড'হা, কাটাৰৰ পৰা
No comments:
Post a Comment