Translate

Friday, July 6, 2012

চিকিৎসকৰ ডায়েৰীৰ পৰা দুআষাৰ


প্ৰতি
মনোহৰ দত্ত
নলবাৰী, অসম

বন্ধুবৰ ~
মোৰ সাদৰ সম্ভাষণ জানিব৷ চিকিৎসকৰ ডায়েৰীৰ পৰা দুআষাৰ লিখিব ললোঁ ৷
এক আনন্দদায়ক স্মৃতিৰ মই আপোনাসবক অংশীদাৰ কৰিব খুজিছোঁ ৷
মই মেডিচিনত স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ণ কৰি থাকোতে মোৰ ৰাজদূত মটৰ চাইকেলেৰে প্ৰতি দেওবাৰে মেঘালয়ৰ নংপোলৈ ৰোগী চাবলৈ গৈছিলোঁ৷ গুৱাহাটী চিলঙৰ মধ্যস্হলত অৱস্হিত নংপোলৈ গুৱাহাটীৰ পৰা দূৰত্ব ৫০কিলোমিটাৰ৷ তেতিয়া নংপো মহকুমা আছিল,এতিয়া জিলা হ'ল৷ ৰোগীৰ লগত বাৰ্তালাপ কৰোতে কৰোতে মই খাচিয়া ভাষাও কবলৈ শিকিলোঁ৷ এম ডি ডিগ্ৰী পোৱাৰ বছৰেকৰ ভিতৰত পানবজাৰৰ মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ত চাকৰিত যোগদান কৰিলোঁ৷ তেতিয়াও প্ৰতি দেওবাৰে নংপোলৈ গৈ থাকোঁ৷ তাত দিনটোত এশৰ ওপৰ ৰোগীক চিকিৎসা দিওঁ৷ এটা দেওবাৰে সন্ধিয়া মানুহ এজনে মোক কলেহি ঘৈণীয়েকৰ ডেলিভাৰীৰ বৰ কষ্ট হৈ আছে আপুনি গুৱাহাটীলৈ ঘূৰোতে বাটতে সোমাই চাই যাব৷ নংপো পাবলৈ ৫কিলোমিটাৰমান থাকোতে পোৱা পাহামৰিঅ'হ নামৰ গাঁৱত তেওঁৰ ঘৰ৷
মোৰ ঘূৰিবলৈ লওতে ৰাতি প্ৰায় দহটাই বাজিল- তথাপিও কথা দিছোঁ যেতিয়া ৰোগীৰ ঘৰত সোমাবই লাগিব৷ গৈ দেখোঁ পৰিস্থিতি বিষম -গাঁৱলীয়া ধাই আৰু অন্য মহিলাসকলে মিলি পেটত হেঁচি,ৰচিৰে পেটত গাঠি দি ঠেলি-হেঁচি সন্তান প্ৰসৱ কৰালে৷ তিনি কেজিৰ অধিক ওজনৰ লৰা সন্তানটো ভাগ্যে বাচিল৷ কিন্তু তেতিয়াও ফুল অৰ্থাৎ প্লেচেন্টা বাহিৰ হোৱা নাই আৰু মহিলাগৰাকীৰ ভীষণ ৰক্তক্ষৰণ হৈ আছে৷ ৰক্তচাপ মনিব নোৱৰা আৰু ৰোগী অৰ্ধচেতন ৷ লগে লগে হেমাকচিল চেলাইন লগাই গিৰিহঁতক কলোঁ - ৰোগীৰ অৱস্হা সংকটজনক, সোনকালে গাড়ীৰ ব্যৱস্থা কৰক, তেওঁক বচাবলৈ হলে এতিয়াই গুৱাহাটীলৈ নিব লাগিব৷ ৰোগীৰ দশম সন্তান,বয়স ৪০ৰ ওচৰ হব৷ আগৰ প্ৰত্যেকটো প্ৰসৱ ঘৰতে হৈছিল যদিও একো অসুবিধাৰ সন্মুখীন হোৱা নাছিল৷
অনুমান কৰিলোঁ জৰায়ু নিশ্চয় এই আসুৰী চিকিৎসাৰ ফলত নফটাকৈ , Rupure of Uterus নোহোৱাকৈ থকা নাই৷ এখন জীপ গাড়ী বন্দোবস্ত কৰি আনিলে৷ মই হেমাকচিলটো শেষ কৰি নৰ্মাল চেলাইন এবটল লগাই দি ৰোগীক জীপৰ মজিয়াত শুৱাই এজনক চেলাইনটো চাই যাবলৈ শিকাই দিলোঁ৷ জীপখন ৰোগীৰ লগত যাব ওলোৱা মানুহেৰে ভৰি পৰিল৷ মোৰ ৰাজদূতৰ পিছে পিছে গাড়ীখন আহি থাকিল৷ খানাপাৰা পাৰ হৈ ভঙাগড় পালোহি, কিন্তু গুৱাহাটী মেডিকেলত সোমোৱাৰ কথা এবাৰো নাভাবিলোঁ - কাৰণ নিজে কাম কৰা চিকিৎসালয়খনতো সকলো সুবিধা আছে আৰু তেতিয়া কাম কৰি থকা প্ৰসূতি চিকিৎসক ডা০ ভূদেৱ চৌধুৰীৰ ওপৰত মোৰ পূৰ্ণ আস্থা আছিল৷ পানবজাৰ পালোগৈ ৷ কেজুৱেলিটিৰ ট্ৰলিৰে ৰোগীক গাড়ীৰ পৰা নমোৱা হ'ল৷ ডিউটিৰ মেডিকেল অফিচাৰে ডা০চৌধুৰীক কল দিলে৷পলম নকৰি ডা০ চৌধুৰী আহিল - এনাচথেচিয়াৰ ডাক্তৰ ধনীৰাম বড়াকো মতা হ'ল৷ ডা০ চৌধুৰীক মই ৰোগীৰ আদ্যোপান্ত কলো৷ নকলেও হব লগত অহা দলটোত এজনো খাচিয়াৰ বাহিৰে বেলেগ ভাষা জনা লোক নাছিল৷ চৌধুৰীয়ে ৰোগীক ভালদৰে পৰীক্ষা কৰি কলে - জৰায়ু ছিন্ন-ভিন্নহৈ গৈছে৷ ইফালে অত্যধিক ৰক্তক্ষৰণৰ ফলত ৰোগী শ্বকত গৈছে৷ অপাৰেচন কৰিবলৈ চিকিৎসকৰ এটা দল হলে ভাল হব, গতিকে ভঙাগড়লৈ নিয়াই ভাল হব বুলি পৰামৰ্শ দিলে৷
কেইটিমান জৰুৰী বেজী দি,চেলাইন সলাই ৰোগীক চিকিৎসালয়ৰ এম্বুলেঞ্চেৰে অস্কিজেনসহ মেডিকেল কলেজলৈ লৈ অহা হ'ল৷ মেডিকেলত প্ৰবেশ কৰোত তেতিয়া নিশা তিনিটা বাজিছে৷ খৰখেদাকৈ ৰোগীক অপাৰেচন থিয়েটাৰলৈ নিয়া হ'ল৷ মই ব্লাডবেংকৰ পৰা প্ৰয়োজন হোৱা চাৰি বটল তেজ সংগ্ৰহ কৰি দিলোঁ৷ যেতিয়া পুৱাৰ বেলি ওলাল, তেতিয়াই অ' টিৰ পৰা খবৰ আহিল -অপাৰেচন সুকলমে শেষ হ'ল৷ ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ৷ মই ভগবানক অশেষ ধন্যবাদ জনাই ৰোগীৰ
গিৰিয়েকক সকলো বুজাই নিৰ্ভয় দি পানবজাৰলৈ ঘূৰিলোঁ-কিয়নো পুৱা ৯বজাৰ পৰা মোৰ ডিউটি আৰম্ভ হব৷

মেডিকেলত থকা দিনকেইটাত নিয়মীয়াকৈ ৰোগীৰ খা-খবৰলৈ থাকিলোঁ৷ লাহে লাহে ৰোগী কঙ অলিৰ পৰিয়ালটো মোৰ ঘৰুৱাৰ দৰেহৈ পৰিল৷খাচিয়াত কঙ মানে হ'ল বাইদেউ৷ তেওঁলোকে গাঁৱৰ এজাক মানুহৰ সৈতে পানবজাৰৰ গৌৰী ভৱনত পতা মোৰ বিয়ালৈয়ো আহিল৷ ৫ বছৰৰ আগতে গুৱাহাটীত মই ঘৰ লোৱা অনুস্থানলৈও দলে বলে আহিল ৷ আমিও চিলঙলৈ গলে নংপো বজাৰত নৰলেও পাহামৰিঅ'ৰ কঙৰ ঘৰত সোমাই চাহ-ভাত আৰু ক্বেই (তামোল) খাইহে যাওঁ৷ সেই নোমলীয়া পুত্ৰ আজি ২৪ বছৰীয়া, কঙ আৰু তেওঁৰ স্বামী ও ফ' দুয়ো সুস্বাস্থ্যৰে ভালেই আছে ৷ তেওঁলোকৰ স্বাস্থ্য ভালে থকাৰ কাৰণ হ'ল শাৰীৰিক শ্ৰম৷ মানুহজনে খেতি বাতি কৰে- ধান,আাদা,কচু, কমলা আৰু আনাৰচৰ খেতি কৰে৷ বাৰীৰ তামোল আৰু পাণৰো ভাল উৎপাদন৷ সকলোবিলাক ঘৰত চপাই বজাৰত বেচিবলৈ নিয়ে৷ গোটেই পৰিয়ালেই নিজৰ নিজৰ ভাবে এই কৃষি কৰ্মৰ লগত জড়িত৷ ইয়াৰ ওপৰিও পাহাৰৰ বনাঞ্চলৰ পৰা ফুলঝাড়ুৰ গছ ছিঙি আনি নিজে মজবুত আৰু সুন্দৰককৈ বিক্ৰীৰ বাবে তৈয়াৰ কৰে৷

আজিলৈ ইমানতে সামৰিলোঁ ৷
পুনৰাই প্ৰীতি সম্ভাষন জনালোঁ ৷

ইতি
ডা০ ভূপেন শইকীয়া
২জুলাই, ২০১২
ড'হা, কাটাৰ

Like ·  · Unfollow Post · July 2 at 11:09pm
Manohar Dutta, Indranil Gayan, Apurba Kalita and 10 others like this.
Rumi Borah সুন্দৰ প্রাকৃতিক বৰ্ণণাৰ লগত জড়িত গুৰুত্বপূ্ণ চিঠি।ধন্যবাদ চাৰ।
July 2 at 11:13pm · Like · Manohar likes this
Moyurie Dutta মাতৃগৰাকীৰ অৱস্থা পঢ়ি সিয়ঁৰি উঠিলো য'দিও আপোনাৰ অভিজ্ঞতাৰ সোৱঁৰণিয়ে আমাকো সুখী কৰিলে ৷ ৰোগীৰ প্রতি সহানুভূতিশীল, মনৱদৰদী চিকিৎসক গৰাকীক বিচাৰি পালো ৷ সেই পৰিয়ালৰ লগত গঢ়ি উঠা আত্মীয়তা অক্ষুণ্ণ থকা কথাই অনাবিল আনন্দ দিলে ৷ আপোনাৰ সুদীৰ্ঘ চিকিৎসক জীৱনৰ আন অভিজ্ঞতাৰ বিষয়ে জানিবলৈ অধীৰ আগ্রহেৰে বাট চালো ৷
July 2 at 11:17pm · Like · Manohar likes this
Anjana Tamuli আপোনাৰ লিখনিত প্ৰতিফলিত হয় আপোনাৰ কৰ্মজীৱনৰ প্ৰতিচ্ছবি। খুব সুন্দৰকৈ আপুনি আপোনাৰ জীৱনৰ স্মৰণীয় ঘটনাৱলী বৰ্ণনা কৰি যায় নিপুণতাৰে। পঢ়ি আপ্লুত হ‘লো ।
Tuesday at 12:26am · Edited · Like · Manohar + 1 other
Sarada Shrestha আপোনাৰ চিঠিখন পঢ়ি কিছুসময় যেন উশাহ লবলৈ পাহৰি গৈছিলো । আপোনাৰ একানপতীয়া প্ৰচেষ্টাত দুটা জীৱনৰ লগতে এখন ঘৰে ঘুৰাই পালে প্ৰাণ আৰু ঘূৰাই পালে হেৰুওৱা জীৱনৰ ছন্দ ।
Tuesday at 2:42pm · Like · Manohar + 1 other
Manohar Dutta ৰোগীৰ প্ৰতি এনে দায়িত্ববোধেহে চিকিত্‍সক সকলক প্ৰকৃত চিকিত্‍সক কৰি তোলে|
চিঠিখনে এখন চিনেমাৰ দৰে ঘটনাটো সমুখত তুলি ধৰিলে| এয়াই মানৱতা|
চিঠিখনৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ আৰু আগলৈও চিকিত্‍সক জীৱনৰ কথা পঢ়াৰ সুযোগ পোৱাৰ আশা ৰাখিলোঁ|
Tuesday at 6:58pm · Like

No comments:

Post a Comment

Total Pageviews