মোৰ এই পষ্টটো পঢ়ি আপোনালোকে হাঁহিলেওঁ মই অভিজ্ঞতা শ্বেয়াৰ কৰা অৰ্থাৎ তাৰ ভাগ দিয়াৰ খাতিৰত লিখিবলৈ ললোঁ৷ যোৱা নিশা মই সপোনত দেখিলোঁ : এক ট্ৰাক পাচলি৷ মোৰ বাহিৰে অইন মানুহেও তাৰ পৰা পাচলি নিজৰ কাৰণে বাচিছে৷ গাড়ীখনত আছে মাথো তিনিবিধ পাচলি৷ বেলেগ বেলেগ আকাৰৰ ৰঙালাউ, কিছুমান সেউজীয়া, কিছুমান পখৰা ৰঙৰ আৰু বেচি ভাগ সচৰাচৰ দেখা পাতল কমলা বৰণৰ৷ একোটা ৰঙালাউ আধা কেজিৰ পৰা ৫ কেজি ওজনৰ হব৷ পাতল মুগা বৰণৰ পৰিস্কাৰ নতুন আলু ওলাইছে আৰু আছে বেলেগ বেলেগ চাইজৰ পিঁয়াজ৷ দুজন গ্ৰাহকে পকা হালধীয়া চেনিচম্পা কল খাই আছে৷ এজনী আইতাই এটা গোলাপী ৰঙৰ কেঁচুৱা কোলাতলৈ আছে আৰু আন এজনে ষ্টিলৰ প্লেটত উজ্বল হালধীয়া সৰু সৰু মিহিদানা খাই আছে৷
‘অসমীয়া কথা বতৰা’ গোটত ইতিমধ্যে সপোনত ৰঙ দেখা পোৱা-নোপোৱাৰ ওপৰত এলানি আলোচনা ওলাই গৈছে৷ সপোন আমি দেখোঁ আৰু পাহৰি যাঁও৷ মনোবিজ্ঞানী সকলে হয়তো প্ৰতিটো সপোনৰ অৰ্থ বিচাৰি ওলিয়াব পাৰে৷ মনত পৰাত সপোনত এই প্ৰথম মই ইমান বিতংকৈ ৰঙ দেখা পালোঁ৷ ইয়াৰ কাৰণ হয়তো কেইদিনমান আগতে হোৱা আলোচনাৰ ক্ৰিয়া মস্তিষ্কত চলি থকা ৷ একে ধৰনৰ সপোন বাৰে বাৰে দেখা কথাটোত সত্যতা নোহোৱা নহয়৷ সপোনত বান্দৰৰ ফুটবলৰ ফাইনেল খেল চোৱাৰ ৰসাল গাজাটো আমাৰ পাঠক সকলে নিশ্চয় শুনিছে৷ অলপতে এটা গোটত এজনে "সপোনত দেখা এখন ফটো" প্ৰকাশ কৰি বেচ ৰগৰ সৃষ্টি কৰিছিল৷ আমি ডাক্তৰ সকলে কওঁ- শুঁওতে টান কাপোৰ পিন্ধি নুশুব৷ ডিঙিত গামোছা বা মফলাৰ মেৰাই নলব৷ বুকুৰ ওপৰত হাত দুখনৰ ভৰ পৰিবলৈ নিদিব৷ -এইবিলাক কথাৰ লগত সপোনৰ সম্পৰ্ক আছে৷ শৰীৰে যি কোনো কষ্ট পাই থাকিলে ভয় -লগা স্বপ্ন অহাটো খাটাং৷
No comments:
Post a Comment