Translate

Tuesday, July 10, 2012

অপহৰণ, ভাবুকি, ডকাইতি আদিৰ বিষয়ে দুআষাৰ


        ২০০১ চনৰ ঘটনা৷ মোৰ বাসগৃহতেই এক সাহিত্য চৰাৰ বৈঠক বহিছিল৷ বিষয় আছিল 'ধৰ্ম আৰু বিজ্ঞান' মোৰ দুই অকণমানি কন্যাই অসমীয়া কবিতা আবৃতি কৰিছিল৷ ওচৰৰ দুলে বৰগীত গাইছিল৷শ্ৰোতা ৩৫জন মান হব৷ সভাৰ আঁত ধৰিছিল  সাহিত্যক- সাংবাদিক  মোৰে এজন  বন্ধুৱে৷ সভাখন সুকলমে পাৰ হোৱাৰ পিছত বন্ধুজনে তেওঁৰ লগত অহা এজন ওখ ক্ষীণকায় জেকেট পিন্ধা যুৱকৰ সৈতে মোক পৰিচয় কৰি দিলে৷ যুৱকজনে ভদ্ৰভাবেই কথা পাতিছিল যদিও কোনোবা পাকত মোৰ পৰা সংগঠনৰ নামত বৰঙণী বিচাৰিবলৈ কুন্ঠাবোধ নকৰিলে৷ মই তেওঁ বিচৰামতে টকা দহ হেজাৰ দিবলৈ থেৰো-গেৰো কৰাত কৌশলেৰে জেকেটৰ ভিতৰ চাইডত থকা সৰু অস্ত্ৰবিধ দেখুৱালে৷ অৱশেষত মোৰ পৰা কষ্টপাৰ্জিত টকা  দহ হেজাৰ লৈ যুৱকে হাঁহি মুখে বিদায় ললে৷ মোৰ বন্ধুজন নিৰ্বাক দৰ্শক হৈ থাকিল৷ তেওঁ নিজৰ সংবাদপত্ৰত পিছত এই ঘটনাটোকলৈ আক্ষেপ ব্যক্ত কৰিছিল৷ ২০০২ চনৰ শেষৰ ফালে মোৰ সেই বন্ধুৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নানান উপসৰ্গসহ ডায়েবেটিচ ৰোগত বৰ কৰুনভাবে মৃত্যুবৰণ কৰে৷ সেই সময়ত মই মোৰ প্ৰথম বিদেশৰ চাকৰিত লিবিয়াত আছিলো৷ পিছত  পৰিয়ালৰ লোকৰ পৰা   অন্তিম সময়ত মোক বৰকৈ বিচৰা বুলি গম পাইছিলো৷ চৰকাৰী সাহায্য পালে হয়তো তেওঁ অসময়ত মৃত্যুবৰণ কৰিবলগীয়া নহ'লহেতেন৷ মুছলিম ধৰ্মলম্বী হৈয়ো সংস্কৃতৰ আৰু গীতাৰ অবাধ  জ্ঞান থকা 
এইজনালোকৰ নাম কলেই আপোনালোকৰ বহুতে চিনি পাব৷ তেওঁ আছিল এম,চালেহউদ্দীন চৌধুৰী৷
       অলপতে গুৱাহাটীৰ আঠগাওঁৰ চেম্বাৰৰ পৰা চিকিৎসক ডাক্তৰ মাণিক চন্দ্ৰ আগৰৱালাক ৮৷১০জন অস্ত্ৰধাৰী  যুৱকে  অপহৰণ কৰি নিছিল৷ সৌভাগ্যৰ কথা পুলিচে আজি দুদিনৰ মূৰত  ডাক্তৰ  আগৰৱালাক জীৱন্তে নলবাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ এই কথাটো উল্লেখ কৰাৰ কাৰণ 'অসমৰ আইন শৃঙ্খলাৰ পৰিস্থিতি যে কেনেকুৱা চলি আছে তাৰ বিষয়ে পাঠকক সামান্য নিজৰ অভিজ্ঞতাসহ আভাস দিয়া৷ প্ৰায় পোন্ধৰ বছৰৰ আগতে এবছৰৰ ব্যৱধানত দুবাৰকৈ নিজা ঘৰতে ডকাইতৰ মুখামুখি হলো৷ অথচ গুৱাহাটীৰ বশিষ্ঠ থানাৰ পৰা আমাৰ ঘৰলৈ দূৰত্ব এক কিলোমিটাৰৰো কম আছিল৷ ডকাইটিৰ ঘটনাৰ পিছত আহিলটেলিফোনত টকাৰ দাবী আৰু ভাবুকি৷ নিৰুপায়হৈ প্ৰায় চাৰিমাহ দিনে নিশাই পুলিচ পহৰাত থাকিবলগীয়া 'ল৷ তেতিয়া এচ পি আছিল ভাস্কৰজ্যোতি মহন্ত৷ এবাৰ  লাখটকা লৈ পাঞ্জাবাৰী পথত লগ ধৰিবলৈ  আমালৈ নিৰ্দেশ আহিল৷ আমাৰ গাড়ীৰ পিছে পিছে চিভিল ড্ৰেচত সশস্ত্ৰ পুলিচ বাহিনীও ওলাল৷ কিন্তু অপৰাধী জালত নপৰিল৷ লাহে লাহে ফোনৰ আতংক কমিব ধৰাত পুলিচৰ সুৰক্ষা ত্যাগ কৰিলো৷ কিন্তু পুলিচৰ পহৰাত থকা দিনকেইটাত মই মোৰ অনা-অসমীয়া বন্ধুৰ আগত লাজতে মুখ দেখুৱাব নোৱৰা হৈ আছিলো৷ ইমান টেলিফোন টেপ কৰিলেপুলিচৰ  কুকুৰ আনিলে কিন্তু  ডকাইত বা ভাবুকি দিয়া লোকক কাকোৱেই পুলিচে কৰায়ত্ত কৰিব নোৱাৰিলে৷ লাহে লাহে আমি বশিষ্ঠ এৰি খানাপাৰাৰ জয়ানগৰৰ এক আৱাসিক অঞ্চলৰ বাসিন্দা হলোহি৷  অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘটি থকা ঘটনাবিলাকে নিজৰ অভিজ্ঞতালৈ এনেদৰে মনত পেলাই দিলে ৷


এবাৰ পানবজাৰৰ ৰেলৱে কলনীত পুলিচ এজনৰ ঘৰত ৰোগী চাবলৈ গৈছিলো৷ পুলিচজনে বাটে বাটে মোক বেলেগ বেলেগলৈ আঙুলিয়াই  দেখুৱাই কৈ 'সৌ লেঙেৰাটো পকেটমাৰসৌ তপাটো বেগচুৰসৌ চাদা মাৰি থকা ডেকাটো ' লেডিজৰ চেইন টনা ---ইত্যাদি !

No comments:

Post a Comment

Total Pageviews