সঁচাসচি মেচিনৰ দৰে কাম কৰা মানুহ কেতিয়াবা দেখিছেনে বাৰু ?
অসমীয়াত খুউব শ্ৰম কৰা মানুহক আনে তুলনা কৰি কয় - মেচিনৰ দৰে কাম কৰা বুলি৷
মই কিন্তু আক্ষৰিক অৰ্থত যন্ত্ৰৰ দৰে কাম কৰা মানুহ দেখা পালোঁ৷ এজনী ফিলিপাইনী নাৰ্চৰ কাৰ্যকলাপ দেখিলো ঠিক এটা ফটোষ্টেট বা কম্পিউটাৰৰ প্ৰিন্টাৰৰ দৰে৷ এখন কাগজ ওলাবলৈ ঠিক লওতেই আনখন কাগজ যিদৰে সোমাই যায়, অবিকল একেদৰে এই নাৰ্চজনীৰ আচৰণ৷ কাম নাথাকিলে মেচিন বহি থকাৰ দৰে কাম নাথাকিলে তাইয়ো তেতিয়া শান্তহৈ থাকে আৰু কাম আৰম্ভ কৰিলে দেখোৱায় যন্ত্ৰৱত আচৰণ - কামৰ মাজত কোনো মানবীয় অনুভূতিয়ে ক্ৰিয়া নকৰে৷ এদিন ৰোগী চাই থাকোতে কেনেবাকৈ টেবুলত থকা পানী গিলাচ লুটি খাই পৰি টেবুলৰ কাগজ-পত্ৰ আদি তিয়াই পেলালে - নাৰ্চজনীৰ চকুৰ আগত ঘটা ঘটনাটোত তাই নিৰ্বিকাৰহৈ থাকিল - কাৰণ তাই সেই সময়ত এজন ৰোগীৰ জোখ-মাখ চাই আছিল৷এইটো এটা উদাহৰন মাত্ৰ৷
এতিয়া কথা হ'ল - এনে যন্ত্ৰৱত আচৰন সমৰ্থনযোগ্যনে ?
আপোনালোকৰ অনুভৱ আৰু প্ৰতিক্ৰিয়া জানিব বিচাৰিলোঁ৷
No comments:
Post a Comment