Translate

Sunday, September 27, 2015

অসমীয়া আৰু অসমীয়াত্বৰ অনুভূতি


      কেইমাহমানৰ আগতে জনমভূমিত পঢ়িলোঁ মানৰ দেশত অসমীয়াৰ সন্ধানত এজন অসমীয়াই ভ্ৰমণৰ অভিজ্ঞতা লিখিছে৷ লিখনিটো প্ৰকাশৰ কিছুদিনৰ পিছত সেই কথাখিনিয়ে কিতাপৰ আকাৰ লোৱা বুলিও
 জানিবলৈ পালোঁ৷ অলপতে খবৰকাকতত পঢ়িবলৈ পালোঁ - চেৰাপুঞ্জীৰ ওচৰত অসমীয়া লোকৰ গাওঁ বিদ্যমান৷তাৰ লোকসকলে স্থানীয় গাওঁবুঢ়াক নানাবিধ কৰ-কাটল দিহে জীৱন নিৰ্বাহ কৰিছে৷ আজি ১৬জুলাইৰ 'আমাৰ অসম' প্ৰকাশিত এক বাতৰিত ম্যানমাৰত বসতি কৰা অসমীয়া লোকৰ বিষয়ে বহুখিনি কথা আমাক অৱগত কৰিছে৷  বাতৰিটোৰ উৎস টাইম অৱ ইণ্ডিয়া বুলি উল্লেখ কৰা হৈছে৷ 






       এনে ধৰণৰ বা-বাতৰিৰ লগত নিজৰ সামান্য অভিজ্ঞতা যোগ দিব খুজিছোঁ৷ কৰ্মসূত্ৰে মেঘালয়ৰ   নংপোত কেইবছৰমান কৰ্মৰত আছিলোঁ৷ তেতিয়া দুখন গাঁৱলৈ মোৰ ৰাজদূত  মটৰ চাইকেলত ৰোগী চাবলৈ যাবলগীয়া হৈছিল৷ সেই দুই গাঁৱলৈ যাবলৈ মই সদায়ে ভাল পাইছিলোঁ৷কেতিয়াবা কাম নাথাকিলেও এনেয়ে ফুৰিবলৈ গৈছিলোঁ৷ প্ৰথমখন গাঁৱৰ নাম 'মৰংগাৰ৷আনখনৰ নাম নংখ্ৰা৷নংখ্ৰাৰ দৃশ্যাৱলী অতি মোহনীয়৷ কেনভাচত অঁকা এখন ছবিৰ নিচিনা৷প্ৰথম দেখোতেই এটি সমধুৰ কবিতা পঢ়া যেন লাগিল৷ গাওঁখনৰ বেচিভাগ লোকেই কাৰবি৷ অধিকাংশৰে কামৰূপৰ বকো অঞ্চলত কোনোবা সম্পৰ্কীয় লোক আছে৷ বহুতে স্থানীয় খাচীয়ালোকৰ লগত বৈবাহিক সম্পৰ্ক কৰিছে৷ এওঁলোকৰ মুখত অসমীয়াত 'তইসম্বোধনেৰে কৰা বাৰ্তালাপ শুনিবলৈ বৰ মিঠা লাগে৷আনখন মৰংগাৰ গাওঁ মিশ্ৰিত অসমীয়া জনগোষ্ঠিৰ৷ বোধকৰো মানৰ আক্ৰমণত দিনতেই ইয়ালৈ আত্মগোপন কৰিব আহি থাকি 'ল৷ এসময়ৰ বৰ অসমখন ভাগ ভাগ হোৱাত অসমীয়া আজি নিজৰ ঘৰতেই প্ৰবাসী৷কাছাৰত বহুতো অসমীয়া পৰিয়ালে অসমত থাকিও  আমাৰ ৰাজনেতাসকলৰ অদূৰদৰ্শিতাৰ ফলত নিজা ভাষা সংস্কৃতি হেৰুৱাবলগীয়া হোৱাতো বেদনাদায়ক৷

3 comments:

  1. আপুনি উল্লেখ কৰা মানৰ দেশৰ কাহিনী লেখক এই অভাজন৷
    “মানৰ দেশত; ঐতিহাসিকভাৱে বিতাৰিত অসমীয়াৰ
    সন্ধানত”- চন্দ্ৰ প্ৰকাশ| এই কিতাপখন ৪ মে'ত ( ২০১৫চন )
    উন্মোচন| বিয়লি ৩বজা | স্থান- - গুৱাহাটী প্ৰেছ
    ক্লাব|
    ইতি- তপন কুমান শৰ্মা৷

    ReplyDelete
  2. ⑴ ১৮১৭ চনত প্ৰথম মানৰ আক্ৰমনৰ পাচত, অসম জীয়ৰী
    হেম আইদেউক মান ৰজালৈ বিয়া দিছিল|
    আইদেউৰ লগত ৫০০ ৰো অধিক পালি পহৰীয়া, সৈন্য
    সামন্ত্য পঠিয়াইছিল|
    ② মানৰ দ্বিতীয় (১৮১৯চন) আৰু তৃতীয় (১৮২১ ) আক্ৰমনত
    মানসেনাই বহু হাজাৰ অসমীয়াক বন্দী কৰি লৈ গৈছিল
    ③ প্ৰথম আৰু দ্বিতীয় দুয়ো শ্ৰেণীৰ লোক সময়ত
    ব্ৰহ্মদেশত স্বাধীনভাৱে গাঁওপাতি থাকিল|
    সকলোৱে সোধে- তেওঁলোক কুশলে আছেনে? অসমীয়া
    ভাষাটো কব পাৰেনে? তোমালোকে লগ পালানে?
    ④ আৰু এটা ঐতিহাসিক কথা, সৰহভাগ অসমীয়াই, আনকি
    পণ্ডিতসকলেও নজনা কথা|
    মানৰ আক্ৰমনৰ সময়ত কাচিন (চিংফৌ)সকলে বহুহজাৰ
    অসমীয়াক ক্ৰীটদাস হিচাপে লৈ গৈছিল|
    এইসকল বৰ্তমান কত?
    ইতিহাসৰ বহু অলিখিত, অজান তথ্য|

    ReplyDelete
    Replies
    1. আপোনাৰ তথ্যসমৃদ্ধ কিতাপখন সংগ্ৰহ কৰাৰ ইচ্ছা আছে৷আশাকৰো মই অহা নভেম্বৰ মাহত ছুটিত গুৱাহাটীলৈ
      গলে কিতাপখন কিনিব পাৰিম৷আপোনাৰ সৎ প্ৰচেষ্টাক সদায় আদৰ কৰোঁ৷

      Delete

Total Pageviews