প্ৰতি
মনোহৰ
দত্ত
প্ৰিয়
বন্ধুবৰ ~
ভোগালি বিহুৰ ওলগ আৰু আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰিব৷ আশাকৰো উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ উত্তাপ লবলৈ সাজু হৈছে৷ আজি চিঠিৰে আপোনালৈ দুআষাৰ লিখি মনতো
পাতলাব খুজিছোঁ৷
অৱশ্যে বিহুৰ বতৰত মই কাৰো মনত দুখ দিব বিচৰা নাই৷ তথাপিও মনৰ ভাৱ দুটিমান ব্যক্ত কৰিব বিচাৰিছোঁ৷ বন্ধুবৰ প্ৰতীম প্ৰতাপ বৰুৱাই দিল্লীৰ পৰা লিখিছে - ভোগালীৰ এই সময়ত ঘৰৰ পৰা আতৰত থকাৰ সমান দুখ নাই৷ তেওঁৰ দৰে উপলব্দ্ধি আন বহুতৰে হয়তো অসমত,ভাৰতৰ অইন ঠাইত বা বিদেশত থাকি হৈছে৷
এইবাৰ মই যোৱা ছমাহ ধৰি বিদেশত কৰ্মৰত আছোহি৷ মনলৈ মাজে-মাজে ভাৱ আহে - মই যন্ত্ৰত পৰিবৰ্তন হৈ গৈছো নেকি ? নিজৰ পৰিয়ালৰ পৰা, নিজৰ প্ৰদেশৰ পৰা, নিজৰ দেশৰ পৰা হেজাৰ মাইল আতৰত আছোহি৷ পৰিয়ালৰ ভৰণ-পোষণৰ বোজা পাতলাবৰ বাবেই বিদেশত কৰ্মসংস্থান বিচাৰিব লগীয়া হৈছে৷ তথাপিও সেই কথা যেন আপোনজনে গভীৰভাবে উপলব্দ্ধি কৰিব পৰা নাই৷ মোৰ বাবে নাই কাৰো কোনো উদ্বেগ, নাই কোনো সহানুভূতি৷ বিখ্যাত তবলাবাদক আল্লাৰখ্খাৰ কথা পঢ়িছিলোঁ৷তেওঁ যেতিয়া সপ্তাহ বা মাহযোৰা প্ৰগেম কৰিবলৈ বিদেশলৈ যায় - তেওঁৰ আৰু পৰিয়ালৰ মানুহবিলাকৰ চকু বিদেশ ভ্ৰমণ শেষ নোহোৱালৈ চলচলীয়া হৈ থাকে৷ এনে অনুভূতিৰ এনাজৰী সচাকৈয়ে বিৰল৷
বন্ধু এজনে কেইদিনমান আগতে মোক কৈছিল - আমি দুয়োজনে যথেষ্ঠ উপাৰ্জন কৰিলোঁ ৷ কিন্তু আমাৰ হাতত আজি জমা টকা এটকাও নাই৷ ল'ৰা-ছোৱালী তিনিওটাকে মানুহ কৰিব পাৰিলোঁ সেয়াই সন্তোষ৷ মোৰ গৰ্ব মোৰ এজনী মোক বুজি পোৱা মৰমীয়াল তিৰোতা আছে৷- এনেদৰে কথা কব পৰা লোক কেইজন ওলাব বাৰু ? মই তেওঁক মাথো কলোঁ
- আপোনাৰ সৌভাগ্য দেখি মোৰ ঈৰ্ষা কৰিবৰ মন গৈছে !
সৰুকালতে টলষ্টলৰ সাধু পঢ়িছিলোঁ - "মানুহ কিহৰ বাবে জীয়াই থাকে"৷ আজি কিতাপখন সংগ্ৰহ কৰি পুনৰাই পঢ়িবৰ মন গৈছে৷ জীৱনৰ ঘাত-প্ৰতিঘাতৰ মুখামুখি হলে হৰবংশ ৰায় বচ্চনৰ এই কবিতাফাকি আওৰাওঁ - " ম্যে ছুপনা জানতাতো সাধু চমঝতা জগ মুঝে, শত্ৰু বন গয়া ছলৰহিত ব্যৱহাৰ মেৰা ৷" অভিনয়, কৃত্ৰিমতা নাজানিলোঁ, নিশিকিলোঁ - সেয়ে পদে-পদে ঠোকৰ খাওঁ !
ভাৱৰ বুৰবুৰনি আজিলৈ ইমানতে সামৰিলোঁ৷ পুনৰাই মৰম আৰু শুভেচ্ছা আপোনালৈ ও আপোনাৰ পৰিয়ালবৰ্গলৈ জনালো৷
ইতি
আপোনাৰ বন্ধু ডা০ ভূপেন শইকীয়া
ড'হাৰ পৰা, তাং ১৪৷১৷২০১২
No comments:
Post a Comment