Translate

Tuesday, July 10, 2012

মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ স্মৃতি


প্ৰতি
মনোহৰ  দত্ত
নলবাৰীঅসম
বন্ধুবৰ ~

         মোৰ  সাদৰ সম্ভাষণ  জানিব৷ আশাকৰো কুশলে আছে ?
    মেট্ৰিক  পৰীক্ষাৰ  ফলাফলৰ  স্মৃতি জনাই আজি দুকলম লিখিলোঁ৷ !
           কথাবোৰ একান্ত ব্যক্তিগত৷  বছৰ  কাল  ভাৰত  চৰকাৰৰ  জলপানীলৈ বেনাৰচৰ আৱাসিক বিদ্যালয়  ৰাজঘাট বেচেন্ত স্কুলত পঢ়িলোঁ৷ মেট্ৰিক  পৰীক্ষা শেষ মোৰ জলপানীও শেষ৷
      পৰীক্ষাৰ আগতে এমাহ নে দেড় মাহ  সময়  "প্ৰিপাৰেটৰী লিভ" পাওঁ৷ সেই সময়ত উৰাই-ঘূৰাই খুব পঢ়িলোঁ৷ তাৰ মাজতে এদিন  "বিদায়সন্মিলন হয়নবম শ্ৰেণীৰ ছাত্ৰসকলে প্ৰত্যেকজন ছাত্ৰৰ নামত এটি কবিতা ৰচি হাতেৰে ছবি আঁকি একোখন শুভেচ্ছা পত্ৰ বনায় আৰু গীত-মাত-সু খাদ্যৰে আপ্যায়িত কৰি মন ভাৱ-বিভোৰ কৰি তোলে৷ 
            সেই সময়ত আমাৰ স্কুলখন কাশী হিন্দু বিশ্ববিদ্যালয়ৰ অধীনত আছিল৷ এতিয়া চি বি এচ চিৰ অধীন 'ল৷ পৰীক্ষা দিবলৈ স্কুল বাচেৰে বিশ্ববিদ্যালয়ৰ  ওচৰৰ  কামাচ্ছা হাই্কুললৈ লৈ যায়৷ পৰীক্ষাৰ্থীসকলক তেতিয়া আন ছাত্ৰ-ছাত্ৰীসকলে কপালত তিলক  লগাই পৰীক্ষাৰ ৰণলৈ পঠিয়াইছিল৷ পৰীক্ষা কেন্দ্ৰত অইন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে আমাক "গাই" বুলি হাঁহিছিল৷ আমাৰ স্কুল  ফলাফল সদায়েই ভাল শতকৰা এশভাগ উত্তীৰ্ণৰ  ভিতৰত এজন বা দুজনেহে দ্বিতীয় বিভাগ পায়৪৷৫জনে ষ্টেণ্ড কৰে৷
     মই  মেট্ৰিক  দিয়া  বছৰটো  আছিল  ১৯৬৯ চন সেই সময়ত স্কুল এৰাৰ কি দুখ তাক ভাষাৰে বুজাব নোৱাৰোঁ৷ প্ৰবেশিকা পৰীক্ষা শেষ কৰি ডিব্ৰুগড়ৰ ঘৰত  বহি থাকিবৰ  দেড়মাহমান  'ল৷ এদিন স্কুলৰ পৰা এখন টেলিগ্ৰাম আহিল - চাৰিটা বিষয়ত  ডিষ্টিংচন নম্বৰসহ ৭৫% ৰে নবম স্থান লাভ কৰিছা ৷ কেইদিনমান পিছত  ডাকযোগে সবিশেষ পালোঁ৷ ঘৰৰ সকলোৰে সৈতে ময়ো নিজৰ  ফলাফলত  আনন্দিত হলোঁ৷ কিন্তু আজিৰ দিনৰ দৰে বৰ এটা হৈ চৈ নহ'ল৷ "অসম বাণীকাকতত মোৰ  ফটোখন ওলাল৷

        কলেজত নাম ভৰ্তি কৰিবৰ সময়ত  মোৰ  তীৰ -কঁপে জ্বৰ উঠিল  অসুস্থ শৰীৰেৰে লওঁ নলওঁকৈ গুৱাহাটীৰ  কটন কলেজত নাম লগালোঁ৷ থাৰ্ড মেছ  হোষ্টেললৈ আহিয়েই প্ৰথম দিনাখনেই অসুখ গুৰুতৰ হোৱাত  মোক গুৱাহাটী মেডিকেল কলেজত সহপাঠী আৰু চিনিয়ৰ দাদা সকলে নি ভৰ্তি কৰি দিয়ে৷ মেলেৰিয়াত ভূগি এসপ্তাহ  কুইনাইনৰ বেজী আৰু চেলাইনলৈ চিকিৎসালয়ত  থাকিব লগীয়া ' মেডিকেলৰ পৰা ওলাই আহি লাহে-লাহে নিজকে কটনৰ  পৰিবেশত  খাপ খোৱাবলৈ যত্নপৰ হলোঁ
 --- এই কথাখিনি পঢ়ি মোক  জনা-বুজা বন্ধুসকলে হয়তো সেই  সময়ৰ  এটি আভাস পাব 

 আজিলৈ ইমানতে চিঠি সামৰিলোঁ ৷ পুনৰ প্ৰীতি শুভেচ্ছা লব৷

            ইতি
ডা০ ভূপেন  শইকীয়া
১৬--২০১২ 'হাকাটাৰ

No comments:

Post a Comment

Total Pageviews