Translate

Monday, December 28, 2015

এজন প্ৰবাসী ভাৰতীয়ৰ দৃষ্টিত প্ৰধানমন্ত্ৰী মোডীৰ পাকিস্তান ভ্ৰমণ –.


প্ৰবাসী জীৱন যাপন কৰাৰ এৰাধৰাকৈ এটা দশকতকৈয়ো অধিক কাল অতিবাহিত হ'ল৷ মোৰ কৰ্মভূমি হোৱা দেশসমূহৰ ভিতৰত লিবিয়া, মালদ্বীপ,সংযুক্ত আৰব আমীৰাট আৰু কাটাৰৰ নাম উল্লেখযোগ্য৷ বিশ্বৰ নানা দেশৰ,নানা বৰণৰ,নানা সংস্কৃতিৰ, নানা ভাষা-ভাষীলোকৰ সংস্পৰ্শলৈ আহি নিতৌ ন ন অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ৷ ডাবলিনৰ ৰয়েল কলেজ অৱ চাৰ্জনচ্ ইন আয়াৰলেণ্ডত এসময়ত সহপাঠী হোৱা শৰ্মা উপাধিৰ পাকিস্তানী ডাক্তৰৰ ভাৰতলৈ ভ্ৰমণলৈ আহিবলৈ কি তীব্ৰ ইচ্ছা আৰু দুবাৰকৈ ভিছা নোপোৱাৰ দুখ, নিজ দেশৰ ইপাৰে ভাৰতত পৰিয়ালৰ বহুকেইজনক তেতিয়ালৈ লগ নোপোৱাৰ বেদনা আৰু অনেক কাহিনী বন্ধু হিচাবে মোৰ ওচৰত ব্যক্ত কৰিছিল৷ লিবিয়াত লগ পাই বেচ ঘনিষ্ঠ হৈ পৰিছিলোঁ পাকিস্তানী মেল নাৰ্চ এজন আৰু তেওঁৰ পৰিয়ালটোৰ সৈতে৷ ধৰ্মত খৃষ্টান হোৱা হেতুকে তেওঁৰ ঘৰৰ মানুহে পাকিস্তানত দূৰ্গতিৰ সন্মুখীন হবলগীয়া হলেও এওঁলোকৰ দেশপ্ৰেম শলাগিবলগীয়া৷ আনকি আগতে উল্লেখ কৰা পাকিস্তানী ডাক্তৰ শৰ্মাৰো তেজত দেশৰ প্ৰতি অনুৰাগ পৰিপূৰ্ণ৷ আনহাতে কাৰো মনত ভাৰত-বিদ্বেষ নাই৷ মালদ্বীপত পাকিস্তানী ডাক্তৰ ইমৰাণ হাচান মোৰ সহকৰ্মী আছিল৷ পৰিয়াল তেওঁৰ লগতে মালদ্বীপত আছিল৷ মোৰ লগত এক প্ৰকাৰ ঘৰুৱা সম্পৰ্ক গঢ়লৈ উঠিছিল৷ ই-মেইলযোগে আমাৰ যোগাযোগ এতিয়াও অব্যাহত আছে৷ মই নিজে ডেংগু হিমৰেজিক ফিভাৰত ভূগি চিক ৰুমত চিকিৎসাধীন হৈ থাকোতে মোক ঘৰৰ মানুহৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল৷ আনকি মোৰ তেজত প্লেটলেটৰ পৰিমাণ কমি পঞ্চাচ হাজাৰৰ তললৈ অহাত মোক ৪০০মিলিলিটাৰ তেজ ভাতৃসম ডাক্তৰ ইমৰাণে দি মোৰ জীৱন ৰক্ষা কৰিছিল৷ মোৰ দেহত পাকিস্তানীৰ তেজ আছে কাৰণেই নেকি মই পাকিস্তান আৰু পাকিস্তানীক ভাল পাওঁ! আনহাতে মোক বাংলা ভাষা কবলৈ, শিকিবলৈ বাধ্য কৰিলে মোৰ বাংলাদেশী ৰোগীসকলেই আৰু আজি তেওঁলোকে মোক নিজৰ 'আপোনজন' বুলি ভাবে - সেয়া এক অন্য অধ্যায় ৷ প্ৰবাসত মোৰ দৰে আন বহুতৰ উপলব্ধি হব - ভাৰত,পাকিস্তান আৰু বাংলাদেশ এই তিনিও দেশৰ নাগৰিকে নিজৰ ভিতৰত একো ভেদাভেদ নৰখাকৈ ভাল বন্ধুৰ দৰে সমিল মিলেৰে থাকে৷ তেওঁলোকৰ সৰহ সংখ্যক লোকেই ৰাজনৈতিক প্ৰদূষণৰ পৰা সম্পূৰ্ণ মু্ক্ত৷

 
ইমানখিনি ভূমিকাৰ পিছত মূল আলোচনালৈ আহোঁ৷ এইটো সত্য এটা সময়ত মোডীয়ে পাকিস্তানৰ বিৰুদ্ধে অনেক কটু মন্তব্য কৰিছিল৷ অৱশ্যে পাকিস্তানৰ ৰাজনেতা সকল এই ক্ষেত্ৰত অধিক চোকা আছিল৷ কিন্তু কেইদিন মানৰ আগতে এটি বাতৰি সংবাদ মাধ্যমযোগে অৱগত হলোঁ য'ত কোৱা হৈছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ সকলো পাৰিষদক ভাৰতৰ বিৰু্দ্ধে একো বিৰুপ মন্তব্য নিদিবলৈ বুলি সতৰ্ক কৰি দিছিল৷ আনহাতে আমাৰ প্ৰধানমন্ত্ৰীৰো হয়তো দৃষ্টিভংগীৰ পৰিবৰ্তন ঘটিছে৷ দুয়ো পক্ষৰ বৰফ গলিবলৈ লোৱাৰ এয়া হয়তো আৰম্ভণি৷
সঘনাই বিদেশ ভ্ৰমণৰ বাবে নিজ দেশত 'পৰিব্ৰাজক' আখ্যা পোৱা প্ৰধানমন্ত্ৰী মোডীয়ে শেহতীয়া বিদেশ যাত্ৰাত পোনতে ৰুচ দেশত ভৰি দিলে৷ তাত কেইবাখনো চুক্তি সম্পন্ন কৰি আহিল আফগানিস্থানলৈ৷ ২৫ডিচেম্বৰ বৰদিনৰ দিনা ভাৰতৰ দানেৰে নিৰ্মিত আফগানিস্থানৰ নৱনিৰ্মিত ভব্য সংসদ ভৱন উন্মোচিত কৰি বিখ্যাত 'জঞ্জীৰ' চিনেমাৰ পাঠান শেৰখানৰ উক্তি গাই শুনালে –“ য়াৰী হ্যেই ইমান মেৰা, য়াৰ মেৰী জিন্দেগী”! ২৫ডিচেম্বৰ আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন৷ পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰো জন্মদিন হ'ল ২৫ডিচেম্বৰ৷ দিনৰ ১১বজাত কাবুলৰ পৰা মোডীয়ে ফোন লগালে নৱাজ শ্বৰীফলৈ জন্মদিনৰ শুভকামনা জনাবলৈ৷ লগতে তেওঁ শ্বৰীফক সাক্ষাৎতৰ ইচ্ছাও ব্যক্ত কৰিলে৷ প্ৰত্যুত্তৰত নৱাজ শ্বৰীফে আন্তৰিকতাৰে কলে- গৃহাভুমুখি হওতে লাহোৰত মোৰ ঘৰত সোমাই যাব৷ মোৰ নাতিনী মেহেৰুন নিছাৰ বিয়াৰ মেঁহদীলৈয়ো আপোনাক নিমন্ত্ৰণ জনালোঁ৷ লগে লগে মোডীয়ে টুইট কৰি সকলোকে জনাই দিলে তেওঁ পাকিস্তানলৈ গৈ আছে৷
আকস্মিকভাবে মোডীৰ এই ঘোষণাই ভাৰতৰ ৰাজনৈতিক মহলত ভূকম্পৰ সৃষ্টি কৰিলে৷ মোডীয়ে যেন কোদোৰ বাঁহতহে জুই দিলে৷ ভাৰতীয় জাতীয় কংগ্ৰেছে জৰুৰীভাবে প্ৰেছমিট পাতি প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ গৰিহনাদি দেশবাসীক 'অন্ধকাৰত ৰাখি' এনে আচৰণ কৰাৰ বাবে কৈফিয়ৎ দাবী কৰিলে৷ য়ুথ কংগ্ৰেছে প্ৰতিবাদী সমদল ওলিয়াই প্ৰধানমন্ত্ৰী মোডীৰ ফটোদাহ কৰিলে, ভৰিৰে গছকিলে৷ মিত্ৰদল শিৱসেনাই কটাক্ষ কৰিলে পাকিস্তানত জন্মদিন আৰু বিবাহৰ বিৰিয়ানী-হালুৱা মিঠাই খাই উঠি ঘৰমুৱা হওঁতে মোডীয়ে নিশ্চয় হাফিজ চৈয়দ আৰু ডাউদ ইব্ৰাহিমক নিজৰ লগত ভাৰতলৈ লৈ আহিব !
সমালোচনালৈ নিৰ্বিকাৰ মোডীয়ে কালৈকো ভ্ৰক্ষেপ নকৰি নিজে ভবা মতেই কৰি গ'ল৷ মাত্ৰ কেইটামান ঘন্টাৰ প্ৰস্তুতিৰে মোডীক পকিস্তানত আদৰাৰ সকলো যোজা পাক চৰকাৰে সম্পন্ন কৰিলে৷ সন্ধিয়া চাৰি বজাৰ আগে আগে প্ৰধানমন্ত্ৰী মোডীক কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ লাহোৰৰ বিমানখনিয়ে অলামা ইকবাল ইন্টাৰনেশ্বনেল এয়াৰপ'ৰ্টত অৱতৰণ কৰিলে৷ বিমানৰ পৰা নামি মোডীয়ে হাত মেলি অগ্ৰসৰ হ'ল৷ একেদৰেই নৱাজ শ্বৰীফো আগুৱাই আহিল৷ পোনতে পৰস্পৰৰ কৰমৰ্দন আৰু তাৰ পিছত হ'ল গভীৰ আলিংগন৷ দুয়োজন প্ৰধানমন্ত্ৰীয়ে হাতত সজোৰে ধৰাধৰি কৰিয়েই সৈনিক অভিবাদন গ্ৰহণ কৰিলে৷ এনেদৰেই পাক হেলিকপ্তাৰত দুয়ো উঠি ৪০কিলোমিটাৰ দূৰৈৰ নৱাজ শ্বৰীফৰ পৈত্ৰিক গৃহলৈ ৰাৱণা হ'ল৷ তাত মোডীয়ে পৰিয়াল আৰু অতিথিসকলৰ সকলোৰে উষ্ণ সম্ভাষণ গ্ৰহণ কৰিলে৷কইনাক আশীৰ্বাদ আৰু উপহাৰ প্ৰদান কৰিলে আৰু নৱাজ শ্বৰীফৰ বৃদ্ধা মাতৃক মোডীয়ে ভৰি চুই সেৱা জনালে৷
সুদীৰ্ঘ ১১বছৰৰ মূৰত ভাৰতবৰ্ষৰ কোনো এজন প্ৰধানমন্ত্ৰীৰ এয়া পাকিস্তানত পদাৰ্পণ৷ আমাৰ দেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে এবাৰ এইদৰে ইচ্ছা ব্যক্ত কৰিছিল- মোৰ বৰ মন যায় অমৃতসৰত পুৱাৰ জলপান খাই,লাহোৰত মধ্যাহ্ন ভোজন কৰি,কাবুলত নৈশভোজ কৰাৰ৷ মনমোহনৰ মনৰ সেই অপূৰ্ণ অভিলাষ মোডীয়ে পূৰ্ণ কৰিলে৷ দুটা ঘন্টাৰ সৌহাৰ্দ্যপূৰ্ণ সময় পাকিস্তানত কটাই আগলি নিশাই ভাৰতৰ ৰাজধানীত অৱতৰণ কৰিয়েই মোডীয়ে যায় অটলজীক জন্মদিনৰ শুভকামনা জনাবলৈ৷
মোখনিত কবলগীয়া - বহুবছৰ কটুতা আৰু বৈৰীভাৱৰ নিশ্চয় ভুকুতে কল নপকাৰ দৰে মাহেক-পষেকতে অন্ত নপৰে৷সেয়ে সদ্ভাৱৰ সুপৰিণাম লক্ষ্য কৰিবলৈ এক দীৰ্ঘ সময় প্ৰতীক্ষা কৰিবলগীয়া হব পাৰে৷ দুয়োখন দেশৰ ৰাজনেতাসকলে অসহিষ্ণুতা দেখুৱাই সঘন বিবৃতি দিলে কেতিয়াও সম্প্ৰীতিৰ বাতাবৰণ ঘূৰি নাহে৷ নিজৰ দেশৰ প্ৰদূষিত ৰাজনৈতিক বাতাবৰণৰ পৰা বাহিৰলৈ অৰ্থাৎ প্ৰবাসলৈ ওলাই অহাসকলেহে দুই দেশৰ ভাই ভাইৰ মাজত হোৱা বিচ্ছেদৰ মনোবেদনা বুজিব পাৰে৷

ডা০ ভূপেন শইকীয়া
২৬ডিচেম্বৰ ২০১৫
ডোহা কাটাৰৰ পৰা

* ফটোসমূহৰ উৎস : টাইমচ্ অৱ ইণ্ডিয়া


12 comments
Comments
DrAjit Kumar Patangia কোনোবাই বিশ্বাস কৰিবনে নাই নাজানো বিদেশত পাকিস্তান আৰু বাংলাদেশৰ নাগৰিক সকল নিজৰ আপোনজনৰ দৰে থাকে মই বিদেশত পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকৰ পৰা বিপদত যিমান সহায়-সহযোগ পাইছো,,,নিজৰ ভাৰতীয় মানুহৰ পৰায়েই সিমান পোৱা নাই কেতিয়াবা ঠগ হে খাইছো।
Sanju Bora প্ৰধানমন্ত্ৰী মোদীৰ সিদ্ধান্ত শুদ্ধ বুলি মই ভাবো / সততে আমাৰ দেশত সমালোচনা - প্ৰতিবাদ হয় / কিন্তু ইতিবাচক চিন্তা নহয় /
Nabajyoti Kalita বিৰোধীয়ে সমালোচনা কৰাটো কাম কিন্তু আমি পাকিস্তানৰ লগত :42








DrBhupendra Saikia ভাৰতীয় সংবাদ পত্ৰত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গলেও পাকিস্তানকে ধৰি বিশ্বৰ প্ৰায়বোৰ দেশৰ প্ৰমুখ সংবাদপত্ৰসমূহে মোডীৰ এই 'চাৰপ্ৰাইজ ভিজিট'ৰ আদৰণি জনাইছে৷ এইবাৰ "বৰফ গলিব" বুলি পাক মিডিয়াই আশা ব্যক্ত কৰিছে৷
DrBhupendra Saikia's photo.

No comments:

Post a Comment

Total Pageviews