Translate

Thursday, June 27, 2013

@ বুলেট ট্ৰেইন

খৰখেদাকৈ আমি দুয়ো নিজৰ বাৰ্থ গ্ৰহণ কৰাৰ লগে লগেই ঘোষণা শুনিলোঁ - "নমস্কাৰ আৰু সুপ্ৰভাত যাত্ৰীসকল, 'কামাখ্যা-কুটুব' বুলেট ট্ৰেইনলৈ আপোনালোকক আদৰিছোঁ৷গুৱাহাটীৰ পৰা দিল্লীলৈ
 ১৮৩৯কিলোমিটাৰ দূৰত্ব আমি ৪ঘন্টা ৩১মিনিটত অতিক্ৰম কৰিম৷এই দুই ঠাইৰ মাজত আমাৰ কোনো ষ্টপেজ নাই৷যাত্ৰাৰ সময়ছোৱাত আপোনালোকৰ সুখ-সুবিধাৰ আমি সম্পূৰ্ণ যত্ন লম৷ যি কোনো সহায়ৰ বাবে আপোনাৰ আসনৰ লগত সংলগ্ন ইন্টাৰকমৰ মাধ্যমেৰে আমাৰ সৈতে যোগাযোগ কৰিবলৈ সংকোচ নকৰে যেন৷আশাকৰো আপোনালোকৰ যাত্ৰা সুখদায়ক হব আৰু আমাক পুনৰ আপোনাসবৰ সেৱা কৰাৰ সুবিধা দিব৷ধন্যবাদ"৷
                 বুলেট ট্ৰেইনেৰে  পৰিবাৰ আৰু মোৰ এই প্ৰথম যাত্ৰা৷ বুলেট ট্ৰেইন আৰম্ভ হোৱাৰ পৰা গুৱাহাটী   দিল্লী বিমান যাত্ৰীৰ সংখ্যা নিম্নগামী হোৱালৈ চাই বিমানৰ ভাড়া হ্ৰাস আৰু সা-সুবিধা বৃদ্ধিৰ ঘোষণা কৰিবলৈ  এয়াৰাইন্স কৰ্তৃপক্ষ বাধ্য হ'ল৷ এইবাৰ মই ট্ৰেইনৰ  ভিতৰখনলৈ চকু ফুৰাই দেখিলোঁ - মজিয়াত দামী কাৰ্পেট পৰা আছে৷ডবাটো সুগন্ধৰে আমোলমোল৷ পাতল স্বৰত মৃদু সংগীত বাজি আছে৷ প্ৰতিটো আৰামদায়ক চিটৰ লগত এল চি ডি মনিটৰ সংলগ্ন আছে য'ত ৰেলৰ যাত্ৰাৰ পথ,গতিবেগ,দূৰত্ব,গন্তব্যস্থানগৈ পাবলগীয়া সময়,বতৰৰ বতৰা আদি চাব পাৰি৷ ইচ্ছা কৰিলে নিউজ চেনেল, চিনেমা বা চিৰিয়েলো উপভোগ কৰিব পাৰি৷ কাষৰ জেকেট এটাত আছে বাতৰি কাকত, মেগাজিন, পেপাৰ নেপকিন, মাউথ ফ্ৰেচনাৰ, কেইটিমান চকলেট আৰু আন কেইবিধমান সৰুসুৰা লাগতিয়াল সামগ্ৰী৷ ডবাটোৰ এটা কোণত আটোমটোকাৰিকৈ সজোৱা এটি সৰু পেন্ট্ৰি,আনটো কোণত আছে টয়লেট৷ পৰিচৰ্য্যাকাৰীসকলে ধুনীয়া পৰিপাটি ইউনিফৰ্ম পিন্ধি হাঁহিমুখেৰে যাত্ৰীসকলৰ খা-খবৰ লোৱাত ব্যস্ত৷ এনেতে আমি দুজনক দুপেকেট ব্ৰেকফাষ্ট দি একোখনকৈ ফৰ্ম দি থৈ গ'ল য'ত টিক চিহ্ন দি দুপৰীয়াৰ আহাৰত কি কি খাম পচন্দ কৰিব লাগে৷ শ্ৰীমতীয়ে ব্ৰেকফাষ্ট খাই লেপটপ মেলি ললে৷ ৱাইফাইৰ সহায়ত নেটসংযোগ স্থাপন হোৱাৰ লগে লগে বিদেশত কৰ্মৰত আৰ্কিটেক্ট পুত্ৰৰ খবৰ লোৱাত ব্যস্তহৈ পৰিল৷ মই নিউজ চেনেল এটা মেলি লৈ ডবাত উপলব্দ্ধ একমাত্ৰ অসমীয়া মেগাজিন 'প্ৰান্তিক'ৰ পাত লুটিয়াব আৰম্ভ কৰিলোঁ৷  এইবাৰৰ দিল্লী যাত্ৰাৰ উদ্দেশ্য হ'ল নইডাত থকা ভনী অনুপমা বৰগোহাঁইৰ আনন্দৰ ভাগ লোৱা৷ ভনী জোঁৱাই কনচেং বৰগোহাঁইৰ প্ৰমোচন আৰু তেওঁলোকৰ বৰপুত্ৰ ভাগিন মৌমনে বৃত্তিসহ আমেৰিকাত পঢ়িবলৈ যাব৷ ……..চাওঁতে চাওঁতে যাত্ৰা সামৰি নামিবৰ হলেই৷ আৰামী চকীৰ বাতানুকুলিত পৰিবেশত মোৰ চিলমিলকৈ টোপনি আহিব ধৰিছিল৷ শ্ৰীমতীয়ে জোকাৰি দিয়াত খকমককৈ সাৰ পাই মাত লগালোঁ - "দিল্লী পালোঁহি নেকি" ? উত্তৰ আহিল - "উঠা, চাহকাপ খাই মিউনিচিপেলিটিৰ ইলেকচনৰ ভোটটো দি আহোঁগৈ, ব'লা"৷ 
            পুৱতি নিশাৰ সপোনটো এই জনমত কেতিয়াবা ফলিয়াবনে  নে ই মুংগেৰী লালকে হচীন স্বপ্নে'হৈয়ে থাকি যাব উত্তৰ সময়ত হাতত এৰি দিলোঁ !

১৫জুন ২০১৩, ড'হা কাটাৰৰ পৰা

      


Saturday, February 9, 2013

হাবিয়াস






                                                                           



হাবিয়াসবোৰ হুমুনিয়াহ হব নিদিবা

 কালনিশাৰ দৰে দু:সময় পাৰ হলে
প্ৰভাতী সুৰুজে আনিব প্ৰতীক্ষিত সুসংবাদ

সময়, সময় আৰু সময়
সময়েই কঢ়িয়াই অন্ধকাৰ
সময়েই আনে পোহৰ

অজানা মুলুকত আছোঁ মই ৰৈ
সপোন বিভোৰ হৈ ! 

৯ ফেব্ৰুৱাৰী ২০১৩

Wednesday, February 6, 2013

পাচপ'ৰ্ট




চিৰসংগী এই স্মৃতিবোৰ
কিছুমান বোজাৰ দৰে,
আন কিছুমান 
সুঁৱৰি হেপাহ নপলুৱায়

আজিৰ সুখৰ ক্ষণ,দুখৰ দিনবোৰো
হব এদিন স্মৃতি

স্মৃতিবোৰ বোজানে (?)
স্মৃতিবোৰ এক পাচপ'ৰ্টৰ দৰে
সকলো সময়তে
এই জীৱন যাত্ৰাত লৈ ফুৰিব লগা !

৭ ফ্ৰেব্ৰুৱাৰী ২০১৩

Tuesday, February 5, 2013

কাঁড়হেন


দুখবোৰ শব্দৰ খেল নহয়
দুখবোৰ অশ্ৰুহৈ নিগৰে যদিও
দুখৰ আশ্ৰয় দুচকু নহয়

হিয়াৰ পৰা মগজুহৈ চকুলৈ
ক'ত পৰৰনো বাট !

৫৷২৷০১৩




Like ·  ·  · 38 minutes ago

Thursday, January 24, 2013

সম্বন্ধ


সম্বন্ধ

নকৰোঁ আশা, নকৰোঁ অভিমান
আজি বুজিছোঁ
কিছুমান সম্বন্ধ
সমান্তৰাল ৰেলৰ লাইনৰ দৰে
গৈ থাকে, গৈয়ে থাকে
নালাগে কাহানিও লগ !

সেয়ে কোনো খেদ নাই !

২৪ জানুৱাৰী ২০১৩

Like ·  ·  · 59 minutes ago


Total Pageviews