Translate

Thursday, December 3, 2015

অসহিষ্ণুতাৰ মাজতো আশাৰ বতৰা

অসহিষ্ণুতাৰ মাজতো আশাৰ বতৰা
যোৱা বছৰৰ তুলনাত আমাৰ দেশত ৪-৫% বিদেশী পৰ্য্যটকৰ সংখ্যা বৃদ্ধি৷ অৱশ্যে বিদেশী পৰ্য্যটক আটাইতকৈ বেচি ফ্ৰান্স আৰু আমেৰিকালৈ যায়- ভাৰতৰ স্থান ৪১নম্বৰতহে৷ নভেম্বৰ মাহৰ প্ৰথম কুৰিটা দিনৰ বিশ্বৰ নানান দেশৰ পৰা ভাৰতলৈ অহা ৬হাজাৰ বিদেশী পৰ্য্যটকৰ দৰ্শনাৰ্থীৰ বহী অধ্যয়ণ কৰিলত অনেক সন্তোষজনক মন্তব্য পৰিলক্ষিত হয়৷ তাৰে কিয়দাংশ:
উদয়পুৰলৈ অহা আমেৰিকাৰ নৰ্থ কেৰ'লিনাৰ ইলিজ বেংকচিলেই লিখিছে- মই ভাৰতত দুমাহ থাকি বুজিলোঁ এই দেশ আমেৰিকাতকৈ বহুত ভিন্ন৷ ইয়াৰ মানুহবিলাকে প্ৰতিটো পল আনন্দৰে অতিবাহিত কৰে আৰু নিজে দেশৰ বাবে কিবা এটা কৰাৰ মানসিকতা ৰাখে৷
জয়পুৰৰ পৰা আৰ্জেন্টিনাৰ ফ্ৰেংকোই লিখিছে - ইয়াৰ মানুহে নিজৰ আৰু আনৰো সংস্কৃতিৰ সন্মান কৰিব জানে৷ কেলিফৰ্ণিয়াৰ মাৰ্গেনে লিখিছে- মই বহু দেশ ভ্ৰমিছোঁ কিন্তু ভাৰতীয়সকলৰ নিচিনা পজিটিভ স্পিৰিট কাৰো দেখা নাই। ৰাজস্থানীসকলে বৰ আন্তৰিকতাৰে বিদেশীৰ সৈতে সংগ দিয়ে৷
সোনপুৰ মেলা চাবলৈ যোৱা ইংলেণ্ডৰ মিচ জন স্মিথৰ ভাষ্য : ইণ্ডিয়া ইজ মাই হাৰ্ট - মই যোৱা ৩০বছৰ ভাৰতত কটালোঁ৷ ইয়াৰ প্ৰতিটো বস্তুৱেই মোৰ প্ৰিয়৷ ইয়াৰ সংস্কৃতিক দেখি মই আনন্দিত হও্ঁ আৰু ভাৰতীয়সকলক মই সৌভাগ্যবান বুলি ভাবোঁ৷
লক্ষ্ণৌৰ ইমামবাৰা চাই ব্ৰিটেইনৰ ডেভিড আৰু এলিজাবেথে লিখিছে- ভাৰতৰ সাংস্কৃতিক পৰম্পৰা মহান৷ এই দেশৰ লোকসকল হৃদয়বান৷
চীনৰ শংঘাইৰ পৰা অহা এডনিনে লিখিছে - ভাৰতবৰ্ষত মুছলিম সংস্কৃতি আৰু আৰ্কিটেস্কাৰ চাই আমি পৰম আশ্চৰ্য্যচকিত৷
জাৰ্মেনীৰ ইডেভৰ মতে ভাৰতীসকলে অতিথিক ভগবানৰ সমতুল্য বুলি ভাবে৷
স্পেইনৰ মাৰিয়াৰ মতে ভাৰতৰ সংস্কৃতি অতুলনীয়৷
ইণ্ডোনেচিয়াৰ পেট্ৰিকৰ মতে - ভাৰতবৰ্ষ এনে এখন দেশ য'লৈ বাৰে বাৰে আহিবৰ মন যায়৷
গোৱালিয়ৰৰ দূৰ্গ চাই নিউজিলেণ্ডৰ ৱেনিচাই মতামত ব্যক্ত কৰিলে - ভাৰতীয় নাৰীৰ ইমানেই
শক্তিমন্ত যে তেওঁৰ বাবে পৃথককৈ মহল বনোৱা হৈছিল৷
কজকিস্তানৰ কুচনৌভ অবলগাজিয়ে লিখিছে- মহাত্মা গান্ধীৰ বিষয়ে জানিবলৈ সাবৰমতী আশ্ৰমলৈ আহিলোঁ৷ভাৰতীয়সকল গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত৷ তেওঁলোকৰ বাৰ্তালাপত আৰু ব্যৱহাৰত যি প্ৰেম ফুটি উঠে সেয়া বিশ্বত বিৰল৷
কম্বোডিয়াৰ চাৰাহে বোধগয়া দৰ্শন কৰি লিখিছে -ভাৰতীয়সকল বৰ মিলনপ্ৰিয় লোক৷
অজৰবেইজানৰ লেইলা এলিয়েভাই ৰাজস্থান পৰিভ্ৰমী লিখিছে - ভাৰত সঁচাই বিস্ময়কৰ দেশ৷
('দৈনিক ভাস্কৰ'ৰ সৌজন্যত ) ৩০-১১-২০১৫
Comments
DrBhupendra Saikia ওপৰৰ ছবিখনেও বহু কথাই কব খোজে৷
Hiranmoy Goswami পোষ্টটোৰ কাৰণে কৃতজ্ঞতা
Rajib Sharma নিজৰ মৰমৰ দেশ খনৰ বিষয়ে বিদেশী লোকে এনেদৰে ক'লে বুকুখন এহাত মান বহল হৈ যায় দেখোন ৷
Dhananjoy Nath সুন্দৰ মেচেজ
Santanu N Bora অসহিষ্ণুতা এটা বিশেষ ৰাজনৈতিক দলে সৃষ্টি কৰা শব্দ
LikeReply1Yesterday at 17:00
Pankaj Thakuria ককাইদেউ প্ৰথম শাৰীটোত থকা ডাটাখিনি চাই লবচোন, Indiaspend এ ডাটাখিনি ধুনীয়াকৈ দেখুৱাইছে।http://factchecker.in/tourism-ministry-unexceptional-claims/
DrBhupendra Saikia তথ্য সূত্ৰটোৰ বাবে ধন্যবাদ৷ ইয়াৰ মতে বিদেশী টুৰিষ্টৰ বৃদ্ধি ৮.১শতাংশ (যদিও এভাৰেজ বাৰ্ষিক বৃদ্ধি ১০.১ৰ তুলনাত কম)৷ সেই অনুপাতে দেশখনৰ আয়ো বাঢ়িছে৷ দৈনিক ভাস্কৰৰ নিজা অনুসন্ধানত মতে ৪.৫শতাংশ বুলি লিখনিটোত উদ্ধৃতি দিয়া হৈছিল৷
LikeReply1Yesterday at 20:03

No comments:

Post a Comment

Total Pageviews