Translate

Thursday, July 5, 2012


গছে গছে  পৰস্পৰৰ মাজত কথা পাতে !

     গ্ৰেট ব্ৰিটেইনৰ ব্ৰিষ্টল ইউনিভাৰ্চিটিৰ এদল গৱেষকে জানিবলৈ দিছে যে গছে গছে পৰস্পৰৰ মাজত কথা পাতে৷ বতাহত হালি জালি কম্পনৰ  দ্বাৰা শব্দৰ সৃষ্টি কৰে৷ এটা ভাবিলে ভাল লগা খবৰ৷ জানিবৰ মন নাযায় নে বাৰু গছে কি কি কথা পাতে ? গছে কি দৰে আনন্দ আৰু উল্লাস  ব্যক্ত কৰে ? কি দৰে দুখ বেদনাৰ কথা এজোপা গছে আন জোপা গছক জনায় ?  কি দৰে প্ৰাণৰ আশংকাত ভোগাৰ কথা ব্যক্ত কৰে ? কি দৰে ফল-ফুল লাগিলে আপোন পাহৰা হয় ?  ফল-ফুলক  নিজৰ  সতি-সন্ততি বুলি ভাবি মৰমেৰে কেনেকৈ ওপচাই দিব খোজে ?  ফলৰ ভৰত  ডাল-পাত হাওঁলি পৰি কেনে অনুভৱ কৰে ? কি দৰে পূৰঠ নোহোৱালৈকে গছজোপাই ফলবিলাকক সুৰক্ষা দিয়াৰ কথা ভাবে ? কি দৰে গছত আশ্ৰয় লোৱা, বাঁহ বনোৱা চৰাইৰ সৈতে সখি পাতে ? গছত বগোৱা উতনুৱা মলুৱা জাকৰ কথা কি ভাবে ? গছৰ আদৰ লোৱা মালিজনক  দেখিলে গছে কি দৰে সৌজন্যতা ব্যক্ত কৰিব খোজে ? গছ কাটিবলৈ যোৱা মনিচক দেখিলে কি দৰে আতংকত মুখৰ মাত হেৰায় ?  ডাল-পাত  কাটি দিলে গছে  কি দৰে যন্ত্ৰণা ব্যক্ত কৰে ? মৌ-মাখিয়ে মৌচাক সাজিলে এজোপা গছে আন জোপা গছক কৈ গৌৰৱ  অনুভৱ কৰেনে মোৰ ডালত  দুজাক মৌৱে চাক সাজিছে ? গছৰ ফুলত পৰিবলৈ পখিলা, ভোঁমোৰা অহা দেখিলে কি দৰে তাঁহাতক আদৰিবলৈ মন ব্যাকুল হয়  ?  বতাহ-বৰষুণজাকক কি দৰে অনুভৱ কৰে ?  বহুত দিন বৃষ্টি নহলে কি দৰে পানীৰ বাবে আতুৰ হয় ?  ধুমুহা-শিলা বৃষ্টিত  গছ উঘালি গলে, অংগক্ষত  হলে কি দৰে হাঁহাকাৰ কৰে ?  খৰালি পাত সৰি লঠঙা হলে লাজ লাজ অনুভৱ কৰেনে ?  আকৌ বসন্তৰ আগমনত সুকোমল  ন-কুঁহিপাত ওলালে গা সাতখন আঠখন লাগেনে ?  গছৰ ডালত পৰি কুলিয়ে কুউ-কুউ কৰিলে গছৰৰো চিঞৰিবৰ মন নাযায়নে বাৰু ? বাঢৈ টোকাই  খুটি খুটি গাত কৰিলে নিজে সামান্য কষ্ট স্বীকাৰ কৰি আনক নিৰাপদ আশ্ৰয় দিয়াৰ সুখ অনুভৱ নকৰেনে ? চৰাইয়ে গছত বাঁহ সাজি কণী পাৰি পোৱালি জগাই টোপ খুৱাই ডাঙৰ কৰি উৰিবলৈ শিকাই এদিন  গছজোপা ত্যাগ কৰি গলে গছৰ মনটো ৰিঙা ৰিঙা নালাগেনে বাৰু ?  আকাশ ধিয়াই বুকু ফিন্দাই  আগবঢ়া গছৰ মনলৈ গৰ্বানুভূতি নাহেনে বাৰু ?

ডা০ ভূপেন শইকীয়া  ১২-৬-২০১২
Published in my blog on 5thJuly 2012

No comments:

Post a Comment

Total Pageviews