Translate

Saturday, July 27, 2013

চকুৰ অসুখ কনজাংটিভাইটিচ

আজি আমি এটি সঘনাই দেখা পোৱা ৰোগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷
আপোনালোকৰ বহুতৰ হয়তো এই ৰোগৰ অভিজ্ঞতা হৈছে৷চকুৰ অসুখ কনজাংটিভাইটিচে এটা সময়ত অসমত ব্যাপক ৰূপ ধৰিছিল৷এতিয়াও আমাৰ প্ৰদেশত গোটেই বছৰ জুৰি চেগাচোৰোকাকৈ এই ৰোগ ক'ৰবাত নহয় ক'ৰবাত চলি থাকে৷এই ৰোগ বাংলাদেশৰ পৰা সোঁচৰি অসম পাইছিলহি বাবে ৰাইজৰ মাজত এই ৰোগৰ প্ৰচলিত নাম হৈ পৰিছিল-'জয় বাংলা'৷এই নামটো এতিয়াও জনপ্ৰিয় হৈ আছে৷একেদৰে চেন্নাইৰ নাম মাদ্ৰাজ চলি থকা সময়তে সেই অঞ্চলৰ চকুৰ আঞ্চলিক চিকিৎসালয়ৰ অধীক্ষক ডা০ ক্ৰিক পেট্ৰিকে এবিধ ভাইৰাচে (এডিনো ভাইৰাচ) চকুৰ অসুখ কনজাংটিভাইটিচ কৰে বুলি ধৰা পেলাইছিল বাবে এই ৰোগৰ আন এটা নাম 'মাদ্ৰাজ আই' প্ৰচলন হৈছিল৷

কনজাংটিভাইটিচ ৰোগৰ প্ৰমুখ কাৰণ সমূহ হ'ল (১) চকুত ভাইৰাচ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ (২) এলাৰ্জিজনিত (৩) চকুত ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়াৰ ফলত (৪) নৱজাতকৰ (জন্মৰ পৰা ২৮দিনলৈ) চকুৰ অসুখ৷

ৰোগৰ লক্ষণ সমূহ হ'ল : - চকু ৰঙা পৰা, অতিমাত্ৰা চকুৰ পানী ওলোৱা, চকু খচ-খচোৱা,পূৰণি বা বিষ অনুভৱ হোৱা, চকুৰ বগা অংশ আৰু বাদু ফুলি উঠা, চকুৱে পোহৰৰ তীব্ৰতা সহ্য কৰিবলৈ টান পোৱা আদি৷ সাধাৰণতে চকুৰ দৃষ্টিশক্তিত একো প্ৰভাৱ নপৰে৷চকুত ভাইৰাচ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ হলে পোনতে এটা চকুত ৰোগ আৰম্ভ হয় আৰু ৩৷৪দিনত আনটো চকুলৈ বিয়পে৷ভাইৰাচৰ সংক্ৰমণ হলে সাধাৰণতে পানীলগা, চৰ্দি, ডিঙি-কাণৰ বিষ নাইবা চাইনাচৰ অসুখ লগত প্ৰায় দেখা যায়৷বেক্টেৰিয়াৰ সংক্ৰমণ হলে চকু ৰঙা পৰাৰ তীব্ৰতা আৰু ফুলি উঠাটো বেচি হয়৷ তদুপৰি বগা-হালধীয়া পূঁজ জাতীয় দ্ৰব্য নিৰ্গত হয়৷চকুৰ ফেচকুৰি বা আঠা জাতীয় দ্ৰব্যই পুৱা চকুৰ পতা দুটা জাপ খোৱাই ৰাখিব পাৰে৷ সাধাৰণতে চকুত ষ্টেফাইলোকক্কাই আৰু ষ্ট্ৰেপ্টকক্কাই বেক্টেৰিয়াৰ সংক্ৰমণ হোৱা দেখা যায়৷আন আন কিছুমান কনজাংটিভাইটিচ কৰা বেক্টেৰিয়া হ'ল- চালমাইডিয়া ট্ৰেকমেটিচ, নাইচেৰিয়া গনকক্কাচ, বিটা-হিমলাইটিক ষ্ট্ৰেপ্টকক্কাচ, কৰ্ণিবেক্টেৰিয়াম ডিপথেৰিয়া আদি৷
এলাৰ্জিজনিত কনজাংটিভাইটিচ সোঁচৰা নহয়৷লক্ষণ অনুসৰি চিকিৎসা কৰিলে সোণকালে আৰোগ্য হয়৷সাধাৰণতে ৰোগীক এন্টিএলাৰ্জিক আৰু নন-ষ্টেৰই'ডেল এনালজেচিক ঔষধ খাবলৈ দিয়া হয়৷
কনজাংটিভাইটিচ কৰা ৰাসায়নিক দ্ৰব্যসমূহৰ ভিতৰত চকুত এলকেলি বা এচিড পৰাটো বিপদজনক৷
লিটমাচ পেপাৰ এখনৰ সহায়ত অনায়াসে এলকেলি আৰু এচিডক চিনাক্ত কৰিব পাৰি৷এলকেলি বেচি অপকাৰী, ই স্কাৰ কৰিব পাৰে আৰু চকুৰ ভিতৰৰো ক্ষতি সাধিব পাৰে৷গতিকে ইয়াৰ তৎকালিন উপযুক্ত চিকিৎসা কৰাটো জৰুৰী৷
কনজাংটিভাইটিচ কৰা আন ৰাসায়নিক পদাৰ্থসমূহ হ'ল- শ্বেম্পু,হেয়াৰ ডাই, চাবন, পানীত থকা ক্লৰিন, ৰাস্তা-কল-কাৰখানাৰ ধূলি-ধোঁৱা আদি৷
মাতৃৰ গন'ৰিয়া বা আন যৌনব্যাধি থাকিলে সন্তান সহজে কনজাংটিভাইটিচত আক্ৰান্ত হয়৷উপযুক্ত
এন্টিবায়টিকৰ সহায়ত চিকিৎসা কৰি নৱজাতকক আৰোগ্য কৰাৰ অতীৱ প্ৰয়োজন,অন্যথা দৃষ্টিশক্তিৰ ক্ষতিসাধন হব পাৰে৷আকৌ কেতিয়াবা নৱজাতকৰ চকুৰ পানী নাকলৈ বৈ যোৱা নলীডাল (লেক্ৰিমেল ডাক্ট ) সাময়িক ভাবে বন্ধ হৈ থাকিলেও কনজাংটিভাইটিচ হব পাৰে৷
আকৌ বহু সময়ত ভাইৰেল আৰু বেক্টেৰিয়েল কনজাংটিভাইটিচ একেলগে হব পাৰে৷ ডায়েবেটিচত আক্ৰান্ত লোকৰ চকুৰ অসুখৰ লক্ষণ সমূহ গুৰুতৰ হব পাৰে৷

ৰোগ চিনাক্তকৰণ জটিল নহয়৷কেতিয়াবা চকুৰ পানী বা দ্ৰব্যৰ কালচাৰ কৰি জীৱানু চিনাক্ত কৰা হয়৷

চিকিৎসা : - ভাইৰাচৰ সংক্ৰমণত এচাইক্লভিৰ বা আনএন্টিভাইৰেল ঔষধ প্ৰয়োগ কৰা হয়৷ বেক্টেৰিয়াৰ
সংক্ৰমণত উপযুক্ত এন্টিবায়টিক ব্যৱহৃত হয়৷গনোৰিয়াই কৰা কনজাংটিভাইটিচত চেফট্ৰিয়াস্কন এন্টিবায়টিক বেজীৰে সাধাৰণতে চিকিৎসা আৰম্ভ কৰা হয়৷বেক্টেৰিয়াই কৰা কনজাংটিভাইটিচৰ চকুত দিবলৈ সচৰাচৰ ব্যৱহাৰ কৰা এন্টিবাটিক মলম আৰু ড্ৰপ কিছুমানৰ নাম হ'ল - অ'ফ্লস্কেচিন,চিপ্ৰফ্লস্কেচিন,নৰফ্লস্কেচিন, টেৰামাইচিন, ক্লোৰেমফেনিকল,জেন্টামাইচিন, টব্ৰামাইচিন, নিয়োমাইচিন আদি৷

চকুত ৰাসায়নিক দ্ৰব্য পৰিলে নৰ্মাল চেলাইন বা ৰিংগাৰ লেক্টেটৰে চকু ধুব লাগে৷চকুৰ বিষ বেচি হলে এনাচথেটিক বা ডাইক্লফেনক আই ড্ৰপ কেতিয়াবা ব্যৱহাৰ কৰিবলগীয়া হয়৷

লবলগীয়া সতৰ্কতা : - অসুখ হোৱা ব্যক্তিজনে কামলৈ বা স্কুল-কলেজলৈ নগলে ৰোগ আনলৈ বিয়পাৰ সম্ভাৱনীয়তা কমিব৷ঘৰৰ আন সুস্থ মানুহে ৰোগীৰ দৈনন্দিন ব্যহাৰৰ সামগ্ৰী যেনে কলম,ফণি,চামুচ,
গিলাচ, ৰুমাল,গামোছা,বিচনা চাদৰ,গাৰু গিলিপ,চচমা, প্ৰসাধন সামগ্ৰী,মগ,বাল্টি আদি পৰাপক্ষত স্পৰ্শ
নকৰিব৷ৰোগীৰ হাত নুচুব বা চুলেও লগে লগে ভালদৰে চাবুনৰে হাত দুখন ধুব৷কোনো কাৰণতে হাতেৰে চকু নমহাৰিব৷শীতল জলেৰে চকু আতৰৰ পৰা পানী চেতিয়াই চাফা কৰিব ৷অসুখৰ সময়ত ৰোগীয়ে কন্টেক লেঞ্চ ব্যৱহাৰ নকৰিব৷চকুত কাজল,মস্কৰা বা আন প্ৰসাধন সামগ্ৰী নলগাব৷চিকিসৎকক নোসোধাকৈ দৰব নাখাব বা চকুত নাঢালিব৷আনৰ ৰৈ যোৱা চকুৰ দৰব ব্যৱহাৰ নকৰিব৷সকলো সময়তে পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিব৷

(বি০দ্ৰু০- গোটত চকু চিকিৎসক কোনোবা থাকিলে আৰু লাগতিয়াল তথ্য যোগ দিলে ৰাইজ উপকৃত হব৷)

ডা০ ভূপেন শইকীয়া
২৬ জুলাই,২০১৩ email~ drbksaikia@gmail.com
ড'হা,কাটাৰৰ পৰা
  • Arup Medhi আজি এমাহমান আগতে মঁই ভুগিছিলো এই অসুখত ,পিছে কণাশিমেলী ছিঙিলে এবিধ আঠা ওলাই তাকে লগাই দিওতে ভাল হল ।
  • Abdus Sazid 'জয় বাংলা'... সৰুতে মোৰো হোৱা মনত পৰে৷ চকু ৰঙা পৰিছিল, পানী ওলাইছিল৷ তেতিয়া কি কি দৰৱ ব্যৱহাৰ কৰা হৈছিল মনত নপৰে৷ এতিয়া কেতিয়াবা হঠাতে কিবা কাৰণত (হয়তো ধূলি-মাকতিৰ বাবে) চকু খচ্‌খচায়৷ তেতিয়া 'ল'কুলা টেন পাৰচেণ্ট' নহ'লে 'আইট'ন' নামৰ আই ড্ৰপ দুটোপাল...See More
  • Gautam Pompi Bora ভাল বিষয় । বিশদ ভাৱে জানি ভাল লাগিল । মোৰো মাজতে হৈছিল । প্ৰথমে বাঁও চকুত দুদিন পাচতে সোঁচকুত হৈ ৫দিন মান থাকিয়ে ভাল হল ।
    18 hours ago via mobile · Unlike · 1
  • DrBhupendra Saikia পঢ়ি ভালপোৱা সকলোকে ধন্যবাদ জনালোঁ৷ 'লকুলা' হ'ল এবিধ এন্টিবায়টিক (চাল্ফএচিটামাইড) আই ড্ৰপ৷ এসময়ত এন্টিবায়টিক বেচি ভেৰাইটি নথকাত ইয়াৰ বেচ প্ৰচলন আছিল৷এটি ঘৰুৱা প্ৰতিকাৰ : কেইখিলামান তুলসীপাত কেইঘন্টামান পানীত তিয়াই থৈ সেই পানীৰে চকু ধুলে চকুৰ খচখচনি নাইকীয়া হয় বুলি মায়ে কোৱা মোৰ মনত পৰে৷
    15 hours ago · Like · 1
  • Arup Medhi মঁই কণা শিমেলী লগাই ভাল পালো ।
    15 hours ago via mobile · Unlike · 1
  • Bikash Das  দাদা বহুতে উপকৃত হব এই লিখনিতোৰে । মাত্ৰ এটা কথা মনত ৰাখিব লাগিব সকলোৱে যে ডক্টৰৰ উপদেশ নোলোৱাকৈ কোনো দৰৱ নিজে নলব এই বেমাৰ হলে ।
    15 hours ago · Unlike · 2
  • Anjali Sonowal মোৰেই হৈছিল দুদিনমানৰ আগতে, কালিৰ পৰা ভাল পাইছো.... মোৰ কিন্তু খচখচনি বা বিষ একো হোৱা নাছিল.... পঢ়ি ভাল পালো।
    15 hours ago · Unlike · 1
  • Lakhimi Gogoi ধন্যবাদ ।
    3 hours ago · Unlike · 1

Wednesday, July 24, 2013

ৰমজান মাহত কাটাৰ

  • আজিৰ ডায়েৰীৰ পাতত যি লিখিব লৈছোঁ তাক স্ব-কথোপকথন বা 'লাউড থিংকিং' আখ্যা দিব পৰা যাব৷মই নাজানোঁ মোৰ সহৃদয় পাঠকসকলে এই লিখনিক কি ভাবে গ্ৰহণ কৰিব৷মই কোনো বিখ্যাত লোক বা সাহিত্যিক নহয়৷মই মাথো এজন কৰ্মসূত্ৰে প্ৰবাসী অসমীয়া৷ ফেচবুকৰ 'অসমীয়া কথা বতৰা' গোট আৰু ‘নিয়মীয়া বাৰ্তা'ৰ প্ৰবাসী অসমীয়া  পৃষ্ঠাৰ লিখনিৰ যোগেদি  অসমৰ আৰু অসমৰ বাহিৰৰো ভালেকেইজন পাঠকৰ সৈতে  মোৰ অন্তৰংগতা বা আন্তৰিকতা গঢ়ি উঠিছে৷এই অনুভৱে মোৰ হৃদয়ৰ কোনোবা এটা চুকত স্পৰ্শ কৰে যেতিয়া এচ এম এচ বাৰ্তা, টেলিফোন,ই-মেইলত নাইবা ফেচবুকত প্ৰশংসাসূচক বা নানা আগ্ৰহ-আব্দাৰযুক্ত সংলাপ পাওঁ৷গতিকে তেনেলোকৰ চেনেহক নেওচি হাজাৰ ব্যস্ততাৰ মাজতো ডায়েৰী নিলিখাকৈ থাকিব নোৱাৰোঁ৷এটা তেনেই সাধাৰণ ঘটনা কওঁ - কেইদিনমানৰ আগতে গুৱাহাটীৰ ছয়মাইলৰ এখন দোকানত এপদ বস্ত কিনিব সোমাওতে দেউৰী উপাধিৰ অচিনাকী ডেকা দোকানীজনে ( এই মুহূৰ্তত সম্পূৰ্ণ নামটো মনলৈ অহা নাই) মোলৈ আদৰৰ দৃষ্টিৰে চাই কৈছিল - আপোনাৰ  লিখনি নিয়মীয়া বাৰ্তাত সদায়ে পঢ়োঁ৷ হয়,মই দুসপ্তাহৰ ব্যক্তিগত 
    জৰুৰী কামত মুলুকলৈ  গৈছিলোঁ৷বিদেশৰ পৰা স্বদেশলৈ যাত্ৰা কৰাক ইয়াত আন ভাৰতীয়সকলে 'মুল্ক' যোৱা বুলিয়ে কয়৷মনত পৰে সৰুতে দেউতাৰ অফিচৰ নেপালী চকীদাৰ আৰু বিহাৰী গোৱালে ঘৰলৈ দীঘলীয়া ছুটিত গলে কৈছিল - "দেচলৈ যাওঁ"! নেপালৰ কথা বাদ দিলে ভাৰতৰ ভিতৰতে আকৌ দেশ (দেচ), চিন্তনীয় কথা !
    ভাৰতলৈ, অসমলৈ গৈছিলোঁ আমাৰ কনিষ্ঠ কন্যা ইতিৰ কলেজত  নাম ভৰ্তি কৰিবলৈ৷তাইৰ সৈতে
     গুৱাহাটী-দিল্লী-জয়পুৰ তাঁত-বাঁতি কৰোতেই সময়বোৰ পাখিলগা কাঁড়ৰ দৰে পাৰ হ'ল৷গুৱাহাটীত চি বি এচ ইৰ পৰীক্ষা দি ইতিয়েও মাকৰ সৈতে দুমাহ কাটাৰত থাকি গৈছিলহি৷জয়পুৰৰ তাই মনে বিচৰা ইন্টিৰিয়'ৰ ডিজাইনৰ বিষয় থকা কলেজ এখনত এডমিচন দি মই ঘূৰি আহি কাটাৰ পাবহি এসপ্তাহ হৈছে মাথোঁ৷উল্লেখ নকৰিলে নহব  তাকৰীয়া বন্ধৰ মাজত এদিন খন্তেক সময়ৰ বাবে 'নিয়মীয়া বাৰ্তা'ৰ কাৰ্য্যালয়লৈ গৈ প্ৰীতিৰেখা ভূঞা আৰু প্ৰাঞ্জল দলৈক লগ পাই মনত এক সুখানুভূতি হ'ল৷নকলেও হব  কাটাৰলৈ ঘূৰি অহাৰ লগে লগে পুনৰ দৈনন্দিন কৰ্মব্যস্ততাৰ মাজত সোমাই পৰিলোঁ৷৷সপ্তাহটোৰ প্ৰতিটো দিনেই মই ৰোগী চাওঁ এদিনো বাদ নপৰাকৈ৷ছুটী মোৰ বাবে আটকৰ ধন হেন৷সোমবাৰে এবেলা আৰু শুকুৰবাৰে এবেলা মোৰ ডিউটি অফ থাকে৷ইয়াৰ বাদে বছৰত এমাহ ছুটী৷শুকুৰবাৰে ৬ঘন্টাৰ এবেলাত ৮০জনৰো অধিক ৰোগীক পৰীক্ষা কৰি প্ৰতিবিধান দিব লাগে৷
    অন্য দিনা দিনটোত ৩৫ৰ পৰা ৪০জন ৰোগী চাওঁ৷কাটাৰী বা আন আৰবী ৰোগী মোৰ ভাগত কমকৈ পৰে৷সৰহ সংখ্যক ৰোগীয়েই হ'ল ইয়াৰ প্ৰবাসী৷বিশ্বৰ বিভিন্ন দেশৰ পৰা কৰ্মসূত্ৰে কাটাৰলৈ অহা সেইলোক সকলৰ দেশৰ নাম মই মোৰ ব্যক্তিগত বহীত টুকি ৰাখোঁ৷এতিয়া ইছলামসকলৰ পবিত্ৰ ৰমজান মাহ৷দোকান বজাৰ অফিচ সকলোৰে কামৰ সময়সূচী সলনি হৈছে৷সকলো অফিচৰ কামৰ সময় ৮ঘন্টাৰ ঠাইত ৬ঘন্টালৈ হ্ৰাস কৰা হৈছে৷হোটেল, ফাষ্টফুড চেন্টাৰ, নানাবিধ খাদ্য-সামগ্ৰী বিক্ৰীৰ দোকান আৰু ৰেষ্ট্ৰোৰাসমূহ  দিনত বন্ধ থাকি ৰাতিহে খোলে৷মেডিকেল বিভাগ হিচাপে আমাৰ সময় অৱশ্যে হ্ৰাস হোৱা নাই৷ ডিউটি আগবেলা চাৰে চাৰি ঘন্টা আৰু পিছবেলা চাৰে চাৰি ঘন্টা৷পুৱাৰ সময় একে থাকি সন্ধিয়া ৭বজাৰ পৰা নিশা চাৰে এঘাৰ বজালৈ ডিউটি ৷কিছুমান দোকান দিনটো বন্ধ থাকি ৰাতি দেৰীলৈকে খোলা ৰখাৰ ব্যৱস্থা  কৰিছে৷দিনত বাট-পথত যান-বাহন হেৰেঙা৷সন্ধিয়া ইফটাৰ হৈ যোৱাৰ পিছৰ পৰা ৰাজপথত গাড়ী মটৰৰ সংখ্যা ক্ৰমে বৃদ্ধি পাবলৈ ধৰে আৰু নিশা এঘাৰ বজাৰ পিছৰ পৰা  দোকান,বজাৰ, হোটেল, ৰেষ্ট্ৰোৰা, ৰাজপথ লোকাৰণ্য হৈ পৰে৷উৎসৱমুখৰ পৰিবেশত উজান দিয়ে দোকানবিলাকে ঘোষণা কৰা আকৰ্ষণীয় ৰেহাইৰ ব্যৱস্থাই৷ নকলেও হব ইয়াৰ চুপাৰমাৰ্কেট,হাইপাৰমাৰ্কেট লেভেল লগোৱা মলসমূহ  বিশ্বৰ বিভিন্ন দেশৰ সৰু-বৰ নানান সামগ্ৰীৰে উভৈনদী৷যোৱা শুকুৰবাৰে বন্ধু আব্দুল্লাৰ সন্ধিয়াৰ ইফটাৰৰ  নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ তাত কেইবাজনো ন-পূৰণি অসমীয়াক লগ পাই সন্ধিয়াটো ভালদৰেই
     অতিবাহিত হ'ল৷এটা দৃশ্য পূৰণি  ড'হা অঞ্চলত দেখিবলৈ পালোঁ৷এখন দোকানৰ সন্মুখত দীঘল লাইন৷দোকানখনে ইফটাৰৰ বাবে একোখনকৈ বিভিন্ন খাদ্য-সামগ্ৰীৰ থাল সাজি বিক্ৰী কৰিছে৷ ব্যৱস্থাটো দেখি ভাল লাগিল৷কাটাৰীসকলৰ মাজত হিন্দী চিনেমা বেচ জনপ্ৰিয়৷  ইয়াৰ চিনেমেস্কসমূহত নতুন হিন্দী চিনেমা বৃহস্পতিবাৰে,অৰ্থাৎভাৰতবৰ্ষতকৈ এদিন আগতে ৰিলিজ হয়৷বহুত আৰবী দৰ্শকে টিকটৰ বাবে সময়তকৈ আগতে লাইন পাতি থাকে৷ইয়াত চলা প্ৰতিখন চিনেমাৰ সংলাপ আৰবী ভাষাত লিখা ওলায়৷বৰ্তমান 'ভাগ মিলখা ভাগ' বোলছবিখনে দৰ্শকৰ আদৰ পাইছে৷বৰ্তমান 'ৰয়েল প্লাজা'ত চলি থকা 'ভাগ মিলখা ভাগ' বোলছবিখনে দৰ্শকৰ আদৰ পাইছে৷  "উৰন্ত  শিখ"  মিলখা সিঙৰ জীৱনী ভিত্তিক এই কাহিনী চিত্ৰখন সানমিহলি দৰ্শকৰ সৈতে যোৱা সোমবাৰৰ নিশাৰ দৰ্শণী ময়ো উপভোগ কৰিলোঁ৷
    বৰ্তমান কাটাৰৰ সৰ্বোচ্চ তাপমাত্ৰা  ৪৩ ডিগ্ৰী চেলচিয়াচলৈ বৃদ্ধি পাইছে৷নিশাৰ ভাগত তাপমান 
    ৩৫ডিগ্ৰীলৈকে নামে৷ দুসপ্তাহ আগতে সেই তাপমান আছিল ৩৯ ডিগ্ৰী৷ সকলো সময়তে বলি থকা উষ্ম বতাহে শৰীৰ দেই-পূৰি নিব খোজে৷কল-কাৰখানা, ৰাজপথ আৰু  বিল্ডিং নিৰ্মাণত জড়িত  বনুৱাসকলৰ ডিউটি নিশাৰ পৰা পুৱালৈ দুটা শিফ্টত ধাৰ্য্য কৰি দিয়া হৈছে৷ বাসস্থান,যানবাহন,
    কাৰ্য্যালয় সকলোতে বাতানুকুলিত ব্যৱস্থা থাকিলেও মুকলিত কাম কৰা সকলৰ নিশা ভাগত হলেও কষ্ট অনিবাৰ্য্য৷
         কাটাৰী মহিলাসকলৰ পৰিধান ক'লা ৰঙৰ বুৰ্খা৷বুৰ্খাত নানান ধৰণৰ এম্ব্ৰডায়েৰীৰষ্টাইল কৰা দেখিলে মই বেচ আমোদ পাওঁ৷ কম সংখ্যক কাটাৰী মহিলাইহে মুখখন আবুৰ কৰি ঢাকি ৰাখে৷
    পুৰুষসকলৰ সৰু-ডাঙৰ প্ৰায় সকলোৱেই দীঘল বগা বস্ত্ৰ পৰিধান কৰে৷মূৰত পৰিধান কৰা 'ঘূৰ্টা' বেচিভাগৰ ৰঙা-বগা গামোছাৰ নিছিনা আন কিছুমানৰ অৱশ্যে বগা,ক'লা বা মূগা বৰনীয়া৷কাটাৰী পুৰুষসকলে পিন্ধা  শুভ্ৰ বস্ত্ৰ  ইমান পৰিস্কাৰ কেনেকৈনো ৰাখে মই ভাবি পাৰ নাপাওঁ৷আজিলৈ ডায়ৰী ইমানেই৷

    ডা০ ভূপেন শইকীয়া
    ২১ জুলাই,২০১৩

    Email: drbksaikia@gmail.com
    Mobile : 0774-33738722/ 30142149

    _________________________________________________
    • Anjali Sonowal সময় লৈ পঢ়িম...
    • Pronashree Bora Dutta কাটাৰৰ ডায়েৰী পঢ়ি পঢ়ি কাটাৰৰ বিষয়ে বহু কথা জানিব পাৰিছো ! ! ধন্যবাদ !
      July 16 at 2:53pm via mobile · Like · 1
    • Bikash Das ভাল লাগিল । আগৰবোৰ পঢ়িছো । অলপ অলপ আয়ত্ব কৰিব পাৰিছো ।
    • Abdus Sazid শ্ৰী শইকীয়া ডাঙৰীয়া... ইমান ব্যস্ততাৰ মাজতো আপুনিযে লিখি থাকে, সেইটো ভাবি আশ্চৰ্যান্বিত হওঁ৷ আপোনাৰ ইচ্ছাশক্তি, মানসিক শক্তিক শ্ৰদ্ধা জনাওঁ৷ লিখি থাকিব, পঢ়ি থাকিম৷
    • DrBhupendra Saikia পঢ়ি ভাল পোৱা সকলোকে আন্তৰিক ধন্যবাদ৷প্ৰিয়Abdus Sazid আপোনাৰ সুকীয়াকৈ শলাগ ললোঁ ৷ পাঠকৰ সমাদৰেই মোৰ লিখনিৰ অনুপ্ৰেৰণা৷দুসপ্তাহ কাল ভ্ৰমণত থকাত এইবাৰৰ সাহিত্য ডট অৰ্গত স্বাস্থ্য বিষয়ৰ লিখনি দিব নোৱাৰিলোঁ৷কাটাৰৰ ডায়েৰী -৩০ প'ষ্ট কৰাত পলম হোৱাত প্ৰকাশিত নহ'ল৷বেয়া লাগিছে৷
    • Abdus Sazid শ্ৰী শইকীয়া ডাঙৰীয়া, আপুনি জানি আনন্দিত হ'ব যে কাটাৰৰ দ'হাত মোৰ সহপাঠী বন্ধু এজন আছে৷ কিন্তু দুখৰ কথা, তেওঁ একো কথা নজনায়, নিলিখেও৷ সেয়েহে আপোনাৰ লেখাৰ পৰাই পঢ়ি পঢ়ি মই কথাবোৰ জানি থাকিব পাৰিছো৷
    • DrBhupendra Saikia Abdus Sazid আপোনাৰ বন্ধুক মোৰ ফোনত যোগাযোগ কৰি মোক লগ ধৰিবলৈ কব৷লগতে জনাব 'কাটাৰ অসম সমাজ'ৰ মই বৰ্তমান সভাপতি৷নেটৰ ফেচবুক গোটত আমাৰ বিষয়ে জানিব পাৰিব৷আমাৰ সমাজে এপ্ৰিলত ভালদৰে বিহুও পাতিলে৷আপোনাৰ বন্ধুৱে গোটত যোগদান কৰিলে আমিও সুখী হম৷
    • Ajmol Hussain Chowdhury ডা০ শইকীয়া ডাঙৰীয়া, আপোনাৰ লিখা খিনি পঢ়ো । এতিয়া লগপোৱাৰ মন গৈছে। আপুনি চৌদি আৰব, ৰিয়াদত আহে নেকি? আহিলে মে’ছেজ এটা দিবচোন লগ পাম।
    • DrBhupendra Saikia ধন্যবাদ,আজমল হুছেইন৷কেতিয়াবা ৰিয়াদলৈ যোৱাৰ ইচ্ছা থাকিল৷
    • Abdus Sazid শ্ৰী শইকীয়া ডাঙৰীয়া, অলপ আগতে ফেচবুকত মোৰ বন্ধু জমিলৰ ফ্ৰেণ্ড লিষ্টত চাই নিশ্চিত হ'লো যে আপুনিও তেওঁৰ এগৰাকী বন্ধু৷ গতিকে চিনি পাই বুলিয়ে ভাবিছো৷

Total Pageviews