আমি অসমীয়া সকল অলপ বেচি আত্মকেন্দ্ৰিক নেকি বাৰু ? অসমীয়াই অসমীয়াক নিজ স্বাৰ্থ নাথাকিলে সহায় কৰিবলৈ টান পায় নেকি? নিজে এবাৰ ওপৰলৈ উঠাৰ পিছত তলৰ মানুহক বাট দেখোৱাবলৈ নাইবা সামান্য দিহা দিবলৈও কুন্ঠাবোধ কৰাটো অসমীয়াৰ স্বভাৱ নেকি বাৰু ?
ব্যক্তিগত অভিজ্ঞতা এটাৰ পাঠকক অংশীদাৰ কৰিব খুজিছোঁ৷
এজন তেজৰ সম্পৰ্ক নোহোৱা খুড়াৰ কথাৰে ৷ আজি তেখেত সপৰিয়ালে লণ্ডনৰ বাসিন্দা৷ পোন
প্ৰথম মোৰ তেতিয়াৰ দিন মনলৈ আহিছে- যেতিয়া খুড়াৰ এম,এ পৰীক্ষাৰ ফলাফল বেয়া হৈছিল৷ আমাৰ ঘৰত দেউতাৰ দীঘলীয়া বুজনিত সান্ত্বনা লভিছিল আৰু পৰবৰ্তী পৰীক্ষালৈ সাহ গোটাইছিল৷ পিছৰবাৰ ভালদৰে উতীৰ্ণ হৈছিল আৰু কেইমাহমানৰ পিছত কলিকতাৰ এজেঞ্চী এটাৰ সহায়ত বিলাতত কিবা চাকৰি এটা পাইছিল৷ মই তেতিয়া হাইস্কুলৰ তলৰ শ্ৰেণীত৷ খুড়া
বিলাতলৈ গ'লগৈ ৷আৰম্ভ হ'ল মোৰ লগত পত্ৰালাপ৷ ময়ো চৰকাৰী বৃৰ্তি পাই বেনাৰচলৈ পঢ়িব গলোঁ৷ চিঠিৰ লগত আহে বিলাতত তোলা ৰঙীন ফটো৷ মাজতে এবাৰ অসমলৈ আহি বিয়া পাতিলে আৰু খুড়ীকো বিলাতলৈ লৈ গ'ল৷ খুড়ীৰ চাকৰি হোৱাৰ খবৰ,সন্তান হোৱাৰ খবৰ,ফটো আদি মোলৈ ডাকত আহি থাকিল৷ সময় বাগৰিল- ময়ো ১৯৭৭ত এম বি বি এচৰ ইন্টাৰ্ণশ্বিপ শেষ কৰিলোঁ৷ খুড়ালৈ মই এইবাৰ লিখা চিঠিত মনৰ ভাৱ ব্যক্ত কৰিলোঁ - আপুনি যদি মাৰ্গ দৰ্শন কৰে মই ইংলেণ্ডত চাকৰি কৰি আগলৈ পঢ়িব খোজোঁ৷ প্ৰত্যুত্তৰত মোক আচৰিত কৰি চমু চিঠি এখন আহিল - "বেয়া নাপাবা৷ অসমৰ পৰা এনে সহায় বিচৰা বহুত চিঠি পাওঁ৷ ইয়াত আজিকালি সকলো ক্ষেত্ৰতে চাকৰি যোগাৰ কৰিবলৈ বৰ টান৷" -প্ৰত্যু্তৰত মই একো নিলিখিলোঁ আৰু খুড়াৰো আছিল সেইখনেই শেষ চিঠি৷
আকৌ দিন বাগৰিল এম ডি পাচ কৰি চৰকাৰী চাকৰি কৰিলোঁ ১৫ বছৰ৷ মূৰত বিদেশৰ ডিগ্ৰী এটা লোৱাৰ পোকটোৱে তেতিয়াও কিলবিলাই আছিল ৷ডাবলিনৰ ৰয়েল কলেজত ডি টি এম পাঠ্যক্ৰম পঢ়াৰ চিট এটা নিজা উদ্যমত যোগাৰ কৰিব সমৰ্থ হলোঁ ৷ চাকৰিক টাটা কৰি গলোঁগৈ আয়াৰলেণ্ড৷ তাত থাকোতে ভাবিলোঁ বিলাতত থকা খুড়াৰ খবৰ লওঁ ৷ ই-মেইল কৰি মোৰ খবৰ জনালোঁ৷ ক'ত কেনেকৈ ই-মেইল আই ডিটো পালোঁ মনত নাই৷ খুড়াই উত্তৰ ভালদৰেই দিলে আৰু মোৰ পৰীক্ষাৰ বাবে শুভেচ্ছাও জনালে৷ কিন্তু কেনা লাগিল পৰীক্ষাৰ পাছত মই ইংলেণ্ডলৈ কিছুদিনৰ বাবে যাম আৰু আপোনাৰ নাম ঠিকনা দিলে ভিছা সহজে পাম বুলি কোৱাতহে৷ মোলৈ উত্তৰ নাহিল৷ মই তেখেতৰ নাম উল্লেখ নকৰাকৈয়ে অনায়াসে ইংলেণ্ডৰ ভিছা পালোঁ৷ বিলাতলৈও গলোঁ, থাকিলোঁ, ফুৰিলোঁ ৷কিন্তু নহ'ল সাক্ষাত খুড়াৰ পৰিয়ালটিৰ৷
অ' বৰ্তমান খুড়া অসম সাহিত্য সভা আৰু অসমীয়া সমাজৰো এজন বিষয়ববীয়া ৷ নামটো সেয়েহে উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ৷ দুবাৰকৈ কিয় বাৰু মই নিজে খুজি কিল খালোঁ ?
আনহাতে মই ইয়াত মনতে আক্ষেপ কৰোঁ কোনো অসমীয়াক মই বিদেশত অহাত সহায় কৰি দিবলৈ অনেক চেষ্টা কৰিও আজিলৈকে সক্ষম হোৱা নাই৷
২৬-৬-২০১২
ড'হা, কাটাৰ
No comments:
Post a Comment