মানুহে অতীজৰ পৰা ৰোগ-ব্যাধি আৰু অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰি আহিছে৷ ইতিহাসৰ পাত লুটিয়ালে আমি জানি বিস্মিত হওঁ যে ১৭শতিকাত চীন দেশত বৌদ্ধ ভিক্ষুসকলে বিষধৰ সাপৰ বিষ ভক্ষণ কৰিছিল যাতে সৰ্পদংশন আৰু বসন্তজাতীয় ৰোগৰ পৰা সুৰক্ষা পাব পাৰে৷সাধাৰণতে এজন ব্যক্তিয়ে যি কোনো বীজাণুৰ (বেক্টেৰিয়া বা ভাইৰাছ যিয়ে নহওক) সংক্ৰমণত ভূগিলে ৰোগৰ লক্ষণসমূহ তেওঁৰ শৰীৰত প্ৰস্ফুটিতহৈ উঠে৷ সেই লক্ষণসমূহে কেতিয়াবা অতি ভয়াবহ ৰূপধাৰণ কৰিব পাৰে৷ প্ৰাণলৈয়ো সংশয় আনিব পাৰে৷ ৰোগৰ অৱসান ঘটাৰ পিছতো শৰীৰৰ অংগত ক্ষয়-ক্ষতিৰ ছাপ থৈ যাব পাৰে৷ এনে বিপদজনক অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ প্ৰয়াসতেই উদ্ভাৱন হয় ভেকচিন বা ছিটাৰ৷ যাৰ অসমীয়াত আন এটা নাম হ'ল টিকা৷অভিধানমতে ছিটা হ'ল দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সাধাৰণতে নিৰ্দ্দিষ্ট বেক্টেৰিয়া, ভাইৰাছ আদি বীজাণুৰ অসংক্ৰমী ৰূপ বা সিহঁতৰ অংশবিশেষ মানুহৰ গাত সুমুৱাই দিবৰ বাবে প্ৰস্তুত কৰা যি কোনো দ্ৰৱ্য৷
Articles in Assamese on various topics like health,travel, literature etc. are available in this blog.
Translate
Friday, July 1, 2016
Wednesday, January 27, 2016
টেটু কি ? ইয়াৰ প্ৰয়োজনীয়তা আৰু সম্ভাব্য বিপদ সম্পৰ্কে জানিবলগীয়া :
গাত টেটু কৰা মানুহ বিচাৰি আজিকালি আৰু হাবাথুৰি খাব নালাগে৷ ১৮ৰ পৰা ৩০বছৰ বয়সৰ প্ৰতি ৪জন ব্যক্তিৰ ভিতৰত এজনৰ (পুৰুষ মহিলা নিৰ্বিচাৰে) গাত টেটু দেখা যায়৷ নৱ প্ৰজন্মৰ বহুতৰ শৰীৰৰ বিভিন্ন অংগত নিজৰ প্ৰিয়জন নাম টেটু কৰোৱা দৃশ্য আজিকালি সুলভ হৈ আহিব ধৰিছে৷ ১৮শতিকাত 'টেটু' শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা হোৱা বুলি ঠাৱৰ কৰা হৈছে৷ ব্ৰিটিছ পৰিব্ৰাজক কেপ্তেইন জেমচ কুকে টাহিটি আৰু নিউজিলেণ্ডৰ যাত্ৰাৰ বৰ্ণনা কৰোতে টেটুৰ কথা উল্লেখ কৰিছে৷ জাপানী লোকসকলে পৰম্পৰাগতভাবে শৰীৰত অংকন কৰা চিত্ৰকলাক 'হৰিমনো' আৰু অনা-জাপানী চিত্ৰকলাক 'টেটু' আখ্যা দি আহিছিল৷ ১৯০০চনত অষ্ট্ৰেলিয়াৰ হেনৰি লিং ৰথে শৰীৰৰ ছালৰ ওপৰত অংকন কৰা চিহ্নৰ ৪টা প্ৰকাৰ নিৰূপিত কৰে৷ সেইকেইটা হ'ল-টেটু, ম'কো, চিকাট্ৰিচ আৰু কিলইড৷ ১৯শতিকাত জাপান দেশৰ চৰকাৰে সুদীৰ্ঘ ৭০বছৰ কাল (১৯৪৮চনলৈকে) টেটু নিষিদ্ধ কৰি ৰাখিছিল৷জাপানৰ বানিজ্যিক নগৰী ওকাচাত ২০১২চনৰ পৰা সকলো ধৰণৰ টেটু নিষিদ্ধ কৰা হয়৷চীন দেশত অপৰাধীৰ গাত টেটু কৰি দিয়া হয় সেয়ে সেইদেশত টেটুক ভাল চকুৰে চোৱা নহয়৷ ৰোমান, ব্ৰিটিছ, নাজী,আমেৰিকা আদি বহুতেই এটা সময়ত যুদ্ধবন্দী বা অপৰাধীৰশৰীৰত টেটু অংকিত কৰি দিছিল৷আকৌ নিজৰ ধৰ্মীয় পৰিচয় চিনাক্ত কৰিবলৈকো ঋষ্টান আৰু বৌদ্ধসকলে এটা সময়ত টেটু অংকিত কৰিছিল বুলি জনা যায়৷
প্ৰাচীনকালত ছালত টেটু অংকিত কৰিবলৈ বেজী বা জোঙা ধাৰ থকা সজুলি,ছাই,চিঞাহী বা আন ৰঙীন পদাৰ্থ ব্যৱহাৰ কৰাহৈছিল৷সেয়া স্বাস্থ্যসন্মত মুঠেই নাছিল৷ দিন বাগৰাৰ লগে লগে নানান অত্যাধুনিক সা-সৰঞ্জাম ইয়াৰ বাবে আবিস্কৃত হ'ল৷ পুৰুষ-মহিলা উভয়ৰ মাজতেই টেটু কৰাৰ পেশাদাৰী লোক গঢ়লৈ উঠিল৷ টেটুৰ প্ৰতি সমাজৰ দৃষ্টিভংগীও সলনি হৈ আহিব ধৰিল৷ তাৰ ফলত আজিকালি প্ৰফেচনেল লোকে টেটু কৰা ষ্টুডিঅ' বিভিন্ন ডাঙৰ ডাঙৰ চহৰত স্থাপিত হব ধৰিছে৷
টেটু কৰাবলৈ আগ্ৰহী লোকলৈ সতৰ্কবাণী:
যি কোনো শাৰীৰিক অসুস্থতাত ভূগি থকা সময়ত টেটু নকৰাব৷ টেটু কৰাবৰ কমেও ১২ঘন্টা আগৰ পৰা মদ আৰু এচপ্ৰিন সেৱন নকৰিব৷ মাত্ৰ এবাৰ ব্যৱহাৰ কৰা ডিচপজেবল বেজী আৰু ভালকৈ ষ্টেৰিলাইজড কৰা সৰঞ্জাম যাতে টেটু কৰোতে ব্যৱহৃত হয় সেই দিশলৈ চকু দিব৷
টেটুৱে সংঘটিত কৰিব পৰা বিপদসমূহ:
জীৱানুৰ সংক্ৰমন- টেটু কৰা সজুলি ভালদৰে বীজানুমুক্ত কৰা নহলে ছালৰ ভিতৰেদি শৰীৰলৈ নানাবিধ ৰোগ বিয়পিবপাৰে৷তাৰ ভিতৰত বিপদজনক কিছুমান হ'ল - হেপাটাইটিচ বি, হেপাটাইটিচ চি, এইচ আই ভি, টিবি, টিটেনাচ, ষ্টেফাইলোকক্কাচ বেক্টিৰয়াৰ সংক্ৰমণ৷ টেটুৰ বাবে ব্যৱহাৰ কৰা চিঞাহীৰ মাধ্যমৰে অনিষ্টকাৰী বেক্টেৰীয়াই শৰীৰত প্ৰবেশ কৰি চকু,হাওঁফাওঁ বা আন আন অংগৰ ক্ষতি সাধন কৰিব পাৰে৷ আকৌ টেটুৰ বাবে ব্যৱহাৰ কৰা ৰঙীন দ্ৰব্যৰ পৰাও কিছুমানৰ এলাৰ্জি হোৱা দেখা যায়৷ আনকি কিছুমান তেনে ৰং কৰা ৰাসায়নিক দ্ৰব্যৰ পৰা কেন্সাৰ হোৱাৰো সম্ভাৱনা থাকে৷ বহুতৰ আকৌ পৰৱৰ্তী সময়ত টেটু কৰাঠাইত নানাধৰণৰ চৰ্মৰোগ (যেনে এক্সিমেটাচ ডাৰ্মেটাইটিচ,লুপাচ,গ্ৰেনুলমা, কেলইড, হাইপাৰকেৰাটচিচ, আদি) দেখা দিয়ে৷টেটু কৰোতে তেজৰ নলীত জখম কৰিলে হেমাটমা হব পাৰে৷ লিম্ফৰ প্ৰণালীত প্ৰভাৱ পৰিলে গাঙঠি উঠিব পাৰে৷
টেটু কেনেকৈ আতৰাব ?
স্বাস্থ্যজনিত কাৰণত বা আইনৰ হেঁচাত পৰি টেটু আতৰাবলগীয়া হলে চৰ্মৰোগ বিশেষজ্ঞ বা প্লাষ্টিক চাৰ্জনৰ সহায় লোৱাটো ভাল৷ লেজাৰ, ক্ৰায়'চাৰ্জাৰী, স্কিনগ্ৰাফ্টিং আদিৰ সহায়ত টেটু আতৰ কৰিব পাৰি৷ ক'লা বৰণৰ টেটু অন্যান্য ৰঙীন টেটুৰ তুলনাত গুছাবলৈ কিছু সহজ ৷ টেটু গুছাবলৈ চেষ্টা কৰোতেও এলাৰ্জি বা পানীজ্বলা হব পাৰে৷কেতিয়াবা ছাল সোতোৰা-সোতোৰ (Scaring) হব পাৰে৷
মানুহে টেটু কিয় কৰে ?
ধৰ্মীয় বা গোষ্ঠীগত পৰিচয় বৰ্তাই ৰাখিবলৈ, সৌন্দৰ্য্যবৰ্ধন কৰিবলৈ, ছালৰ বগা বা কলা দাগ ঢাকি ৰাখিবলৈ, ওঠত বা চেলাউৰিত স্থায়ী ৰঙ বজাই ৰাখিবলৈয়ো বহুতে টেটুৰ আশ্ৰয় লয়৷আনকি বহুতে মূৰৰ চুলি বুজাবলৈয়ো টেটু অংকিত কৰে৷ আকৌ বহুতে মেডিকেল কাৰণত নিজৰ শৰীৰত টেটু কৰায়৷ তেনে লোক ডায়েবেটিজৰ বা এলঝাইমাৰৰ ভুক্তভোগী হব পাৰে৷ডায়েবেটিজৰ ৰোগীয়ে 'মই ইনচুলিন লোৱা লোক' লিখাব পাৰে৷ আনহাতে স্মৃতি শক্তি কমা এলঝাইমাৰৰ ৰোগীৰ গাত নাম ঠিকনা লিখা থাকিব পাৰে৷অপৰাধী বা আন বন্দীৰ গাত টেটুৰ দাগ বহোৱাৰ কথা আগতে কোৱা হৈছেই৷
টেটুৰ বিষয়ে চমুকৈ কবলগীয়া ইমানেই৷ আগ্ৰহী পাঠকৰ বাবে সময়ত আৰু নতুন তথ্য যোগ দিয়াৰ ইচ্ছা থাকিল৷

Monday, January 4, 2016
ওকালি আৰু বমি : চিকিৎসকৰ দুআষাৰ
ওকালি আৰু বমিৰ অভিজ্ঞতা নথকা মানুহ হয়তো বিচাৰিলেও পোৱা নাযাব৷ প্ৰতিজন মানুহৰ জীৱনত এবাৰলৈ হলেও ওকালি আৰু বমিৰ পাহৰিব নোৱৰা অভিজ্ঞতা নিশ্চয় থাকিব৷ওকালি আৰু বমি কোনো এবিধ ৰোগ নহয়৷কিন্তু ই মানুহৰ অভ্যন্তৰৰ সাধাৰণ বা গুৰুতৰ বিজুতিৰ লক্ষণ হব পাৰে৷ বহু সময়ত ওকালি আৰু বমি নিজে নিজে ভাল হয়, কিন্তু বহু সময়ত ইয়াৰ কাৰণ উদ্ধাৰ কৰিবলৈ নানান পৰীক্ষা-নিৰীক্ষা কৰিবলগীয়া হয় আৰু আৰোগ্যৰ বাবে ভুক্তভোগীক চিকিৎসা কৰিবলগীয়া হয়৷আজিৰ এই চমু লিখনিত ওকালি আৰু বমিৰ কাৰণ, প্ৰতিকাৰ আৰু ঘৰুৱা নিদানৰ ওপৰত কিছু আলোকপাত কৰিবৰ প্ৰয়াস কৰিম৷
ওকালি হ'ল বমিৰ ভাৱ অহা মাথো - পেটৰ পৰা একো ওলাই নাহে৷ আনহাতে বমি হ'ল সেই প্ৰক্ৰিয়া য'ত পেটৰ পৰা জুলীয়া বা অৰ্ধগলিত পদাৰ্থ মুখেৰে নিৰ্গত হয়৷ সেয়া হয়তো পানী জাতীয়, হালধীয়া পিত্তপানী, অম্লস্বাদযুক্ত পাকস্থলীৰ ৰস, কফিৰ ৰঙৰ নাইবা ৰক্তমিহলিও হব পাৰে৷ বমি আৰু ওকালি দুয়োটাৰে কাৰণসমূহ একেই হব পাৰে৷ এই দুই ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে মস্তিষ্কৰ মেডুলা অৱলংগটাত থকা কেম'ৰিচেপ্তৰ ট্ৰিগাৰ জন (CTZ ) নামৰ কেন্দ্ৰটোৱে৷

Monday, December 28, 2015
এজন প্ৰবাসী ভাৰতীয়ৰ দৃষ্টিত প্ৰধানমন্ত্ৰী মোডীৰ পাকিস্তান ভ্ৰমণ –.
প্ৰবাসী জীৱন যাপন কৰাৰ এৰাধৰাকৈ এটা দশকতকৈয়ো অধিক কাল অতিবাহিত হ'ল৷ মোৰ কৰ্মভূমি হোৱা দেশসমূহৰ ভিতৰত লিবিয়া, মালদ্বীপ,সংযুক্ত আৰব আমীৰাট আৰু কাটাৰৰ নাম উল্লেখযোগ্য৷ বিশ্বৰ নানা দেশৰ,নানা বৰণৰ,নানা সংস্কৃতিৰ, নানা ভাষা-ভাষীলোকৰ সংস্পৰ্শলৈ আহি নিতৌ ন ন অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ৷ ডাবলিনৰ ৰয়েল কলেজ অৱ চাৰ্জনচ্ ইন আয়াৰলেণ্ডত এসময়ত সহপাঠী হোৱা শৰ্মা উপাধিৰ পাকিস্তানী ডাক্তৰৰ ভাৰতলৈ ভ্ৰমণলৈ আহিবলৈ কি তীব্ৰ ইচ্ছা আৰু দুবাৰকৈ ভিছা নোপোৱাৰ দুখ, নিজ দেশৰ ইপাৰে ভাৰতত পৰিয়ালৰ বহুকেইজনক তেতিয়ালৈ লগ নোপোৱাৰ বেদনা আৰু অনেক কাহিনী বন্ধু হিচাবে মোৰ ওচৰত ব্যক্ত কৰিছিল৷ লিবিয়াত লগ পাই বেচ ঘনিষ্ঠ হৈ পৰিছিলোঁ পাকিস্তানী মেল নাৰ্চ এজন আৰু তেওঁৰ পৰিয়ালটোৰ সৈতে৷ ধৰ্মত খৃষ্টান হোৱা হেতুকে তেওঁৰ ঘৰৰ মানুহে পাকিস্তানত দূৰ্গতিৰ সন্মুখীন হবলগীয়া হলেও এওঁলোকৰ দেশপ্ৰেম শলাগিবলগীয়া৷ আনকি আগতে উল্লেখ কৰা পাকিস্তানী ডাক্তৰ শৰ্মাৰো তেজত দেশৰ প্ৰতি অনুৰাগ পৰিপূৰ্ণ৷ আনহাতে কাৰো মনত ভাৰত-বিদ্বেষ নাই৷ মালদ্বীপত পাকিস্তানী ডাক্তৰ ইমৰাণ হাচান মোৰ সহকৰ্মী আছিল৷ পৰিয়াল তেওঁৰ লগতে মালদ্বীপত আছিল৷ মোৰ লগত এক প্ৰকাৰ ঘৰুৱা সম্পৰ্ক গঢ়লৈ উঠিছিল৷ ই-মেইলযোগে আমাৰ যোগাযোগ এতিয়াও অব্যাহত আছে৷ মই নিজে ডেংগু হিমৰেজিক ফিভাৰত ভূগি চিক ৰুমত চিকিৎসাধীন হৈ থাকোতে মোক ঘৰৰ মানুহৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল৷ আনকি মোৰ তেজত প্লেটলেটৰ পৰিমাণ কমি পঞ্চাচ হাজাৰৰ তললৈ অহাত মোক ৪০০মিলিলিটাৰ তেজ ভাতৃসম ডাক্তৰ ইমৰাণে দি মোৰ জীৱন ৰক্ষা কৰিছিল৷ মোৰ দেহত পাকিস্তানীৰ তেজ আছে কাৰণেই নেকি মই পাকিস্তান আৰু পাকিস্তানীক ভাল পাওঁ! আনহাতে মোক বাংলা ভাষা কবলৈ, শিকিবলৈ বাধ্য কৰিলে মোৰ বাংলাদেশী ৰোগীসকলেই আৰু আজি তেওঁলোকে মোক নিজৰ 'আপোনজন' বুলি ভাবে - সেয়া এক অন্য অধ্যায় ৷ প্ৰবাসত মোৰ দৰে আন বহুতৰ উপলব্ধি হব - ভাৰত,পাকিস্তান আৰু বাংলাদেশ এই তিনিও দেশৰ নাগৰিকে নিজৰ ভিতৰত একো ভেদাভেদ নৰখাকৈ ভাল বন্ধুৰ দৰে সমিল মিলেৰে থাকে৷ তেওঁলোকৰ সৰহ সংখ্যক লোকেই ৰাজনৈতিক প্ৰদূষণৰ পৰা সম্পূৰ্ণ মু্ক্ত৷
Thursday, December 3, 2015
অসহিষ্ণুতাৰ মাজতো আশাৰ বতৰা
অসহিষ্ণুতাৰ মাজতো আশাৰ বতৰা
যোৱা বছৰৰ তুলনাত আমাৰ দেশত ৪-৫% বিদেশী পৰ্য্যটকৰ সংখ্যা বৃদ্ধি৷ অৱশ্যে বিদেশী পৰ্য্যটক আটাইতকৈ বেচি ফ্ৰান্স আৰু আমেৰিকালৈ যায়- ভাৰতৰ স্থান ৪১নম্বৰতহে৷ নভেম্বৰ মাহৰ প্ৰথম কুৰিটা দিনৰ বিশ্বৰ নানান দেশৰ পৰা ভাৰতলৈ অহা ৬হাজাৰ বিদেশী পৰ্য্যটকৰ দৰ্শনাৰ্থীৰ বহী অধ্যয়ণ কৰিলত অনেক সন্তোষজনক মন্তব্য পৰিলক্ষিত হয়৷ তাৰে কিয়দাংশ:
উদয়পুৰলৈ অহা আমেৰিকাৰ নৰ্থ কেৰ'লিনাৰ ইলিজ বেংকচিলেই লিখিছে- মই ভাৰতত দুমাহ থাকি বুজিলোঁ এই দেশ আমেৰিকাতকৈ বহুত ভিন্ন৷ ইয়াৰ মানুহবিলাকে প্ৰতিটো পল আনন্দৰে অতিবাহিত কৰে আৰু নিজে দেশৰ বাবে কিবা এটা কৰাৰ মানসিকতা ৰাখে৷
জয়পুৰৰ পৰা আৰ্জেন্টিনাৰ ফ্ৰেংকোই লিখিছে - ইয়াৰ মানুহে নিজৰ আৰু আনৰো সংস্কৃতিৰ সন্মান কৰিব জানে৷ কেলিফৰ্ণিয়াৰ মাৰ্গেনে লিখিছে- মই বহু দেশ ভ্ৰমিছোঁ কিন্তু ভাৰতীয়সকলৰ নিচিনা পজিটিভ স্পিৰিট কাৰো দেখা নাই। ৰাজস্থানীসকলে বৰ আন্তৰিকতাৰে বিদেশীৰ সৈতে সংগ দিয়ে৷

সোনপুৰ মেলা চাবলৈ যোৱা ইংলেণ্ডৰ মিচ জন স্মিথৰ ভাষ্য : ইণ্ডিয়া ইজ মাই হাৰ্ট - মই যোৱা ৩০বছৰ ভাৰতত কটালোঁ৷ ইয়াৰ প্ৰতিটো বস্তুৱেই মোৰ প্ৰিয়৷ ইয়াৰ সংস্কৃতিক দেখি মই আনন্দিত হও্ঁ আৰু ভাৰতীয়সকলক মই সৌভাগ্যবান বুলি ভাবোঁ৷
লক্ষ্ণৌৰ ইমামবাৰা চাই ব্ৰিটেইনৰ ডেভিড আৰু এলিজাবেথে লিখিছে- ভাৰতৰ সাংস্কৃতিক পৰম্পৰা মহান৷ এই দেশৰ লোকসকল হৃদয়বান৷
চীনৰ শংঘাইৰ পৰা অহা এডনিনে লিখিছে - ভাৰতবৰ্ষত মুছলিম সংস্কৃতি আৰু আৰ্কিটেস্কাৰ চাই আমি পৰম আশ্চৰ্য্যচকিত৷
জাৰ্মেনীৰ ইডেভৰ মতে ভাৰতীসকলে অতিথিক ভগবানৰ সমতুল্য বুলি ভাবে৷
স্পেইনৰ মাৰিয়াৰ মতে ভাৰতৰ সংস্কৃতি অতুলনীয়৷
ইণ্ডোনেচিয়াৰ পেট্ৰিকৰ মতে - ভাৰতবৰ্ষ এনে এখন দেশ য'লৈ বাৰে বাৰে আহিবৰ মন যায়৷
গোৱালিয়ৰৰ দূৰ্গ চাই নিউজিলেণ্ডৰ ৱেনিচাই মতামত ব্যক্ত কৰিলে - ভাৰতীয় নাৰীৰ ইমানেই
শক্তিমন্ত যে তেওঁৰ বাবে পৃথককৈ মহল বনোৱা হৈছিল৷
কজকিস্তানৰ কুচনৌভ অবলগাজিয়ে লিখিছে- মহাত্মা গান্ধীৰ বিষয়ে জানিবলৈ সাবৰমতী আশ্ৰমলৈ আহিলোঁ৷ভাৰতীয়সকল গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত৷ তেওঁলোকৰ বাৰ্তালাপত আৰু ব্যৱহাৰত যি প্ৰেম ফুটি উঠে সেয়া বিশ্বত বিৰল৷
কম্বোডিয়াৰ চাৰাহে বোধগয়া দৰ্শন কৰি লিখিছে -ভাৰতীয়সকল বৰ মিলনপ্ৰিয় লোক৷
অজৰবেইজানৰ লেইলা এলিয়েভাই ৰাজস্থান পৰিভ্ৰমী লিখিছে - ভাৰত সঁচাই বিস্ময়কৰ দেশ৷

('দৈনিক ভাস্কৰ'ৰ সৌজন্যত ) ৩০-১১-২০১৫
ডিজিটেল ৰোগীৰ বতৰা (অনুভৱৰ পাত লুটিয়াই)
লিখিবলৈ বহিয়েই এটা ৰহঘৰা মনলৈ আহিছে৷ চিকিৎসকে এজন ৰোগীক কলে কাইলৈ আপোনাৰ ইউৰিন টেষ্ট কৰিব লাগিব৷ ৰোগীয়ে বাৰম্বাৰ জোৰ দি সুধিলে - আপুনি নিজেই টেষ্ট কৰিবনে ? চিকিৎসকে উত্তৰ দিলে - হয়, মই নিজেই টেষ্ট কৰিম৷ আপুনি ৰাতিপুৱাই এইটো বটলত প্ৰসাৱ ভৰাইলৈ আহিব৷ পিছদিনা ৰাতিপুৱাতেই ৰোগী চিকিৎসকৰ ওচৰত হাজিৰ৷ প্ৰসাৱ ভৰ্তি বটলৰ সৈতে এপেকেট বিকাজী ভূজিয়া চিকিৎসকলৈ আগবঢ়াই দিলে৷ চিকিৎসকৰ চকুত বিস্ময় দেখি ৰোগীয়ে মাত লগালে -চাৰ, মই ভাবিলোঁ অলপ নিমখীয়াৰ সৈতে আপুনি টেষ্ট কৰিবলৈ ভাল পাব !
আকৌ প্ৰায় তিনি দশকৰ আগৰ কথা৷ নকৈ মুকলি হোৱা পানবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ মেডিচিন বিভাগৰ বহিৰ্বিভাগত ৰোগী চাই আছোঁ৷ নাম মতাত দেখাত এজন ফিটফাট ডেকা কোঠাটোলৈ সোমাই আহিল৷ আহিয়েই পাতনি নেমেলি কবলৈ ধৰিলে- চাৰ, কালি আপুনি ষ্টুল টেষ্ট কৰোৱাৰ কথা কৈছিলে সেয়ে আজি চেম্পুল লৈ আহিছোঁ৷ কৈয়ে জেপৰ পৰা পণ্ডছ স্নো জাতীয় বহল মুখনিৰ বটল এটা ওলিয়াই টেবুলৰ ওপৰত থলে আৰু সমানে ক্ষিপ্ৰ গতিৰে বটলৰ সাফৰখন খুলি দিলে৷ লগে লগে ১২ x ১৬ফুটী চাইজৰ গোটেই কোঠালিটো গোন্ধৰে আমোলমোলাই পৰিল৷ আচম্বিতে ঘটা এই ঘটনাটোত বিস্মিত ৩৷৪জন চিকিৎসক, কেইবাজনীও নাৰ্চ, ৱাৰ্ডবয়, কেইজনমান আন ৰোগী, ৰোগীৰ অভিভাৱক সকলোৱে নাকত ৰুমাললৈ বাহিৰলৈ ভিৰাই দৌৰ মাৰিলে৷ পিছত চুইপাৰে আহি টেবুল-কোঠা মচিকাচি দিয়াতহে পৰিস্থিতি শাম কাটিল৷ ঘটনা বিষম যেন দেখি মূল নায়ক সেই ৰোগীজনেও পলাই পত্ৰং দিলে আৰু দুনাই এম এম চি হস্পিতেলত ভৰি নিদিলেহি৷

চিৰিয়াচ কথালৈ যোৱাৰ আগতে আৰু অলপ বিনোদনৰ মাজলৈ আহোঁ৷ ডেকা ডা্ক্তৰে অলপতে জাপানত এটা প্ৰশিক্ষণলৈ আহিছে৷ সেয়ে তেওঁ প্ৰত্যেকজনৰ ৰোগীৰ অসুখৰ খৰচি মাৰি হিস্ত্ৰী লয়৷ এবাৰ এজন পেটৰ অসুখৰ ৰোগীক সুধিলে - আপোনাৰ হজমটো কেনেকুৱা ? মানে বিলাহী, গাজৰ, তিঁয়হ,পিঁয়াজ আদি কেঁচাই খাব পাৰেনে ? গহীনকৈ ৰোগীয়ে উত্তৰ দিলে - হজমটোৰ বিষয়ে কি কম আৰু চাৰ, সেইবিলাক পাচলি পেটৰ পৰা ওলোৱাৰ পিছত এবাৰ আওখালি আকৌ টেবুলত দিব পৰা যাব, এনেকুৱা !
এহাল দম্পত্তি ফাৰ্মাচীত সোমাল৷ মহিলা গৰাকীয়ে ভেনিটি বেগৰ পৰা এটা দৰবৰ বটল ওলিয়াই ফাৰ্মাচীৰ ঔষধ বিক্ৰি কৰা ডেকা এজনক কলে- এই জুলীয়াখিনি মিঠা হয়নে নহয় চাই দিয়াচোন৷ ডেকাজনে এঘুটি টেষ্ট কৰি কলে-নাই মিঠা নহয়৷ ভদ্ৰমহিলাই গিৰিয়েকক কলে- সেয়া মই নকৈছিলোঁ চুগাৰ নাই বুলি ? সোনকালে ব'লা ডাক্তৰক ইউৰিনৰ ৰিপৰ্টটো দিওঁগৈ !

ডাক্তৰৰ দৈনন্দিত জীৱনত এনেধৰণৰ মিঠা, টেঙা, কেঁহা ঘটনা ঘটিয়েই থাকে৷ মই আজি কবলৈ ওলাইছোঁ- আপেক্ষিকভাবে খুব কম সময়ৰ ভিতৰত ৰোগী আৰু চিকিৎসকৰ মাজৰ সম্বন্ধত ডিজিটেল প্ৰযুক্তিৰ প্ৰচুৰ বা ব্যাপক ব্যৱহাৰ হবলৈ ধৰিছে৷ মোৰ দৰে অভিজ্ঞতা নিশ্চয় আন আন প্ৰান্তত কৰ্মৰত চিকিৎসকৰো হব৷ কেইটিমান সাধাৰণ উদাহৰণ- আজি এজন ৰোগীয়ে মোক তেওঁৰ নিজা ম'বাইল তোলা ভিডিঅ' দেখুৱালে য'ত দেখা গৈছে প্ৰসাৱৰ তেজ ৰঙা প্ৰবাহ৷ আলট্টাচাউণ্ড কৰি তেওঁৰ এটা কিডনিত পাথৰ থকা গম পালোঁ৷ কালি আন এজন ৰোগীয়ে ম'বাইল তুলি অনা দুয়োখন ভৰিৰ ফটো দেখুৱাই মোক বুজালে কি দৰে তেওঁ ভৰি দুখনত পানী জমা হৈ ফুলি গৈছিল আৰু জোতা পিন্ধিব নোৱৰা অৱস্থা হৈছিল৷
দুদিনমানৰ আগতে আন এজন পাইলচৰ ৰোগীয়ে তেওঁৰ শৌচদ্বাৰৰ ফুলি থকা অংশৰ ফটো ম'বাইলত আবদ্ধ কৰি আনিছিল৷ একেদৰে বহুতো ৰোগীয়ে নিজৰ ছালৰ খজুৱতিৰ, এলাৰ্জিৰ তুলি অনা ফটো মোক দেখুৱাইহি৷ মোৰ ধাৰণা মতে ৰোগীয়ে নিজৰ শৰীৰৰ গোপন অংগ কাপোৰ খুলি প্ৰদৰ্শন কৰিবলৈ লজ্জা কৰিলেও ম'বাইলত নিজৰ সেই ৰঙীন ফটো বা ভিডিঅ' দেখুৱাবলৈ সংকোচ নকৰে৷

আজিকালি বহু ৰোগীয়ে নিজৰ লগত থকা ডিজিটেল ব্লাড প্ৰেচাৰ জোখা যন্ত্ৰ, তেজৰ চুগাৰ পৰীক্ষা কৰা গ্লুকোমিটাৰ ক্লিনিকলৈ লৈ আহে৷ তাৰে দুই এজনৰ সামঞ্জস্য নথকা যন্ত্ৰ বাদ দিবলৈও কেতিয়াবা আমি পৰামৰ্শ দিবলগীয়া হয়৷ অন্যথাই সচেতন ৰোগীসকলে এইবিলাকৰ সদ ব্যৱহাৰ শিকি বুজি ললে চিকিৎসাত যথেষ্ট সহায়ক হয়৷ বিশেষকৈ ৰক্তচাপ আৰু চুগাৰৰ দৰবৰ পৰিমান ঠিৰাং বা সালসলনি কৰাৰ ক্ষেত্ৰত৷
ডিজিটেল প্ৰযুক্তিৰ সহায় চিকিৎসকে নানা সময়ত লবলগীয়া হয়৷ কোনো এটা ৰোগৰ বিষয়ে ভুক্তভোগী বা অভিভাৱকক বুজাবলৈ কম্পিউটাৰৰ চিত্ৰ বা ভিডিঅ'ৰ সহায় লবলগীয়া হয়৷ নানান ৰোগীৰ অসুখৰ বিভি্ন্ন পৰ্য্যায়ৰ ফটো পৰৱৰ্তী সময়ত জুকিয়াই চাবলৈ তুলি ৰাখিবলগীয়া হয়৷ আকৌ দূৰ্লভ ৰোগ হলে তাৰ দৃশ্য আন কনিষ্ঠ চিকিৎসকক দেখুৱাবলৈও তুলি ৰাখিবলগীয়া হয়৷
মোখনিত কব খোজোঁ যে যোৱা প্ৰায় ৫বছৰে প্ৰবাসত থাকিও প্ৰায় দৈনিক অসমৰ, মেঘালয়ৰ আৰু ভাৰতৰ বিভিন্ন ঠাইৰ লোকৰ লগত চিকিৎসাৰ বিনামূলীয়া যি যোগসূত্ৰ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছোঁ তাৰ আঁৰতো আছে এই ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ৷ তাৰ বিভিন্ন মাধ্যমসমূহ হ'ল টেলিফোন, ইন্টাৰনেট,স্কাইপ', ৱাটচএপ, ভাইবাৰ, ফেচবুকৰ ইনবস্কত মেছেজ, ই-মেইল ইত্যাদি৷ খবৰ কাকতলৈ ই-মেইলযোগে বিভিন্ন স্বাস্থ্য বিষয়ক লিখনি প্ৰেৰণ কৰাৰ ওপৰিও অলপতে www.drbhupensaikia.com নামেৰে ইংৰাজীত এটি মেডিকেল ৱেবচাইট আৰম্ভ কৰা হৈছে৷ ইয়াৰ ওপৰিও www.bhupensaikia.blogspot.qa নামেৰে অসমীয়া ব্লগত আগৰে পৰাই স্বাস্থ্য, সাহিত্য আৰু আন আন বিষয়ৰ লিখনি প্ৰকাশিত হৈ আহিছে৷ পাঠকৰ আশীষ পালে অহা কেইমাহমানৰ ভিতৰত অসমীয়াত তিনিকুৰিটাৰো অধিক স্বাস্থ্যবিষয়ৰ প্ৰৱন্ধৰ এখনি ৰঙীন সচিত্ৰ সংকলন প্ৰকাশ কৰাৰ মনস্থ কৰিছোঁ৷
ডা০ ভূপেন শইকীয়া
২ ডিচেম্বৰ ২০১৫
ডোহা, কাটাৰৰ পৰা
২ ডিচেম্বৰ ২০১৫
ডোহা, কাটাৰৰ পৰা
Manash Pratim Nath, Dhananjay Deka, Shamsul Haque and 118 others like this.
Comments
Unlike · Reply · 1 · Yesterday at 07:29
Imtiazur
Rahman হজমটোৰ বিষয়ে কি কম আৰু চাৰ, সেইবিলাক পাচলি পেটৰ পৰা ওলোৱাৰ পিছত এবাৰ আওখালি আকৌ টেবুলত দিব পৰা যাব, এনেকুৱা !
লক্ষ্য জ্যোতি নাথ বৰ হাঁহিলো দেই ছাৰ প্রথম তিনিটা অভিজ্ঞতা পঢ়ি... grin emoticon grin
emoticon "চাৰ, মই ভাবিলোঁ অলপ নিমখীয়াৰ সৈতে আপুনি টেষ্ট কৰিবলৈ ভাল পাব !" grin emoticon grin emoticon
Subscribe to:
Posts (Atom)