Translate

Friday, July 6, 2012

প্ৰবাসী মন !


প্ৰবাসী মন

মৰুভূমিত বনবাসত মই
মানুহ,মানুহ আৰু মানুহ
নানা বৰণৰ
নানা ভাষাৰ

কোলাহলৰমাজতো
নিস্তব্দ্ধতা !

গছ বন ফুল লতা
আৰু চৰাইৰ ভাষা
যদি
হ'লহেতেন
মানুহৰো ভাষা

মন মোৰ
একাকী নহৈ
আজি
হ'লহেতেন
ৰামৰেনুৰ ৰঙেৰে ৰঙীন !!


(- ১৫৷২৷২০১২ :   ড'হা, কাটাৰ)

No comments:

Post a Comment

Total Pageviews