এই বৰপেৰাটোৰ ভিতৰত কি থাকিব পাৰে বাৰু - দৰ্শকৰ মনত কৌতুহল ওপজটো স্বাভাবিক ৷ পিছে ছবিত দেখা পেৰাটো আচল নহয় ৷ কাটাৰৰ ৰাজধানী চহৰ ড'হাৰ এক ব্যস্ত অঞ্চল অল-চাডৰ চাৰিআলিৰ ৰাজপথৰ দাতিৰ এটা ফুটপাথত সজাই থোৱা চিমেন্ট আৰু কংকৃটৰে বনোৱা কৃত্ৰিম মডেলহে৷ ৫০ৰ দশকত কাটাৰত খাৰুৱা তেলৰ সন্ধান নোলোৱালৈকে কাটাৰী লোকসকলৰ জীৱন শৈলী আজিৰ দিনতকৈ সম্পূৰ্ণ পৃথক আছিল৷ জীৱন আৰু জীবিকাৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল৷ কৰ্ম আৰু খাদ্যৰ সন্ধানত একে ঠাইতে ৰৈ থকাতকৈ পৰিয়ালসহ মৰুৰ সংগী উটৰ এক কাফিলা লৈ যাযাবৰী, অঘৰী জীৱন যাপন কৰিছিল৷ এই বেদুইনসকলৰ কষ্টকৰ জীৱনলৈ খাৰুৱা তেলে আনিলে অভাৱনীয় সুখদ পৰিবৰ্তন৷ আজি বেদুইনৰ অস্তিত্ব নাই ৷ জীবিকাৰ আগৰ দিনৰ সমলসমূহ আজি বুৰঞ্জী মাথো৷
আগৰ দিনত কাটাৰীলোকৰ বৰপেৰাত আছিল - জীৱন আৰু জীবিকাৰ বাবে ব্যবহৃত নানান সজুলি৷ হস্ত-তাত, এম্ব্ৰডায়েৰী, টেৰাকোটাৰ কাম, উটৰ নোম আৰু ভেড়াৰ ঊলেৰে বস্ত্ৰ বনোৱা টাকুৰি আদি সজুলি, নৌকা বনোৱা সা-সৰঞ্জাম, সাগৰত মাছ ধৰা সজুলি, সাগৰতলীৰ পৰা সংগ্ৰহ কৰা মূল্যবান মাণিক-মুকুতা আদি ৷ কাটাৰী লোকসকলে স্বৰ্ণ অলংকাৰো এটা সময়ত গঢ়িছিল৷ সন্ধিয়াৰ আজৰি সময়ত স্বনিৰ্মিত বাদ্যযন্ত্ৰৰে আৰবী লোক সংগীতৰ মূৰ্ছনাৰ মায়াজাল তুলি দুখ-ভাগৰ পলুৱাইছিল৷ ভাবিলে কবিতা কবিতা লগা সেই মধুৰ পৰিবেশ আজি মাথো অতীত৷ বন্দী হৈ ৰ'ল এইদৰে স্মৰনিকা স্বৰূপ হৈ ....... !
ডা০ ভূপেন শইকীয়া : ড'হা,কাটাৰৰ পৰা, তাৰিখ – ৫ জুন ২০১২ drbksaikia@gmail.com
No comments:
Post a Comment