Translate

Thursday, July 5, 2012

এজন চিকিৎসকৰ ৰোগী হিচাপে হোৱা অভিজ্ঞতাৰ কথা


প্ৰতি :-
চিঠি গোটৰ সদস্য বন্ধুসকল

           সকলোলৈ যথাযোগ্য সম্ভাষণ জনালোঁ  
           আজি গোটৰ সদস্যসকলৰ আগত নিজৰ কিছু ভিন্ন অভিজ্ঞতা ব্যক্ত কৰিব খুজিছোঁ৷
 বেমাৰ সকলো মানুহৰে হয়৷ চিকিৎসক সকলো মানুহ৷ গতিকে যিমান সতৰ্কতাৰে চলিলেও কেতিয়াবা চিকিৎসকৰো অসুখ হয়৷ মোৰ শেষতীয়া জটিল ৰোগ হৈছিল আজিৰ পৰা প্ৰায় ৫বছৰ আগতে৷ তেতিয়া গুৱাহাটীতে আছিলোঁ৷ লক্ষণসমূহৰ পৰা অনুমান কৰিলোঁ -গলব্লাডাৰৰ অসুখ বুলি৷ আলট্ৰাচাউণ্ড কৰি গম পালোঁ পিত্তত ময়লা আৰু সৰু সৰু পাথৰ জমা হৈছে৷ ঘনিষ্ঠ বন্ধু  প্লাষ্টিক চাৰ্জন ডাক্তৰ এজনৰ লগত আলোচনা কৰি লেপাৰস্কপিক অপাৰেচন কৰা ডাক্তৰ এজনৰ ওচৰ চাপিলোঁ৷ তেওঁ গুৱাহাটীৰ এজন নাম কৰা লেপাৰস্কপিক চাৰ্জন৷ মোতকৈ দুই তিনি বছৰ সৰু হব৷ মই মেডিচিনত পি জি কৰোতে তেওঁ চাৰ্জাৰীত চিনিয়ৰ হাউচ চাৰ্জন কৰি আছিল আৰু আমি একেটা হোষ্টলতে আছিলোঁ৷ তেওঁ ভালদৰে পৰীক্ষা কৰি কলে ২৷৩ সপ্তাহ এন্টিবায়টিক, ড্ৰিপ আৰু অন্যান্য সহায়কাৰী চিকিৎসা লোৱাৰ পিছতহে অপাৰেচন কৰিব পৰা যাব৷ কিয়নো তেজৰ ৰিপৰ্টৰ মতে  গলব্লাডাৰত তেতিয়া যথেষ্ট সংক্ৰমণ আছিল৷
        মই  তেওঁৰ পৰামৰ্শ মতে চিকিৎসা আৰম্ভ কৰিলোঁ  দিনটো মোৰ ওচৰলৈ অহা ৰোগীসকলক নিৰাশ নকৰি তেওঁলোকক পৰীক্ষা কৰি বিধান দিওঁ আৰু ৰাতি নিজে চেলাইন বেজী লওঁ৷ তথাপিও মোৰ স্বাস্থ্যৰ দিনক দিনে অৱনতি ঘটি থাকিল৷ পেটৰ যন্ত্ৰণাত দিন নাযায়,ৰাতি নুপুৱায় যেন লাগি আছিল৷ ইতিমধ্যে মোৰ প্ৰতিবেশী মোৰ সমসাময়িক ডাক্তৰ গৈ মহম্মদ শ্বেখৰ লিভাৰ কেঞ্চাৰ হৈ কেইমাহমানৰ আগতে অকাল বিয়োগ ঘটিছে৷ ঘুনুক  ঘানাককৈ ' ' পৰা ভাঁহি অহা কথা মোৰো কাণত পৰেহি -"এইবাৰ এইজনৰ পাল " ! যি নহওক কুৰি দিনমানৰ মূৰত মোৰ বিভিন্ন লেবৰেটৰীৰ ৰিপৰ্টবিলাকৰ উন্নতি ' আৰু মই অপাৰেচন কৰিব পৰাকৈ সাজু হলোঁ৷ অপাৰেচন সুকলমে ' আৰু চাৰি দিনত হস্পিতেলৰ পৰা ডিচচাৰ্জো পালোঁ ৷ লাহে লাহে  সু্স্থ হৈ প্ৰায় এমাহৰ মূৰত আগৰ দৰে কাৰ্য্যক্ষম হৈ পৰিলোঁ৷ মই সেই লেপাৰস্কপিক চাৰ্জনজনৰ দক্ষতাৰ শলাগ ললোঁ ৷ এটা কথাই মোক আৰু  তেওঁৰ ওচৰলৈ মোক লৈ যোৱা  ডাক্তৰ বন্ধুক ব্যথিত কৰিলেযিটো কথা ইয়াত  উল্লেখ কৰিবলৈকে মোৰ সংকোচ হৈছে৷ বাহ্যিক যথেষ্ট শিষ্টাচাৰ দেখোৱা সেই ডাক্তৰজনে মোৰ পৰা অইন যি কোনো ৰোগীৰ পৰা  লোৱাৰ সমানেই অপাৰেচন ফিজ ললে৷ এনে নহয় যে মই দিবলৈ অসমৰ্থ  কিন্তু নীতিগত কাৰণত ঘটনাটো সমৰ্থনযোগ্য বুলিব নোৱাৰি৷ কেইটিমান টকাৰ বিনিয়ত যেন তেওঁ  মোৰ মৰম, ভালপোৱা, কৃতজ্ঞতা সকলোৰে  দুখদ পৰিসমাপ্তি  ঘটালে ৷
    বাৰু, এইবাৰ আন অভিজ্ঞতাৰ কথালৈ আহোঁ 
    মালদ্বীপৰ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত হৈ থাকোতে মই ডেংগু হিম'ৰেজিক ফিভাৰত আক্ৰান্ত হৈছিলোঁ৷ তেজৰ প্লেটলেট কমি বিপদজনক ৫০ হেজাৰৰ তললৈ গৈছিল আৰু মই তেজ বা প্লেটলেট লোৱাটো অপৰিহাৰ্য্য হৈছিল৷ সেই সময়ত পাকিস্তানী সহকৰ্মী ডাক্তৰ ইমৰান হাচানে মোক ৪০০ মিলিলিটাৰ তেজ দি মোক আজীৱন তেওঁৰ ওচৰত ঋণী কৰি ৰাখিলে৷চিকৰুমত থাকোতে  তেওঁৰ ঘৰৰ পৰা দুয়োবেলা যোগান দিয়া খাদ্য আৰু আন তদাৰকৰ কথা নকোলোৱেই যেনিবা৷ আজিও তেওঁ সেই একেখন হুলহুম্যালে হস্পিতেলতে চাকৰি কৰি আছে আৰু আছে মোৰ সৈতে  নেটত  অক্ষুন্ন সম্পৰ্ক মোৰ গাত যেনে হলেও  কিছু পাকিস্তানী  তেজ আছেসেয়ে নেকি মোৰ মনত পাকিস্তানৰ প্ৰতি সদায় কোমল মনোভাৱ৷ এনেয়েও মই ভাৰতৰ  বাহিৰত এই দুই দেশৰ মানুহৰ মাজত বন্ধুতাহে দেখা পাইছোঁ- শত্ৰুতা নহয়৷ দুখন দেশৰ মাজত বৈৰী মনোভাৱ দৰাচলতে কুটিল ৰাজনীতিবিদ সকলৰহে সৃষ্টি - যাতে কুশাসনৰে চলোৱা তেওঁলোকৰ ৰাজপাটৰ প্ৰতি জনতাৰ মনোযোগ নাযায়৷

     মেডিকেল  কলেজত পি জিত  এডমিচন লোৱাৰ এবছৰ আগতে মোৰ গুৰুতৰ জণ্ডিচ মানে ভাইৰেল হেপাটাইটিচ - হৈছিল৷ ঘৰতে নিজেই বেজী  চেলাইন লৈ নিজৰ চিকিৎসা নিজে কৰি আছিলোঁ যদিও বিশ্ৰামৰ প্ৰয়োজন হোৱাত এসপ্তাকাল চিলঙৰ নজৰথ হস্পিতেলত ভৰ্তি হৈ আছিলোঁগৈ৷ সেইখন চিকিৎসালয়ৰ পৰিস্কাৰ পৰিচ্ছন্নতা শলাগিবলগীয়া৷ মোক চোৱা চিতা কৰা ডাক্তৰ সোমৰ অমায়িক ব্যৱহাৰে মোক মুগ্দ্ধ কৰিছিল, যাক আজিও মই পাহৰিব পৰা নাই৷
     
     কেইজনমান অইন ডাক্তৰ ৰোগীৰ কথা লিখনিত নিলিখিলে নহব  মেডিকেলৰ তৃতীয় বাৰ্ষিকৰ পৰা ছাত্ৰসকলে ৰোগীৰ প্ৰত্যক্ষ সম্পৰ্কলৈ আহিব লাগে৷ তেওঁলোকক ৱাৰ্ডৰ ৰোগীৰ বিচনা ভগাই দিয়া হয়৷ ছাত্ৰসকলে নিজৰ ভাগত পৰা ৰোগীসকলৰ হিষ্ট্ৰি লোৱাৰ ওপৰিও চিকিৎসা সম্বন্ধীয় কথাবিলাক লক্ষ্য কৰি শিকি যাব লাগে৷ এবাৰ তেনেদৰে মোৰ ভাগত পৰিছিলএজন নাগলেণ্ডৰ নাগিনমৰাত কাম কৰি থকা এজন উৰিয়া ডাক্তৰ৷ নাম ডা০ অক্ষয় কুমাৰ মহাপাত্ৰ৷ তেওঁ এমিবিক লিভাৰ এবচেচত আক্ৰান্ত হৈছিল৷ সেই সময়ত ৭৷১০দিনলৈ ডিহাইড্ৰ -ইমেটিন বেজীৰে এনে ৰোগীক চিকিৎসা দিয়া হৈছিল৷ ইমেটিনে ৰক্ত চাপ নিম্নগামী কৰে আৰু সাবধানেৰে ইয়াৰ প্ৰয়োগ নকৰিলে হৃদযন্ত্ৰৰ গুৰুতৰ অহিত কৰিব পাৰে৷ সেয়ে তেওঁ দুসপ্তাহ কাল মেডিকেলত  ভৰ্তি হৈ আছিল  মোৰ লগত ক্ৰমে তেওঁৰ ঘনিষ্ঠতা গঢ়ি উঠিছিল৷ চাকৰিলৈ   
ঘূৰিগৈ  মোলৈ নিয়মীয়াকৈ চিঠি দিছিল আৰু পঢ়াশুনাৰ বিষয়ে নানা পৰামৰ্শ আগ বঢ়াইছিল৷ মাজে মাজে  ডিব্ৰুগড়লৈ আহি মোক কেইবাবাৰো লগো কৰিছিল৷ পাঁচ বছৰীয়া চাকৰিৰ ম্যাদ শেষ হোৱাত তেওঁ কটকৰ ঘৰলৈ ঘূৰি গৈছিল৷ তাৰ পিছত তেওঁ বিবাহ বান্ধোনত সোমাইছিল৷ নতুনকৈ মগধ মেডিকেল কলেজত ডেমনষ্ট্ৰেটৰ চাকৰিত যোগদান কৰি মোক লগ ধৰিবলৈ আমন্ত্ৰণ জনাইছিল৷ এম বি বি এচৰ ফাইনেল পৰীক্ষা দি মই মোৰ সহপাঠী জীৱন দলেৰ সৈতে ওলাইছিলোগৈ তেওঁৰ কৰ্মস্থলীত৷ লাহে লাহে অজানিতে সেই সম্পৰ্কৰ যতি পৰিল যদিও  তেওঁ মোক উৰিষ্যা আৰু উৰিয়া মানুহৰ বিষয়ে মনত যথেষ্ট সদ্ভাৱ জগাই থৈ 'ল৷ যাৰ ফলত  এসময়ত একেলগে কাম কৰা দুজন উৰিয়া ডাক্তৰ বন্ধুৰ সৈতে এতিয়া -মেইলযোগে হলেও অটুট ঘনিষ্ঠতা আছে৷
          গুৱাহাটী মেডিকেল কলেজত মেডিচিনৰ চিনিয়ৰ হাউচ চাৰ্জন কৰি থাকোতে ধুবুৰীৰ পৰা অহা চিকিৎসক এজন আমাৰ ৱাৰ্ডত ভৰ্তি হৈ আছিল৷ সেই সময়ত ৰোগীৰ চিকিৎসাত প্ৰায়েই আমি বৰ ব্যস্ত থাকিব লাগে৷ ব্যস্ততাৰ মাজতেই কিছুমান ৰোগীৰ লগতো এক প্ৰকাৰৰ বন্ধুত্ব গঢ়লৈ উঠে৷ ধুবুৰীৰ সেই ৰয় উপাধিৰ ডাক্তৰজনে মোক দহাই-দহাই এটা কথা কৈছিলডাক্তৰৰ বাবে বহুত কঠিন দিন আহি আছে৷ যদি মোৰ পৰামৰ্শ মানা তুমি স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লবা এটা যেনে হলেও আয়ত্ত কৰিবা৷
         শেষত ডা০ ডি০ এন০ বড়াৰ কৰুণ কাহিনীৰে ডাক্তৰ ৰোগীৰ কথাৰ মুখনি মাৰিব খুজিছোঁ৷ মই তেতিয়া পাঞ্জাবাৰীত ভাড়া ঘৰত  চাকৰিৰ পৰা অৱসৰলৈ ডাক্তৰ বড়াই আমাৰ  ঘৰৰ পৰা প্ৰায় এক ফাৰ্লং দূৰৈত নতুনকৈ ঘৰ বনাই থাকিব আহিছে৷ নতুনকৈ চিনাকী হয়েই ভাত খাবলৈ নিমন্ত্ৰণ জনালে৷ লাহে লাহে তেখেতৰ পৰিয়ালটোৰ লগত আন্তৰিকতা বাঢ়িল৷ অসুখে-বিসুখে মই  যথাসাধ্য সহায় কৰিলোঁ৷ কিন্তু পৰিতাপৰ কথা তিনি নে চাৰি বছৰৰ ভিতৰত ডাক্তৰ বড়াৰ খাদ্যনলীৰ কৰ্কট ৰোগত পৰলোক প্ৰাপ্তি 'ল৷

       এতিয়া  ডাক্তৰ হোৱাৰ বহু আগৰ দুটি ঘটনা চমুকৈ উল্লেখ কৰিম ৷ অষ্টম শ্ৰেণীত পঢ়ি থাকোতে বসন্ত
 ( Chicken Pox) ওলোৱাত দুসপ্তাহকাল স্কুলৰ চিকৰুমত আৱদ্ধ হৈ আছিলো৷ সেই সময়ত  পৰিচৰ্যাকাৰী আছিল এগৰাকী বঙালী বয়সীয়াল তিৰোতা-পুতুল দিদি ৷এফালে অসুখৰ সময়ত ঘৰৰ পৰা আতৰত থকাৰ দুখ - আনফালে সোঁচৰা ৰোগত ভোগা হেতুকে বন্ধুসকলৰ সংগৰ পৰা দূৰত থকাত একমাত্ৰ আশ্ৰয় আছিল মাতৃতুল্যা পুতুল দিদি৷ নানান গল্পকৈ,ধেমালি কৰি শিশু ৰোগীৰ মন ভুলাই ৰাখিবৰ বাবে দিদিয়ে যত্নৰ ত্ৰুতি কৰা নাছিল৷ অসুখীয়া পেটৰ ভিতৰলৈ খাদ্য যাব নোখোজেকিন্তু পুতুল দিদিয়ে নিজে ৰান্ধি দিয়া ভাত-দাইল-আলু পিতিকাৰ স্বাদ অমৃত যেন লাগিছিল -মাথো দিদিৰ মমতা মিহলি হৈ থকাৰ বাবে৷
                        ১৯৭০ বৰ্ষত কটনত পঢ়িবলৈ প্ৰাক বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিয়েই পোনে পোনে এসপ্তাহকাল মেলেৰিয়াৰ কুইনাইন বেজীলৈ গুৱাহাটী মেডিকেল কলেজত থাকিবলৈ বাধ্য হৈছিলোঁ ৷ সেই সময়ত মই উপলব্দ্ধি কৰিছিলোঁ ৰোগীসকলে কি দৰে সাক্ষাৎ প্ৰাৰ্থীসকলৰ প্ৰতীক্ষাত আতুৰ হৈ থাকে৷
    আজিলৈ চিকিৎসকৰ ৰোগী হিচাপে হোৱা অভিজ্ঞতাৰ সোঁৱৰণী ইমানেই  
      মোক লিখিব লৈ উদগনি দিয়া  সহৃদয় পাঠকসকলৰ শলাগলৈ চিঠিখন সামৰিলোঁ 
ইতি~

ডা০ ভূপেন  শইকীয়া                               তাৰিখ : --২০১২                                
'হাকাটাৰ পৰা




No comments:

Post a Comment

Total Pageviews